Browsing Category

অসম

‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ সমাজ বিজ্ঞানী তৰুণ গগৈক প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন : অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান অনুষ্ঠানটি বালিজান নাহৰণি জনকল্যাণ সংঘৰ খেলপথাৰত শনিবাৰে সুকলমে অনুষ্ঠিত হৈ যায় ৷ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই মুকলি সভাৰ আদৰণি ভাষণত কয় যে ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিচক্ষণ সেনাপতি তথা এগৰাকী মহান বিপ্লৱী নেতা বীৰপুৰুষ মতাটুকুৰা বৰুৱা কেৱল যোদ্ধাই…

গ্ৰন্থ উন্মোচন, গীত-মাত কবিতাৰে মুখৰ পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,২৫ জুনঃ 'সমাজ এখন সুস্থ ভাৱে জীয়াই থাকিবৰ বাবে তথা উঠি অহা প্ৰজন্মক এটা দিশ দিবৰ বাবে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ যথেষ্ট কৰণীয় আছে। সভা সমিতিৰ জৰিয়তে সমাজৰ ভিন্ন ক্ষেত্ৰত ব্যক্তি সকলক পৰিচয় কৰাই দিয়াৰ জৰিয়তে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব পাৰিলে সমাজখন বাসোপযোগী হৈ থাকিব। পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাই প্ৰতিষ্ঠা দিৱসৰ দিনটো এনেদৰে বৰ্ণাঢ্য ভাবে উদযাপন কৰি এক অনুকৰণীয় কাম কৰিছে।" আজি তেজপুৰত এই মন্তব্য বিশিষ্ট সাহিত্যিক, প্ৰত্নতত্ববিদ তথা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত…

তেজপুৰৰ পৰা কলকাতালৈ অসামৰিক বিমান সেৱা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৫জুনঃ তেজপুৰৰ শালনিবাৰী অসামৰিক বিমান বন্দৰৰ পৰা সপ্তাহৰ ছটা দিনত চলিব বিমান৷ কলকাতাৰ পৰা তেজপুৰলৈ আৰু তেজপুৰৰ পৰা কলকাতা সংযোগী এই অসামৰিক বিমান সেৱা আজিৰ পৰা আৰম্ভ হৈছে৷ স্পাইছ জেট কোম্পানীয়ে আৰম্ভ কৰা এই বিমান সেৱা আজি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই শুভ উদ্বোধন কৰে৷ অসামৰিক বিমান বন্দৰটোৰ সঞ্চালকৰ লগতে স্পাইছ জেটৰ বিষয়ববীয়া তথা শোণিতপুৰৰ উপায়ুক্তৰ উপস্থিতিত এই বিমান সেৱা মুকলি কৰা হয় আৰু কলকাতালৈ ভালেসংখ্যক যাত্ৰীয়ে তেজপুৰৰ পৰা যাত্ৰা কৰে৷ উল্লেখযোগ্য যে,শালনিবাৰী অসামৰিক বিমানবন্দৰৰ পৰা…

 লটাৰী-কাণ্ডত জড়িত তিনিচুকীয়াৰ ২ সাংবাদিক ৰঙাঘৰলৈ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন : দিনচেৰেক পূৰ্বে তিনিচুকীয়াৰ বৈদ্যুতিন মাধ্যমৰ অমিত গগৈ নামৰ এক সংবাদকৰ্মীক আৰক্ষীয়ে খাৰুৱা তেল চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ উপহাৰ কুপনৰ (লটাৰী) নামত প্রবঞ্চনাৰ জাল তৰি কোটি কোটি টকা আত্মসাতৰ অভিসন্ধি ৰচা চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ বৰণ কৰিছে তিনিচুকীয়াৰ তথাকথিত বৈদ্যুতিন মাধ্যমৰ আন দুই সংবাদকৰ্মীয়ে৷ সংবাদসেৱাৰ দৰে পবিত্ৰ বৃত্তিক কলুষিত কৰা তিনিচুকীয়াৰ আটকাধীন এই বিতৰ্কিত সংবাদকৰ্মীদ্বয় হৈছে ক্ৰমে সন্তোষ ফুকন আৰু সৌৰভ চৌধুৰী৷ ইয়াৰে…

