Browsing Category
অসম
গুৱাহাটীৰ পৰা শীঘ্ৰে ঢাকা-কাঠমাণ্ডুলৈ উৰিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জুনঃ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানযাত্ৰীসকলৰ বাবে সুখবৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা শীঘ্ৰে সম্প্ৰসাৰণ ঘটিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ। অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত গুৱাহাটীত আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত আৰু 'এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ'ৰ শীৰ্ষ কাৰ্যবাহী। ৰাজ্যৰ পৰিবহণ সচিব আদিল খানো উপস্থিত থকা এই বৈঠকত টাটা গ্ৰুপৰ অধীনৰ এয়াৰ ইণ্ডিয়া লিমিটেড পৰিচালিত অসামৰিক বিমান পৰিবহণ সংস্থাটোৰ…
অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হল ৰঙা সংৰক্ষিত বনাঞ্চলৰ অবৈধ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৭ জুনঃ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ড অৱশেষত আজি অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হয়৷ বুধবাৰে অসমৰ বিশাল সুৰক্ষা বাহিনীয়ে ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ ভূমি বেদখল কৰি অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ডত উচ্ছেদ চলাবলৈ গৈছিল যদিও উচ্ছেদ অভিযান চলাব নোৱাৰি সন্ধিয়া ঘূৰি আহিবলৈ বাধ্য হৈছিল৷ অৱশ্যে দুয়োখন ৰাজ্যৰ উচ্চ পদস্থ বিষয়াৰ আলোচনা মৰ্মে আজি অৰুণাচল প্ৰশাসনে লখিমপুৰ জিলা প্ৰশাসনৰ উপস্থিতিত ২ নং বেলবস্তিত নিৰ্মীয়মান এক’লেণ্ডত উচ্ছেদ অভিযান চলাই ভাঙি দিয়ে৷ বিগত…
নিশাটোৰ ভিতৰতে অৰুণাচলীয়ে অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পথত খান্দিলে বৃহৎ বৃহৎ গাঁত
পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত ৰামপুৰ বগীবিলত থমকি ৰ’ল লখিমপুৰ প্ৰশাসন
অসমৰ বুলডজাৰৰ সন্মুখত শুই পৰিল অৰুণাচলী
অৰুণাচলীৰ ধমক, গালি গালাজত উভতি আহিল অসমৰ বিশাল আৰক্ষী-বন বাহিনী
মহিলা আৰক্ষীক অভব্য আচৰণ, অসম পুলিচ গ’ বেক ধবনি অৰুণাচলীৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৬ জুনঃ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন ৰোধ কৰিবলৈ গৈ আজি অসম আৰক্ষীৰ লগতে লখিমপুৰ প্ৰশাসনৰ বৃহৎ বাহিনী থমকি ৰোৱা কাৰ্যই সীমান্তৱৰ্তী অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ অৰুণাচলীৰ অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে উচ্ছেদ অভিযান…
সুনীল গগৈৰ ডি এন এৰ প্ৰতিবেদনৰ ওপৰত সন্দেহ ৰাইজৰ
ঢকুৱাখনা সুনীল গগৈ কাণ্ডৰ ২৫ দিন
প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ধাৰত ব্যৰ্থ আৰক্ষী
তথ্য-প্ৰমাণ আছে যদি সুনীলৰ পত্নী-পুত্ৰক গ্ৰেপ্তাৰ কৰক, অযথা হাৰাশাস্তি নকৰিব -গাঁওবাসী
অভিযন্তা জয়ন্ত গোস্বামীক জেৰাৰ দাবী
ঢকুৱাখনা থানাত ৰাইজৰ স্মাৰক পত্ৰশতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২৫ জুনঃ ৰাজ্য কঁপাই যোৱা ঢকুৱাখনাৰ সুনীল গগৈ কাণ্ডৰ আজি ২৫ দিন অতিক্ৰম কৰাৰ পিছতো প্ৰকৃত ৰহস্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ এফালে সুনীল গগৈৰ সন্ধানহীন আৰু আনফালে সুনীল গগৈৰ ঠিকাৰ কাম কৰা জলজীৱন মিচনৰ ৰাজমিস্ত্ৰি জাহাংগীৰৰ মৃতদেহৰ (আৰক্ষীয়ে…
