Browsing Category
অসম
ধেমাজি বাণিজ্য মহাবিদ্যালয়ত হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৮ জুন: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আজি হস্ততাঁত-বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ-পাঠ্যক্ৰম আৰু উৎপাদন কেন্দ্ৰ উদ্বোধন কৰা হয়৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° দুদুমণি ভূঞাই আনুষ্ঠানিকভাৱে ফিতা কাটি কেন্দ্ৰটো উদ্বোধন কৰাৰ পাছতে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়৷ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দুদুমণি ভূঞাই সঞ্চালনা কৰা সভাখনত মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে এটি সমবেত সংগীতৰে…
ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত” টিম হিউমিনীতিৰ” দেশজুৰি আৰম্ভ সজাগতা অভিযান
শতাব্দ, লখিমপুৰ ২৮ জুনঃ বেচৰকাৰী ৰক্তদাতা সন্থা “ টিম হিউমিনীতিয়ে“ সমগ্ৰ অসমত দীৰ্ঘদিন ধৰি ৰক্ত দানেৰে জীৱন দি আহিছে বিভিন্নজন লোকক৷ ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত আগবঢ়াই প্ৰতিস্থিত হোৱা “টিম হিউমিনীতিৰ “চাৰিজন সদস্যই আজি লখিমপুৰৰ পৰা আৰম্ভ কৰিছে এক সজাগতামোলক যাত্ৰা৷ ঋতুৰাজ কাশ্যপ বৰা, ভবেন সজাতি, পৰমানন্দ বৰা আৰু নিৰঞ্জন ৰয় নামৰ চাৰি সদস্যই দেশ খনৰ মুঠ ১২খন ৰাজ্য পৰিভ্ৰমণ কৰি এই সজাগতামূলক অভিযান চলাব৷ আজি লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এই সজাগতামূলক যাত্ৰাৰ ফ্লেগ অফ কৰে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই৷…
লখিমপুৰত গৰুৰ বজাৰত উত্তপ্ত পৰিস্থিতি
শতাব্দ, লখিমপুৰ ২৮ জুনঃ লখিমপুৰৰ বঙালমৰাত অবৈধ ভাৱে গৰুৰ বজাৰ আয়োজন কৰাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে বঙালমৰা সাপ্তাহিক বজাৰত আজি ঈদৰ উপলক্ষে পাতিছিল এই গৰুৰ বিশেষ বজাৰখন৷ প্ৰশাসনে উক্ত গৰুৰ বজাৰখন বন্ধ কৰাৰ পাছতে বজাৰখনত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰশাসনে বজাৰখন বন্ধ কৰাৰ পাছতে একাংশ লোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ উল আজহা৷ উক্ত ঈদৰ বাবেই বৃহস্পতিবাৰৰ পৰিৱৰ্তে আজি বুধবাৰে এই বিশেষ বজাৰখনৰ…
ব্ৰহ্মপুত্ৰৰে নিশা গৰুৰ অবৈধ সৰবৰাহঃ মেছিন নাওঁ সহ গৰু জব্দ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৭জুনঃ তেজপুৰৰ পৰা নিশা ব্ৰহ্মপুত্ৰৰে নাৱত গৰুৰ অবৈধ সৰবৰাহ আৰম্ভ কৰিছে চোৰাং ব্যৱসায়ীয়ে।ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে তথা নিষেধাজ্ঞাৰ বিপৰীতে শোণিতপুৰৰ লজতে তেজপুৰৰ বিভিন্ন ঘাটৰ পৰা নিশা নাৱত নগাঁও জিলালৈ গৰুৰ সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ব্ৰহ্মপুত্ৰৰ জলপথৰে যোৱা নিশা দুখন যন্ত্ৰচালিত দুখন নাৱত নগাঁৱলৈ অবৈধভাৱে গৰু সৰবৰাহৰ চেষ্টা চলোৱা সময়তে নদী আৰক্ষীৰ তহলদাৰী দলে প্ৰত্যক্ষ কৰে৷তেজপুৰৰ নদী আৰক্ষীৰ অভিযানকাৰী দলে লগে লগে দুইখন নাওঁ অনুসৰণ কৰাত হাতভঙা চৰৰ সমীপত এখন নাও এৰি সৰবৰাহকাৰীয়ে…
প্ৰলোভনৰ জাল পেলাই লাখ লাখ টকা আত্মসাত অংকুৰ-বিশাল প্ৰৱঞ্চক বাহিনীৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭জুনঃ বিভিন্ন জনক চাকৰি নতুবা বদলিৰ প্ৰলোভনৰে লাখ লাখ টকা সৰকাইছিল তেজপুৰ আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা ভুৱা উপায়ুক্ত অংকুৰ শইকীয়া আৰু তেওঁৰ ১০জনীয়া দলটোৱে৷ এইক্ষেত্ৰত অংকুৰৰ প্ৰধান সহযোগী আছিল জামুগুৰিহাটৰ বিশাল হাজৰিকা নামৰ যুৱকজন।গোলাঘাট পাঁচআলিৰ অংকুৰ শইকীয়া আৰু বিশাল হাজৰিকা হ'ল প্ৰকৃততেই প্ৰবঞ্চক৷সম্প্ৰতি এই দুই ভূৱা উপায়ুক্ত আৰু সহকাৰী বিষয়াৰ বিভিন্ন দুস্কাৰ্যৰ বিষয়ে প্ৰকাশ পাইছে৷আনকি ভূৱা উপায়ুক্তকলৈ বিশালে নিজা সম্পৰ্কীয় লোককো প্ৰৱঞ্চনা কৰিবলৈ এৰা নাছিল৷আনহাতে তেজপুৰত কেবল তিনিদিনেই…