সকলো নিৰ্বাচনত ভোট বৰ্জনৰ সকীয়নি ঘূনাসুঁতিবাসীৰ

ঘূনাসুঁতিত বৃহৎ প্ৰতিবাদী সভা সোৱণশিৰি পঞ্চায়তত যুদ্ধ সদৃশ পৰিস্থিতিশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৫ জুনঃ ভাৰতৰ নিৰ্বাচনী আয়োগে সমষ্টি সীমা নিৰ্ধাৰণৰ বাবে প্ৰস্তুত কৰা খচৰাখনক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে সোৱণশিৰিৰ চৌদিশ ৷ সোৱণশিৰিৰ বুকু দুফাল কৰি ভাৰতীয় নিৰ্বাচনী আয়োগে বে-আইনীভাৱে খচৰা প্ৰস্তুত কৰা বুলি সোৱণশিৰিপৰীয়া ৰাইজে অভিযোগ তুলি ক্ৰমশঃ আন্দোলনমুখী হৈ পৰিছে আৰু খং আৰু ক্ষোভত ফাটি পৰিছে৷ আজি লখিমপুুৰ জিলাৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘূনাসুঁতি পঞ্চায়তত ভাৰতীয় নিৰ্বাচনী আয়োগে সমষ্টিৰ পুনৰ সীমা…

লখিমপুৰৰ ফুলবাৰীত প্ৰধান শিক্ষকৰ প্ৰহাৰত কণমানি ছাত্ৰী আহতঃ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰৰ ১ নং ধেমাগড় প্ৰাথমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবুল মুদৈয়ে তেওঁৰে কণমানি ছাত্ৰী নয়ন্দিতা বৰদলৈক উপৰ্যুপৰি প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে প্ৰথম শ্ৰেণীৰ ছাত্ৰী নয়ন্দিতা বৰদলৈক এনেদৰে প্ৰহাৰ কৰা ঘটনাই অভিভাৱকক ক্ষোভিত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি কাণমানি ছাত্ৰীগৰাকীয়ে এটা প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰাৰ বাবেই এনেদৰে শিক্ষক গৰাকীয়ে ছাত্ৰীগৰাকীক প্ৰহাৰ কৰাত কণমানি ছাত্ৰীগৰাকী আহত হয়৷…

নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ এটা পৰিয়ালক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই এটা পৰিয়ালক শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে৷ বিগত তিনিমাহ ধৰি অকলশৰে থকা পৰিয়ালটো এতিয়া চূড়ান্ত হতাশাত ভূগিছে৷ আজি এই কথা ভূক্তভোগী পৰিয়ালটোৰ একমাত্ৰ বোৱাৰী পম্পি হাজৰিকাই অতি দুখেৰে ব্যক্ত কৰে৷ নাৰায়ণপুৰ দুলীয়াপথাৰৰ প্ৰয়াত পূৰ্ণেশ্বৰ নেওগৰ পুত্ৰ সমীৰণ নেওগৰ পত্নী পম্পি হাজৰিকাই দুখেৰে কয় যে আজি তিনিমাহৰ পূৰ্বে পৰিয়ালটোৰ উপাৰ্জনৰ বাবে নিজৰ পুখুৰীৰ পাৰত এখন ব্ৰয়লাৰ ফাৰ্ম স্থাপন কৰে৷ সংস্থাপনৰ…

তেজপুৰৰ ডিপোতা নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা সম্পূৰ্ণ এসপ্তাহৰ পাছত যুৱকনৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ উল্লেখযোগ্য যে, ১৬জুনৰ সন্ধিয়া প্ৰায় সাত বজাত ১৬বছৰীয়া যুৱকজন ডিপোতা নৈৰ বাঢ়নি পানীত উটি গৈছিল আৰু পৰৱৰ্তী সময়ত স্হানীয় লোকৰ উপৰি এছ ডি আৰ এফে যুৱকজনৰ সন্ধান চলাইছিল য’দিও অমুজৰ সন্ধান ওলোৱা নাছিল৷ আজি দিনৰ প্ৰায় ১২বজাত ঘটনাস্থলীৰ পৰা প্ৰায় ডেৰকিলোমিটাৰ দূৰত্বত খোলাকটি এল পি স্কুলৰ সমীপত…

তেজপুৰ-ঘগৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়লৈ ৰাজ্যখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ স্বীকৃতি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৩ জুন : নৰ্থ ইষ্ট এডুকেশ্বন ইমিনেচনচ (এডুকেশ্বনেল কনক্লেভ) ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত সামাজিক আৰু অৰ্থনৈতিক ভাৱে বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেজপুৰ- ঘগৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশ কুমাৰ নাথক এই ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান প্ৰদান কৰাত তেজপুৰৰ শৈক্ষিক ক্ষেত্ৰখন উৎফুল্ল হৈছে। উল্লেখ্য যে ৰাজ্যখনৰ শৈক্ষিক খণ্ডত উৎকৃষ্ট অৱদান তথা ফলাফলৰে আগবাঢ়ি যোৱা শিক্ষানুষ্ঠানলৈ স্বীকৃতি স্বৰূপে যোৱা বছৰৰ পৰা আৰম্ভ হোৱা…