Browsing Category
অসম
“তেজপুৰ সাহিত্য চ’ৰা” ৰ ৫৪০ সংখ্যক বৈঠক সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : তেজপুৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান "তেজপুৰ সাহিত্য চ'ৰা" ৰ ৫৪০ সংখ্যক বৈঠকখনি আজি চ'ৰাৰ নৱনিৰ্বাচিত সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাৰ চ'ৰা ঘৰত অনুষ্ঠিত হয়। সভাপতি ড° সুৰেশ কুমাৰ আৰ্যৰ অনুপস্হিতিত আজিৰ বৈঠকত সভাপতিত্ব কৰে উপ-সভাপতি অক্ষয় কুমাৰ মিশ্ৰই। জুৰি বৰাৰ স্বৰচিত আদৰণীসূচক কবিতা আবৃত্তিৰ জৰিয়তে প্ৰাৰম্ভ ঘটা এই চ'ৰাত পোনপ্ৰথমে সদ্যপ্ৰয়াত লোকসংস্কৃতিৰ সাধক ড° গণেশ পেগু, তেজপুৰৰ সমাজকৰ্মী পুতুল ৰাভা, তেজপুৰৰ সাংস্কৃতিক সংগঠক অমল সেনগুপ্তৰ লগতে বানপানী আৰু পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা…
তেজপুৰত “যাত্ৰা – ৫” শীৰ্ষক পাঁচদিনীয়া চিত্ৰকলা প্ৰদৰ্শনীৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুলাই : ৰাষ্ট্ৰপতিৰ বিশেষ পুৰস্কাৰৰ লগতে ৰাষ্ট্ৰীয় ফেলশ্বিপ লাভ কৰা তেজপুৰৰ জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাস আৰু আন এগৰাকী তেজপুৰৰ দক্ষ চিত্ৰশিল্পী নৱনিতা শৰ্মাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো আজিৰে পৰা ৬ জুলাই তাৰিখলৈ তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভা কক্ষৰ আৰ্ট গেলেৰীত "যাত্ৰা - ৫" শীৰ্ষক এখন পাঁচদিনীয়া আকৰ্ষণীয় চিত্ৰকলা প্ৰদৰ্শনী আৰম্ভ হৈছে। এই বিশেষ চিত্ৰকলা প্ৰদৰ্শনীৰ আজি পুৱা আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্ঘাটন কৰে ৰাজ্যখনৰ জনপ্ৰিয় প্ৰগতিশীল কবি প্ৰণৱ কুমাৰ বৰ্মনে। উল্লেখ্য যে,…
গোগামুখ মিলনপুৰ নিবাসী বিপিন চন্দ্ৰ হাজৰিকাৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : লখিমপুৰ জিলাৰ গোগামুখ মিলনপুৰ নিবাসী তথা লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-বিভাগীয় অভিযন্তা বিপিন চন্দ্ৰ হাজৰিকাৰ যোৱা শুকুৰবাৰে নিশা প্ৰায় ২.৩০ বজাত দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৩ বছৰ । প্ৰয়াত হাজৰিকাই ২০০০ চনৰ ৩১ ডিচেম্বৰত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰিয় হোৱাৰ উপৰি অতি অমায়িক তথা অল্পভাষী হাজৰিকাই তেজপুৰত সৰু পুত্ৰৰ বাসগৃহতে শেষ নিঃশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত পত্নী, চাৰিগৰাকী পুত্র-বোৱাৰী, এগৰাকী…
বিজেপি বিৰোধী জোঁটবন্ধনত নাথাকে আপ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২জুলাইঃ দেশ তথা ৰাজ্যত আগন্তুক নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ বিজেপি বিৰোধী ৰাজনৈতিক দল সমূহে যি জোঁটবন্ধন কৰিছে,এই বিৰোধী গোটত আপ নথকাৰ উপৰি ৰাজ্যৰ বিৰোধী জোঁটৰ তিনি গগৈ সন্দৰ্ভতো বিষোদ্গাৰ প্ৰকাশ কৰিছে আপে৷ উল্লেখযোগ্য যে,আজি তেজপুৰত অনুষ্ঠিত হয় আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নেতৃত্বাধীন ৰাজ্যৰ ১১টা বিৰোধী ৰাজনৈতিক জোটত আপ নাথাকে বুলি স্পষ্ট কৰা আপ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনলৈ সাজু হোৱা বুলিও কোৱা হয়৷ ইপিনে,ব্যক্তিগত প্ৰতিষ্ঠানক দীঘলী পুখুৰীক…
শিক্ষামন্ত্রীলৈ মুকলি চিঠি
মাননীয় সম্পাদক মহোদয়,
বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে সময়ে অংশগ্রহণ (অফলাইন/অনলাইন) কৰি আৰু প্ৰত্যেক শনিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (০৯৪৩৫১-৮৮৬৩০) যোগেদি বিনামূলীয়াকৈ কেৰিয়াৰ বিভিন্ন বিষয়ৰ প্ৰশ্নবোৰ উত্তৰ দি এটা কথা জানিব পাৰিছো যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনটো শাখাত কি কি বিষয় অন্তৰ্ভুক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰি সেই বিষয়ে প্রায়বোৰ…
