Browsing Category
লিড
সোৱণশিৰি বান্ধত জলপ্ৰলয়ৰ পিছতে এইবাৰ খহিছে পাহাৰ
নাওবৈচাৰ বান পৰিস্থিতি অপৰিৱৰ্তিতঃ ন ন অঞ্চল প্লাবিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৬ জুনঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ জলপ্ৰলয়ৰ সূচনা হোৱাৰ সময়তে এইবাৰ বান্ধত খহি পৰিছে পাহাৰ৷ গেৰুকামুখ পাহাৰৰ ভূমি সোৱণশিৰি বান্ধত খহি পৰাৰ…
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্যহতে বাদঃ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুনঃ বহু চৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্য়হতে বাদ পৰিছে। তাৰ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱত আজিৰ…
বাৰনাককায়ঃ জুইৰ ওপৰত নৃত্য ( ফটো সংবাদ)
ৰাভা জনজাতিৰ “বায়খো” উৎসৱ বা বায়খো পূজাৰ আটাইটকৈ ৰোমাঞ্চকৰ আকৰ্ষণ---বাৰনাককায়আলোকচিত্ৰঃ সৌৰভ কুমাৰ বৰুৱা
দিচাংমুখত “তুফান” পানীৰ তলত
শতাব্দ দিচাংমুখৰ প্ৰতিবেদক, ১৫ জুনঃ বাