Browsing Category
অসম
“সংগীতম” ৰ সদৌ অসম ভিত্তিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৩ জুলাই : সুৰ সম্ৰাট জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ পিছত এইবাৰো তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰা সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা কালি নিশা প্ৰায় ২ বজাত সমাপ্ত হোৱাৰ পিছত বিজয়ী প্ৰতিযোগীৰ নাম ঘোষিত হোৱাৰ লগতে উপস্থিত থকা একাংশ বিজয়ী প্ৰতিযোগীক নগদ ধন, মানপত্ৰ আৰু স্মাৰকেৰে পুৰস্কৃত কৰা হয়। উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰি উৎকট গৰমকো নেওচি…
এজাক শিশুক অসমীয়া ভাষাৰ কালিকা শিকালে বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তই
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ জুলাই : উঠি অহা প্ৰজন্মক সুন্দৰ দৰ্শনেৰে প্ৰতিভাৰ সন্ধান কৰি সমাজৰ একোগৰাকী সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা ড° স্বাধীনতা মহন্তৰ মাৰ্গ দৰ্শনেৰে জন্ম লাভ কৰা "সুদৰ্শন অসম"ৰ মজিয়াত আজিৰ পৰা সমবেত হোৱা একাংশ শিক্ষাৰ্থীয়ে আৰম্ভ কৰিছে চিৰসেউজ গীত, নাটক, কবিতা আবৃত্তি আৰু চিত্ৰকলাৰ বিশেষ পাঠ । তেজপুৰৰ ঐতিহ্য মণ্ডিত কাৰ মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়ত প্ৰত্যেক বিষয়েৰে দক্ষ সমল ব্যক্তি আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই পাঠদান কৰ্মশালা আজি বন্তি প্ৰজ্বলনেৰে…
বিশিষ্ট তাই গৱেষক-চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈৰ ৭৭ সংখ্যক জন্ম দিন পালন
শতাব্দ প্ৰতিনিধি ধেমাজি, ২২ জুলাই : সাতসত্তৰটা বসন্ত গৰকা ধেমাজিৰ বিশিষ্ট চিত্ৰশিল্পী তথা তাই গৱেষক-চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈৰ ৭৭ সংখ্যক জন্ম দিন কালি পালন কৰা হয় ৷ চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে তাই ভাষাৰ উত্তৰণৰ হকে বিশেষ ভূমিকা গ্ৰহণ কৰা চ্যুকাফা বটাঁ প্ৰাপক ড° পুষ্প গগৈৰ ৭৭ টা বসন্তৰ বিশেষ দিনটোত ঐতিহাসিক হাবুং বাকৰিত তেওঁৰ অনুৰাগী সকলে ধুমধামেৰে জন্মদিন পালন কৰে ৷ এই উদ্দেশ্যে আয়োজিত এক সভাত ভালেসংখ্যক শুভাকাংক্ষীয়ে শুভেচ্ছা জনোৱাৰ লগতে জন্মদিনৰ লগত সংগতিৰাখি ধেমাজি চিত্ৰশিল্পী সমাজৰ উদ্যোগত চিত্ৰ অংকন কৰা হয় ৷…
তেজপুৰত প্ৰসিদ্ধ কথাশিল্পী, অধ্যাপিকা গীতা উপাধ্যায়ক সম্বৰ্ধনা পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ জুলাই : 'এন ফ্ৰাংকৰ ডায়েৰি' অসমীয়া আৰু নেপালী ভাষালৈ অনুবাদ কৰি কেইবা দশক পূৰ্বেই পাঠকৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জনপ্ৰিয় সাহিত্যিক তথা ৰিচাৰ্ড ৰায়টৰ নেটিভ চন, এচ জে যোশীৰ কালজয়ী মাৰাঠী উপন্যাস আনন্দী গোপালৰ দৰে গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা প্ৰসিদ্ধ কথাশিল্পী, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, সাহিত্য একাডেমী বঁটা প্ৰাপক গীতা উপাধ্যায়ক আজি তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সম্প্ৰতি ৰূপালী জয়ন্তী উদযাপন কৰি থকা তেজপুৰৰ পদ্মনাথ গোহাঞি বৰুৱা…
ৰহস্যজনক ভাবে হত্যাৰ বলি হোৱা তেজপুৰৰ প্ৰাক্তন ছাত্ৰ নেতা বিশ্বজিৎ বৰাৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২জুলাইঃ দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামিডাঠ যোদ্ধা বিশ্বজিৎ বৰাৰ আজি ২৯ সংখ্যক মৃত্যুবাৰ্ষিকীৰ দিনটোত তেজপুৰৰ জয়মতী সংঘ আৰু আৰ্ট চেন্টাৰৰ উদ্যোগত হজৰাপাৰ ৰাজহুৱা শ্মশানত গছপুলি ৰোপণৰ লগতে সমূহীয়া চাফাই অভিযান সম্পন্ন হয়। উল্লেখ্য যে, ১৯৯৪ চনৰ ১৮ জুলাইৰ দিনটোত তেতিয়াৰ আৰক্ষী অধীক্ষক গৰাকীৰ ওচৰলৈ যোৱাৰ পৰা নিৰুদ্দিষ্ট হৈ পৰাৰ পিছত ২২ জুলাইৰ দিনটোত উদ্ধাৰ হৈছিল অতি জনপ্ৰিয়, জাতীয়তাবাদী আৰু সাহসী ছাত্ৰ নেতা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহ। তাৰ পৰৱৰ্তী বৰ্ষৰ পৰাই…
