Browsing Category

অসম

বৰছলাৰ দৃষ্টিহীন নিত্যম দম্পতীক এটা চৰকাৰী আঁচনিৰ ঘৰৰ প্ৰয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ দেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ সৰ্বমুঠ তিনি লাখ সাতহেজাৰ আঠশ ৮১টা গৃহত এক উৎসৱ মুখৰ পৰিৱেশত গৃহপ্ৰৱেশ ঘটিল সৌভাগ্যৱান সকলৰ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভাবে আয়োজিত এই গৃহপ্ৰৱেশ অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী,বিধায়ক,আমোলা বিষয়া আদিয়ে৷কিন্তু এই তিনি লক্ষাধিক সৌভাগ্যৱানৰ মাজত নাছিল শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ নিত্যম দাস নামৰ দৃষ্টিহীন আৰু চৰম দাৰিদ্ৰতাৰ মাজত দিন অতিবাহিত কৰা যুৱকজনৰ পৰিয়ালটো৷ উল্লেখযোগ্য যে,ঐতিহাসিক শিঙৰি…

শোণিতপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুলাইঃ তেজপুৰৰ মিছন চাৰিআলি ঢেকিয়াজুলি তথা কামৰূপ সংযোগী ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ মেৰামতিৰ দাবীত আজি তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰৰ সমীপত দুঘন্টা সময় পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহগুৰি আঞ্চলিক সমিতিয়ে৷আজি পুৱা ১০বজাৰ পৰা দুপৰীয়া ১২বজালৈকে ৰূপায়িত এই পথ অৱৰোধ কাৰ্যসূচীৰ ফলত ৰাষ্ট্ৰীয় পথটোৰ দুয়োদিশে অসংখ্য যানবাহন আৱদ্ধ হৈ পৰে৷উল্লেখযোগ্য যে,তেজপুৰৰ মিছন চাৰিআলিৰ পৰা ঢেকিয়াজুলি পৰ্যন্ত অধিক শোচনীয় হৈ পৰা ৰাষ্ট্ৰীয় পথটোৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত…

অসম সাহিত্য সভাক বৌদ্ধিক আৰু বিদ্যায়তনিক দিশেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে ভাব- বিনিময় 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুলাই : নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ এক পৰিবেশ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত  গঢ়ি তোলাৰ লগতে ৰাজ্যখনত অসমীয়া ভাষা ব্যৱহাৰিক ৰূপত  প্ৰয়োগ কৰা ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাবে বিদ্যায়তনিক আৰু বৌদ্ধিক চিন্তা-চেতনাৰ  বিকাশ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিখনৰ মুখ্য প্ৰয়োজনীয় লক্ষ্য আৰু কৰ্তব্য  । আজি তেজপুৰত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত  প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ৷ উল্লেখ্য যে , অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ…

লখিমপুৰ নগৰৰ পথৰ কাষত থকা বিপজ্জনক গছ কাটিবলৈ বাধ্য হ’ল প্ৰশাসন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ জুলাই ঃ অৱশেষত লখিমপুৰ নগৰৰ পথৰ দাঁতিত থকা একাংশ গছ কটা কাৰ্য আৰম্ভ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলা প্ৰশাসন৷ বুধবাৰে নগৰখনৰ খেলমাটিত পথৰ দাঁতিত থকা এজোপা প্ৰকাণ্ড শিমলু গছ বাগৰি এজন লোকৰ মৃত্যু হোৱাৰ পাছত আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পথৰ দাঁতিত হাউলি থকা বিপজ্জনক গছ কটা কাৰ্য আজিৰে পৰা প্ৰশাসনে আৰম্ভ কৰিছে৷ উল্লেখ্য যে নগৰখনৰ বিভিন্ন স্থানত এনদৰে পথৰ দাঁতিত বিপজ্জনক ভাৱে বহু হাউলি আছে৷ এই গছবোৰেও যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত কৰিব পাৰে৷ লখিমপুৰ নগৰৰ চৌদিশে পথৰ দাঁতিতে থকা ভয়ংকৰ…

তেজপুৰত লেখিকা সমাৰোহ সমিতিৰ সপ্তাহজোৰা মহিলা নাট সমাৰোহৰ সামৰণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত যোৱা ৪ জুলাইৰ পৰা ১০ জুলাইলৈকে অনুষ্ঠিত হোৱা সপ্তাহজোৰা মহিলা নাট কৰ্মশালাখনৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানটোত আঁত ধৰে শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই। ইয়াৰ পিছত অনুষ্ঠানত উপস্থিত থকা নিমন্ত্ৰিত বিশিষ্ট অতিথি, অভিনেত্ৰী ডাঃ জাহানাৰা বেগম আৰু কৰ্মশালাৰ মূল প্ৰশিক্ষক অসম নাট্য সন্মিলনৰ…

