Browsing Category

অসম

মণিপুৰৰ ঘটনাকলৈ তেজপুৰত আপৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুলাইঃ মণিপুৰত মহিলাৰ ওপৰত চলা পাশবিক অত্যাচাৰৰ প্ৰতিবাদত আজি তেজপুৰত আপে পোহৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে ।দলটোৰ তেজপুৰ জিলা সমিতিয়ে আজি নিশা তেজপুৰ চহৰৰ মাজ মজিয়াৰে মোবাইল ফোনৰ লাইট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি সমদল কৰি চলোৱা জঘন্য অত্যাচাৰৰ বিৰুদ্ধে মমবাতি জলাই সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বিচাৰিছিল যদিও তেওঁলোকক মমবাতি জ্বলাবলৈ অনুমতি নিদিয়াৰ বাবে মোবাইল ফোনৰ ফ্লাছ লাইট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

দিনজোৰা কাৰ্যসূচীৰে ৩ আগষ্টত শোণিতপুৰ জিলা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ জুলাইঃ বিগত বৰ্ষৰ দৰে এই বছৰো পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনৰ ৩ আগষ্টত শোণিতপুৰ জিলা প্ৰতিষ্ঠা হোৱাৰ দিনটো জিলা দিৱস হিচাপে দিনযোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদোগত উদযাপন কৰা হব ৷ এই উপলক্ষে, জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু জিলা ক্ৰীড়া কাৰ্যালয়ৰ যৌথ উদ্যোগত পুৱা ৬ বজাত এক চাইকেল ৰেলীৰে দিনজোৰা কাৰ্যসূচী মুকলি কৰা হ’ব। ইয়াৰ পিছতে পুৱা ৭ বজাত তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ দ্বাৰা পৰিচালিত পুণঃনিৰ্মিত কৰা আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্বোধন কৰা হ’ব আৰু পুৱা ৭.১০ বজাৰ পৰা উদ্যানখনত…

তেজপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুলাইঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত পুৰণী আলিমূৰত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়৷ অঞ্চলটোৰে বাসিন্দা প্ৰৌঢ়া মহিলাগৰাকী শাৰীৰিক ভাবে অসুস্থ আছিল আৰু যোৱা চাৰিদিনে তেওঁ নিৰুদ্দেশ হৈ আছিল৷পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি ৰুগীয়া মহিলা গৰাকী ঘৰৰ পৰা সচৰাচৰ ওলাই অহাৰ পাছত এইকেইদিন ঘৰলৈ উভটি নহাত তেওঁৰ বিচাৰখোচাৰ হৈছিল য’দিও তেওঁৰ সন্ধান ওলোৱা নাছিল৷আজি পুৱা সমীপৰ পথাৰৰ পৰা দুৰ্গোন্ধ ওলোৱাত ইয়াৰ উৎস বিচাৰি স্হানীয় লোকে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷মিৰ্গী ৰোগত আক্ৰান্ত মহিলাগৰাকীৰ সেই দ…

তেজপুৰত সংগীত নাটক অকাদেমীৰ সহযোগত “সপ্তাশ্ব” ৰ ১৫ দিনীয়া অংকীয়া ভাওনাৰ কৰ্মশালাৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কত শ বছৰৰ আগতেই অংকীয়া ভাওনাৰ জৰিয়তে আজি বিশ্বত সমাদৃত থাৰ্ড থিয়েটাৰৰ আৰ্হি প্ৰচলন কৰি গৈছিল। কিন্তু নাট্য আন্দোলনৰ ক্ষেত্ৰত আজি বিশ্বত শ্বেইক্সপীয়েৰ যিমান বিখ্যাত শংকৰদেৱ সিমান বিখ্যাত নোহোৱাৰ মূল কাৰণটোৱেই হ'ল আমাৰ ৰাজ্যখনতে সীমাৱদ্ধ হৈ থাকিল শংকৰদেৱৰ জীৱন - দৰ্শন বুলি আজি তেজপুৰত মন্তব্য কৰে বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মাই ।উল্লেখ্য যে ভাৰত চৰকাৰৰ সংগীত নাটক অকাদেমীৰ সহযোগত আৰু তেজপুৰৰ সাংস্কৃতিক…

 সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ দলৰ ৬ টা সোণৰ, ৩ টা ৰূপৰ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে  কৃতিত্ব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : থাং তা ফেডাৰেচন অফ ইণ্ডিয়াৰ অন্তৰ্গত অসম থাং তা ফেডাৰেচনৰ সৌজন্যত শিৱসাগৰ জিলাৰ, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ১৭ তম সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পৰা প্ৰথম বাৰৰ বাবে অতি কম সময়ৰ অনুশীলনেৰে ১৭ জনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰি উন্নত প্রদর্শনেৰে দৰ্শকৰ মন মোহিত কৰাৰ লগতে ৬ টা সোণৰ পদক, ৩ টা ৰূপৰ পদক আৰু ৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি অঞ্চলটিৰ লগতে জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।যোৱা ২১ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পদক প্ৰাপ্ত আৰু…

