Browsing Category

অসম

হিমন্তবিশ্ব শৰ্মাৰ শাসনকালত ভালকৈ উশাহ ল’ব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে–বিধায়ক অখিল গগৈ

ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ দোষীক বিচাৰি উলিয়াব নোৱৰা স্মাৰ্ট অসম আৰক্ষীৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১১ জুনঃ অসমত এতিয়া বিজেপিৰ বিৰুদ্ধে এটা বাতাবৰণৰ সৃষ্টি হৈছে৷ অসমত সাম্প্ৰদায়িক বিজেপি,স্বৈৰতান্ত্ৰিক বিজেপি, গুণ্ডাগিৰি কৰা বিজেপি, অসমৰ মানুহৰ বাক্ স্বাধীনতা হৰণ কৰি পেলোৱা বিজেপি, অসমৰ মানুহৰ বস্তুৰ মূল্যবৃদ্ধিৰে অসমৰ জনতাৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰা বিজেপি, সেই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ মানুহে এইবাৰ ঐক্যবদ্ধ হোৱাৰ লক্ষণ দেখা গৈছে৷ ২০২৪ চনৰ লোকসভা…

পৰিপুষ্টিহীন সোৱণশিৰিত মাছৰ পোনা মেলিলে এনএইচপিচিয়ে

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ, ৭জুনঃ ২০২৩ চনৰ ২৭ অক্টোবৰত এক অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি কৰি সোৱণশিৰি নৈপৰীয়া জনগণক আতংকময় পৰিৱেশৰ মাজত উদ্বিগ্ন কৰি ৰাখি এন এইচ পি চিয়ে সোৱণশিৰি নদীখন শুকুৱাই পেলাইছিল। সেই এন এইচ পিচিয়ে এতিয়া ঘঁৰিয়ালৰ দৰে চকুপানী টুকি সোৱণশিৰিৰ বুকুত মাছ পালনৰ বাবে পোনা মেলিছে। ২৭ অক্টোবৰৰ পুৱা প্ৰায় ৯ বজাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষতে থকা ১ নং ডাইভাৰছনেল টানেলত প্ৰাকৃতিক ভূমিস্খলনত পাহাৰ খহি টানেলটো বন্ধ হৈ পৰা বুলি প্ৰচাৰ কৰিছিল ৷ নামনিত নিমিষতে নদীখনৰ গতি স্তব্ধ হৈ পৰিছিল। নৈপৰীয়া ৰাইজৰ মাজত…

আকৌ আহিল বিচিজি ভেকচিনঃ আপুনিও লবনে 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুনঃ আকৌ এটা ভেকচিন লোৱাৰ সময় সমাগত। পিছে ক’ভিডৰ ভেকচিন লোৱা আৰু অলপতে এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত বিশ্বজুৰি সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ পিছত আকৌ এটা নতুন ভেকচিন লোৱাৰ বাবে আপুনি মানসিকভাবে প্ৰস্তুত নে? নিশ্চয় নহয় চাগৈ। পিছে এইবাৰৰ ভেকচিনটো আপুনি যে লবই লাগিব, সেয়াও বাধ্যতামূলক নহয়। তৎস্বত্বেও আপুনি এই প্ৰতিবেদন পঢ়া উচিত এইবাবেই যে- চৰকাৰে কিয় এই ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিব বিচাৰিছে বা আপুনি এই ভেকচিন লোৱাটো উচিৎ হয়নে নহয়।     যক্ষ্মা (টি বি) ৰোগে সম্প্ৰতি সমগ্ৰ বিশ্বত এক ভয়াৱহ অৱস্থাৰ…

সোৱণশিৰি প্ৰকল্পৰ বাবেই নামনিত শতাধিকে হেৰুৱাইছে ঘৰ-দুৱাৰ

মুকলি আকাশৰ তলতে খাদ্য গ্ৰহণ নিথৰুৱা পৰিয়ালৰ প্ৰখৰ ৰদত প্ৰতিবাদী জনতাৰ ক্ষোভৰ সন্মুখীন জিলা আয়ুক্তশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৬ জুনঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পূৱ তেলাহী মৌজাৰ ন আলি অঞ্চলত এতিয়া সোৱণশিৰিৰ ভয়ংকৰ গৰাখহনীয়াই বহু লোকৰ ঠিকনা হেৰুৱাই পেলাইছে৷ যাৰবাবে এতিয়া এনে একাংশ লোকে মুকলি আকাশৰ তলতে অন্ন গ্ৰহণ কৰিব লগা হৈছে৷ আজি সোৱণশিৰিৰ ন-আলিত খহনীয়াগ্ৰস্ত লোকসকলে ‘গণ প্ৰতিবাদী’ কাৰ্যসূচী ৰূপায়ণ কৰি খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়৷ প্ৰখৰ ৰদৰ উত্তাপত সোৱণশিৰি নদী পাৰ হৈ প্ৰতিবাদী জনতাৰ খবৰ লবলৈ যোৱা লখিমপুৰৰ…

লখিমপুৰত ১৪৪ ধাৰা বলবৎঃ পুৱা ৮ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ ভোট গণনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৩ জুনঃ কাইলৈ দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ সাজু হৈ উঠিছে সমগ্ৰ দেশ৷ তেনেদৰে লখিমপুৰ জিলা প্ৰশাসনেও শান্তিপূৰ্ণ আৰু আইন শৃংখলিতভাৱে ৪ জুনৰ পুৱাৰে পৰা ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ আজি বিয়লি ৫ বজাত লখিমপুৰৰ জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্নিং বিষয়া গায়ত্ৰী হ্যালিংগেই এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে৷ মঙ্গলবাৰে জিলাখনৰ উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত চাৰিটা গণনা কোঠাত লখিমপুৰ লোকসভা সমষ্টিৰ ভোট গণনা পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি লখিমপুৰৰ…

