Browsing Category
অসম
১৪৪ ধাৰাৰ অধীনত শোণিতপুৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুলাই: অহা ৮ৰ পৰা ১০ জুলাই, ২০২৩ লৈ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জাৰি কৰা এক নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত বৈধ প্ৰৱেশ পত্ৰ সহ…
বিভিন্ন ৰোগ উপশমৰ কৌশল প্ৰদৰ্শনৰে যোগাসন কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : অসম যোগ সন্হাৰ ২৬ সংখ্যক জুনিয়ৰ আৰু চাব জুনিয়ৰ প্ৰতিযোগিতাখনি আগন্তুক আগষ্ট মাহত ঐতিহাসিক শিৱসাগৰ চহৰত অনুষ্ঠিত হব। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে শোণিতপুৰ জিলাৰ পৰাও নিৰ্বাচিত খেলুৱৈৰ দলক ৰাজ্যিক পৰ্য্যায়লৈ প্ৰেৰণ কৰা হ'ব। উক্ত দলটো নিৰ্বাচিত কৰিবলৈ অহা ১৬ জুলাই দেওবাৰে শোণিতপুৰ যোগ সন্হাৰ উদ্যোগত আৰু বিহগুৰি টুমুকীৰ "নৱসূৰুয" যোগ কেন্দ্ৰৰ সহযোগত বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত ১২ সংখ্যক শোণিতপুৰ জিলা যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনি সফল কাম হ'বৰ বাবে…
লখিমপুৰৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুলাইঃ অসম লোকসেৱা আয়োগৰ চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত (মেইনচ) পৰীক্ষাটি অহা ৮ জুলাইৰ পৰা ১০ জুলাইলৈ অনুষ্ঠিত হব। ৰাজ্যখনৰ অন্যান্য কেন্দ্ৰৰ লগতে, লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত স্থাপন কৰা কেন্দ্ৰতো এই পৰীক্ষা অনুষ্ঠিত হব। উক্ত পৰীক্ষাটি সুকলমে সম্পন্ন কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।পৰীক্ষাটি স্বচ্ছ, নিকা আৰু মুক্ত পৰিবেশত অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত সুমিত…
তিনিচুকীয়ালৈ আহিয়ে আছে লক্ষ লক্ষ টকাৰ ড্ৰাগছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুলাই : ড্ৰাগছ আসক্তিৰ পৰিণতিত তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়াবহ তথ্য পোহৰলৈ অহাৰ পাছত এইবাৰ ফাদিল হৈছে ডিমাপুৰৰ পৰা নিত্য নতুন কৌশলেৰে তিনিচুকীয়ালৈ লক্ষ লক্ষ টকাৰ ড্ৰাগছ সৰবৰাহৰ উদ্বেগজনক তথ্য ৷ ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত পুৰুষ আৰু মহিলা সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে ৷ আজি পুৱা নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬০ লক্ষ টকাৰ সন্দেহজনক হেৰ’ইন ৷…
তেজপুৰত বৰ্ষজোৰা বিহুৰ তত্ব আৰু ব্যৱহাৰিক পাঠদান কৰ্মশালাৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : তেজপুৰত ৰুচিশীলতাৰে এক সুস্থ সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে "সুধাকণ্ঠ - দ্য লিজেণ্ড" শীৰ্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ জন্ম দি সুধাকণ্ঠ গৰাকীৰ কালজয়ী সৃষ্টি সমূহ সকলো শ্ৰেণীৰ ৰাইজৰ কাষ চপাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখা শিক্ষক তথা লেখক ৰাম হাজৰিকাৰ তৎপৰতাত "সুধাকণ্ঠ - দ্য লিজেণ্ড" ৰ উদ্যোগত এইবাৰ পৰিশীলিত আৰু প্ৰণালীৱদ্ধ ৰূপত বিহুনাচ, বিহুনাম, ঢোলবাদন, পেঁপা বাদন, কাঁহিনাচ আৰু বিহুৰ তত্ব আৰু ব্যৱহাৰিক পাঠদানৰ এবছৰীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালা কালিৰে পৰা আৰম্ভ হৈছে তেজপুৰ মাজগাঁৱৰ…
