Browsing Category
অসম
লখিমপুৰত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড শিমলু গছ বাগৰিলঃ নিহত এজন
কেবাখনো যানবাহন ক্ষতিগ্ৰস্ত
ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত
লখিমপুৰ নগৰত ৬-৭ ঘণ্টা বিদ্যুৎ সেৱা ব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ জুলাইঃ উত্তৰ লখিমপুৰ নগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি যেন কোনো দায়িত্ব নাই জিলা প্ৰশাসন কিম্বা পৌৰ সভাৰ। উত্তৰ লখিমপুৰ নগৰত থকা পুৰণি গছে কোনেদৰে নগৰবাসীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, সেই সন্দৰ্ভত ‘শতাব্দ’ত যোৱা ৬ জুলাইত সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পিছতো জিলা প্ৰশাসন কিম্বা পৌৰ সভাই কোনো পদক্ষেপ নোলোৱাৰ পৰিণতিত আজি লখিমপুৰ নগৰত এজোপা প্ৰকাণ্ড শিমলু গছ উভালি পৰাৰ ফলত থিতাতে এজন…
ৰাজ্যৰ বাহিৰৰ তিনি পৰীক্ষাৰ্থীক আটক তেজপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১জুলাইঃ তেজপুৰত আজি অনুষ্ঠিত হোৱা ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষাত ধৰা পৰে এজন ভূৱা পৰীক্ষাৰ্থী৷ আজি অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত তেজপুৰ ৰাবাৰ বাগান পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ অহা সুগ্ৰীৱ প্ৰজাপতি নামৰ উত্তৰ প্ৰদেশৰ যুৱকজনৰ ওপৰত পৰীক্ষা দিবলৈ অহা আন একাংশ পৰীক্ষাৰ্থীৰ সন্দেহ উপজে আৰু তেওঁলোকে যুৱক জনক সোধপোছ কৰাত কোনো উত্তৰ দিব নোৱাৰে যুৱক জনে।পাছত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ সহযোগত যুৱকজনক আৰক্ষীক গতাই দিয়া হয় ।আৰক্ষীয়ে যুৱকজনৰ পৰা দুখনকৈ আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে।দুয়োখন আধাৰ কাৰ্ডত উল্লেখ…
এবিভিপিয়ে কৰিলে লীলা…
সৰ্বত্ৰ প্ৰতিক্ৰিয়াঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজকে নাজানে চৰকাৰী নিৰ্দেশনাৰ কথাঃ বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাক ধবংস কৰি আহিছে, চৰকাৰৰ অগণতান্ত্ৰিক ব্যৱস্থাক অমান্য কৰি কৰা কামক আমি আদৰণি জনাবই লাগিবঃ আছুৰ কটাক্ষ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ অসম চৰকাৰে শিক্ষানুষ্ঠান সমূহত যিকোনো সংগঠনক সভা সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে নাৰায়ণপুৰত বিজেপিৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অভিনন্দন তথা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা…
মৰাণ সমষ্টিৰ নাম বাহাল ৰাখক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জুলাই : অসম নামৰ এই ভূখণ্ডৰ আদিমতম মানৱ প্ৰজাতিৰ অন্যতম মৰাণসকলৰ ইতিহাস বিজড়িত মৰাণ নামৰ ঠাইখনৰ নাম চিৰদিন বাহাল থকাটো কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই ৷ আজি এক বিবৃতিৰ জৰিয়তে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ আৰু অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক বিতোপন মৰাণে কয় যে মৰাণ জনগোটটোৰ আদিম বাসভূমি আছিল ডিব্ৰুগড়ৰ জিলাৰ বৰবৰুৱাৰ পৰা মৰাণলৈকে একাংশ, চৰাইদেও জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ একাংশ ৷ এই মৰাণ সকলেই এই বৃহৎ অঞ্চলটোত মানৱ সভ্যতাৰ পাতনি মেলিছিল বুলি বিবৃতিটোত…
আমাক ৰিলিফ নালাগে, লাগে বান সমস্যাৰ স্থায়ী সমাধান- বন্যাৰ্ত
স্বাধীনতাৰ ৭৫ বছৰেও বান সমস্যাৰ পৰা মুক্ত নহ’ল লখিমপুৰৰ কুৰিখন গাঁওঃ প্ৰতি বাৰিষাতে জীৱন বিপদাপন্ন কৰি তোলে শিঙৰাৰ ওভটনি পানীয়েশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ লখিমপুৰ জিলাৰ এটা দুৰ্গম অঞ্চল হৈছে নাওবৈচাৰ গেলাহাটী অঞ্চলটো৷ এই অঞ্চলটো বছৰৰ ছটা মাহেই বানত ডুবি থকাৰ পিছতো আজিকোপতি বান সমস্যাৰ কোনো স্থায়ী সমাধান নকৰিলে প্ৰশাসনে৷ জনপ্ৰতিনিধিৰ চূড়ান্ত অৱহেলা, ৰাজ্যপালৰ আশ্বাসেও এই অঞ্চলটোক বানমুক্ত কৰিব নোৱাৰিলে৷ পৰিতাপৰ কথা যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে লখিমপুৰৰ প্ৰায় কুৰিখন গাঁৱে৷…