লখিমপুৰত হাফপেণ্ট পিন্ধি বিদ্যালয়লৈ শিক্ষক যাব লগা হোৱা পথত ৰাইজৰ ভূঁই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৩১ মেঃ এইবাৰ পথাৰত নহয় পথত হাল বাই কঠিয়া ৰুলে ৰাইজে৷ জৰাজীৰ্ণ পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলাৰ কদম গুজিয়লাৰ মিচিং গাঁওবাসীয়ে৷ আজি পুৱাই পথাৰৰ পৰিৱৰ্তে গাঁওখনৰ লোকসকল ওলাই আহি জৰাজীৰ্ণ আৰু বোকাময় হৈ পৰা কদম গুজিয়লাত এনেদৰে ভূঁই ৰুই প্ৰতিবাদ কৰি জনপ্ৰতিনিধি তথা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাই গাঁওবাসীয়ে৷ উল্লেখ্য যে পূৰ্বে ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান লখিমপুৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা কদম গুজিয়লাৰ একমাত্ৰ পথটো বছৰ বছৰ…

মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ কিয় যাব লাগে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩১ মেঃ শৰীৰটোত সাধাৰণ খুঁট এটা লাগিলেই বা বতৰ সলনি হৈ চৰ্দি কাহ হ'লে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ। যোৱাত বাধা নাই, যাব নালাগে বুলিও নকওঁ, বৰঞ্চ সৰু-সুৰা অসুবিধাতে চিকিৎসকৰ কাষ চাপিব লাগে বুলি পৰামৰ্শ দিয়া হয় যাতে কোনো হেমাহীত সি ডাঙৰ ৰোগত পৰিণত নহয়। কিন্তু মানৱ জীৱনত দেহ আৰু মন দুয়োটাৰে গুৰুত্ব আছে। দেহ-মন দুয়োটাৰে সুস্থতা অতি প্ৰয়োজনীয়। কিন্তু দেহক গুৰুত্ব দিয়াৰ বিপৰীতে মনক গুৰুত্ব দিয়া নহয়। শৰীৰত ৰোগ যেনেদৰে হয় তেনেদৰে মনতো ৰোগ হয়। সকলোৱে কম-বেছি পৰিমাণে মানসিক ৰোগত ভোগে। মনটো…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন

উত্তৰ লখিমপুৰঃ ৩১ মে': ধঁপাত উদ্যোগৰ কবলৰ পৰা শিশুসকলক ৰক্ষা কৰাৰ আহ্বানৰে আজি লখিমপুৰ জিলাত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন কৰা হয়। লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ আৰু শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ সহযোগত লখিমপুৰ বাণিজ্য মহাবিদ্যলয়ত সেই উদ্দেশ্যে এখনি জিলা পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানৰ বাবে আয়োজিত সভাখনিত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা…

ৰেমলৰ বাবে লখিমপুৰত এলাৰ্ট জাৰি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ মেঃ  লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে সাম্প্ৰতিক ঘূৰ্ণী বায়ুজনিত পৰিঘটনাৰ বাবে আজি জিলাখনত সতৰ্কবাণী জাৰি কৰিছে। এক নিৰ্দেশত অতিৰিক্ত জিলা আযুক্ত তথা মুখ্য কার্যবাহী বিষয়াই কৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতর্কবাণীৰ মতে ২৮ আৰু ২৯ মে ২০২৪ তাৰিখে বংগোপসাগৰৰ ওপৰেৰে বিকশিত হোৱা আৰু উত্তৰ দিশে আগবাঢ়ি অহা তীব্র ঘূর্ণীবতাহ "ৰেমল'ৰ বাবে অসম আৰু অসমৰ বেছিভাগ দক্ষিণ অংশত ধাৰাসাৰ বৰষুণ আৰু বতাহ আহিব বুলি ধাৰণা কৰা হৈছে আৰু এই ঘূর্ণীবতাহে লখিমপুৰ জিলাকো…

লখিমপুৰত প্ৰয়াত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ স্মৃতিচাৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ মেঃ প্ৰচুৰ মেধা আৰু বৈচিত্ৰ্যময় জীৱন চৰ্যাৰে যোৱা ১৩ মেত জীৱন নাটৰ সামৰণি পেলোৱা প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ আজি এক স্মৃতিচাৰণ অনুষ্ঠান উত্তৰ লখিমপুৰৰ "বিয়লি"ত অনুষ্ঠিত হয়। গীতাচাৰ্য পুৰন্দৰ বৰুৱাৰ বন্তি প্ৰজ্বলন আৰু বিনয় বৰুৱাৰ সংস্কৃত শ্লোক পৰিৱেশনৰে আৰম্ভ হোৱা অনুষ্ঠানত বিয়লিৰ ফালৰ পৰা প্ৰস্তুত কৰা এখন স্মৃতিচাৰণ পত্ৰ হাজৰিকাৰ পুত্ৰ গৌতম হাজৰিকাৰ লগতে পৰিয়ালবৰ্গক প্ৰদান কৰা হয়। ডাঃ নৱকৃষ্ণ ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত লখিমপুৰৰ মৈত্ৰী আশ্ৰমৰ মহিলাসকলে প্ৰাৰ্থনা পৰিৱেশন কৰে। চন্দ্ৰমা…