Browsing Category
অসম
দায়িত্ব বানচ গ্ৰহণ নকৰে ক্ষোভিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ ৰাজ্যৰ বিভিন্ন শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহত পদহীনতাৰ বিপৰীতে ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে লাভ কৰা তিনিশ টকাৰ দায়িত্ব বানচ আজি শোণিতপুৰৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়ৰ একাংশ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকে জুলাই মাহৰ পৰা এই দায়িত্ব বানচ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে৷অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত চলাই অহা আন্দোলনৰ অংশ ৰূপে শোণিতপুৰৰ পাঁচটা শিক্ষাখণ্ডৰ তথা তেজপুৰ মহকুমাৰ ৫২৫খন প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান…
বীৰ লাচিত সেনাৰ তিনি সৈনিকক বহিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ তিনি সৈনিকক আজিৰে পৰা কাৰ্যকৰি হোৱাকৈ সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ এক বিজ্ঞপ্তিৰ জৰিয়তে বীৰ লাচিত সেনা, অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্তই জনোৱা অনুসৰি সংগঠনটোৰ সংবিধান বিৰোধী কাৰ্যকলাপৰ লগত জড়িত থকাৰ বাবে লখিমপুৰ জিলাৰ সমিতিৰ প্ৰাক্তন প্ৰচাৰ সচিব ইমৰাণ খান, চাবতি আঞ্চলিক সমিতিৰ প্ৰাক্তন সচিব মিজানুৰ ৰহমান আৰু বৰ্তমানৰ জিলা সমিতিৰ যুটীয়া সাংগঠনিক সচিব মুকিবুৰ হুছেইন ক সংগঠনৰ বিষয়বাব তথা প্ৰাথমিক সৈনিকৰ পৰাও বহিষ্কাৰ কৰা হৈছে৷
মাৰ্ঘেৰিটাত এখন হেৰোৱা দলং বিচাৰি হাহাকাৰ ৰাইজৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে এখন দলং বিচাৰি হাবাথুৰি খাইছে ৷ কিন্তু বিচাৰি পোৱা নাই দলঙখন ৷ প্ৰকৃততে ক’ত অন্তৰ্ধান হ’ল দলঙখন ? স্থানীয় সূত্ৰে জানিব পৰা মতে বিজেপিৰ বুঢ়ীদিহিং মণ্ডল সভাপতি ভাদেশ্বৰ মৰাণে আধাৰশিলা স্থাপন কৰিছিল এই হেৰাই যোৱা দলঙখনৰ ৷ বাৰিষাৰ প্ৰবল বৰষুণে ফেনেফুটুকাৰে উপচাই পেলাইছে ৰাজ্যৰ নদ-নদীসমূহ ৷ প্ৰতিখন জিলাতে বানত আক্ৰান্ত হৈছে বহুসংখ্যক লোক ৷ বাঢ়নী পানীত বিধ্বস্ত হৈছে যাতায়াত ব্যৱস্থা ৷ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং আৰু বিজুলীবন পঞ্চায়তৰ সীমান্তৰ…
লখিমপুৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বৌদ্ধিক শিবিৰত উত্তপ্ত পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ লখিমপুৰ নগৰৰ মাজমজিয়াত যোৱা ১৭ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা এক বৌদ্ধিক শিবিৰত আজি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যক আৰক্ষীয়ে আটক কৰিবলৈ বাধ্য হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৭ জুলাইৰ পৰা লখিমপুৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গোপীনগৰ কলনিত থকা মাৰোৱাৰী যুৱ মঞ্চৰ মঞ্চ ভৱনত বিশ্ব হিন্দু মহাসংঘ অসম ৰাজ্যিক আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ সেই মৰ্মে আজি তৃতীয় দিনা পুৱা ১০ বজাৰ পৰা ১১ বজালৈ…
২২ জুলাইত তেজপুৰত সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৮ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ পিছত এইবাৰো অহা ২২ জুলাই তাৰিখে তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰিছে সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা। পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ'ব। "ক" শাখাত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু "খ" শাখা অনুষ্ঠিত হ'ব অষ্টমৰ পৰা সকলো…
