Browsing Category

অসম

তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ জুলাই : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে অসমত বসবাস কৰা আদিবাসীৰ ৩৬ টা জাতি, উপজাতিৰ চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া জাতিৰ অংগ নহয়, অসমৰ খিলঞ্জীয়া নহয়, গোজেই গজালি হোৱা, বহিৰাগত বুলি চূড়ান্ত অপমানজনক মন্তব্য কৰা, আদিবাসী ব্যক্তি এজনৰ মুখত বিজেপি নেতাই প্ৰস্ৰাৱ কৰা আৰু যোৱা ৫ মাহে আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানী গাঁওৰ নাবালিকা ধৰ্ষণৰ অভিযোগত বিজেপি নেতা সমুদ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত অসম…

গাভৰু-শিঙৰাৰ বানত নিমিষতে উটি গ’ল বহু ঘৰ-দুৱাৰ, পশু-পক্ষী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ লগতে বিহপুৰীয়াত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ কেইদিনমানৰ পূৰ্বে শিঙৰা নদীয়ে মথাউৰি ছিঙি নাওবৈচা অঞ্চলত মহা প্ৰলয়ৰ সূচনা কৰাৰ পিছত কালিৰে পৰা গাভৰু আৰু শিঙৰা নদীয়ে লালুক, নাওবৈচা, বঙালমৰাৰ বহু অঞ্চল প্লাবিত কৰাৰ লগতে নিমিষতে ঘৰ দুৱাৰ, পশু-পক্ষী উটুৱাই নিয়াৰ ফলত ৰাইজৰ মাজত হাহাকাৰ লাগিছে৷ বহু লোকৰ ঘৰ দুৱাৰ পানীত বুৰ যোৱাৰ ফলত তেওঁলোকে ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিব লগা লৈছে৷ বিশেষকৈ নাওবৈচাত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লালুকৰ মেনেহা নদীয়ে বানৰ সৃষ্টি কৰাত…

গহপুৰৰ ডফলাগড় চাহ বাগিচাৰ কলঘৰৰ মেছিনত সোমাই শ্ৰমিকৰ মৃত্যু

শতাব্দ প্ৰতিবেদক, গহপুৰ, ১০ জুলাই: গহপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেড কোম্পেনীৰ অধীনস্থ ডফলাগড় চাহ বাগিচাত আজি এক ভয়ংকৰ অঘটন সংঘটিত হয়। আজি পুৱা ৯ মান বজাত বাগিচাখনৰ কলঘৰৰ মেছিনৰ পাংখাত কৰ্মৰত এজন শ্ৰমিক সোমাই যোৱাৰ ফলত কৰুণভাবে মৃত্যুক সাৱটি লৱ লগা হয়। মৃত শ্ৰমিকজনৰ নাম সুখমন মুণ্ডা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বাগিচাখনৰ কলঘৰৰ চাহ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ লগত জড়িত শ্ৰমিক সুখমন মুণ্ডাই কৰ্মৰত অৱস্থাত আন কোনো কৰ্মচাৰীয়ে অসাৱধানবশতঃ মেছিনৰ পাংখা চলাই দিয়াৰ ফলত পাংখাৰ ভিতৰত সোমাই পৰে শ্ৰমিকজন। ফলত অতি…

ঢকুৱাখনাৰ সোণাৰি চাপৰিত নাট কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জুলাইঃ ঢকুৱাখনাৰ সোণাৰি চাপৰিত বিগত বৰ্ষৰ দৰে এইবাৰো সাঁকো নাট্য কলা বিদ্যালয়ৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা জুলাই ১ তাৰিখৰ পৰা ২০ জুলাই ২০২৩ লৈ ২০ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত কৰা হয়। শিশুৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সংগীত, নৃত্য, চিত্ৰকলা, আবৃত্তি আৰু অভিনয়ৰ বিষয়ত বিশেষজ্ঞ সকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰি থকা এই কৰ্মশালাত সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ প্ৰমুখ তথা ৰাষ্ট্ৰীয় পর্য্যায়ৰ নাট পৰিচালক দয়াল কৃষ্ণ নাথৰ লগতে…

ভোজমাৰী চাপৰিত বাঘিনীৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন তথা চতিয়াৰ গমিৰিপালৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ ভোজমাৰী টাপুত এক ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়।এয়া এজনী বাঘিনীৰ মৃতদেহ বুলি নিশ্চিত কৰা হৈছে৷ এসপ্তাহ পূৰ্বে মৃত্যু হোৱা বুলি ধাৰণা কৰা আৰু অনুমানিক ১০ বছৰ বয়সৰ বাঘজনীৰ মৃতদেহ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বিষয়া, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ প্ৰতিনিধিৰ উপস্থিতিত পশু চিকিৎসক দিগন্ত শৰ্মাই মৰনোত্তৰ পৰীক্ষা কৰে। মৰনোত্তৰ…

