Browsing Category

অসম

কাকৈ নদীত কেবা লাখ টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিত ব্যাপক অনিয়ম

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জলসম্পদ সংমণ্ডল বিভাগত এতিয়া বান খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত এতিয়া এনে অনিয়ম সংঘটিত হৈছে৷ চলিত বাৰিষাত বান পৰিত্ৰাণ তথা ফ্লাড ড্ৰীল আঁচনিৰ নামত একাধিক ঠিকাদাৰক বেহেৰাবস্তি সমীপৰ কাকৈ মথাউৰিৰ কাষত খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভাগীয় ঠিকাদাৰক কাম কৰাৰ নিৰ্দেশ দিয়ে৷ সেই মৰ্মে দুজন ঠিকাদাৰে বাঁহৰ গোজ পুতি তাত বস্তা স্থাপন কৰি বান খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে যদিও সংশ্লিষ্ট ঠিকাদাৰে…

ৰাজস্থানত মডেলিঙৰ খিতাপ অৰ্জন তেজপুৰৰ যুৱক মানসৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজস্থানত অনুষ্ঠিত হৈ যোৱা মিষ্টাৰ, মিছ, মাষ্টাৰ ছুপাৰ মডেল অৱ ৰাজস্থান খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ যুৱক মানস কেওঁটে৷ দেশৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিজয়ী হৈ যোৱা নিশা নিজা বাসগৃহলৈ উভটি অহা মানস অসম আৰক্ষীত কৰ্মৰত আৰু তেওঁ বৰ্তমান অসম আৰক্ষীৰ ২২নম্বৰ বেটেলিয়নত নিযুক্ত হৈ আছে৷ উল্লেখযোগ্য যে,সোন্টি কেওঁট আৰু মঞ্জু কেওঁটৰ পুত্ৰ মানসে ইতিমধ্যে মিষ্টাৰ নৰ্থইষ্ট চাইন এণ্ড তাজ ইণ্ডিয়াজ নেক্সট চুপাৰ মডেলত প্ৰথম ৰাণাৰ আপ ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে…

তেজপুৰৰ বিভিন্ন প্ৰান্তত নিশা চোৰৰ উপদ্ৰপে নিদ্ৰা হৰিছে ৰাইজৰ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ জুলাইঃ তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত নিশা আৰক্ষী প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি নিতৌ চুৰি কাণ্ডৰ লগতে অসামাজিক আৰু অনৈতিক কাৰ্য্যকলাপৰ পয়োভৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নিশা চোৰৰ উপৰ্যুপৰি চুৰি কাণ্ডৰ ঘটনাই শেহতীয়াকৈ বাম পৰ্বতীয়া ভূপেন ডেকা পথৰ ৰাইজৰ লগতে চিত্ৰলেখা নগৰৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে বাম পৰ্বতীয়া ভূপেন ডেকা পথত একে নিশা ২২ টাকৈ ঘৰত চোৰে চুৰি কাণ্ড সংঘটিত কৰাৰ লগতে চহৰখনৰ বৃহত্তৰ মাজগাঁও অঞ্চলতো সঘন চোৰৰ উপদ্ৰপে ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ পিছত এতিয়া ৰাইজে…

শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ জুলাইঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২০২৩ বৰ্ষৰ তৃতীয়খন কাৰ্যনিৰ্বাহক তথা সাংগঠনিক সভা ঠেলামৰাৰ বাপুজী ভৱনত আজি অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে জিলা সভাপতি কেশৰাম নাথে। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষ গীত ‘এইখন অসমীৰ চেনেহী কোলাত’ পৰিবেশনৰ পিছত সভাৰ উদেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক দেৱ দাসে। আদৰণী ভাষনত ঠেলামৰা শাখাৰ সভাপতি অনিমেষ দাসে ঠেলামৰাৰ ঐতিহ্য প্ৰকাশ কৰে।প্ৰতিকুল বতৰতো শোণিতপুৰ জিলাৰ ১৩ টা শাখাৰ ষাঠিউৰ্দ্ধৰ প্ৰায় চাৰি কুৰি সদস্যৰ উপস্থিত থকা সভাখনত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ…

লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত তেজপুৰত সাতদিনীয়া মহিলাৰ নাট কৰ্মশালাৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত আজিৰে পৰা ১০ জুলাই তাৰিখলৈ অনুষ্ঠিত হ'ব লগা সাতদিনীয়া মহিলাৰ নাট কৰ্মশালা আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তেজপুৰ শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই শুভাৰম্ভণি অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা কৰি কয় যে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মহিলাৰ বৌদ্ধিক উত্তৰণৰ সমান্তৰালভাৱে বিভিন্ন দিশত মহিলাৰ হকে কাম কৰি আহিছে। সেই উদ্দেশ্যেৰে অভিনয়ৰ প্ৰতি আগ্ৰহী মহিলা সকলৰ বাবে আজিৰ পৰা নাট…

