Browsing Category
অসম
নৈসৰ্গিক আৱাসিক প্ৰকৃতি শিবিৰৰ প্ৰস্তুতি
প্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত অতিবাহিত কৰি, শৈক্ষিক জীৱনৰ অন্য এক অবিস্মৰণীয় অভিজ্ঞতাৰ মাজেৰে, প্ৰকৃতি, পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্যৰ পাৰদৰ্শিতাৰ হকে, নৱম শ্ৰেণীৰ উৰ্দ্ধৰ শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা হৈছে তিনিটা দিনৰ আৱাসিক প্ৰকৃতি শিবিৰ ।
তিনিচুকীয়াত নাইঃ আপোনাৰ সন্তানৰ বিদ্যালয়ত আছেনে
উপায়ুক্তলৈ পত্ৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুলাই : তিনিচুকীয়া জিলাৰ ব্যক্তিগত খণ্ডৰ একাধিক বিদ্যালয়ে চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই কণকণ ছাত্ৰছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলি থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে ৷ এই চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি লাভ কৰা উত্তৰত ৷ জানিব পৰা মতে কেন্দ্রীয় মাধ্যমিক শিক্ষা…
অৰুণাচলীয়ে গছকাটি তহিলং কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত বন বিভাগ- দল সংগঠনৰ বৃক্ষৰোপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ ৭৪ সংখ্যক বন মহোৎসৱ উপলক্ষে অৰুণাচলীয়ে গছ কাটি বিধ্বস্ত কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত গছ পুলি ৰোপণ কৰে বন বিভাগে৷ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তত লাগি থকা পাঁচখন বনাঞ্চলত দীৰ্ঘদিন ধৰি অৰুণাচলীয়ে গছ বন কাটি বিধ্বস্ত কৰাৰ লগতে আগ্রাসন কৰি আহিছে। শেহতীয়াকৈ যোৱা ১৬ মে'ত কাকৈ সংৰক্ষিত বনাঞ্চলৰ ল'ৱাৰ জুমিত অৰুণাচলীয়ে কেইবাশ মূল্যবান গছ কাটি পেলায়। জহিং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ল'ৱাৰ জুমিত অৰুণাচলীয়ে চলোৱা এই উপদ্ৰৱত বিনষ্ট হোৱা গছৰ জোৰা মাৰিবলৈ শনিবাৰে বন বিভাগে উক্ত এলেকাত কেইবাশ…
৬ জুলাইত শংকৰদেৱ কলাক্ষেত্ৰত ৫ বিদ্রোহী সংগঠনৰ ৮টা গোটৰ অস্ত্র সম্বৰণৰ প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বিৰচা কামাণ্ডো ফৰ্চৰ ওডালগুৰি জিলা সমিতিৰ উদ্যোগত মাজবাট আঞ্চলিকৰ সহযোগত মেৰাবিল ভিচিডিচিৰ ফুহুৰাবাৰী গ্রাম্য খেলপথাৰত আয়োজিত সংগঠনটোৰ আজি ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত পুৱা ১০ বজাত পতাকা উত্তোলন কৰি জিলা কামাণ্ডাৰ বিশ্বনাথ গোড়ে কয় যে ২০২২ চনৰ ১৫ ছেপ্তেম্বৰত স্বাক্ষৰিত ঐতিহাসিক আদিবাসী চুক্তিৰ আধাৰত ৬ জুলাইত গুৱাহাটী পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত পাঁচটা আদিবাসী বিদ্রোহী সংগঠনৰ আঠটা গোটৰ সদস্য সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী সকলৰ উপস্থিতিত গৃহ বিভাগৰ উদ্যোগত অস্ত্র সম্বৰণ কৰিব |…
তেজপুৰত হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন এটা পৰিয়ালৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩০ জুন: জয় জৰ্জ, অনামিকা জৰ্জ, কন্যা জৰ্জ আৰু ৰাতুল জৰ্জ এতিয়াৰে পৰিচিত হ'ব জয় কোঁচ, অনামিকা কোঁচ, কন্যা কোঁচ আৰু ৰাতুল কোঁচ হিচাপে ৷ তেজপুৰৰ নিকটৱৰ্তী মোৱামাৰী কলিতা চুবুৰীৰ এটা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী পৰিয়াল আজি হিন্দু ধৰ্মলৈ পুনৰ প্ৰত্যাৱৰ্তণ কৰিলে। বিশ্ব হিন্দু মহাসংঘ, অসম আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ যৌথ প্ৰচেষ্টাত তেজপুৰৰ মোৱামাৰী কলিতা চুবুৰী গাঁৱৰ নামঘৰত আয়োজন কৰা এক ধৰ্মীয় অনুষ্ঠানত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী চাৰিজনীয়া পৰিয়ালটোৱে হিন্দু ধৰ্মলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰে । কালি দিনত কলিতা…
