Browsing Category
অসম
তিনিচুকীয়াৰ বাবে আবণ্টিত চি আই ডি এফৰ ২০০ কোটি ব্য়ৱহাৰত বিসংগতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জুন : ৰাজ্যৰ ১৭ খন প্ৰধান চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি চিটি ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) অৰ্থাৎ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ নামত তিনিচুকীয়া চহৰৰ উন্নয়নৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত আবণ্টিত ২০০ কোটি টকা ব্যৱহাৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে ২০১৯ চনৰ শেষৰ ভাগৰ পৰা এই পুঁজি বিভিন্ন প্ৰকল্প অনুযায়ী পৰ্যায়ক্রমে মোকলাই দিবলৈ আৰম্ভ কৰা হয় ৷ কিন্তু শেহতীয়াকৈ তিনিচুকীয়াস্থ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু…
ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এইবাৰ গাঁৱে গাঁৱে সাংস্কৃতিক মহাৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০জুনঃ বিহুক বিশ্বজনীন কৰাৰ পৰিকল্পনা সাকাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন এক নতুন পৰিকল্পনাৰ বিষয়ে সদৰি কৰে তেজপুৰত৷ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত আন এক সংযোজন ঘটোৱা হ’ব আৰু ইয়াক নামকৰণ কৰা হ’ব সাংস্কৃতিক মহাৰণ হিচাপে৷ ৰাজ্যৰ ২৮ হেজাৰ গাঁৱত গীনিজ বুকত বিহুৰ অভিলেখ স্হাপন কৰা প্ৰমাণপত্ৰ লাভ কৰা বিহুৱা-বিহুৱতীৰ সহযোগত নৱেম্বৰত জ্যোতি-বিষ্ণু আৰু ভূপেন্দ্ৰ-ৰবীন্দ্ৰ গীতৰ কৰ্মশালা অনুষ্ঠিত হ'ব৷ জিলা প্ৰশাসনৰ প্ৰত্যক্ষ হস্তক্ষেপত অনুষ্ঠিত হ'ব লগীয়া এই কাৰ্যসূচী পঞ্চায়ত পৰ্যায়ত…
সোৱণশিৰি বান্ধৰ নিৰ্মাণ সম্পূৰ্ণঃ সামগ্ৰিক অগ্ৰগতি ৯০ শতাংশ
আগন্তুক মাৰ্চ মাহৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ হ’ব
বছৰি উৎপাদন হ’ব ৭৫০০ নিযুত একক বিদ্যুৎ শক্তি
২০০৪ চনত গেৰুকামুখত নিৰ্মাণ কাৰ্য আৰম্ভ
১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈ উঠিল বান্ধ
নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ প্ৰায় ১৯ হাজাৰ কোটি টকা ব্যয়শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩০ জুনঃ ৰাইজৰ ব্য়াপক প্ৰতিবাদৰ পিছতো চৰকাৰী কৌশলী ৰাজনীতিৰে অৱশেষত নামনি সোৱণশিৰি বান্ধৰ নিৰ্মাণৰ কাম শেষ হল বুলি ঘোষণা কৰিছে এন এইচ পি চিয়ে। ২০০৪ চনত গেৰুকামুখত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নামনি সোৱণশিৰি বান্ধৰ নিৰ্মাণৰ কাম অৱশেষত সম্পূৰ্ণ হ’ল বুলি এন…
বিটিআৰত বিজ্ঞান-গণিত শিক্ষাৰ প্ৰসাৰৰ গুৰুত্বপূৰ্ণ প্ৰয়াস বিটিচিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বড়োলেণ্ড ক্ষেত্ৰীয় এলেকা (বিটিআৰ)ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰসাৰৰ বাবে এক মহত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বায়ত্তশাসিত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)-এ। স্বায়ত্ত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বিশেষ উদ্যোগত বিটিচিৰ শিক্ষা বিভাগে পৰিষদীয় এলেকাৰ শিক্ষানুষ্ঠানসমূহত কাৰ্য ৰূপায়ণৰ ব্যৱস্থা কৰা 'বড়োলেণ্ড বিজ্ঞান শিক্ষা কাৰ্যসূচী' শীৰ্ষক এই বিশেষ শৈক্ষিক কাৰ্যসূচী আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু…
লখিমপুৰ-ধেমাজিৰ ৰেলপথ তিনিচুকীয়াৰ অধীনলৈ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ জুন : সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি অভিযোগ, প্ৰতিঅভিযোগৰ ধাৰা অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰাইজৰ অলক্ষিতে নতুনকৈ সীমা নিৰ্ধাৰণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিটা গুৰুত্বপূৰ্ণ সংমণ্ডলৰ ৷ পুনৰ সীমা নিৰ্ধাৰণ কৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উক্ত সংমণ্ডল তিনিটা হৈছে ক্ৰমে তিনিচুকীয়া, ৰঙিয়া আৰু আলিপুৰ দুৱাৰ ৷ ৰেল মন্ত্ৰালয় আৰু ৰে’লৱে বৰ্ডে শেহতীয়াকৈ জাৰী কৰা অধিসূচনা অনুসৰি পূৰ্বে ৰঙিয়া সংমণ্ডলৰ অধীনৰ চিলনীবাৰী ষ্টেচনৰ পৰা জোনাইৰ মুৰ্কংচেলেকলৈকে মুঠ ১৬৩ কিলোমিটাৰ ৰে’লপথ…
দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত ১০ হাজাৰ অখ্যাত – প্ৰচাৰ বিমুখ স্বাধীনতা সংগ্ৰামীৰ জীৱন গাঁথা ডিজিটেলাইজ পদ্ধতিৰে হ’ব সংৰক্ষণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ জুন: দেশৰ স্বাধীনতা আন্দোলনত বিশেষ অৱদান আগবঢ়োৱাৰ পিছতো জনসাধাৰণৰ মাজত অখ্যাত হৈ ৰোৱা বা কোনো ধৰণৰ প্ৰচাৰ লাভ নকৰা দেশৰ প্ৰায় দহ হাজাৰ স্বাধীনতা ৰণৰ অখ্যাত বীৰৰ জীৱন - কৃতী ডিজিটেলাইজ মাধ্যমৰে সংৰক্ষণ কৰি সেই সকল বীৰ পুৰুষৰ জীৱন - দৰ্শন উঠি অহা প্ৰজন্মৰ পাথেয় কৰি তুলিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে৷ উল্লেখ্য যে দেশৰ এই অখ্যাত স্বাধীনতা সংগ্ৰামী সকলৰ জীৱন গাথাঁ প্ৰণালীৱদ্ধ ভাৱে সংৰক্ষণ কৰিবলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ “সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ…
সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ নৱনিৰ্মিত তিনিমহীয়া গৃহৰ আধাৰশিলা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ জুন: সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে তেজপুৰৰ কেবাগৰাকীও সমাজ হিতৈষী লোকৰ তৎপৰতাত গঢ় লোৱা শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ তিনি মহলীয়া ব্যৱসায়িক গৃহৰ আজি আনুষ্ঠানিক ভাৱে শিলান্যাস সম্পন্ন হয়৷ পুৰোহিতৰ দ্বাৰা শিলান্যাসৰ মাঙ্গলীক বিধিগত কৰ্মৰ অন্তত তেজপুৰ সংসদীয় সমষ্টিৰ সংসদ পল্লব লোচন দাসে শিলান্যাসৰ শুভ আৰম্ভণি কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা৷ উল্লেখ্য যে তেজপুৰৰ এই অন্যতম সামাজিক অনুষ্ঠানটিৰ প্ৰস্তাৱিত…
ৰাজ্যপাল কাটাৰিয়া, বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয় আৰু বিটিচি প্ৰশাসনৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮জুনঃ “বড়োলেণ্ড স্থাপনৰ বাবে যিজন ব্যক্তিৰ বৃহৎ অৱদান আছিল তেওঁৰ অনুভূতি শিক্ষাৰে যোগ কৰি এই প্ৰয়াস কৰা হ’ব৷ ইয়াৰ বাবে বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়ো আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধন্যবাদৰ পাত্ৰ৷” অসম চুক্তিৰ আধাৰত তেজপুৰত প্ৰতিষ্ঠা হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ৰ নামত আশন প্ৰতিষ্ঠাৰ বুজাবুজি চুক্তিৰ স্বাক্ষৰ অনুষ্ঠানত অংশলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গোলাপ চান্দ কাটাৰীয়াই এইদৰে কয়৷ তেওঁ এই প্ৰসংগত আৰু কয় যে, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে নতুন নতুন গৱেষণা পত্ৰ…
বানত বিপৰ্যয় বাঁহবাৰী মৌজাত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮জুনঃ জৰাসৰৰ বানে তেজপুৰৰ নিকটৱৰ্তী বালিপৰাত বিধ্বংসীৰূপ ধাৰণ কৰাৰ সমান্তৰাল ভাবে তেজপুৰৰ তথা চাৰিদুৱাৰ ৰাজহচক্ৰৰ হাটখোলা বাঁহবাৰী, বিন্দুকুৰি, ঘগৰা, ডেকাচুবুৰী, মোৱামাৰী আদিত ব্যাপক ক্ষতি কৰিছে৷ জৰাসৰ আৰু ডিপোতা নৈৰ বাঢ়নি পানীয়ে আজি ঘগৰা বিন্দুকুৰী পথৰ এটা কালভাৰ্ট ছিঙি নিয়াৰ লগতে একেটা পথৰে আন এচোৱা ছিঙি নিয়ে৷ ইতিমধ্যে গাঁও সমূহত পানীয়ে সকলো খেতি পথাৰ বুৰাই পেলোৱাৰ উপৰি বৰ্তমান এই গাঁও সমূহৰ প্ৰতিটো পৰিয়ালৰ বাসগৃহ একঁকাল পানীত বুৰ গৈছে৷ সম্প্ৰতি ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে…
কাৰো ওচৰত সেও নেমানি বেদখল, অবৈধ নিৰ্মাণৰ বিৰুদ্ধে অব্যাহত ৰাখক অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুন: ভুক্তভোগী সাধাৰণ জনতাৰ প্ৰবল দাবীত তিনিচুকীয়া পৌৰসভাই চহৰখনৰ যানজঁট নিয়ন্ত্ৰণৰ বাবে অতি সম্প্ৰতি পদপথ আৰু ঘাইপথৰ এছোৱা বেদখল কৰি বহি থকা ফাষ্টফুডৰ দোকানসমূহ উচ্ছেদ কৰাৰ পৰৱৰ্তী পৰ্যায়ত এচাম লোক আৰু পাবত গজা দল, সংগঠনে উক্ত দোকানসমূহ পুনৰ বহুৱাৰ বাবে বিভিন্ন কৌশল ৰচনা কৰাৰ লগতে ওপৰ মহলৰ পৰা হেঁচা প্ৰয়োগৰ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিত এই স্বাৰ্থন্বেষী চক্ৰটোৰ বিৰুদ্ধে গৰজি উঠিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা৷ আজি তিনিচুকীয়াৰ উপায়ুক্ত আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াক পৃথকে…