নৈসৰ্গিক আৱাসিক প্ৰকৃতি শিবিৰৰ প্ৰস্তুতি
প্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত অতিবাহিত কৰি, শৈক্ষিক জীৱনৰ অন্য এক অবিস্মৰণীয় অভিজ্ঞতাৰ মাজেৰে, প্ৰকৃতি, পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্যৰ পাৰদৰ্শিতাৰ হকে, নৱম শ্ৰেণীৰ উৰ্দ্ধৰ শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা হৈছে তিনিটা দিনৰ আৱাসিক প্ৰকৃতি শিবিৰ ।
তিনিচুকীয়াত নাইঃ আপোনাৰ সন্তানৰ বিদ্যালয়ত আছেনে
উপায়ুক্তলৈ পত্ৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুলাই : তিনিচুকীয়া জিলাৰ ব্যক্তিগত খণ্ডৰ একাধিক বিদ্যালয়ে চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই কণকণ ছাত্ৰছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলি থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে ৷ এই চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি লাভ কৰা উত্তৰত ৷ জানিব পৰা মতে কেন্দ্রীয় মাধ্যমিক শিক্ষা…
অৰুণাচলীয়ে গছকাটি তহিলং কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত বন বিভাগ- দল সংগঠনৰ বৃক্ষৰোপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ ৭৪ সংখ্যক বন মহোৎসৱ উপলক্ষে অৰুণাচলীয়ে গছ কাটি বিধ্বস্ত কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত গছ পুলি ৰোপণ কৰে বন বিভাগে৷ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তত লাগি থকা পাঁচখন বনাঞ্চলত দীৰ্ঘদিন ধৰি অৰুণাচলীয়ে গছ বন কাটি বিধ্বস্ত কৰাৰ লগতে আগ্রাসন কৰি আহিছে। শেহতীয়াকৈ যোৱা ১৬ মে'ত কাকৈ সংৰক্ষিত বনাঞ্চলৰ ল'ৱাৰ জুমিত অৰুণাচলীয়ে কেইবাশ মূল্যবান গছ কাটি পেলায়। জহিং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ল'ৱাৰ জুমিত অৰুণাচলীয়ে চলোৱা এই উপদ্ৰৱত বিনষ্ট হোৱা গছৰ জোৰা মাৰিবলৈ শনিবাৰে বন বিভাগে উক্ত এলেকাত কেইবাশ…
৬ জুলাইত শংকৰদেৱ কলাক্ষেত্ৰত ৫ বিদ্রোহী সংগঠনৰ ৮টা গোটৰ অস্ত্র সম্বৰণৰ প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বিৰচা কামাণ্ডো ফৰ্চৰ ওডালগুৰি জিলা সমিতিৰ উদ্যোগত মাজবাট আঞ্চলিকৰ সহযোগত মেৰাবিল ভিচিডিচিৰ ফুহুৰাবাৰী গ্রাম্য খেলপথাৰত আয়োজিত সংগঠনটোৰ আজি ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত পুৱা ১০ বজাত পতাকা উত্তোলন কৰি জিলা কামাণ্ডাৰ বিশ্বনাথ গোড়ে কয় যে ২০২২ চনৰ ১৫ ছেপ্তেম্বৰত স্বাক্ষৰিত ঐতিহাসিক আদিবাসী চুক্তিৰ আধাৰত ৬ জুলাইত গুৱাহাটী পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত পাঁচটা আদিবাসী বিদ্রোহী সংগঠনৰ আঠটা গোটৰ সদস্য সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী সকলৰ উপস্থিতিত গৃহ বিভাগৰ উদ্যোগত অস্ত্র সম্বৰণ কৰিব |…
তেজপুৰত হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন এটা পৰিয়ালৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩০ জুন: জয় জৰ্জ, অনামিকা জৰ্জ, কন্যা জৰ্জ আৰু ৰাতুল জৰ্জ এতিয়াৰে পৰিচিত হ'ব জয় কোঁচ, অনামিকা কোঁচ, কন্যা কোঁচ আৰু ৰাতুল কোঁচ হিচাপে ৷ তেজপুৰৰ নিকটৱৰ্তী মোৱামাৰী কলিতা চুবুৰীৰ এটা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী পৰিয়াল আজি হিন্দু ধৰ্মলৈ পুনৰ প্ৰত্যাৱৰ্তণ কৰিলে। বিশ্ব হিন্দু মহাসংঘ, অসম আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ যৌথ প্ৰচেষ্টাত তেজপুৰৰ মোৱামাৰী কলিতা চুবুৰী গাঁৱৰ নামঘৰত আয়োজন কৰা এক ধৰ্মীয় অনুষ্ঠানত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী চাৰিজনীয়া পৰিয়ালটোৱে হিন্দু ধৰ্মলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰে । কালি দিনত কলিতা…