তিনিচুকীয়াৰ বাবে আবণ্টিত চি আই ডি এফৰ ২০০ কোটি ব্য়ৱহাৰত বিসংগতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জুন : ৰাজ্যৰ ১৭ খন প্ৰধান চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি চিটি ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) অৰ্থাৎ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ নামত তিনিচুকীয়া চহৰৰ উন্নয়নৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত আবণ্টিত ২০০ কোটি টকা ব্যৱহাৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে ২০১৯ চনৰ শেষৰ ভাগৰ পৰা এই পুঁজি বিভিন্ন প্ৰকল্প অনুযায়ী পৰ্যায়ক্রমে মোকলাই দিবলৈ আৰম্ভ কৰা হয় ৷ কিন্তু শেহতীয়াকৈ তিনিচুকীয়াস্থ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু…
ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এইবাৰ গাঁৱে গাঁৱে সাংস্কৃতিক মহাৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০জুনঃ বিহুক বিশ্বজনীন কৰাৰ পৰিকল্পনা সাকাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন এক নতুন পৰিকল্পনাৰ বিষয়ে সদৰি কৰে তেজপুৰত৷ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত আন এক সংযোজন ঘটোৱা হ’ব আৰু ইয়াক নামকৰণ কৰা হ’ব সাংস্কৃতিক মহাৰণ হিচাপে৷ ৰাজ্যৰ ২৮ হেজাৰ গাঁৱত গীনিজ বুকত বিহুৰ অভিলেখ স্হাপন কৰা প্ৰমাণপত্ৰ লাভ কৰা বিহুৱা-বিহুৱতীৰ সহযোগত নৱেম্বৰত জ্যোতি-বিষ্ণু আৰু ভূপেন্দ্ৰ-ৰবীন্দ্ৰ গীতৰ কৰ্মশালা অনুষ্ঠিত হ'ব৷ জিলা প্ৰশাসনৰ প্ৰত্যক্ষ হস্তক্ষেপত অনুষ্ঠিত হ'ব লগীয়া এই কাৰ্যসূচী পঞ্চায়ত পৰ্যায়ত…
সোৱণশিৰি বান্ধৰ নিৰ্মাণ সম্পূৰ্ণঃ সামগ্ৰিক অগ্ৰগতি ৯০ শতাংশ
আগন্তুক মাৰ্চ মাহৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ হ’ব
বছৰি উৎপাদন হ’ব ৭৫০০ নিযুত একক বিদ্যুৎ শক্তি
২০০৪ চনত গেৰুকামুখত নিৰ্মাণ কাৰ্য আৰম্ভ
১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈ উঠিল বান্ধ
নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ প্ৰায় ১৯ হাজাৰ কোটি টকা ব্যয়শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩০ জুনঃ ৰাইজৰ ব্য়াপক প্ৰতিবাদৰ পিছতো চৰকাৰী কৌশলী ৰাজনীতিৰে অৱশেষত নামনি সোৱণশিৰি বান্ধৰ নিৰ্মাণৰ কাম শেষ হল বুলি ঘোষণা কৰিছে এন এইচ পি চিয়ে। ২০০৪ চনত গেৰুকামুখত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নামনি সোৱণশিৰি বান্ধৰ নিৰ্মাণৰ কাম অৱশেষত সম্পূৰ্ণ হ’ল বুলি এন…
বিটিআৰত বিজ্ঞান-গণিত শিক্ষাৰ প্ৰসাৰৰ গুৰুত্বপূৰ্ণ প্ৰয়াস বিটিচিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বড়োলেণ্ড ক্ষেত্ৰীয় এলেকা (বিটিআৰ)ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰসাৰৰ বাবে এক মহত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বায়ত্তশাসিত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)-এ। স্বায়ত্ত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বিশেষ উদ্যোগত বিটিচিৰ শিক্ষা বিভাগে পৰিষদীয় এলেকাৰ শিক্ষানুষ্ঠানসমূহত কাৰ্য ৰূপায়ণৰ ব্যৱস্থা কৰা 'বড়োলেণ্ড বিজ্ঞান শিক্ষা কাৰ্যসূচী' শীৰ্ষক এই বিশেষ শৈক্ষিক কাৰ্যসূচী আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু…
লখিমপুৰ-ধেমাজিৰ ৰেলপথ তিনিচুকীয়াৰ অধীনলৈ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ জুন : সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি অভিযোগ, প্ৰতিঅভিযোগৰ ধাৰা অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰাইজৰ অলক্ষিতে নতুনকৈ সীমা নিৰ্ধাৰণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিটা গুৰুত্বপূৰ্ণ সংমণ্ডলৰ ৷ পুনৰ সীমা নিৰ্ধাৰণ কৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উক্ত সংমণ্ডল তিনিটা হৈছে ক্ৰমে তিনিচুকীয়া, ৰঙিয়া আৰু আলিপুৰ দুৱাৰ ৷ ৰেল মন্ত্ৰালয় আৰু ৰে’লৱে বৰ্ডে শেহতীয়াকৈ জাৰী কৰা অধিসূচনা অনুসৰি পূৰ্বে ৰঙিয়া সংমণ্ডলৰ অধীনৰ চিলনীবাৰী ষ্টেচনৰ পৰা জোনাইৰ মুৰ্কংচেলেকলৈকে মুঠ ১৬৩ কিলোমিটাৰ ৰে’লপথ…