ৰাজ্যিক পৰ্যায়ৰ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ জুলাই : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰে পৰা ৰাজ্য জুৰি ডায়েৰিয়া নিয়ন্ত্ৰণৰ এমহীয়া বিশেষ কাৰ্যসূচী হাতত লৈছে। সোমবাৰে আগবেলা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাৱে ৰাজ্যিক পৰ্যায়ৰ 'বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী' উদ্বোধন কৰে। আজিৰে পৰা অহা ৯ আগষ্টলৈকে ৰাজ্যজুৰি ৰূপায়ণ কৰিবলৈ লোৱা এই এমহীয়া কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ পাঁচ বছৰ অনুৰ্দ্ধৰ প্ৰায় ৩৭ লাখ শিশুক সামৰি ডায়েৰিয়া নিয়ন্ত্ৰণ অভিযান চলাবলৈ…
চাউল চুৰিঃ প্ৰাক্তন যুটীয়া সঞ্চলকসহ চাৰিজনৰ গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১০ জুলাই : ঢেকিয়াজুলিত সংঘটিত চৰকাৰী আঁচনিৰ চাউল হৰলুকিৰ ঘটনাৰ অনুসন্ধানকাৰী মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুদিন পূৰ্বে সোধপোছৰ বাবে মাটি নিয়া শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক সহ চাৰি জনক গ্ৰেপ্তাৰ কৰা ঘটনাই সম্প্ৰতি তেজপুৰস্হ কাৰ্যালয়টো এনে ঘটনাৰে জড়িত বুলি স্পষ্ট কৰিছে । উল্লেখযোগ্য যে,প্ৰথম অৱস্থাত হেমন্ত তালুকদাৰ,সুৰজিত সেনাপতি সহ মুঠ ১০জনক পৰ্যায় ক্ৰমে তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰাৰ পাছতে সম্প্ৰতি বিভাগীয় অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ভাৰত চন্দ্ৰ বৰদলৈ,…
তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জুলাইঃ ৰাজ্যক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিজ্ঞান শিক্ষাক আগবঢ়াই নিব লাগিব। ২০১৪ত ২৭,৪৫২ গৰাকী বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বৰ্তমান ৪৬হেজাৰলৈ বৃদ্ধি পাইছে যদিও তিনি কোটি পঞ্চাশ লাখ জনসংখ্যাৰ ৰাজ্যখনত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১৫ৰ পৰা ১৮শতাংশ বুলি ব্যক্ত কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই। শিক্ষা উপদেষ্টা গৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আজিৰ পৰা ছয় দিনীয়া কাৰ্যসূচীৰে শিক্ষা বিভাগে সৰ্বশিক্ষা…
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ স’তে মত বিনিময় তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১০জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে কালি নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত এই কথা প্ৰকাশ কৰি কোৱা হয় যে,এই সাক্ষাতৰ সময়ত উপাচাৰ্য অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাফল্যৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীক তেজপুৰ বিশ্ববিদ্যালয়ক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ পৰিকল্পনা তথা আঁচনিৰ বিষয়ে অৱগত কৰে।মন্ত্ৰী প্ৰধানে জাতিৰ উন্নয়নক আগুৱাই নিয়াত…
লখিমপুৰত চাহ জনগোষ্ঠীক জনজাতিৰ মযাৰ্দা প্ৰদানৰ দাবীত ধৰ্ণা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বছৰ বছৰ ধৰি ভূমি পুত্ৰ হিচাপে বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত আজি আটছাৰ লখিমপুৰ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ জনোৱাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বিক্ৰম তাছা, সাধাৰণ সম্পাদক সুমিত দাস পানিকা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ…