ধলপুৰৰ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২২ জুনঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ধলপুৰ মৌজাৰ জামুগুৰিৰ বনপুৰৈত বহ্মপুত্ৰ নদীয়ে এতিয়া প্ৰৱল খহনীয়াৰ সৃষ্টি কৰিছে। উক্ত খহনীয়া ৰোধৰ বাবে ২০২১-২২ বৰ্ষত অসম চৰকাৰে এক ব্যয়বহুল আঁচনি গ্ৰহণ কৰিছিল৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ২ কোটি ৬২ লাখ ৮৪ হাজাৰ টকাৰে জলসম্পদ বিভাগে খহনীয়া অংশ আৰু মথাউৰিৰ সুৰক্ষা বান্ধ মেৰামতি কৰিছিল। উন্নত প্ৰযুক্তিৰ জিঅ’ টিউৱ আৰু জিঅ’ (জম্বু) বেগৰ জৰিয়তে খহনীয়া স্থায়ী সমাধানৰ অভিলাষী আঁচনিখন দুবছৰ নহওতেই ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত ইতিমধ্যে জাহযোৱাৰ লগতে…
বাণ থিয়েটাৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দুশ নৱপ্ৰজন্মৰ কন্ঠত জয়ন্ত হাজৰিকাৰ গীত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ পিছত এইবাৰো তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰা সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰি উৎকট গৰমতো আজি অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে । দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা আজি পুৱা সংগীতমৰ শীৰ্ষ গীতৰ মাজত…
তিনিচুকীয়াৰ বিতৰ্কিত লটাৰী-কাণ্ডৰ সৈতেও সাঙোৰ খাইছিল বিজেপিৰ মধ্যভোগীৰ ভূমিকাত অৱতীৰ্ণ হোৱা আটাছুৰ সভাপতিৰ নাম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ জুলাই : বিজেপিৰ মধ্যভোগীৰ ভূমিকাত অৱতীৰ্ণ হৈ শাসকীয় দলটোৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ঠিকা লোৱা আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু যোৰহাট সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লাচিত গগৈৰ মাজত হোৱা কথোপকথনৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছত কেউদিশে সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই ৷ স্বয়ং মুখ্যমন্ত্ৰীকো সাঙুৰি হোৱা কথোপকথনৰ এই ভাইৰেল অডিঅ’ ৰেকৰ্ডিং শুনিলে বুজা যায় যে যোৰহাট লোকসভা সমষ্টিৰ পৰা এইবাৰ লাচিত গগৈক প্ৰক্ষেপ কৰি তপন গগৈ হাটাও অভিযানত গোপনে বিজেপি দলৰ মধ্যস্থতাকাৰীৰ…
তেজপুৰত আন্তঃক্লাব কাৰাটেৰ সফল সমাপ্তি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ডেকাৰগাঁও ঊষা নাট্যমন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা তেজপুৰ জিলা দ্বিতীয় বাৰ্ষিক ৰাজেন বৰঠাকুৰ সোঁৱৰণী আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান তেজপুৰ কাৰাটে ডজাং দলে লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান বালিপুখুৰী তিনিআলি ডজ’ ক্লাৱে অৰ্জন কৰিছে৷উল্লেখযোগ্য যে জিলাখনৰ মুঠ ২৪টা কাৰাটে দলৰ ৩৮৪জন প্ৰতিযোগীয়ে অংশ লোৱা তথা তেজপুৰ জিলা কাৰাটে সন্হাৰ উদ্যোগত আৰু ডেকাৰগাঁও কাৰাটে ক্লাৱৰ আতিথ্য তথা ডেকাৰগাঁও ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখন যোৱা নিশা অতি…
তেজপুৰৰ সাংসদক সমষ্টি বিচাৰি ফুৰা ফৰিঙৰ দৰে প্ৰাণী বুলি ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ “সাংসদ পল্লৱ লোচন দাস জাতিৰ,নিজৰ জনগোষ্ঠীৰ বাবেই এক প্ৰতাৰক৷এনে লোকৰ কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷ য’দি সৎসাহস আছে তেনেহলে তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰক৷তেওঁ সমষ্টি বিচাৰি জঁপিয়াই ফুৰা ফৰিঙৰ শ্ৰেণীৰ এক প্ৰাণী৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভৰিত ধৰি কংগ্ৰেছত যোগদান নকৰা হ’লে পল্লৱ লোচন দাস ইমানদিনে কোনো চাহ বাগিছাত চৰ্দাৰ নাইবা লাইনত কাম কৰি থাকিব লগীয়া হ’লহেঁতেন৷পৰৱৰ্তী সময়ত তেওঁ ড° হিমন্ত বিশ্ব শৰ্মাৰ স’তে যৌতুকত যোৱাৰ দৰে গৈ বিজেপিত যোগদান কৰিলে৷” তেজপুৰত আজি তেজপুৰ…
