Browsing Category

ট্ৰেণ্ডিং

হায় বিদ্যুৎ বিভাগঃ লখিমপুৰৰ আমতলাত এতিয়াও বহু গাঁৱত বাঁহৰ খুঁটাৰে গ্ৰাহকক বিদ্যুৎ সংযোগ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ আগষ্টঃ ৰাজ্যৰ শক্তিখণ্ডত চৰকাৰে আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি আহিলেও চৰকাৰৰ সেই আশ্বাস যে একপ্ৰকাৰে প্ৰহসন সেই কথা লখিমপুৰ জিলাৰ একাংশ গাঁৱৰ বিদ্যুৎ সংযোগ ব্যৱস্থাই পৰিস্ফুট কৰি তুলিছে৷ প্ৰাপ্ত খবৰ অনুসৰি…

তিনিচুকীয়া কাৰাগাৰৰ বিচাৰাধীন মহিলা কয়দীৰ মৃত্যু

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ আগষ্ট : তিনিচুকীয়া জিলা কাৰাগাৰৰ এগৰাকী বিচাৰাধীন মহিলা কয়দীৰ জিম্মাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত তদন্তকাৰী বিষয়াই অহা ২৯ আগষ্টৰ দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে সাক্ষ্যগ্ৰহণ কৰিব ৷ উল্লেখ্য যে তিনিচুকীয়া জিলা…

তিনিচুকীয়া জিলাৰ মাকুমত অইলৰ অ’ চি এছৰ সমীপত গ্ৰেনেড উদ্ধাৰ

শতাব্দ প্ৰতিনিধি‍, ২১ আগষ্ট: তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ লাংকাচিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ হাপজান অ’ চি এছৰ (অইল কালেক্টিং ষ্টেচন) সমীপত আজি বিয়লি এটা শক্তিশালী গ্ৰেনেড উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷…

ড্ৰাগছৰ অপব্যৱহাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধৰ বাবে তিনিচুকীয়াত গুৰুত্বপূৰ্ণ বৈঠক

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ আগষ্ট: আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো তিনিচুকীয়া জিলাৰ চুকেকোণে নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ সময়তে জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয়…

শোণিতপুৰৰ ১১২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰোহনৰ অধীনত ডি আৰ এল পৰিদৰ্শন

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৯ আগষ্ট: তেজপুৰস্থ প্ৰতিৰক্ষা গৱেষণাগাড়ৰ সহযোগত শোণিতপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত আজি ‘মেণ্টিজ ডেভেলপমেণ্ট প্ৰগ্ৰেম’ৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলক মেণ্টৰিং আৰু…

ভূৱা ঠিকনাৰে এছএছবিত যোগদান তিনি যুৱকৰঃতদন্ত

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৯আগষ্টঃ নিজকে শোণিতপুৰৰ বাসিন্দা বুলি ভুৱা পৰিচয় দি এছএছবি চাকৰি লোৱা বহিৰাজ্যৰ তিনি যুৱকৰ জালিয়াতি সম্প্ৰতি পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি, অংকিত কুমাৰ, লোকেন্দ্ৰ চাহাৰ আৰু শ্ৰী দিবাকৰ নামৰ তিনি যুৱকে ২০২২ ত…

২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটা বিশিষ্ট লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মালৈ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ আগষ্ট: ২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটাৰ বাবে মাৰ্ঘেৰিটা নিবাসী, ক’ল ইণ্ডিয়া লিমিটেড চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া, অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, হাস্য-ব্যঙ্গ লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মাক…

তেজপুৰত বেংকৰ ভিতৰৰ পৰাই গ্ৰাহকৰ ধন লুট

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৯আগষ্টঃ তেজপুৰত আজি বেংকৰ ভিতৰতে দিন ডকাইটিৰ দৰে এক ঘটনা সংঘটিত হয়৷ ভাৰতীয় ষ্টেট বেংক তেজপুৰ শাখাত এগৰাকী মহিলাই গ্ৰাহকৰ শাৰীত থিয় হৈ থকা অৱস্থাতে হাতত থকা বেগৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ যায় নগদ ১০ হেজাৰ টকা আৰু…

তেজপুৰত বিশ্ব ফটোগ্ৰাফী দিৱস

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট: বিশ্ব ফটোগ্ৰাফী দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰে বিগত সময়ত কেমেৰাৰে ধৰি ৰখা শতাধিক কলাত্মক আলোকচিত্ৰ আৰু নিজৰ লগতে তাহানিৰে পৰা পিতৃ পুৰুষে ব্যৱহাৰ কৰা কেবাটাও আকৰ্ষণীয় পুৰণি কেমেৰাৰ এখন…

জামিন লাভৰ পাছতো বহুজন কাৰাবন্দী

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ আগষ্ট: অসমৰ কাৰাগাৰসমূহত এনে বহুলোক আছে যিসকলে গোচৰৰ বিপৰীতে জামিন লাভ কৰাৰ পাছতো আইনৰ কিছুমান নিয়ম সম্পূৰ্ণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত কাৰাগৰতে দিন অতিবাহিত কৰিব লগা হয়৷ জামিন লাভৰ অন্ততো কাৰাবন্দী হৈ থকা…