তেজপুৰৰ প্ৰতিভাধৰ শিল্পী বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ
"ডক্টৰ বেজবৰুৱা"তো কৰিছিল অভিনয়ঃ তেজপুৰত শোকৰ ছাঁশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : জীৱন নাট সামৰিলে তেজপুৰৰ জনপ্ৰিয় অভিনয় শিল্পী বিজয় শংকৰ শইকীয়াই। কালি নিশালৈকে এটি বিশেষ গীতৰ দৃশ্য গ্ৰহণত ব্যস্ত থাকি আজি পুৱা ৬ বজাতেই ছুটিং আৰম্ভ কৰিব লগা তেজপুৰবাসীৰ অতি আদৰৰ বহুমুখী প্ৰতিভাৰ শিল্পী বিজয় শংকৰ শইকীয়াক নিয়তিয়ে পুৱা ছুটিং কৰিবলৈ আৰু নিদিলে। "খোজ" নামৰ এটি বিশেষ গীতৰ দৃশ্যগ্ৰহণ সামৰি নিশা তেজপুৰৰ ঊষা নগৰৰ ৪ নম্বৰ উপ পথৰ বাসগৃহত ভাত পানী খাই বিচনালৈ যোৱাৰ সময়তে হৃদযন্ত্ৰজনিত ৰোগত আকস্মিক ভাৱে গুৰুতৰ ৰূপত আক্ৰান্ত…
বিঘ্নিত ৰেল যোগাযোগ ( ফটো সংবাদ)
বাঢ়নী পানীয়ে একাধিক ৰেল দলঙৰ বাবে ভাবুকি কঢ়িয়াই অনাৰ বাবে উজনি-নামনিত বিঘ্নিত হৈছে কেইবাখনো ৰেল
পুৱাই কাকৈ নদীত পুনৰ বান্ধ নিৰ্মাণ কৰিবলৈ বাধ্য হ’ল ঠিকাদাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জুলাইঃ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীত খহনীয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰে পাল মৰা কাম কৰি ফ্লাড ড্ৰীলৰ লাখ লাখ টকা সৰকাই নিবলৈ চেষ্টা চলোৱাৰ বিষয়ে আজি ‘শতাব্দ’ত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি থৰকাছুতি হেৰায় লখিমপুৰ জলসম্পদ বিভাগৰ৷ বিভাগীয় বিষয়াৰ কাড়া নিৰ্দেশত পুৱাই কাকৈ নদীৰ বান খহনীয়া পৰিত্ৰাণৰ বাবে ঠিকাদাৰে কাম আৰম্ভ কৰিবলৈ বাধ্য হয়৷ বৰষুণৰ বতৰতে আজি দুই ঠিকাদাৰ মনিষ বৰা আৰু দীপেন শইকীয়া বাহিনীয়ে বান্ধ প্ৰতিৰোধৰ কাম যুদ্ধকালিন প্ৰস্তুতিৰে তথা বাঁহৰ স্পাৰ মাৰি খহনীয়া অংশত মাটিৰ…
শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত বাধা আৰোপ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ জুলাই: শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গধুৰ বোজা বহন কৰা অৰ্থাৎ ১২/১৬/২২/২৪ চকীয়া বাহন আদিৰ চলাচলৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ দেৱ কুমাৰ মিশ্ৰই দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ অধীনত শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাহিৰে আন গধুৰ বাহন অৰ্থাৎ ১০ চকীয়াতকৈ অধিক চকীয়া বাহনৰ চলাচলত বাধা আৰোপ কৰিছে। বৰ্তমান বাৰিষাৰ…
জিলা সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জুলাইঃশোণিতপুৰ জিলা সন্মিলিত শিক্ষক মঞ্চৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হৈ যায়৷সভাত সভাপতিত্ব কৰে চুচেন নাথে৷সভাত শিক্ষক আৰু ছাত্ৰীৰ শিক্ষাৰ সমস্যাৰ ওপৰত আলোচনা হয়।সভাত সম্পাদকদ্বয় অৱনী কুমাৰ বৰা আৰু তৰুণ নাথে ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ আহ্বান জনাই যে মন্ত্ৰী গৰাকীয়ে শিক্ষক সকলক সঘনাই কটু বাক্য আৰু সমালোচনা কৰা বাদ দি বিদ্যালয় সমূহৰ আন্ত গাঁথনি আৰু ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন সমস্যা সমুহ দূৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুন্দৰ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিব লাগে৷ লগতে…