লখিমপুৰত ৩-৪ জুলাইত জিলা আয়ুক্তৰ সন্মিলন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২৫ জুনঃ এইবাৰ জিলা আয়ুক্তসকলৰ সন্মিলনখন লখিমপুৰত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লখিমপুৰ জিলা প্ৰশাসনলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে জিলা আয়ুক্তসকলৰ সন্মিলনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে প্ৰাৰম্ভিক প্ৰস্তুতি চলাইছে৷ জিলা প্ৰশাসনৰ এক সূত্ৰ অনুসৰি অহা ৩-৪ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ চুকুলীভৰীয়াত থকা কনভেন্চন চেণ্টাৰত ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলৰ এই সন্মিলনখন অনুষ্ঠিত হ’ব৷ জিলা কনভেন্চন চেণ্টাৰটো আটোমটোকাৰিকৈ সজাই তোলাৰ লগতে নিৰাপত্তাৰ দিশটোও কটকটীয়া কৰি…
অসমৰ চক্ৰ বিষয়া, বনাঞ্চলিক বিষয়াক হাত কাটি দিয়াৰ ভাবুকি অৰুণাচলীৰ
লখিমপুৰৰ জিলা আয়ুক্তৰ কক্ষত গুৰুত্বপূৰ্ণ বৈঠক
অৰুণাচলীৰ ভাবুকিত ফটো ডিলিট কৰিবলৈ বাধ্য হ’ল লখিমপুৰৰ দুই বিষয়াশীঘ্ৰে সীমান্তলৈ যাব আয়ুক্ত-আৰক্ষী অধীক্ষক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ,২৪ জুনঃ অসম অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বগীবিলত অৰুণাচলীৰ আগ্ৰাসন, ভাবুকিক লৈ আজিও অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত আছে৷ দেওবাৰে ৰামপুৰ বগীবিলত অৰুণাচলীয়ে নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া আৰু হাৰমতী আঞ্চলিক বন বিষয়াক হাত কাটি দিয়াৰ ভাবুকিৰে অৰুণাচলী আগ্ৰাসনৰ ফটো সংগ্ৰহ কৰা দুই বিষয়াক ফটো ডিলিট…
সৰ্বানন্দৰ পৰা হিমন্ত চৰকাৰলৈকে ২৫৫ কোটি টকাৰ ঠগ খাইছে ৰাজ্যৰ সুলভ মূল্যৰ দোকানীয়ে
বিনামূলীয়া চাউল বিলাই পেটত গামোচা মাৰিব লগা হৈছে ৰাজ্যৰ ৩৩,১৬৭ জন দোকানী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৪ জুনঃ ৰাজ্যত বিনামূলীয়া চাউল বিতৰণ কৰি সুলভ মূল্যৰ দোকানীসকলে নিজে পেটত গামোচা বান্ধিব লগীয়া হৈছে৷ ৰাজ্য চৰকাৰৰ এই হঠকাৰী আৰু নিৰ্মম আচৰণৰ বলি হৈছে সমগ্ৰ অসমৰ ৩৩,১৬৭ জন সুলভ মূল্যৰ দোকানী। কভিড কালতো সেৱা আগবঢ়াই অহা এই সুলভ মূল্যৰ দোকানীসকলে এতিয়া পেটত গামোচা মাৰি পৰিয়াল পোহপাল দিব লগাৰ দৰে লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ সেয়েহে ৰাজ্যৰ…
বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত স্থানীয় বিদ্যালয় “চেতনা অভিযান”ৰ শুভাৰম্ভ
শতাব্দ, লখিমপুৰ, ২০ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৃহত্তৰ বিহপুৰীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ আৰু অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ উদ্দেশ্যে “চেতনা অভিযান “ শীৰ্ষক এলানি সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিহপুৰীয়া মহাবিদ্যালয়ে আদৰ্শ বিদ্যালয় হিচাপে সেৱা আগবঢ়াই অহা “শংকৰদেৱ আদৰ্শ বিদ্যাপীঠ হাইস্কুল”ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই উদ্দেশ্যে উক্ত বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত-বিনিময় কৰে বিহপুৰীয়া…
দায়িত্ব লৈয়ে পৰিৱহণ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগীয় শীৰ্ষ বিষয়াৰে বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২০ জুন : ৰাজ্যৰ নৱনিযুক্ত পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰৰ জনতা ভৱনত বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্যৰ পৰিবহন বিভাগৰ সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত অংকুৰ জৈনকে ধৰি বিভাগটোৰ অন্তৰ্গত পৰিবহণ আয়ুক্তালয়, আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ জ্যেষ্ঠ বিষয়াসকলে বিষয়াসকলে অংশগ্ৰহণ কৰা এই বৈঠকত নতুন পৰিবহন মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰিবহন বিভাগৰ…
