Browsing Category

অসম

কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা- আৰ্থিক সাহায্য প্ৰদান

উত্তৰ লখিমপুৰ, ২৬ মেঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লক্ষীমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ঘাৰমৰা সত্ৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্র ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় লগতে আৰ্থিক ভাৱে দুৰ্বল ৫০ জন হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় । প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰী সকলক নগদ ১০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় । আজিৰ সভাত সভাপতিত্ব কৰে আঞ্চলিক…

হীৰক জয়ন্তী উপলক্ষে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা

উত্তৰ লখিমপুৰ, ২৬ মেঃ উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত উপনীত হোৱাৰ উপলক্ষত বিদ্যালয়খনে হীৰক জয়ন্তী উদযাপন কৰা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰা সম্পৰ্কে আজি বিদ্যালয়খনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। পদ্ম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চৰাইমৰীয়া অঞ্চলৰ বহু গণ্য মান্য ব্যক্তিৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু এশৰো অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাত এই বৰ্ষৰে ডিচেম্বৰ মাহৰ শেষৰফালে হীৰক জয়ন্তী উদযাপন…

লখিমপুৰ আৰক্ষীৰ বৃহৎ সফলতাঃ অপহৃত কিশোৰীক অৰুণাচলৰ পৰা উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৯ মে ঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰি তথা গৰৈমাৰী কনুৱা গাঁৱৰ এগৰাকী কিশোৰীক কেইদিনমানৰ পূৰ্বে দুবৃৰ্ত্তই অপহৰণ কৰি নিয়াৰ পিছত অপহৃত কিশোৰীগৰাকীক অৱশেষত অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা লখিমপুৰ আৰক্ষীয়ে শনিবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি এই সন্দৰ্ভত লখিমপুৰৰ আৰক্ষী অধীক্ষকে নিজ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কয় যে আৰক্ষীয়ে বহু চেষ্টাৰ মূৰত অপহৃত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণ কাৰ্যৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষী অধীক্ষক অৰ্পণা…

ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

গুৱাহাটী, ১৬ মে' : অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ১৬ মে'ত এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিধি এনালিটিকাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক পাৰ্থ প্ৰতিম বৰুৱা। মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে। শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা কেৰিয়াৰ কৰ্মশালাখনত আদৰণি ভাষণ প্ৰদান কৰে ড° বুলজিৎ বুঢ়াগোহাঁয়ে । সমল ব্যক্তি পার্থ প্রতিম বৰুৱাই কয়…

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসঃ অন্ধবিশ্বাস-কুসংস্কাৰ দূৰীকৰণ’ বিষয়ক আলোচনা সত্ৰ

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ ১৬ মে' : সমাজৰ পৰা অন্ধবিশ্বাস দূৰীকৰণ আৰু বিজ্ঞান মনষ্কতা সৃষ্টি কৰি এক প্ৰগতিশীল ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত ইলোৰা বিজ্ঞান মঞ্চই সফলতাৰে ২০ বছৰ অতিক্ৰম কৰিলে। এই লৈ ইলোৰা বিজ্ঞান মঞ্চৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৫ মে'ত এখনি আলোচনা সত্ৰ অনুষ্ঠিত হয়। ইলোৰা বিজ্ঞান মঞ্চৰ নাৰায়ণপুৰ শাখাৰ উদ্যোগত নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 'অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণ' শীৰ্ষক বিষয়ত অনুষ্ঠিত হোৱা সভাখনত বিজ্ঞান শিক্ষক তথা ইলোৰা বিজ্ঞান…

অচিৰেই ৱেব চাইটত উপলব্ধ হব ঐতিহ্যমণ্ডিত ফাটবিহু চমু তথ্যচিত্ৰ “ফাটবিহু” 

গুৱাহাটী, ১৬ মে: চিৰ-প্ৰৱাহিনী লুইত আৰু সোৱণশিৰি মাজৰ ভূ-খণ্ডৰ লোক সমা‌জে চাৰিকড়ীয়া নৈ পাৰত উদযাপন কৰা ফাটবিহু বৃহত্তৰ ঢকুৱাখনাৰ নানা জাতি-জনগোষ্ঠীৰ বাপতিসাহোন আ‌ৰু উমৈহতীয়া স্বকীয় লোক-উৎসৱ। অতীতৰ পৰাই পৰম্পৰাগত ভাৱে লক্ষীমপুৰৰ ঢকুৱাখনাৰ কৃষিজীৱী ৰাইজে অনুষ্ঠিত কৰি অহা ফাটবিহু প্ৰাচীন ঐতিহ্য বহনকাৰী এক স্বত:স্ফূৰ্ত পৰম্পৰাগত লোক-সংস্কৃতিৰ ভঁৰাল তথা জনগোষ্ঠীয় বিহু উৎসৱ। আহোম ৰাজত্বকালৰ ডেৰ-দুই শতিকাৰ পৰাই কৰ-কাটল সংগ্ৰহৰ কেন্দ্ৰস্থল পানীৰ 'ফাট' বা নৈ কাষৰ ডাঙৰ 'হাট'ত চহা ৰাইজে প্ৰাকৃতিক ভাৱে বিহু মাৰিছিল। ঢকুৱাখনাৰ পানী ফাটত…

