Browsing Category

অসম

শোণিতপুৰ জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুলাইঃ তেজপুৰৰ ডেকাৰগাঁৱত আজিৰে পৰা আৰম্ভ হৈছে জিলাভিত্তিক আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা৷শোণিতপুৰ জিলা কাৰাটে সন্হাৰ সৌজন্যত আৰু ডেকাৰগাঁওবাসীৰ সহযোগত দুদিনীয়াকৈ আৰম্ভ হৈছে এই প্ৰতিযোগিতাখন৷ দ্বিতীয় বাৰ্ষিক প্ৰয়াত ৰাজেন বৰঠাকুৰ সোঁৱৰণী শোণিতপুৰ জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাখন তেজপুৰৰ ডেকাৰগাঁৱৰ ঐতিহ্যমণ্ডিত ঊষা নাট্য মন্দিৰ চৌহদত আজি পুৱা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰৰ অংশগ্ৰহণৰে প্ৰতিযোগিতাখনৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়৷মুঠ…

বুঢ়াচাপৰি অভয়াৰণ্যত বনবিভাগৰ গুলিচালনা, মহিলাসহ আহত পাঁচ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুলাই : নগাঁও বন সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰি অভয়াৰণ্যত আজি দিনত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা৷ অলপতে উচ্ছেদিত অংশত পুনৰ একাংশ বেদখলকাৰীয়ে থিতাপি লোৱাৰ বিপৰীতে আজি বিভাগীয় ভাবে উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত বনবিভাগৰ দ্বাৰা সংঘটিত হয় এই গুলিচালনাৰ ঘটনা৷ উল্লেখ্য যে,প্ৰশাসনীয় ভাবে শোণিতপুৰ জিলা প্ৰশাসনৰ অধীনস্থ যদিও এই বন্যপ্ৰাণী অভয়াৰণ্যখন নাগঁও বন বিভাগৰ অধীনত৷ইয়াত কিছুদিন পূৰ্বে বৃহৎ অভিযানৰে বেদখলমুক্ত কৰা অভিযান সফলতাৰে চলোৱাৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ সুযোগ লৈয়েই অভয়াৰণ্যখনত পুনৰ একাংশ…

ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগিতালৈ অসমৰ মহিলা দল ৰাওনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ অহা ২০ জুলাইৰ পৰা ২৩ জুলাইলৈ টাগ অফ ৱাৰ ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত তামিলনাডুৰ নামাক্কালত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ ২০২৩৷ইয়াৰ বাবে অসমৰ ১২ জনীয়া সদস্যাৰ মহিলা দলটো যোৱা নিশা তামিলনাডুলৈ ৰাওনা হৈছে।ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে প্ৰস্ততি সম্পূৰ্ণ কৰি ৰাওনাহোৱা দলটোৰ খেলুৱৈ সকল হৈছে মায়াশ্ৰী স্বৰ্গীয়াৰী, পদুমী বসুমতাৰী, নিজলা মোছাহাৰী, গনৰাণী স্বর্গীয়াৰী, ৰূপালী নাৰ্জাৰী, নিজৰা ৰামচিয়াৰী, বনশ্ৰী বড়ো, ছদ্মশ্ৰী বসুমতাৰী, মিনা বসুমতাৰী, ৰৈমালী মোছাহাৰী। দলটোৰ প্ৰশিক্ষক…

তেজপুৰত যুৱকৰ সলিল সমাধিঃ সুৰাই হ’ল কাল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী ঘগৰাৰ দেৱনাথ হেৰেঞ্জৰ পুত্ৰ মুণ্ডা হেৰেঞ্জ(২০)নামৰ এজন যুৱকৰৰ সলিল সমাধি ঘটাৰ পাছত আজি পুৱা তেওঁৰ মৃতদেহ বাসগৃহৰ সমীপৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে,কালি যুৱকজনে সুৰাপান কৰি বিয়লিৰ পৰাই সন্ধানহীন হৈ আছিল৷পৰিয়ালৰ লোকে নিশা বিভিন্ন স্হানত বিচাৰখোচাৰ কৰে যদিও তেওঁৰ সন্ধান লাভ নকৰিলে৷কিন্তু আজি পুৱা প্ৰায় আঠ বজাত যুৱকজনৰ মৃতদেহটো ঘৰৰ সমীপৰে এটা পুখুৰীত উদ্ধাৰ কৰা হয়।উল্লেখযোগ্য…

তিনিচুকীয়াত পথ দুৰ্ঘটনাত ৰে’লৰ যুৱ বিষয়া নিহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ জুলাই : দেওবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত তিনিচুকীয়াৰ ৰে’ল বিভাগৰ এজন যুৱ বিষয়া নিহত হয় ৷ সূত্ৰমতে কালি নিশা প্ৰায় ১০.৩০ বজাত হিজুগুৰি আৰক্ষী চকীৰ সমীপত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৰে’লৱেৰ অপাৰেটিং ক’ণ্ট্ৰলৰ (টি আই) ফাৰুক আহমেদ (৩২) নামৰ বিষয়াজনে ৷ কৰ্তব্য সমাপন কৰি নিজ কোৱাৰ্টাৰলৈ উভতাৰ সময়ত অচিনাক্ত গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত ফাৰুক আহমেদক ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁ নিশাই মৃত্যুবৰণ কৰে বুলি প্ৰকাশ ৷ জানিব পৰা মতে প্ৰয়াত ফাৰুক…

