Browsing Category
অসম
ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফুলবাৰী অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হঠাৎ উপস্থিত হয় লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন৷ উপায়ুক্তৰ ছাডেন ভিজিটত বিদ্যালয়খনত একপ্ৰকাৰে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে হৈ যোৱা গুণোৎসৱৰ ফলাফলত চি গ্ৰেড লাভ কৰা বিদ্যালয়সমূহত পুৱা ৯ বজাত উপস্থিত হৈ তেঁও বিদ্যালয়খনৰ সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে৷ ছাত্ৰ ছাত্ৰীৰ লগত অন্তৰংগ ভাৱে মত বিনিময়ো কৰে উপায়ুক্তই৷ বিদ্যালয়ত কেনেদৰে পাঠ…
মৰ্মন্তুদ! নাওবৈচাত দুই দেৱ শিশুক হত্যা কৰি মাতৃৰ আত্মহনন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম অঞ্চল নাওবৈচাৰ শালমৰাত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নাওবৈচাৰ শালমৰা গাঁৱত অক্ষয় পায়েঙৰ পত্নী সৰুমাই পায়েঙে আজি দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগতে তেওঁৰে দুই পুত্ৰ-কন্যাক ডিঙি চেপি হত্যা কৰি নিজেও আত্মহত্যা কৰে৷ পাৰিবাৰিক অশান্তি আৰু চৰম দাৰিদ্ৰতাৰ বাবেই আজি মহিলাগৰাকীয়ে এনেদৰে দুই দেৱ শিশুক হত্যা কৰি নিজে চিপ লৈ আত্মহত্যা কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়ছিগাৰ সমীপৱৰ্তী শালমৰাৰ নিবাসী অক্ষয় পায়েঙে আজি দিনহাজিৰা কৰিবলৈ যোৱাৰ সময়তে সৰুমাই…
লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানত কৃষক-কৃষি বিজ্ঞানীৰ মাজত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য শীৰ্ষক আলোচনাচক্ৰ
উত্তৰ লখিমপুৰ ২৬ জুনঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অন্তৰ্গত উত্তৰ অসমৰ লখিমপুৰ জিলাত অৱস্থিত একমাত্ৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত, আজি ইণ্ডো গ্ল'বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ উদোগত আৰু ধেমাজি আৰু লখিমপুৰ জিলাৰ ৪০ জন কৃষকৰ উপস্থিতত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য শীৰ্ষক এক আলোচনাচক্ৰ অনুস্থিত কৰা হয়। ইণ্ডো গ্ল'বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ প্ৰকল্প বিষয়া ৰাজেন শইকীয়াই আলোচনা চক্ৰৰ উদেশ্য অৱগত কৰি গৱেষণা প্ৰতিষ্ঠান সমূহ আৰু কৃষকৰ মাজত ব্যৱধান হ্ৰাস কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিত গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে কৃষিজীৱী…
লখিমপুৰত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন
উত্তৰ লখিমপুৰ, ২৬ জুনঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। লখিমপুৰ আৰক্ষী বিভাগৰ সহযোগত আজি অপ্ৰতিৰোধ্য আৰু সেৱাদ্বীপ নামৰ সংস্থা দুটাৰ উদ্যোগত পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সংস্থা দুটাৰ উদ্যোগত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত প্ৰদৰ্শন কৰা হয় বাটৰ নাট। বাটৰ নাটখনৰ জড়িয়তে ড্ৰাগছৰ দৰে মাৰাত্মক নিচা জাতীয় দ্ৰব্যৰ সেৱনৰ কু…
তেজপুৰত জে বি প্ৰডাকচনৰ উদ্যোগত “মহবুব ষ্টুডিঅ”ৰ শুভাৰম্ভণি
এই ষ্টুডিঅটিয়ে উঠি অহা প্ৰজন্মৰ নটসৈনিক সকলক নতুন দিশৰ সন্ধান দিব - উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৫ জুনঃ নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে কালি সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ'ল "ইন্টিমেট থিয়েটাৰ" ৰ এটি ষ্টুডিঅ। মূলতঃ নাট মঞ্চস্থৰ ক্ষেত্ৰত দেখা দিয়া ব্যয় বহুলতা দূৰ কৰি আধুনিক শৈলী উপস্হাপনেৰে বৰ্তমান সময়ৰ তৰুণ প্ৰজন্মৰ ছিৰিয়াছ নাট্যশিল্পী সমূহে অতি কম সময়ৰ ভিতৰত সীমিত ব্যয়েৰে নাট নিবেদন কৰিব পৰা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰত দীৰ্ঘদিন ধৰি ৰুচিশীলতাৰে পৰিশীলিত ৰূপত…