জল জীৱন মিছনৰ সজাগতাৰ বাবে বাটৰ নাট পৰিবেশন

উত্তৰ লখিমপুৰ, ২৪ জুলাইঃ অসম চৰকাৰৰ জল জীৱন মিছন সম্পৰ্কে ৰাইজক অৱগত কৰা আৰু বিশুদ্ধ পানী খোৱাৰ উপযোগিতা সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে লখিমপুৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত তেলাহী মৌজাৰ কেইবাটাও ৰাজহুৱা স্থানত বাটৰ নাট পৰিবেশন কৰা হয়। তেলাহী মৌজাৰ প্ৰাণকেন্দ্ৰ পানীগাঁও চাৰিআলিত কালি দিনৰ ১১ বজাত ৰাইজৰ মাজত সজাগতামূলক বাটৰ নাট খন পৰিবেশনেৰ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই পৰিচালনা কৰা বাটৰ নাটখনত অভিনয় কৰে ছাত্ৰ ছাত্ৰী…

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি কালি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনত স্মৃতি তৰ্পনৰ শুভাৰম্ভ কৰে মইনা বৃষ্টি বৰাই আৰু বৃক্ষ ৰোপন কৰে মইনা পুষ্পাঞ্জল বৰাই৷ লগে লগে মইনা মনদীপ বৰা, ৰিদিপ বিশ্বাস, মনোৰঞ্জন পাৱাৰ, গৌৰৱজ্যোতি নাথ আদিৰ লগতে মইনা পাৰিজাতৰ বিষয়ববীয়াসকলেও ককা মহাদেৱ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত স্মৃতি তৰ্পন কৰে৷ পুৱাৰ অনুষ্ঠানত মইনা সভাৰ বৈঠকৰ মইনাসকলক…

ইতিহাস সৃষ্টিৰে ডিমাছা জনগোষ্ঠীৰ প্ৰথম গৰাকী IPS বিষয়া হাফলঙৰ দীক্ষা লাংথাছা ( ফটো সংবাদ) 

ইতিহাস সৃষ্টিৰে ডিমাছা জনগোষ্ঠীৰ প্ৰথম গৰাকী IPS বিষয়া হাফলঙৰ দীক্ষা লাংথাছা ( ফটো সংবাদ)(Diksha Langthasa from Haflong who cracks UPSC Examination recorded History for the Dimasa Community of Northeast.  First Lady IPS Officer From Hills.)

কৃষকৰ ‘ক্ষেত্ৰ ভ্ৰমণ’

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ ২৩ জুলাইঃ শোণিতপুৰ জিলা কৃষি কাৰ্যালয়, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI), অ পি আই ইউ- কৃষি ( OPIU- Agriculture ) উদ্যোগত, বিশ্বনাথ জিলা কৃষি কাৰ্যালয়ৰ সহযোগত আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ (APART) অধীনত অত্যাধুনিক কৃষি যন্ত্ৰ পাতি ব্যৱহাৰ কৰি খেতি কৰাৰ লগতে উৎপাদন বৃদ্ধি ইত্যাদি বিষয়সমূহৰ নিখুঁত আভাস দিয়াৰ উদ্দেশ্য ৬০ জনৰো অধিক কৃষকক লৈ এক ‘ক্ষেত্ৰ ভ্ৰমণ' কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ‘ক্ষেত্ৰ ভ্ৰমণ'ৰ উদ্দেশ্য যোৱা এই কৃষকৰ দলটোক প্ৰথমেই চতিয়া বিধানসভা…

তিনিচুকীয়াত ২২ লক্ষাধিক টকাৰ ড্ৰাগছসহ ধৃত ২

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জুলাই : মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ ব্যাপক অভিযান ৷ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এ টি ৰ’ডস্থিত মিড টাউন নামৰ হোটেলখনত অভিযান চলাই শনিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে দুই ব্যক্তিৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ নিতৌ বাছ, ৰেলযোগে বা অন্যান্য পন্থাৰে সৰবৰাহ হৈ আছে লাখ লাখ টকাৰ মাৰাত্মক ড্ৰাগছ ৷ এক কথাত ক’বলৈ গ’লে তিনিচুকীয়াক ট্ৰেনজিৎ পইণ্ট হিচাপে ব্যৱহাৰ কৰি…