বাপুভেটিত সংস্কাৰ ভাৰতীৰ নাটকৰ কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জুলাইঃ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সাংস্কৃতিক আৰু ক্ৰীড়া সংঘৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা তেজপুৰীয়া কালচাৰেল এণ্ড চচিয়েল ৱৰ্কচৰ সহযোগত শোণিতপুৰ জিলাৰ বিহগুৰিৰ বাপুভেটি নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাঙ্গনত যোৱা ১৭ জুলাইৰ পৰা দহ দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। ১৭ জুলাইৰ পুৱা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান অনুস্থিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰিচালক তথা ভাৰত চৰকাৰৰ ফিল্ম চেঞ্চৰ বর্ডৰ সদস্য দয়াল কৃষ্ণ নাথ, নিউজ…
তিনিচুকীয়াত মিছন ইন্দ্ৰধনুষৰ টাস্ক ফ’ৰ্চৰ সভা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য ) চিন্ময় পাঠকৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ( আই এম আই) ৫.০ ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত হয় । উক্ত সভাত আই এম আই ৫.০ ৰ অধীনত জিলাখনত টীকাকৰণ কৰিবলগীয়া শিশুৰ সঠিক হিচাপ, চাহ বাগিচাৰ লগতে স্পৰ্শকাতৰ তথা দুৰ্গম এলেকাসমূহত টীকাকৰণৰ ক্ষেত্ৰত ল’বলগীয়া যথোপযুক্ত ব্যৱস্থা, ইউ-উইন (U-WIN) পৰ্টেলত টীকাকৰণ কৰিবলগীয়া শিশু তথা গৰ্ভৱতী মহিলাৰ সবিশেষ তথ্য সন্নিবিষ্টকৰণ আদি বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়…
জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু উপ মুখ্য অভিযন্তাৰে বৈঠক সদৌ অসম শাখা সহকাৰী আৰু উপ অভিযন্তা সেৱা সন্হাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ জুলাই : সদৌ অসম শাখা সহকাৰী আৰু উপ-অভিযন্তা সেৱা সন্হাৰ তৰফৰ পৰা আজি জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক সাক্ষাৎ কৰি সন্হাৰ সমস্যাৰাজিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় বুলি এক বিবৃতিত উল্লেখ কৰিছে উপদেষ্টা ৰবীন্দ্ৰ কুমাৰ বৰা আৰু সন্হাৰ শোণিতপুৰ জিলাৰ সম্পাদক নিৰঞ্জন কলিতাই। উল্লেখ্য যে মুখ্য অভিযন্তাৰ পিছত উপ মুখ্য অভিযন্তা মুস্তাফা ফাৰিদ হুছেইন লস্কৰৰ সৈতে বিতংভাবে আলোচনাৰ সময়ত সন্হাৰ সমস্যাৰাজিৰ ওপৰত সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত আলোচনা কৰা হয়৷ সন্হাৰ সমস্যাৰাজিৰ ওপৰত বৰ্তমানলৈকে প্ৰশিক্ষণ আৰু পদোন্নতি…
ধেমাজিত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৮ জুলাই : ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি বিশেষভাৱে অভিনন্দন জনোৱা হয় ৷ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুপৰীয়া ১১ বজাৰ পৰা অনুষ্ঠিত উক্ত সভাখন সঞ্চালনা কৰে ধেমাজি সদৰ আঞ্চলিকৰ উপদেষ্টা কৰুণজ্যোতি চেতিয়াই ৷ ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁয়ে উদ্বোধন কৰা অনুষ্ঠানত ছাত্ৰীৰ এটা দলে সমবেত সংগীতৰে উপস্থিত ৰাইজক আপ্লুত কৰে ৷ অনুষ্ঠানত জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে…
বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ পৰিচালনাত লুপ্ত হ’বলৈ ধৰা দেৱদাসী নৃত্য পৰিৱেশন
মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে সুনাম কঢ়িয়াই অনা সাৰণ্যা মহন্তৰ লগতে ভাৰত চৰকাৰৰ জলপানি লাভ কৰা চাৰি উদীয়মান শিল্পীক অভিনন্দন জ্ঞাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুলাই : প্ৰাচীন মন্দিৰ সমূহত সততে প্ৰচলিত হৈ অহা দেৱদাসী নৃত্য সম্প্ৰতি মন্দিৰসমূহত লুপ্ত হৈ পৰাই নহয় এসময়ৰ অতি জনপ্ৰিয় এই নৃত্য প্ৰায় সকলো প্ৰান্ততে লুপ্ত হৈ পৰাৰ সময়তে আজি উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত পৰিৱেশন হ'ল অতি আকৰ্ষণীয় ৰূপত। উল্লেখ্য যে দৰংমহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত যোৱা ১১ জুলাইৰ পৰা তেজপুৰৰ…