ৰাজ্যিক জলক্ৰীড়াত তেজপুৰ জিলা দলৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৩০সংখ্যক সদৌ অসম জলক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰ জিলাদলে মুঠ ৪৬টা পদক লাভ কৰি উজ্জীৱিত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷উল্লেখযোগ্য যে মাত্ৰ ৩৩জনীয়া এটা দলৰে সৰুসজাইত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশলোৱা তেজপুৰ জিলা দলটোৱে ১৬টা সোণৰ পদক সহ মুঠ ৪৬টা পদক অৰ্জন কৰে৷দলটোৱে ৰূপৰ ১৫টা আৰু ব্ৰঞ্জৰ ১৫টা পদকো অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ গ্ৰুপ পাঁচত পৰাণে ল’ৰাৰ দলীয় শাখাত আৰু ছোৱালীৰ পাঁচনম্বৰ গ্ৰুপত ভাৰ্গবী শৰ্মাই শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে তেজপুৰ জিলা…

সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলা উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত “শৈক্ষিক সজাগতা সভা”

শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জুলাই: সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলাই গ্ৰীষ্মবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ বাবে বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিছে। আৰ্থিকভাৱে অতিকৈ পিছপৰা পৰিয়ালৰ ছোৱালী শিক্ষাৰ বাবে স্থাপিত বৰচলা, ঢেকিয়াজুলী আৰু ৰাঙাপাৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলে যোৱা ১০ জুলাই পৰা ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ শিক্ষাদান কৰাৰ লগতে অভিভাৱকৰ লগত ছাত্ৰী সকলৰ শৈক্ষিক অগ্ৰগতি বিষয়ে মত বিনিময় কাৰ্যক্ৰম অব্যাহত ৰাখিছে। উক্ত কাৰ্যসূচী সমান্তৰালকৈ ভিতৰুৱা অঞ্চল সমূহত স্হানীয় ৰাইজ, অভিভাৱকৰ সহযোগত…

চন্দ্ৰযান – ৩ অভিযানৰ গুৰি ধৰিছে লখিমপুৰৰ বিজ্ঞানী চয়ন দত্তই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ জুলাইঃ সমগ্ৰ দেশ আৰু ৰাজ্যখনৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্রণ অভিযান পৰিচালনা কৰিব এজন অসমীয়া অভিযান্ত্ৰিক বিজ্ঞানীয়ে৷ তেওঁক এই ব্যৱস্থাৰ উপসঞ্চালক হিচাপে ইতিমধ্যে নিয়োগ কৰা হৈছে৷ উল্লেখযোগ্য যে,এই বিজ্ঞানীজন হৈছে  উত্তৰ লখিমপুৰ নগৰৰ সন্তান চয়ন দত্ত৷ মহাকাশ বিভাগৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত বিজ্ঞানী,অভিযন্তা হিচাপে কৰ্মৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ দত্তৰ ওপৰত…

এফালে বন ধ্বংসযজ্ঞ আনফালে চলিছে ১ কোটি গছপুলি ৰোপনৰ মহা আয়োজন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুলাই : চৰকাৰী, বেচৰকাৰী পৃষ্ঠপোষকতাত বনাঞ্চল ধ্বংসযজ্ঞ আৰু বনজ সম্পদৰ লুণ্ঠনৰ বাতৰিয়ে সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ মাজতে এইবাৰ অসম চৰকাৰে একেদিনাই ১ কোটি মূল্যবান গছপুলি ৰোপনৰ বাবে কৰা পৰিকল্পনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰশাসনযন্ত্ৰ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ মাজেৰে বন বিভাগৰ নাকৰ তলেদি খয়েৰ কাঠৰ উপৰি অন্যান্য মূল্যবান কাঠৰ চোৰাং সৰবৰাহৰ বিষয়ে বিভিন্ন সময়ত বাতৰি প্ৰকাশিত হৈ আহিছে ৷ অনুৰূপ ধৰণে বাতৰিৰ শিৰোনাম দখল কৰিছে চৰকাৰী পৃষ্ঠপোষকতাত…

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ হত্যা কৰিলে চোৰাংচিকাৰীয়েঃ গ্ৰেপ্তাৰ তিনি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ অসম-অৰুণাচল সীমান্তৰ তথা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে ঢেকীয়াপতীয়া বাঘ এটা নিধন কৰা ঘটনাই প্ৰকৃতি প্ৰেমী সংগঠনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত সম্প্ৰতি মুখ খুলিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে, যোৱা আঠ জুলাইত কেন্দ্ৰীয় শুল্ক বিভাগে এক অভিযান চলাই ইটাখোলাৰ পৰা জব্দ কৰিছিল এটা ঢেঁকীয়পতীয়া বাঘৰ ছালসহ কংকালৰ বিভিন্ন অৱশিষ্ট৷ ইয়াৰ পাছতে এই গোচৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চমজি লয় আৰু যোৱা চাৰিদিন ধৰি তদন্ত অব্যাহত ৰাখে৷ আনহাতে…