Browsing Category
অসম
লখিমপুৰত ৩-৪ জুলাইত জিলা আয়ুক্তৰ সন্মিলন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২৫ জুনঃ এইবাৰ জিলা আয়ুক্তসকলৰ সন্মিলনখন লখিমপুৰত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লখিমপুৰ জিলা প্ৰশাসনলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে জিলা আয়ুক্তসকলৰ সন্মিলনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে প্ৰাৰম্ভিক প্ৰস্তুতি চলাইছে৷ জিলা প্ৰশাসনৰ এক সূত্ৰ অনুসৰি অহা ৩-৪ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ চুকুলীভৰীয়াত থকা কনভেন্চন চেণ্টাৰত ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলৰ এই সন্মিলনখন অনুষ্ঠিত হ’ব৷ জিলা কনভেন্চন চেণ্টাৰটো আটোমটোকাৰিকৈ সজাই তোলাৰ লগতে নিৰাপত্তাৰ দিশটোও কটকটীয়া কৰি…
অসমৰ চক্ৰ বিষয়া, বনাঞ্চলিক বিষয়াক হাত কাটি দিয়াৰ ভাবুকি অৰুণাচলীৰ
লখিমপুৰৰ জিলা আয়ুক্তৰ কক্ষত গুৰুত্বপূৰ্ণ বৈঠক
অৰুণাচলীৰ ভাবুকিত ফটো ডিলিট কৰিবলৈ বাধ্য হ’ল লখিমপুৰৰ দুই বিষয়াশীঘ্ৰে সীমান্তলৈ যাব আয়ুক্ত-আৰক্ষী অধীক্ষক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ,২৪ জুনঃ অসম অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বগীবিলত অৰুণাচলীৰ আগ্ৰাসন, ভাবুকিক লৈ আজিও অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত আছে৷ দেওবাৰে ৰামপুৰ বগীবিলত অৰুণাচলীয়ে নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া আৰু হাৰমতী আঞ্চলিক বন বিষয়াক হাত কাটি দিয়াৰ ভাবুকিৰে অৰুণাচলী আগ্ৰাসনৰ ফটো সংগ্ৰহ কৰা দুই বিষয়াক ফটো ডিলিট…
সৰ্বানন্দৰ পৰা হিমন্ত চৰকাৰলৈকে ২৫৫ কোটি টকাৰ ঠগ খাইছে ৰাজ্যৰ সুলভ মূল্যৰ দোকানীয়ে
বিনামূলীয়া চাউল বিলাই পেটত গামোচা মাৰিব লগা হৈছে ৰাজ্যৰ ৩৩,১৬৭ জন দোকানী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৪ জুনঃ ৰাজ্যত বিনামূলীয়া চাউল বিতৰণ কৰি সুলভ মূল্যৰ দোকানীসকলে নিজে পেটত গামোচা বান্ধিব লগীয়া হৈছে৷ ৰাজ্য চৰকাৰৰ এই হঠকাৰী আৰু নিৰ্মম আচৰণৰ বলি হৈছে সমগ্ৰ অসমৰ ৩৩,১৬৭ জন সুলভ মূল্যৰ দোকানী। কভিড কালতো সেৱা আগবঢ়াই অহা এই সুলভ মূল্যৰ দোকানীসকলে এতিয়া পেটত গামোচা মাৰি পৰিয়াল পোহপাল দিব লগাৰ দৰে লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ সেয়েহে ৰাজ্যৰ…
বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত স্থানীয় বিদ্যালয় “চেতনা অভিযান”ৰ শুভাৰম্ভ
শতাব্দ, লখিমপুৰ, ২০ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৃহত্তৰ বিহপুৰীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ আৰু অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ উদ্দেশ্যে “চেতনা অভিযান “ শীৰ্ষক এলানি সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিহপুৰীয়া মহাবিদ্যালয়ে আদৰ্শ বিদ্যালয় হিচাপে সেৱা আগবঢ়াই অহা “শংকৰদেৱ আদৰ্শ বিদ্যাপীঠ হাইস্কুল”ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই উদ্দেশ্যে উক্ত বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত-বিনিময় কৰে বিহপুৰীয়া…
দায়িত্ব লৈয়ে পৰিৱহণ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগীয় শীৰ্ষ বিষয়াৰে বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২০ জুন : ৰাজ্যৰ নৱনিযুক্ত পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰৰ জনতা ভৱনত বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্যৰ পৰিবহন বিভাগৰ সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত অংকুৰ জৈনকে ধৰি বিভাগটোৰ অন্তৰ্গত পৰিবহণ আয়ুক্তালয়, আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ জ্যেষ্ঠ বিষয়াসকলে বিষয়াসকলে অংশগ্ৰহণ কৰা এই বৈঠকত নতুন পৰিবহন মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰিবহন বিভাগৰ…
অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত খুটি পুতি বহিছে অৰুণাচলী
অসমৰ বনভূমিত অৰুণাচলীৰ ৬ কিলোমিটাৰ পকী পথ নিৰ্মাণ
জিলা আয়ুক্ত-বিধায়ক-বন বিষয়াৰ পদক্ষেপ নাই
বেদখল উচ্চেদৰ দাবীত জিলা আয়ুক্তক ৰামপুৰবাসীৰ স্মাৰকপত্ৰ প্ৰদান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২০ জুনঃ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত এতিয়া অৰুণাচলীৰ অবাধ আগ্ৰাসনে সীমান্তবাসীক আতংকিত কৰি তুলিছে৷ অসমৰ বনাঞ্চলত অৰুণাচলীয়ে বেদখল কৰি বিভিন্ন পথ নিৰ্মাণ কৰাৰ লগতে শেহতীয়াকৈ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰ বগীবিলৰ সমীপৰ ২নং বেলবস্তিত ‘লকাম তালু’ নামৰ এজন লোকে কোটি টকাৰ ব্যয়েৰে এখন অত্যাধুনিক এক’লেণ্ড নিৰ্মাণ…
নিবনুৱালৈ প্ৰশিক্ষণৰ জড়িয়তে নিয়োজনৰ সুবিধা
শতাব্দ, উত্তৰ লখিমপুৰ,১৪ জুনঃ অতিথ্য খণ্ডত নিয়োজনেৰে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে অসম দক্ষতা উন্নয়ন অভিযানৰ অধীনস্থ উত্তৰ পূব দক্ষতা উন্নয়ন কেন্দ্রই লৈ আহিছে সুখবৰ। এই কেন্দ্রত ফুড এন্ড বেভাৰেজ (১২০ খন আসন), হাউচ কিপিং (৮০খন আসন), ৰিটেইল চাৰ্ভিচ (১২০খন আসন) আৰু বিউটি ৱেলনেছ (৮০খন আসন)ৰ দৰে বৃত্তিমুখী প্ৰশিক্ষণত নামভত্তি কৰি যুৱক -যুবতী সকলে নিজকে অতিথ্য খণ্ডত নিয়োজিত কৰি সংস্থাপনৰ পথ প্ৰশস্ত কৰিব পাৰে । মুঠ ৪০০ খন আসনৰ ভিতৰত ২০০খন আসন অনুসূচীত জাতিৰ প্রার্থীৰ বাবে সংৰক্ষিত । পি এম-এ জে এ ৱাই(পি…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ২৫ কিলোগ্ৰাম ওজনৰ টিউমাৰৰ সফল অস্ত্ৰোপচাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মঙ্গলবাৰে এগৰাকী ৭০ বছৰীয়া মহিলা ৰোগীৰ পেটৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি এটা বৃহৎ আকাৰৰ টিউমাৰ উলিয়াবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিহপুৰীয়াৰ এই মহিলাগৰাকীয়ে বিগত পাঁচ বছৰ ধৰি প্ৰায় ২৫ কিলোগ্ৰাম ওজনৰ টিউমাৰটো দেহত লৈ চটফটাই থাকিবলগীয়া হৈছিল৷ অৱশেষত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ এটা দলে মঙ্গলবাৰে মহিলাগৰাকীৰ পেটৰ পৰা এই বৃহৎ আকাৰৰ টিউমাৰটো সফল ভাৱে অস্ত্ৰোপচাৰ কৰি উলিয়াবলৈ সক্ষম হয়৷ পৰিতাপৰ কথা যে বিহপুৰীয়া এই মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি দেহত…
লখিমপুৰত কিতাপ গছকি পাৰ হয় মানুহ
জিলা আয়ুক্তক ঠিকাদাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ অভিযোগ দাখিলশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ জিলা পুথিভঁৰালৰ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে চি আই ডি এফ আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষতে ৪.৯৯ কোটি টকা আৱণ্টন দিয়ে যদিও নিবিদাপ্ৰাপ্ত ঠিকাদাৰে এই পৰ্যন্ত পুথিভঁৰালৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱৰা কাৰ্যত জাঙোৰ খাই উঠিছে লখিমপুৰ জিলা ছাত্ৰ সন্থা৷ আজি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুণমজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা এটি সজাতি দলে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে৷…