নাওবৈচাত যুদ্ধকালীন তৎপৰতাৰে শিঙৰা নদীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ লখিমপুৰ জিলাৰ এখন খৰস্ৰোতা নদী হৈছে শিঙৰা নদী৷ নাওবৈচাবাসীৰ চকুলো স্বৰূপ এই শিঙৰা নদীয়ে প্ৰতিবছৰে বাৰিষা বানৰ সৃষ্টি কৰি অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰি আহিছে৷ চলিত বাৰিষাতো ব্যতিক্ৰম নহ’ল শিঙৰা নদী৷ যোৱা ১৪ জুনৰ দুপৰীয়া শিঙৰা নদীয়ে ১ নং শ’লমৰীয়াত শিঙৰা নদীৰ সোঁপাৰৰ মথাউৰিটোৰ প্ৰায় ১৯০ মিটাৰ অংশ চিঙি নিয়াৰ ফলত নাওবৈচা ৰাজহ চক্ৰত অভাৱনীয় বান পৰিস্থিতিৰ সূচনা হৈছিল৷ এই চিঙা বান্ধ নিৰ্মাণৰ বাবে লখিমপুৰ জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি প্ৰতিকূল বতৰৰ মাজতে এমাহৰ…

বি ডিভিজন ফুটবলত পূব শোণিতপুৰৰ সম্পূৰ্ণ পইন্ট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰ জিলাক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হোৱা বিশ্বজিৎ দত্ত ৰয় সোঁৱৰণি বি ডিভিজন ফুটবল লীগৰ আজি অনুষ্ঠিত হোৱা খেলত পূব শোণিতপুৰ ফুটবল দলে গাছা ফুটবল দলক ২-১ ব্যৱধানত পৰাস্ত কৰে৷আজিৰ বিজয়ৰে দলটোৱে গ্ৰুপ পৰ্যায়ৰ সকলো খেলতে জয়ী হৈ সম্পূৰ্ণ পইন্ট অৰ্জন কৰিছে৷উল্লেখযোগ্য যে,জিলাখনৰ মুঠ ১২টা দলে এই লগত অংশ লৈছিল৷অহা দুদিনত প্ৰতিযোগিতাখনৰ চেমিফাইনেল খেল দুখন অনুষ্ঠিত হোৱাৰ বিপৰীতে ২০ জুলাইত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব৷

ৰাজ্যত সাত সহস্ৰাধিক প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম আজিও নিযুক্তিৰ পৰা বঞ্চিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ ৰাজ্যত আজিও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে সাত সহস্ৰাধিক এ এন এম নাৰ্চ৷ প্ৰায় আঠ বছৰ পূৰ্বেই চৰকাৰী ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰা এইসকল নাৰ্চক আজিও চৰকাৰে চাকৰিত মকৰল নকৰাত তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি একাংশ চৰকাৰী প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চে তেওঁলোকৰ মৰ্মবেদনা ব্যক্ত কৰে৷ ২০১৩-১৫ চনতে দুবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা এইসকল নাৰ্চৰ বয়স বাঢ়ি যোৱাৰ পিছতো এইপৰ্যন্ত চৰকাৰে তেওঁলোকক নিযুক্তি নিদিয়াত ব্যক্তিগত স্বাস্থ্য খণ্ডত অতি নিম্ন…

তেজপুৰৰ ঔগুৰি পাহাৰৰ সুৰক্ষাক লৈ সৰৱ বিভিন্ন সংগঠন আৰু সাহিত্য সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭ জুলাইঃ তেজপুৰৰ এক অন্যতম পৰ্যটন তথা ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ স্হান তথা তেজপুৰৰ প্ৰাকৃতিক সুৰক্ষা স্বৰূপ ঔগুৰি পাহাৰৰ এটা অংশ ব্যক্তিগত খণ্ডক হস্তান্তৰৰ বিৰুদ্ধে আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন আৰু তেজপুৰ সাহিত্য সভাই বিৰোধিতা কৰিছে৷আজি আছুকে ধৰি সাহিত্য সভা, চাহ আদিবাসী ছাত্ৰ সন্হা, গোৰ্খা ছাত্ৰ সন্হা আৰু অসম সেনাৰ এটা প্ৰতিনিধি দলে ব্যক্তিগত চক্ৰটোৱে দখল কৰা সেই স্হানত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছতে আটাইকেইটা সংগঠনে এই চক্ৰটোৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে শোণিতপুৰ প্ৰশাসনৰ বিৰুদ্ধেও…

তেজপুৰত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰত এজন আৰক্ষী বিষয়াৰ কুকৰ্মই সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে একেই অভিযোগৰ কাহিনী৷ অভিযোগ অনুসৰি, দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক একেখন বিদ্যালয়ৰে অংকৰ শিক্ষক পুলিন বৰাই অশালীন ইংগিত দিছে৷তেজপুৰ বালিপুখুৰী তিনিআলি নিবাসী পুলিন বৰাই নিজ ঘৰতে বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীক  টিউচন কৰে৷যোৱা আঠ জুলাইত আন ছাত্ৰ-ছাত্ৰী টিউচনৰ পৰা পৰা যোৱাৰ পিছত এগৰাকী ছাত্ৰীক ৰ'বলৈ দি বিভিন্ন অশালীন কথা-বতৰা কৈ পিছদিনা বিয়লি চাৰি বজাত অকলে পঢ়িবলৈ মাতে৷ এইবিষয়ে ছাত্ৰীৰ…