Browsing Category

অসম

ঘূনাসুঁতি দলং নিৰ্মাণ হব কেতিয়াঃ ৩৮০ কোটি টকীয়া দলং নিৰ্মাণত শামুকীয়া গতি 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ মে ঃ বহু আশা আৰু প্ৰত্যাশাৰ মাজত সোৱণশিৰি নদীৰ ওপৰত ঘূনাসুঁতি ঘাটত অসম চৰকাৰে পকী দলং নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক লখিমপুৰীয়া ৰাইজে আদৰণি জনাইছিল যদিও সময়ত দলংখন নিৰ্মাণ হ’বনে বুলি ৰাইজৰ মাজত সন্দেহ উপজিছে৷ কিয়নো দলংখনৰ শামুকীয়া নিৰ্মাণ কাৰ্যই এতিয়া ৰাইজক এনে কথা ভৱাই তুলিবলৈ বাধ্য হৈছে৷ উল্লেখ্য যে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহতে ঘূনাসুঁতিত এই দলংখনৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিছিল যদিও অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে অতি লেহেমীয়া গতিৰে আৰু নিম্ন সংখ্যক…

অসমবাসীক একতাৰ এনাজৰীৰে বান্ধ খুৱাই ৰাখিছে ফাটবিহুৱে-ডাঃ প্ৰণয় ফুকন

ম'হঘুলি চাপৰিৰ পৰা শতাব্দৰ প্ৰতিবেদক, ঢকুৱাখনা, ১১ মে'ঃ ঢকুৱাখনাৰ ফাটবিহুৱে কেৱল ঢকুৱাখনাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোককে একতাৰ ডোলেৰে বান্ধি ৰখা নাই, বৰঞ্চ অসমবাসীকে একতাৰ এনাজৰীৰে বান্ধ খাই থাকিবৰ বাবে বাণী প্ৰেৰণ কৰি আহিছে। এই ফাটবিহুক মানৱ জাতি জীয়াই থকালৈকে আমি জীয়াই ৰাখিম।--এই ভাষ্য বিশিষ্ট কবি তথা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনৰ। চাৰিকড়ীয়াৰ উত্তৰ পাৰৰ ম'হঘুলি চাপৰিত শুকুৰবাৰৰ পৰা উদযাপিত ফাটবিহুৰ আজি দ্বিতীয় দিনা ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ 'বিহুৱান' উন্মোচন কৰি দিয়া ভাষণত ডাঃ…

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত  নন্দকিশোৰ মহেশ্বৰীৰ ওপজা দিন ”ভাস্কৰ্য আৰু শিল্পৰ দিন” পালন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৯ মে ঃ আধুনিক লখিমপুৰৰ নিৰ্মাতা তথা একেধাৰে নাট্যকাৰ, সাংবাদিক, সমাজকৰ্মী, শিল্পী, লেখক, সংগঠক, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ ৭৬ সংখ্যক ওপজা দিনটো আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ''ভাস্কৰ্য আৰু শিল্পৰ দিন'' হিচাপে পালন কৰা হয়৷ উল্লেখ্য যে নন্দ কিশোৰ মহেশ্বৰীৰ ওপজা দিনটো ২০০৯ চনৰ পৰা ধাৰাবাহিকভাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে ভাস্কৰ্য আৰু শিল্পৰ দিন হিচাপে পালন কৰি আহিছে৷ ২০১৭ চনতে ইহ সংসাৰ ত্যাগ কৰা নন্দ কিশোৰ মহেশ্বৰীক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে সদায় মনত ৰাখি…

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আধুনিক লখিমপুৰৰ নিৰ্মাতা নন্দকিশোৰ মহেশ্বৰীৰ ওপজা দিন ”ভাস্কৰ্য আৰু শিল্পৰ দিন”

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৯ মে ঃ আধুনিক লখিমপুৰৰ নিৰ্মাতা তথা একেধাৰে নাট্যকাৰ, সাংবাদিক, সমাজকৰ্মী, শিল্পী, লেখক, সংগঠক, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ ৭৬ সংখ্যক ওপজা দিনটো আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ''ভাস্কৰ্য আৰু শিল্পৰ দিন'' হিচাপে পালন কৰা হয়৷ উল্লেখ্য যে নন্দ কিশোৰ মহেশ্বৰীৰ ওপজা দিনটো ২০০৯ চনৰ পৰা ধাৰাবাহিকভাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে ভাস্কৰ্য আৰু শিল্পৰ দিন হিচাপে পালন কৰি আহিছে৷ ২০১৭ চনতে ইহ সংসাৰ ত্যাগ কৰা নন্দ কিশোৰ মহেশ্বৰীক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে সদায় মনত…