একাধিক কুঁৱাত দুৰ্বৃত্তই মিহলালে বিষ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বাহঁবাৰীৰ মৌজাৰ বৰঘোপ ৰাইতলীত যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে পানীত বিষ ধলা কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,দুৰ্বৃত্তই একাধিক পৰিয়ালৰ চৌহদত বিষাক্ত দ্ৰব্য পেলোৱাৰ লগতে এটা পৰিয়ালৰ কুঁৱাত তথা অঞ্চলটোৰ এখন বিদ্যালয়ৰ কুঁৱাতো বিষ পেলোৱা ঘটনাই দুৰ্বৃত্তৰ জঘন্য মানসিকতাক উদঙাই দিছে৷ উল্লেখযোগ্য যে ভিতৰুৱা অঞ্চলটোৰ পদুমী তুলি, খুদি বসুমতাৰী, যমুনা যোগীৰ ঘৰৰ চৌহদত দুৰ্বৃত্তই নিশা বিহ পেলাই থৈ যোৱাৰ লগতে খুদিৰাম ভূমিজৰ…

লখিমপুৰত পঞ্চায়ত সচিব- সমন্বয়কক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ জুলাইঃ গ্ৰামোন্নয়নৰ বাবে আৱণ্টিত ধন আত্মসাৎ কৰি এইবাৰ লখিমপুৰৰ পাভত গ্ৰেপ্তাৰ হৈছে পঞ্চায়ত সচিব-সমন্বয়ক৷ ধৃত পঞ্চায়ত সচিব আৰু সমন্বয়কজন হৈছে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত তথা কৰুণাবাৰী উন্নয়নখণ্ডৰ পাভ গাঁও পঞ্চায়তৰ৷ আজি পাভ গাঁও পঞ্চায়তৰ সচিব চাইফুদ্দিন আহমেদ আৰু সমন্বয়ক আফতাব আহমেদক বিহপুৰীয়া আৰক্ষীয়ে পঞ্চায়ত তথা চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে একেটা উন্নয়নখণ্ডৰে অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তৰ সচিব, জি পি চি আৰু এজন ৱাৰ্ড সদস্যক…

“সপ্তাশ্ব” ৰ উদ্যোগত তেজপুৰত সাতদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ৩ জুলাই : তেজপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান "সপ্তাশ্ব"ৰ উদ্যোগত আজিৰে পৰা সাতদিনীয়াকৈ তেজপুৰৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত মাজুলীৰ বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পীৰ দ্বাৰা অনুষ্ঠিত হৈছে সত্ৰীয়া নৃত্যৰ এক বিশেষ কৰ্মশালা। সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী আৰু মাজুলীৰ মধ্য কমলাবাৰী সত্ৰৰ সত্ৰীয়া শিল্পী পাপুল শইকীয়া প্ৰশিক্ষক হিচাবে থাকিব লগা এই সাতদিনীয়া কৰ্মশালা আজি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, জ্যোতিকলা কেন্দ্ৰ সংগীত…

তেজপুৰত বনৰীয়া ম’হৰ আক্ৰমণত নিহত এজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩জুলাইঃ বাঢ়নি পানীৰ বাবেই নিৰাপদ স্হানৰ সন্ধানত বনাঞ্চলৰ পৰা ওখ ঠাই বিচাৰি ওলাই অহা বুলি ধাৰণা কৰা বনৰীয়া ম’হৰ আক্ৰমণত আজি পুৱা তেজপুৰৰ ভোজখোৱা চাপৰিত এজন লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছ। উল্লেখযোগ্য যে ভোজখোৱা চাপৰিৰ মমতাজ আলি (৬৫)নামৰ লোকজনে আজি পুৱা গৰু এৰাল দিবলৈ যোৱাৰ সময়তে উক্ত স্হানতে আশ্ৰয় লৈ থকা দুটা বনৰীয়া ম’হৰ ভিতৰত এটাই লোকজনক আক্ৰমণ কৰে৷ ম’হটোৰ তীব্ৰ আক্ৰমণত লোকজন ঘটনা স্হলীতে নিহত হয়৷ এই ঘটনাত অঞ্চলটোত আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয় আৰু ঘটনাস্থলীত উপস্থিত হোৱা…

তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, জুলাই : বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰী আগ্ৰহী কৰি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষাৰ অধীনত অসমৰ চাৰিটা স্হানৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়তো আজিৰ পৰা আঠ জুলাইলৈ প্ৰথম পৰ্য্যায়ত বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে আবাসিক প্ৰশিক্ষণ আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি প্ৰশিক্ষণৰ উদ্বোধন কৰে শিক্ষা মন্ত্ৰী ডাঃ…