Browsing Category

অসম

জ্যোতিপ্ৰসাদৰ ‘পকী’ত নিমাতী কইনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬জুলাইঃ গীত-নৃত্য-আবৃত্তি আৰু সংলাপেৰে মুখৰিত হ’ল ৰূপকোঁৱৰৰ কৰ্ম সাধনাস্থলী পৈতৃক গৃহ ‘পকী’৷ যি স্থানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অমৰ সৃষ্টিৰাজিৰ জৰিয়তে জ্যোতিৰ সন্ধান কৰিছিল, সেই স্থানতেই তিনিকুৰিৰো অধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে পৰিৱেশন কৰিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘নিমাতী কইনা’৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ অন্ত পৰাৰ পিছত কালি সন্ধিয়া পকী অৰ্থাৎ…

৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত শিক্ষাৰ্থীৰ গীত-মাত-নৃত্যৰে মুখৰিত হ’ল ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৬ জুলাইঃ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত বিদ্যায়তনিক ক্ষেত্ৰত মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন , বিভিন্ন ন্যাসৰ শৈক্ষিক বঁটা প্ৰদান, শিক্ষাৰ্থী আৰু প্ৰাক্তন শিক্ষাৰ্থীৰ গীত - নৃত্যৰে আৰু বিশিষ্টজনৰ ভাষণেৰে মুখৰিত হৈ পৰে৷ পুৱা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ যুটীয়া সম্পাদক পংকজ বৰুৱাই আঁত ধৰা মহাবিদ্যালয় পতাকা উত্তোলনী অনুষ্ঠানত অধ্যক্ষ ড॰ পলাশমণি শইকীয়াই প্ৰাক্তন অধ্যাপক - অধ্যাপিকা আৰু…

লখিমপুৰৰ বাইপাছত ইন’ভা-আৰ্টিগাৰ মুখামুখি খুন্দাত অৰুণাচলৰ টিৰাপৰ যুৱতী নিহতঃ আহত তিনি

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ,২৬ জুলাইঃ লখিমপুৰৰ বাইপাছত আজি পুৱা বেলা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ টিৰাপৰ এগৰাকী যুৱতী থিতাতে নিহত হয়৷ লীলাবাৰী সমীপৰ অভাৰবীজৰ কাষত এখন আৰ্টিগা আৰু এখন ইন’ভা গাড়ীৰ মুখামুখি খুন্দা লগা ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি আজি চৰাইমীয়া দিশৰ পৰা আহি থকা তীব্ৰ বেগী আৰ্টিগা (AS২৩-AB-৩৭০৮) গাড়ীখনৰ লগত লখিমপুৰৰ গনেশ মন্দিৰ দিশৰ পৰা গৈ থকা ইন’ভা (NL০১-৮২৮৪) গাড়ীখনৰ মাজত প্ৰচন্দ জোৰত খুন্দা লাগে ফলত ঘটনাস্থলীতে আৰ্টিগা বাহনখনত অহা অৰুণাচল প্ৰদেশৰ টিৰাপ…

মণিপুৰৰ ঘটনাকলৈ তেজপুৰত আপৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুলাইঃ মণিপুৰত মহিলাৰ ওপৰত চলা পাশবিক অত্যাচাৰৰ প্ৰতিবাদত আজি তেজপুৰত আপে পোহৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে ।দলটোৰ তেজপুৰ জিলা সমিতিয়ে আজি নিশা তেজপুৰ চহৰৰ মাজ মজিয়াৰে মোবাইল ফোনৰ লাইট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি সমদল কৰি চলোৱা জঘন্য অত্যাচাৰৰ বিৰুদ্ধে মমবাতি জলাই সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বিচাৰিছিল যদিও তেওঁলোকক মমবাতি জ্বলাবলৈ অনুমতি নিদিয়াৰ বাবে মোবাইল ফোনৰ ফ্লাছ লাইট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

দিনজোৰা কাৰ্যসূচীৰে ৩ আগষ্টত শোণিতপুৰ জিলা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ জুলাইঃ বিগত বৰ্ষৰ দৰে এই বছৰো পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনৰ ৩ আগষ্টত শোণিতপুৰ জিলা প্ৰতিষ্ঠা হোৱাৰ দিনটো জিলা দিৱস হিচাপে দিনযোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদোগত উদযাপন কৰা হব ৷ এই উপলক্ষে, জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু জিলা ক্ৰীড়া কাৰ্যালয়ৰ যৌথ উদ্যোগত পুৱা ৬ বজাত এক চাইকেল ৰেলীৰে দিনজোৰা কাৰ্যসূচী মুকলি কৰা হ’ব। ইয়াৰ পিছতে পুৱা ৭ বজাত তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ দ্বাৰা পৰিচালিত পুণঃনিৰ্মিত কৰা আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্বোধন কৰা হ’ব আৰু পুৱা ৭.১০ বজাৰ পৰা উদ্যানখনত…

তেজপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুলাইঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত পুৰণী আলিমূৰত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়৷ অঞ্চলটোৰে বাসিন্দা প্ৰৌঢ়া মহিলাগৰাকী শাৰীৰিক ভাবে অসুস্থ আছিল আৰু যোৱা চাৰিদিনে তেওঁ নিৰুদ্দেশ হৈ আছিল৷পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি ৰুগীয়া মহিলা গৰাকী ঘৰৰ পৰা সচৰাচৰ ওলাই অহাৰ পাছত এইকেইদিন ঘৰলৈ উভটি নহাত তেওঁৰ বিচাৰখোচাৰ হৈছিল য’দিও তেওঁৰ সন্ধান ওলোৱা নাছিল৷আজি পুৱা সমীপৰ পথাৰৰ পৰা দুৰ্গোন্ধ ওলোৱাত ইয়াৰ উৎস বিচাৰি স্হানীয় লোকে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷মিৰ্গী ৰোগত আক্ৰান্ত মহিলাগৰাকীৰ সেই দ…

তেজপুৰত সংগীত নাটক অকাদেমীৰ সহযোগত “সপ্তাশ্ব” ৰ ১৫ দিনীয়া অংকীয়া ভাওনাৰ কৰ্মশালাৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কত শ বছৰৰ আগতেই অংকীয়া ভাওনাৰ জৰিয়তে আজি বিশ্বত সমাদৃত থাৰ্ড থিয়েটাৰৰ আৰ্হি প্ৰচলন কৰি গৈছিল। কিন্তু নাট্য আন্দোলনৰ ক্ষেত্ৰত আজি বিশ্বত শ্বেইক্সপীয়েৰ যিমান বিখ্যাত শংকৰদেৱ সিমান বিখ্যাত নোহোৱাৰ মূল কাৰণটোৱেই হ'ল আমাৰ ৰাজ্যখনতে সীমাৱদ্ধ হৈ থাকিল শংকৰদেৱৰ জীৱন - দৰ্শন বুলি আজি তেজপুৰত মন্তব্য কৰে বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মাই ।উল্লেখ্য যে ভাৰত চৰকাৰৰ সংগীত নাটক অকাদেমীৰ সহযোগত আৰু তেজপুৰৰ সাংস্কৃতিক…

 সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ দলৰ ৬ টা সোণৰ, ৩ টা ৰূপৰ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে  কৃতিত্ব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : থাং তা ফেডাৰেচন অফ ইণ্ডিয়াৰ অন্তৰ্গত অসম থাং তা ফেডাৰেচনৰ সৌজন্যত শিৱসাগৰ জিলাৰ, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ১৭ তম সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পৰা প্ৰথম বাৰৰ বাবে অতি কম সময়ৰ অনুশীলনেৰে ১৭ জনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰি উন্নত প্রদর্শনেৰে দৰ্শকৰ মন মোহিত কৰাৰ লগতে ৬ টা সোণৰ পদক, ৩ টা ৰূপৰ পদক আৰু ৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি অঞ্চলটিৰ লগতে জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।যোৱা ২১ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পদক প্ৰাপ্ত আৰু…

জল জীৱন মিছনৰ সজাগতাৰ বাবে বাটৰ নাট পৰিবেশন

উত্তৰ লখিমপুৰ, ২৪ জুলাইঃ অসম চৰকাৰৰ জল জীৱন মিছন সম্পৰ্কে ৰাইজক অৱগত কৰা আৰু বিশুদ্ধ পানী খোৱাৰ উপযোগিতা সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে লখিমপুৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত তেলাহী মৌজাৰ কেইবাটাও ৰাজহুৱা স্থানত বাটৰ নাট পৰিবেশন কৰা হয়। তেলাহী মৌজাৰ প্ৰাণকেন্দ্ৰ পানীগাঁও চাৰিআলিত কালি দিনৰ ১১ বজাত ৰাইজৰ মাজত সজাগতামূলক বাটৰ নাট খন পৰিবেশনেৰ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই পৰিচালনা কৰা বাটৰ নাটখনত অভিনয় কৰে ছাত্ৰ ছাত্ৰী…