Browsing Category
অসম
লখিমপুৰ নগৰৰ মাজ মজিয়াত বৃহৎ বৃহৎ গছে নমাই আনিছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ. লখিমপুৰ, ৬ জুলাইঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাৰিষাৰ সময়ত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ অকালতে মৃত্যু হোৱা ঘটনাৰ সময়তে লখিমপুৰ নগৰৰ মাজমজিয়াত থকা কেবাজোপা বৃহৎ বৃহৎ গছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে৷ পৰিতাপৰ কথা যে বহু সময়ত পথত গছ বাগৰি যানাবাহনৰ ওপৰত পৰাৰ ফলতো বহুলোকে প্ৰাণ হেৰুৱাই আহিছে৷ এনে সময়তে লখিমপুৰ নগৰৰ পথৰ দাঁতিত পথৰ ওপৰলৈকৈ হাউলি থকা প্ৰকাণ্ড প্ৰকাণ্ড গছে এনে দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে৷ বিশেষকৈ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়া তথা লখিমপুৰ জিলা পৰিষদৰ সন্মুখত ড॰ আম্বেদকাৰৰ…
অভাৱনীয় মূল্যবৃদ্ধি : তিনিচুকীয়াত যোগান বিভাগৰ শ্মশান যাত্ৰা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা ৰাজ্যৰ যোগান বিভাগৰ শ্মশান যাত্ৰা বাহিৰ কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে ৷ বিপুল মূল্যবৃদ্ধি ঘটা বিভিন্ন পাচলি, ৰন্ধন গেছৰ চিলিণ্ডাৰ, চাঙি লৈ তিনিচুকীয়া চহৰৰ চিৰাপট্টী চাৰিআলিস্থ অজাযুছাপৰ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা যোগান বিভাগৰ শ্মশান যাত্ৰা বাহিৰ কৰা হয় ৷ ব্যৰ্থ যোগান বিভাগৰ প্ৰতীকী শ্মশান যাত্ৰাত পৰিষদৰ কৰ্মীসকলে ’মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান…
যোগানমন্ত্ৰী আৰু যোগান বিভাগৰ মৃত্যু ঘোষণা যুৱ ছাত্ৰ পৰিষদৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জুলাইঃ চাউলকে ধৰি সকলো খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে ৰন্ধন গেছ,বিদ্যুৎ মাছুল আদিৰ অকল্পনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক৷ এনে সময়ত ৰাজ্যৰ যোগানমন্ত্ৰী গৰাকীৰ দায়িত্বহীন মন্তব্য আৰু যোগানবিভাগৰ অস্তিত্বহীন অৱস্থাক আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতীকী ভাবে দেহাৱসান ঘটা বুলি মন্তব্য কৰাৰ লগতে দুয়োৰে শ্মশান যাত্ৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷আজি তেজপুৰ চহৰৰ মাজেৰে সাঙি কঢ়িয়াই লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰলৈ তথা হাতে-হাতে আলু-পিঁয়াজৰ মালা, লৈ তেজপুৰ চহৰৰ মাজেৰে যুৱ…
স্বাস্থ্যসেৱা উৎসৱঃ ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়নৰ গ্ৰেড প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰা স্বাস্থ্যসেৱা উৎসৱৰ জৰিয়তে ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়ন কৰা হৈছিল। এই মূল্যায়নত A গ্ৰেড প্ৰাপ্ত ৫ খন জিলা আৰু ২ খন উদগনিমূলক বঁটাপ্ৰাপ্ত জিলাৰ লগতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ৫ খন জিলা চিকিৎসালয়, ১ খন মহকুমা চিকিৎসালয়, ৫ খন সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু ৫ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰক মুখ্যমন্ত্ৰীয়ে বঁটা প্ৰদান কৰে ৷ স্বাস্থ্য সেৱা উৎসৱৰ বহিঃমূল্যায়কসকলে অনলাইন যোগে দাখিল কৰা প্ৰতিবেদনসমূহ যোৱা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ চূড়ান্ত পৰ্যালোচনা কৰা…
তেজপুৰত আছাৰ ধৰ্মঘট
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজ্যত বসবাস কৰা আদিবাসী সকলক শীঘ্ৰে অনুসূচীকৰণৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰা আৰু আদিবাসী সকলক ভূমিৰ ম্যাদীপট্টা প্ৰদান কৰা আদি দাবীৰ সমৰ্থনত আজি তেজপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্হা (আছা)ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰৰ আদালত চাৰিআলি দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ ন এছ টি ন ৰেষ্ট,আছা লং লিভ, এছ টি আমাৰ জন্মগত অধিকাৰ আদি ধ্বনিৰে হাতে হাতে প্লেকাৰ্ড লৈ আছাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু সকলো আঞ্চলিকৰ সহযোগত ৰূপায়িত…