তেজপুৰত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নপাম মজলীয়া বিদ্যালয়ৰ সভা গৃহত আজি বিয়লি তিনি বজাত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ উপ সভাপতি শ্বেখ চাহাব উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত অসম ৰাজ্যিক মানৱাধিকাৰ ন্যায় আয়োগৰ সভাপতি তুলসী কাপ্লে, ৰাজ্যিক মানৱাধিকাৰ ন্যায় আয়োগৰ সম্পাদক অৰূপ গৌতম, শোণিতপুৰ জিলাৰ মানৱাধিকাৰ ন্যায় আয়োগৰ উপ-সভাপতি পংকজ বৰুৱা আৰু স্হানীয় লেখক সাংবাদিক চিৰাজ খান অতিথি হিচাপে উপস্থিত থাকে। মানৱাধিকাৰ ন্যায় আয়োগৰ কৰ্ম পৰিকল্পনা,…
তেজপুৰৰ জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসক “নৃত্যজ্যোতি প্ৰেৰণা বঁটা” প্ৰদান
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৫ জুন : উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিব্ৰেল ট্ৰাষ্টে উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা ক্ষেত্ৰখনৰ লগতে সাহিত্য ক্ষেত্ৰত বিশেষ কৃতিত্ত্বৰ পৰিচয় দিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিক কালি গুৱাহাটীৰ চান্দমাৰী কলনীৰ পেন্সনাৰ ভৱনত উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা বঁটাৰে বিভূষিত কৰে। উল্লেখ্য যে, এই অনুষ্ঠানতে নৃত্যৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অহা তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ অধ্যক্ষা, তথা দক্ষ আৰু জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসক "নৃত্যজ্যোতি প্ৰেৰণা…
তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব প্ৰতিৰক্ষা অধ্যয়ন বিভাগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ দেশৰ উত্তৰ-পূবৰ অগ্রণী উচ্চ শিক্ষা প্রতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু পৰিচালনা পৰিষদে ইতিমধ্যে এই সিদ্ধান্তক অনুমোদন জনাইছে। এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভু নাথ সিঙে শেহতীয়াকৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই পদক্ষেপৰ বিষয়ে অৱগত কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ স’তে হোৱা বৈঠকৰ সময়ত অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত…
তেজপুৰত পথৰ মাজত প্ৰকাণ্ড গাঁতঃ বহুকেইটা দুৰ্ঘটনা সংঘটিত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নগৰে চহৰে ভগ্নাৱশেষৰ দৰে জৰাজীৰ্ণ পথবোৰ বৰ্তমানেও পূৰ্বৰ দৰেই আছে৷উল্লেখযোগ্য যে,তেজপুৰৰ ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ ন আলি মূৰৰ পৰা ঘগৰা সংযোগী গড়কাপ্তানি পথটোৰ মাজত প্ৰকাণ্ড গাঁত বৰ্তমানেও বিদ্যমান৷উল্লেখযোগ্য যে,এই গাঁতৰ বাবেই পথটোত একাধিক দুৰ্ঘটনা সংঘটিত হোৱা সত্বেও এইপৰ্যন্ত গাঁতটো পোতা নহ’ল৷সম্প্ৰতি নাৰিকলৰ শুকানপাত ভৰাই পথচাৰীক গাঁতটোৰ ক্ষেত্ৰত সাৱধান কৰা হৈছে৷ তদুপৰি তেজপুৰৰ পৰোৱাৰ পৰা নপাম সংযোগী গুৰুত্বপূৰ্ণ পথটোৰে পৰমাইঘূলি তথা লিচুবাগিচাৰ সমীপৰ পৰা অতি বিপদজনক ভাবে একাধিক…
গৰীয়া জাতীয় পৰিষদৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
শতাব্দ প্ৰতিবেদক, নাৰায়ণপুৰ,২৫ জুনঃ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগ আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত ২৫ জুনত গৰীয়া জনগোষ্ঠীৰ প্ৰায় দুকুৰি কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।লুইতপৰীয়া প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানটোৰ সভাপতিত্ব কৰে জিলা সভাপতি ছৈয়দ উদ্দিন আহমেদে।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, ফুলাম গামোচাৰে উষ্ম সম্ভাষণ জ্ঞাপন কৰা হয়। সাংগঠনিক সম্পাদক আছান আহমেদে আঁত ধৰা সভাখনত আঞ্চলিকৰ…