তেজপুৰত চাঞ্চল্যকৰ ঘটনাঃ ঘৰৰ চৌহদত গাতখান্দি পুতিলে মহিলাৰ মৃতদেহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭জুনঃ তেজপুৰ চহৰৰ চানমাৰী ৰেলগেটৰ এজন লোকৰ ঘৰৰ চৌহদত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰহ তেজপুৰ চহৰ খনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে পেছাত ইৰিক্সা চালক ৰাজু আইচ নামৰ লোকজনৰ বাসগৃহলৈ প্ৰায়েই অহা ৰূপজ্যোতি বৰা(টুটি)নামৰ
মহিলাগৰাকীক হত্যাকৰি চোতালত পুতি থোৱা বুলি অভিযোগ উঠিছে৷উল্লেখযোগ্য যে দ পৰ্বতীয়াৰ পোতাপুখুৰী অঞ্চলৰ অকলশৰীয়া বিবাহিতা মহিলাগৰাকী প্ৰায়েই ৰাজুৰ ইৰিক্সাত ঘূৰি ফুৰাৰ লগতে প্ৰায়েই ৰাজুৰ ঘৰলৈ অহাযোৱা কৰিছিল৷ ৰাজুৰ ঘৰলৈ দিনে নিশাই সঘনাই অহা…
লখিমপুৰত পুনৰ ছিগিল মথাউৰি
শতাব্দ লখিমপুৰ, ২৭ জুনঃ লখিমপুৰত বান কমিছে যদিও কমানাই বান বিধ্বস্ত ৰাইজৰ দুৰ্যোগ।বানে ধোৱা নাওবৈছাত বানত ক্ষতিগ্ৰস্ত লোকৰ এতিয়া বিননি। এতিয়াও আশ্ৰয় শিবিৰত আাছে বহু লোক ।বানৰ পৰা পৰিত্ৰান পাৱলৈ সেয়ে বান বিধ্বস্ত ৰাইজে বাধ্য হৈ নাওবৈছাত কৰিছে শিঙৰা নদীক পূজা ।নাম প্ৰসঙ্গ কৰি ভগৱানক তুষ্ট কৰাৰ প্ৰচেষ্টা বানাক্ৰান্তৰ ।উল্লেখ যে লখিমপুৰ জিলাৰ নাওবৈছাত কেইদিনমানৰ পূৰ্বে শিঙৰা নদীয়ে মাথাউৰি চিঙাৰ ফলত জলমগ্ন হৈছিল প্ৰায় ১৬ খনৰো অধিক গাঁও। চকুৰ আগতেই নদীৰ বুকুত জাহ গৈছিল সপোনৰ ঘৰখন।
আজি বানাক্ৰান্ত লোক সকলে বানপানীৰ পৰা…
লখিমপুৰত শতাধিক কৃতীমানক কোঁছ ৰাজবংশী সংগ্ৰাম সমিতিৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ জুনঃ সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃৰ্তীমান সকলক ‘বিশেষ অভিনন্দন অনুষ্ঠানেৰে সম্বৰ্ধনা জনায়৷ ২৫ জুনত এঙাৰখোৱাৰ গ্ল’বেল পাব্লিক স্কুল প্ৰাংগণত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পুৱা ১০.৪০ বজাত গছপুলি ৰোপনেৰে আৰম্ভ হোৱা সভাখনত ভালেকেইগৰাকী শিক্ষাবিদ, কবি, সাহিত্যিক, গণ্য মান্য লোকে অংশগ্ৰহণ কৰে৷ শিক্ষাবিদ দণ্ডী তামুলী ফুকনৰ সঞ্চালনাত অনুষ্ঠিত ‘বিশেষ অভিনন্দন অনুষ্ঠানটি’ উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক উদয়…
লখিমপুৰত উপস্থিত গুৱাহাটীৰ চাইক্লিষ্ট
লখিমপুৰ, ২৭ জুন: ইতিবাচক বাৰ্তা আৰু জনসাধাৰণক সজাগ কৰাৰ মানসেৰে সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ লখিমপুৰত কালি ২৬ জুনত আহি উপস্হিত হয় গুৱাহাটীৰ এগৰাকী বিশিষ্ট চাইক্লিষ্ট। গুৱাহাটীৰ বাইচাইকেল মেয়ৰ তথা পেডেল ফৰ এ চেঞ্জ তথা গ্ৰীণ এণ্ড এক্টিভ ম’বিলিটি ফ’ৰামৰ সহঃপ্ৰতিষ্ঠাপক আৰ্ছেল আখতাৰে ১৩ জুনত গুৱাহাটীৰ পৰা অকলে চাইকেলেৰে অসম ভ্ৰমণ আৰম্ভ কৰে৷ পথ সুৰক্ষা, যান বাহন আইন, বহনক্ষম যাতায়ত ব্যৱস্থা,(Sustainable Transportation), জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰশমন আদি বিভিন্ন ইতিবাচক বাৰ্তা কঢ়িয়াই এই যাত্ৰা কৰি আছে চাইক্লিষ্ট গৰাকীয়ে ৷ গুৱাহাটীৰ পৰা…
বন্য়হস্তী পোৱালীৰ অথন্তৰ ( ফটো সংবাদ)
যোৰহাটৰ মৰিয়নিৰ এটা পানীৰ ডাঙৰ চৌবাচ্চাত আজি অকস্মাতে এটি বন্যহস্তীৰ পোৱালী পৰি যায়।