তেজপুৰত পঞ্চায়ত আঁচনিৰ বিপৰীতে কমিছনৰাজকলৈ ক্ষুব্ধ বিজেপি কৰ্মী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ তেজপুৰৰ হলেশ্বৰ গাঁও পঞ্চায়তৰ অধীনস্হ অঞ্চলত সংঘটিত অনিয়মক কেন্দ্ৰ কৰি বিজেপি দলৰে একাংশ সক্ৰিয় কৰ্মী অতিশয় ক্ষুন্ন হৈ পৰাৰ লগতে বিষয়টো দলৰ মজিয়াতো উত্থাপন কৰিছে৷ একেদৰে গাভৰু উন্নয়ন খণ্ডৰ পঞ্চায়ততো বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,বালিপৰা উন্নয়ন খণ্ড অধীনষ্ঠ হলেশ্বৰ গাঁও পঞ্চায়তত সম্প্ৰতি একাংশই কমিছনৰাজ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷চৰকাৰী গৃহ প্ৰদানৰ বিপৰীতে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২০হেজাৰ টকাকৈ দাবী কৰাৰ উপৰিও পঞ্চায়তখনৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ…
চাউলৰ পৰা বঞ্চিত ক্ষুব্ধ হিতাধিকাৰীৰ প্ৰতিবাদ বিহগুৰিত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৫জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰত আজি অঞ্চলটোৰ শতাধিক মহিলা আৰু পুৰুষে খাদ্য সুৰক্ষা আঁচনিৰ অধীনত তেওঁলোকৰ প্ৰাপ্য চাউল বিগত প্ৰায় সাতমাহে লাভ নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখযোগ্য যে,এইসকল লোকে জানুৱাৰীৰ পূৰ্বলৈকে লাভ কৰি থকা চাউল যোৱা সাত মাহে লাভ কৰা নাই৷ চৰকাৰে প্ৰৱৰ্তন কৰা নিত্য নতুন নিয়মৰ বাবে একোটা পৰিয়ালৰ এজন সদস্যৰ বাহিৰে বাকী সকলৰ নাম হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হোৱা নতুবা একোটা পৰিয়ালৰ সকলোৰেই নাম তালিকাৰ পৰা কৰ্তন হোৱাৰ…
তেজপুৰত কংগ্ৰেছৰ গোৰ্খা কোষৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ প্ৰদেশ কংগ্ৰেছৰ গোৰ্খা কোষৰ ৰাজ্যিক সমিতিৰ সভাপতি কৰ্ণ বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ৰাজীৱ ভৱনত গোৰ্খা কোষৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। গোৰ্খা কোষৰ সাধাৰণ সম্পাদক (প্ৰ) ইন্দ্ৰ লাল শৰ্মাই আঁত ধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদুল বৰকাকতিয়ে।আজিৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অলপতে প্ৰকাশ হোৱা খচৰা, অহা ৩০ জুলাইত বৰগাং ৰংগমঞ্চত অনুষ্ঠিত হবলগীয়া গোৰ্খা কোষৰ প্ৰথম সাধাৰণ সভা সফলতাৰে সম্পন্ন কৰা, অনাগত…
তিনিচুকীয়াত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাইছে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ জুলাই : ধাৰাবাহিক অভিযানৰ পাছতো আৰক্ষীয়ে ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা৷ আনহাতে বৰবিহ ড্ৰাগছৰ অবাধ প্ৰচলনৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা ৷ এই ভয়ংকৰ তথ্য সদৰি কৰিছে তিনিচুকীয়া জিলা এইডছ নিয়ন্ত্ৰক বিষয়া ডাঃ ৰাণী গগৈয়ে ৷ ড্ৰাগছ আসক্ত অধিকাংশ যুৱক-যুৱতীৰ শৰীৰত এইচ আই ভি পজিটিভ ধৰা পৰাৰ কথা তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে আৰক্ষীৰ অভিযানৰ পাছতো তিনিচুকীয়া জিলাক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ে বেয়াকৈ ছানি…
তেজপুৰত ‘টিপকাই’ৰ প্ৰশংসনীয় পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ জুলাই : তেজপুৰ চহৰৰ মাজ-মজিয়াত আজি অধিবক্তাৰ উপস্থিতিত শাহু-বোৱাৰীৰ কাজিয়া, হাতত বেলনা মাৰি লৈ শাহুৰ ৰণচণ্ডী ৰূপৰ দৃশ্যই চহৰৰ একাংশ প্ৰত্যক্ষদৰ্শী ৰাইজৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰে ৷ এজন তান্ত্ৰিকো উপস্থিত থকা এই কাজিয়াত সকলোৱে পাৰ্যমানে শাহুৱেকক বুজোৱাৰ অন্তত পিছলৈ এই উত্তেজনাময় পৰিস্থিতিৰ শাম কাটে ৷ দৰাচলতে,সমাজৰ অবহেলিত লোকৰ হকে কাম কৰি অহা গুৱাহাটীৰ স্বেচ্ছাসেৱী অনুষ্ঠান টিপকাই-এ আজি তেজপুৰৰ আদালত চৌহদৰ সমীপত ৰূপায়ন কৰিলে এখন বাটৰ নাট ৷ আসাম চাইন্স টেকন’লজি আৰু এনভাইৰনমেন্টেল কাউন্সিলৰ…
