Browsing Category

অসম

কেন্দ্ৰক কঠোৰ সকীয়নি বিশিষ্ট ৰে’ল শ্ৰমিক নেতা আশিস বিশ্বাসৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : 'ৰে'ল শ্ৰমিকৰ ন্যায্য প্ৰাপ্য আদায়ৰ ঐতিহাসিক আন্দোলনৰ জৰিয়তে অল ইণ্ডিয়া ৰেলৱেমেনছ্‌ ফেডাৰেচনে যুগান্তকাৰী ইতিহাস সৃষ্টি কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নতুন পেঞ্চন নীতি বাতিল নকৰিলে আকৌ ১৯৬৮ আৰু ১৯৭৪ চনৰ‌ দৰে নতুন ইতিহাসৰ সূচনা কৰিবলৈ সাজু হৈছে অল ইণ্ডিয়া ৰেলৱেমেনছ্‌ ফেডাৰেচন ৷’ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সকীয়নি দি আজি এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ লিডু শাখাৰ ২৬ সংখ্যক বাৰ্ষিক অধিবেশনত মুখ্য অতিথিৰূপে উপস্থিত থাকি এইদৰে…

অভিনৱ থিয়েটাৰত নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা

উত্তৰ লখিমপুৰ, ১৫ জুলাইঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত নাওবৈচা বিধান সভা সমষ্টিভিত্তিত ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰৰ দ্বাৰা আজিৰে পৰা ১০ দিনীয়া নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানটো আজি পুৱা অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাবেৰী বুঢ়াগোহাঁয়ে বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানৰ আঁত ধৰে দয়াল কৃষ্ণ নাথে। সভাত সভাপতিত্ব কৰে শংকৰদেৱ শিশু নিকেতন, ফুলবাৰীৰ প্ৰধান…

তেজপুৰত নৱপ্ৰজন্মৰ বায়ন গায়ন জোৰালৈ ৰাজহুৱা স্বীকৃতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰ চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ বৰপাট গাঁৱত অগ্ৰজ আৰু নৱপ্ৰজন্মৰ সন্মিলিত প্ৰচেষ্টাত উজ্জীৱিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অময়া সৃষ্টি৷যোৱা নিশা বৰপাটগাঁৱত দেখা গ’ল ভক্তিৰসৰে ভৰা এক অনন্য পৰিৱেশ৷উল্লেখযোগ্য যে,বৰপাটগাঁও উন্নয়ন সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত আৰু তেজপুৰৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী,বায়ন প্ৰশান্ত কুমাৰ বৰাৰ প্ৰশিক্ষণৰ অন্তত বৰপাটগাঁৱৰ ৰাইজে লাভ কৰিলে তিনিজনকৈ নৱপ্ৰজন্মৰ বায়ন, এজন গায়ন আৰু জোৰাৰ দল৷ উল্লেখযোগ্য যে,প্ৰায় দুবছৰ পূৰ্বেই বায়ন প্ৰশান্ত কুমাৰ…

লখিমপুৰ আৰক্ষীৰ এটা ভিডিঅ’ই তোলপাৰ লগাইছে ছ’ছিয়েল মিডিয়াত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুলাইঃ লখিমপুৰ আৰক্ষীৰ এটা ভাইৰেল ভিডিঅ’ই ছ’ছিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ কেবামাহ পূৰ্বৰ পুৰণি এটা ভিডিঅ’ই অসম আৰক্ষীক লজ্জানত কৰিছে৷ মাজনিশা এগৰাকী যুৱতীক ডিঙিত ধৰি টানি লৈ লোৱা এই আৰক্ষী বিষয়াজন হৈছে এছ আই গৌৰৱ ভূমিজ৷ সম্প্ৰতি ছ’ছিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হোৱা আৰক্ষী বিষয়াজন সেই সময়ত লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছিল৷ সেই সময়ত ভূমিজে লখিমপুৰ সদৰ থানাৰ চৌহদৰ পিছফালৰ এটা আৱসত আছিল আৰু তেওঁ যুৱতীগৰাকীক সদৰ থানাৰ পিছফালৰ আৱাসিক কলনিলৈ বলপূৰ্বক ভাৱে ডিঙিত ধৰি…

কাঠচিতীয়া বিজেপিক উৎখাতৰ আহ্বান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : যোৱা ৪ জুলাইত গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত অসমৰ পাঁচটা বাওঁপন্থী ৰাজনৈতিক দলৰ যৌথ ৰাজ্যিক অভিৱৰ্তনত গৃহীত প্ৰস্তাৱমৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া চহৰৰ মাজ মজিয়াৰ থানা চাৰিআলিতো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাওঁ দলসমূহৰ শতাধিক কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ লগতে ধৰ্ণাস্থলীৰ পৰা চহৰৰ তিনিকোণীয়া হৈ এক সমদলো বাহিৰ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত চিপিআই(এম)ৰ তপন শৰ্মা, চিপিআই(এম-এল)ৰ সুভাষ সেন, শুভ্ৰজ্যোতি বৰ্ধন আৰু চিপিআইৰ ৰঞ্জন চৌধুৰীয়ে …

লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি-গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুলাইঃ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি আৰু গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ আজি পুৱা ৯ বজাত দেহাৱসান ঘটে। আজি পুৱা তেখেত হঠাৎ অসুস্থ হৈ পৰাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আজি তেখেতৰ নশ্বৰ দেহ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় লক্ষীবিলাস ভৱনলৈ নি তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লক্ষীমপুৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত নিয়োগ বিষয়া লক্ষীবিলাস শইকীয়াৰ সহধৰ্মিনী দেৱযানী শইকীয়াৰ…

তেজপুৰত অনন্য ৰূপত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ জুলাই: তেজপুৰৰ জ্যোতি ভাৰতী অৰ্থাৎ ঐতিহাসিক "পকী"ৰ ৰূপকোঁৱৰ মঞ্চত আজি কণ কণ প্ৰশিক্ষাৰ্থীৰ সৈতে পকী মজিয়াত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সৈতে একেলগে বহি অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ নাটক, সত্ৰীয়া নৃত্য, লোক অথবা পৰম্পৰাগত নৃত্য , কবিতা আবৃত্তি আৰু তৰ্কৰ প্ৰশিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি তোলে। উল্লেখ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ উঠি অহা প্ৰজন্মৰ শিক্ষাৰ্থী সকলৰ সুকুমাৰ কলা…

শোণিতপুৰত সঘন বিদ্যুৎ কৰ্টনত অতিষ্ঠ সৰ্বসাধাৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪জুলাইঃ সম্প্ৰতি শোণিতপুৰৰ সকলো অঞ্চলতেই বিদ্যুতৰ সঘন কৰ্টনে ৰাইজক অতিষ্ঠ কৰিছে৷স্মাৰ্ট মিটাৰ সংযোজনৰ লগতে বিদ্যুৎ মাছুল বৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণক প্ৰয়োজনীয় বিদ্যুৎ নিয়মীয়াভাবে যোগান ধৰিব নোৱৰাত এপিডিচিএলৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ দিনকদিনে বৃদ্ধি পাইছে৷উল্লেখযোগ্য যে,অবিভক্ত শোণিতপুৰত এই সমস্যা গ্ৰীষ্মৰ সময়ত বৃদ্ধি পোৱাৰ উপৰি সম্প্ৰতি বিদ্যুৎ সৰবৰাহ হৈ থকাৰ সময়ত ভল্টেজৰ মাত্ৰা হ্ৰাস পোৱাত অধিক ক্ষোভিত হৈছে ৰাইজ৷উল্লেখযোগ্য যে জিলাখনৰ অন্যান্য অঞ্চলৰ লগতে ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, বালিপৰা,…

আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ তেজপুৰত আজি জনতাৰ ৰোষত পৰে এজন আৰক্ষী বিষয়া৷আনকি এগৰাকী যুৱতীলৈ আপত্তিকৰ বাৰ্তা প্ৰেৰণৰ অভিযোগত ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হয়৷উল্লেখযোগ্য যে,তেজপুৰ আৰক্ষী চাউনিত সশস্ত্ৰ পৰিদৰ্শকৰূপে কৰ্মৰত লোহিত ৰাজবংশী নামৰ আৰক্ষী বিষয়াজনে তেজপুৰৰ বৰুৱাচুবুৰীত ঘৰ সাজি থাকিবলৈ লোৱাৰ সুবাদতে পৰিচিত এগৰাকী যুৱতীৰ মোবাইললৈ প্ৰেৰণ কৰিছিল আপত্তিজনক বাৰ্তা৷যুৱতীগৰাকীক আপত্তিজনক আলোকচিত্ৰ বিচাৰি দিয়া বাৰ্তাৰ বিষয়ে যুৱতী গৰাকীয়ে প্ৰথমে পৰিয়ালক অৱগত কৰাৰ পিছত গাওঁবাসীৰ দৃষ্টিগোচৰ হয় বিষয়টো৷আজি…

বজাৰত লাগিছে জুই চৰকাৰ আছে শুই : তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুলাই : আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ খাদ্যবস্তুকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলোৱাৰ পাছতো চৰকাৰে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহাৰ প্ৰতিবাদকল্পে আজি জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সভাপতি ৰাজা বলিমৰা, সাধাৰণ সম্পাদক…