Browsing Category
অসম
তেজপুৰৰ ডেকাৰ গাঁৱৰ উষা-নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ‘ঝলঝলা’ ৰ মিলেট সজাগতা সভা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৩ জুন: চলিত বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে সমগ্ৰ বিশ্বতে উদযাপন হৈ আছে৷ সেই উদ্দেশ্যে অসম মিলেট মিচনে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত মিলেটক জনপ্ৰিয় কৰিবৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আছে৷ ‘ঝলঝলা’ (এক স্বচ্চতাৰ প্ৰতিশ্ৰুতি) এক বেচৰকাৰী অনুষ্ঠানটোৱে যিহেতু জন্মলগ্নৰে পৰাই পৰিৱেশ পৰিস্থিতি আৰু সময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত সজাগতামূলক সভা, কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে সেয়েহে সাম্প্ৰতিক সময়তো মিলেটৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰৰ মিলেট মিচন…
সদৰ থানাৰ কম্পিউটাৰৰ হাৰ্ড ডিক্স কপি কৰি লৈ লখিমপুৰ এৰিলে চি বি আই দলে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ আৱৰ্ত ভৱনৰ পৰা অৱশেষত চি বি আই দলটোৱে আজি নগাঁও অভিমুখে ৰাওনা হয়৷ বিগত চাৰিদিন ধৰি লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলোৱাৰ লগতে লখিমপুৰৰ বহু নকল সোণ আৰু জাল নোট চক্ৰৰে জড়িত লোকক তলব কৰি সোধ পোছ কৰিছিল৷ ৮ জনীয়া চি বি আই দলটোৱে আমিনা খাতুন, হাচিনা বেগম, আবু তালিফ, বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগু, লালুক চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ থিকক আৰু আমিনা খাতুনক টকা ধাৰলৈ দিয়া ৰেজিবুল ইছলাম, নুৰ মহম্মদ, গুলে খাতুন, উমেদ আলি আদিক মাৰাথান জেৰা…
চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২জুনঃ ৰাজ্যৰ চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰৰ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্বোধন কৰি ৰাজহুৱা সভাত ভাষণ প্ৰসংগত কয় যে বৰ্তমান চৰকাৰে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে৷ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলে বহু সময়ত উচ্চ শিক্ষাৰ বাবে সুবিধা লাভ নকৰে এতিয়া চৰকাৰে এবছৰত চাহ বাগিচাৰ ভিতৰত ১১৯…
লখিমপুৰৰ সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তি
উত্তৰ লখিমপুৰ ,২২ জুন : লখিমপুৰ চকুলীভৰীয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি, সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা ৭ বজাত পৰলোক প্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা চুতীয়া শেহতীয়াকৈ স্হানীয় ডাঃ দাস হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ অসম কো অপাৰেটিভ এপেক্স বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া চুতীয়া লখিমপুৰৰ এগৰাকী সমাজ সংগঠক হোৱাৰ লগতে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশত "কৃষ্ণগুৰু” এক নাম ধৰ্মৰ প্ৰসাৰত অৰিহনা যোগাইছিল৷ চকুলীভৰীয়াত “কৃষ্ণগুৰু” শাখা সেৱাশ্ৰম প্ৰতিস্হা কৰাত প্ৰয়াত চুতীয়াৰ উল্লেখযোগ্য অৰিহণা আছিল ৷…
তেজপুৰ বিশ্ববিদ্যালয়ৰ “টপাৰ” নিলোৎপল গগৈৰ ৰহস্যজনক আত্মহনন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুনঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাবাসত এজন মেধাবী ছাত্ৰৰ মৃতদেহ তেওঁৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই বিশ্ববিদ্যালয়খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্ৰাথমিক অৱস্থাত এই ঘটনা আত্মহত্যা বুলি আশংকা কৰা হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি,আজি পুৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ শৰাইঘাট চি ভি ৰমন হোষ্টেলৰ ৩০০৯ নম্বৰ কোঠাত শোৱাপাটীত উদ্ধাৰ হয় নিলোৎপল গগৈ (২৪) নামৰ ছাত্ৰজনৰ মৃতদেহ। পৰিৱেশ বিজ্ঞানৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল নিলোৎপল গগৈ।বিভাগটোৰ "টপাৰ" ছাত্ৰজনে ছাত্ৰাবাসৰ এজনীয়া কক্ষ লাভ কৰিছিল৷ তিনিচুকীয়াৰ…
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক চি পি আই (এম)ৰ বিৰোধিতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জুনঃ অসমৰ প্ৰায় সকলোবোৰ বিৰোধী দল আৰু জাতীয় সংগঠনৰ প্ৰবল বিৰোধিতা সত্ত্বেও ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি ইয়াৰ খচৰা প্ৰকাশ কৰাত চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে যে নিৰ্বাচন আয়োগে অসমৰ জনমত সম্পূৰ্ণ উপেক্ষা কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ স্বৈৰতান্ত্ৰিক নিৰ্দেশ আৰু তীব্ৰ হেঁচাত ২২ বছৰৰ পূৰ্বৰ লোক গণনা তথা জনসংখ্যাৰ…
বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ দেখুৱাৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুনঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অধ্যক্ষৰ আসন দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অনিল কুমাৰ গগৈয়ে ৬-১০-১৯৯৩ চনত যোগদান কৰিছিল৷ কিন্তু ইয়াৰ পূৰ্বেই বিনোদ বসুমতাৰী নামৰ সহকাৰী শিক্ষকজনে ২৩-০৬-১৯৯২ তাৰিখে বিদ্যালয়খনত যোগদান কৰাৰ পিছতো জ্যেষ্ঠতাৰ ভিত্তিত বসুমতাৰীক চেৰাই অনিল কুমাৰ গগৈয়ে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ…
তিনিচুকীয়া মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানত প্ৰভাংগীক সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জুন : আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ সভাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী ছাত্ৰী প্ৰভাংগী কাকতিয়ে সৰ্বোচ্চ ৯৩% নম্বৰ লাভ মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ কৃতী ছাত্ৰী প্ৰভাংগী কাকতিক সম্বৰ্ধনা জনাবৰ বাবে বিশেষভাৱে আয়োজিত এই সভাত উদ্যোক্তাসকলৰ আমন্ত্ৰণক্ৰমে তেওঁৰ পিতৃ উৎপল কাকতি আৰু মাতৃ টুটুমণি কাকতিও উপস্থিত থাকে ৷ অধ্যক্ষ ড° সূৰ্য্য চুতীয়াই…
তেজপুৰৰ পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত অভিনন্দন অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জুন : তেজপুৰ চহৰৰ নিকটৱৰ্তী বেছেৰীয়াত ১৯৮৯ চনতে প্ৰতিষ্ঠা হোৱা পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত সমাজৰ স্থায়ী ভৱনত কলাগুৰু বিষ্ণু ৰাভা দেৱৰ ৫৫ সংখ্যক স্মৃতি দিৱস উদযাপন কৰাৰ লগতে সদৌ বেছেৰীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ এশ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক কালি অভিনন্দন জনোৱা হয়। সভাত কলাগুৰু জনাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সভাপতি শশাংক শেখৰ বৰাই ।শ্ৰদ্ধাঞ্জলিত অংশ লয় সভাৰ মুখ্য অতিথি দৰংমহাবিদ্যালয়ৰ অধ্যাপক ডঃ সঞ্জয় ডেকা আৰু বিশিষ্ট ব্যক্তি সকলে । সমাজৰ সাধাৰণ সম্পাদক বিক্ৰম কুমাৰ…
ডিব্ৰুগড়-গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জুন : ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে চিকিৎসা…