ঘূনাসুঁতি দলং নিৰ্মাণ হব কেতিয়াঃ ৩৮০ কোটি টকীয়া দলং নিৰ্মাণত শামুকীয়া গতি 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ মে ঃ বহু আশা আৰু প্ৰত্যাশাৰ মাজত সোৱণশিৰি নদীৰ ওপৰত ঘূনাসুঁতি ঘাটত অসম চৰকাৰে পকী দলং নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক লখিমপুৰীয়া ৰাইজে আদৰণি জনাইছিল যদিও সময়ত দলংখন নিৰ্মাণ হ’বনে বুলি ৰাইজৰ মাজত সন্দেহ উপজিছে৷ কিয়নো দলংখনৰ শামুকীয়া নিৰ্মাণ কাৰ্যই এতিয়া ৰাইজক এনে কথা ভৱাই তুলিবলৈ বাধ্য হৈছে৷ উল্লেখ্য যে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহতে ঘূনাসুঁতিত এই দলংখনৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিছিল যদিও অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে অতি লেহেমীয়া গতিৰে আৰু নিম্ন সংখ্যক…

অসমবাসীক একতাৰ এনাজৰীৰে বান্ধ খুৱাই ৰাখিছে ফাটবিহুৱে-ডাঃ প্ৰণয় ফুকন

ম'হঘুলি চাপৰিৰ পৰা শতাব্দৰ প্ৰতিবেদক, ঢকুৱাখনা, ১১ মে'ঃ ঢকুৱাখনাৰ ফাটবিহুৱে কেৱল ঢকুৱাখনাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোককে একতাৰ ডোলেৰে বান্ধি ৰখা নাই, বৰঞ্চ অসমবাসীকে একতাৰ এনাজৰীৰে বান্ধ খাই থাকিবৰ বাবে বাণী প্ৰেৰণ কৰি আহিছে। এই ফাটবিহুক মানৱ জাতি জীয়াই থকালৈকে আমি জীয়াই ৰাখিম।--এই ভাষ্য বিশিষ্ট কবি তথা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনৰ। চাৰিকড়ীয়াৰ উত্তৰ পাৰৰ ম'হঘুলি চাপৰিত শুকুৰবাৰৰ পৰা উদযাপিত ফাটবিহুৰ আজি দ্বিতীয় দিনা ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ 'বিহুৱান' উন্মোচন কৰি দিয়া ভাষণত ডাঃ…

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত  নন্দকিশোৰ মহেশ্বৰীৰ ওপজা দিন ”ভাস্কৰ্য আৰু শিল্পৰ দিন” পালন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৯ মে ঃ আধুনিক লখিমপুৰৰ নিৰ্মাতা তথা একেধাৰে নাট্যকাৰ, সাংবাদিক, সমাজকৰ্মী, শিল্পী, লেখক, সংগঠক, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ ৭৬ সংখ্যক ওপজা দিনটো আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ''ভাস্কৰ্য আৰু শিল্পৰ দিন'' হিচাপে পালন কৰা হয়৷ উল্লেখ্য যে নন্দ কিশোৰ মহেশ্বৰীৰ ওপজা দিনটো ২০০৯ চনৰ পৰা ধাৰাবাহিকভাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে ভাস্কৰ্য আৰু শিল্পৰ দিন হিচাপে পালন কৰি আহিছে৷ ২০১৭ চনতে ইহ সংসাৰ ত্যাগ কৰা নন্দ কিশোৰ মহেশ্বৰীক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে সদায় মনত ৰাখি…

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আধুনিক লখিমপুৰৰ নিৰ্মাতা নন্দকিশোৰ মহেশ্বৰীৰ ওপজা দিন ”ভাস্কৰ্য আৰু শিল্পৰ দিন”

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৯ মে ঃ আধুনিক লখিমপুৰৰ নিৰ্মাতা তথা একেধাৰে নাট্যকাৰ, সাংবাদিক, সমাজকৰ্মী, শিল্পী, লেখক, সংগঠক, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ ৭৬ সংখ্যক ওপজা দিনটো আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ''ভাস্কৰ্য আৰু শিল্পৰ দিন'' হিচাপে পালন কৰা হয়৷ উল্লেখ্য যে নন্দ কিশোৰ মহেশ্বৰীৰ ওপজা দিনটো ২০০৯ চনৰ পৰা ধাৰাবাহিকভাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে ভাস্কৰ্য আৰু শিল্পৰ দিন হিচাপে পালন কৰি আহিছে৷ ২০১৭ চনতে ইহ সংসাৰ ত্যাগ কৰা নন্দ কিশোৰ মহেশ্বৰীক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে সদায় মনত…