সদৌ অসম মইনা পাৰিজাতৰ স্ৰষ্টা ককা মহাদেৱ শৰ্মাৰ জন্ম দিনৰ লগত সংগতি ৰাখি মইনাৰ মৌমাতেৰে মুখৰিত তেজপুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ জুলাই : সদৌ অসম মইনা পাৰিজাতৰ জন্মদাতা, স্বাধীনতা সংগ্ৰামী ককা মহাদেৱ শৰ্মাৰ আজিৰ জন্ম দিনটোতে কণ কণ মইনাৰ মুখৰ মৌমাতৰ এক সুন্দৰ অনুষ্ঠানৰ প্ৰসংগৰে এই বাতৰি। উল্লেখ্য যে মইনাৰ মুখৰ মৌমাতেৰে কালি মুখৰিত হ'ল তেজপুৰৰ পহুমৰা চুবুৰীৰ নামঘৰ প্ৰাঙ্গণ। উল্লেখ্য সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত স্হানীয় অপৰাজিতা মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত হোৱা মইনা সকলৰ গীত, মাত, কবিতা,সাধু কোৱা, নৃত্য, চিত্ৰাংকন, সাহিত্য আদিৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন এক শিবিৰত মইনাৰ সুকুমাৰ কলাৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতা প্ৰতিপন্ন হয়।…

তেজপুৰত অনুষ্ঠিত সদৌ অসম ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ ফলাফল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জুলাই : সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ গীতক কেন্দ্ৰ কৰি আন কেতবোৰ গীত - নৃত্যৰে কালি নিশা জীপাল হৈ পৰিল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ।উল্লেখ্য যে, তেজপুৰৰ বন্দনা সংগীত কানন আৰু বন্দনা সংগীত বিদ্যালয়ৰ উদ্যোগত কালি পুৱাৰ পৰা ৰাজ্যখনত বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰিকুৰি প্ৰতিযোগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ হয় বন্দনা সংগীত কাননৰ বিষয়ববীয়া সকলৰ প্ৰয়াত অজিৎ সিংহৰ কালজয়ী গীতৰ  সমবেত…

শোণিতপুৰ জিলা শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত ভাৰ উত্তোলন কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৯ জুলাই : শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু তেজপুৰ অসমীয়া ক্লাবৰ যৌথ উদ্যোগত যোৱা ৩ জুলাইৰ পৰা ১৫ জুলাইলৈকে তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাব প্ৰাংগণত অনুষ্ঠিত হৈ আছে ভাৰ-উত্তোলন প্ৰশিক্ষণ শিবিৰ। উল্লেখ্য যে, এই শিবিৰত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ প্ৰায় ৪০ টাৰো অধিক অনুমোদিত সন্থাৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে দৈনিক গ্ৰহণ কৰি আহিছে বিশেষ প্ৰশিক্ষণ। উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে ভাৰতীয় ভাৰ-উত্তোলন দলৰ প্ৰশিক্ষক চৰাইদেও জিলাৰ অনুপ কোঁৱৰে।…

 প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো চিকিৎসাধীন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৰঙিয়া, ৮ জুলাই : শেহতীয়াকৈ স্বাস্থ্য অৱনতি হোৱাৰ বাবে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক ৰঙিয়াৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, শিক্ষাবিদ থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ আজি বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কৃষিমন্ত্ৰী অতুল বৰাই। শনিবাৰে দুপৰীয়া কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি বৰা আৰু স্বাস্থ্যমন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি মহন্তই ৰঙিয়াৰ স্বস্তি হস্পিতাললৈ গৈ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাপক নেতা বড়োক দেখা কৰে। চিকিৎসালয়ত কৃষিমন্ত্ৰীৰ সৈতে…

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে মুখৰিত হ’ল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ

জীয়াই থকালৈকে তেজপুৰৰ বদনাম হ'ব পৰা কাম নকৰাৰ প্ৰতিশ্ৰুতি "আমাৰ অসম"ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰশতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ  চাৰিকুৰিৰো অধিক প্ৰতিযোগীৰ উপস্থিতিত আজি পুৱাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বন্দনা সংগীত বিদ্যালয় আৰু বন্দনা সংগীত কাননৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত সুধাকণ্ঠৰ কালজয়ী গীতেৰে মুখৰিত হৈ পৰে বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ।সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰতিযোগিতাখনৰ উদ্বোধক বাণ থিয়েটাৰৰ সাধাৰণ…