অন্ধ বিশ্বাস দূৰীকৰণৰ বাবে লক্ষীমপুৰ প্ৰশাসনৰ উদ্যোগত সজাগতা

উত্তৰ লক্ষীমপুৰ,৯মে'ঃ লক্ষীমপুৰ জিলাৰ ধলপুৰৰ কেতবোৰ অঞ্চলত অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ কেতবোৰ অসামাজিক কাৰ্য সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পিছতে লক্ষীমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগ, লক্ষীমপুৰ,জিলা আৰক্ষী, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আদিৰ সহযোগত অঞ্চলটোত আজিএক সজাগতাৰ সভা অনুষ্ঠিত হয়।সভাত টি এম পি কেৰ প্ৰতিনিধি, গাঁও প্ৰধান, বিভিন্ন সামাজিক সংস্থাৰ প্ৰতিনিধি তথা স্হানীয় জনসাধাৰণে অংশগ্ৰহণ কৰে। সভাত সমল ব্যক্তি সকলে জনসাধাৰণক কোনো কাৰণতে অন্ধ বিশ্বাসৰ বশৱৰ্তী নোহোৱাৰ আহ্বান জনায় আৰু…

চাকৰি সন্ধানী প্ৰাৰ্থীৰ বাবে সুখবৰ

শতাব্দ, লক্ষীমপুৰ ২২ ফেব্ৰুৱাৰীঃ দেশৰ আগশাৰীৰ নিৰ্মাণ কোম্পানী লাৰছেন এণ্ড টাৰব' কনষ্ট্ৰাকচন (L&T Construction)ৰ অধীনত অসম তথা ভাৰতৰ অন্যান্য ঠাইত চলি থকা প্ৰকল্প সমূহত ১৫০০ত কৈও অধিক প্ৰযুক্তিবিদৰ আৱশ্যক‌ হৈছে বুলি জানিব পৰা গৈছে। লাৰছেন এণ্ড টাৰব' কনষ্ট্ৰাকচনৰদ্বাৰা পৰিচালিত কাঞ্চিপূৰমস্থিত 'কনষ্ট্ৰাকচন স্কিল ট্ৰেইনি্ং ইনষ্টিটিউট'ত (CSTI-Kanchipuram) ত মাথো ২-৩ মাহৰ প্ৰশিক্ষণৰ পাছতেই ইচ্ছুক প্ৰাৰ্থীসকলে এই পদ সমূহত নিযুক্তি লাভ কৰিব। প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষণৰ সময়ত থকা-খোৱা সকলো সুবিধা বিনামূলীয়াকৈ লাভ কৰিব।অসম…

সংক্ষিপ্ত সংবাদ

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব ডি. লিট - ক্ষীৰধৰ বৰুৱাক প্ৰদান কৰিব ডি এচ চি সন্মান। ৯ মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ বাজেটত বটদ্ৰৱা থানলৈ ৫৪ কোটিৰ বিশেষ পেকেজ। কলাইগাঁৱত প্ৰাক্তন ছাত্ৰ নেতা দিগন্ত বড়োৰ অকাল বিয়োগ। তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিলৰ আশে-পাশে ভূ-কম্পন জৰীপৰ বিৰোধিতা পৰিৱেশ সুৰক্ষা সমিতিৰ।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

উত্তৰ লখিমপুৰ,১৩ ফেব্ৰুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত কালি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা , প'ষ্টাৰ ড্ৰয়িং আদি প্ৰতিযোগিতাত বগীনদী উন্নয়ন খণ্ড অন্তৰ্গত প্ৰায় বিশখন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা বিজ্ঞান ভিত্তিক আৰ্হিৰ (Model) প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে লখিমপুৰ জিলাৰ অধিবিদ্যা পৰিষদৰ সম্পাদক প্ৰদীপ বৰাই। মহান মনিষী আৰ্যভট্টদেৱৰ…

যুৱ মহোৎসৱৰ ইতিহাসত অভিলেখঃ ৭২ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ সাম্প্ৰতিক যুগটো যুৱ যুগ ৷ ভাৰতত সম্প্ৰতি ৬৫ শতাংশ লোক ৩৫ বছৰৰ ভিতৰৰ৷ সেয়ে এই সময়ছোৱাক যুৱ যুগ বুলি কোৱা হৈছে৷ যুৱ মহোৎসৱৰ দৰে অনুষ্ঠানত প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰি আৰু আনৰ প্ৰতিভাৰ উমান ল’ব পাৰি৷ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে ক্ৰমশঃ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অংশগ্ৰহণ কৰিবগৈ পাৰে৷ সেয়ে যুৱ মহোৎসৱ তেনে প্ৰতিযোগীৰ বাবে আখৰাস্থলী৷ এইক্ষেত্ৰত প্ৰতিজন প্ৰতিভাবানে নিজকে নিৰ্ণয় কৰাটো অতি কঠিন৷ এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাজনে অসাধ্য সাধন কৰিব পাৰে৷ কাৰণ এইটো অসাধ্য সাধন কৰাৰ বয়স৷…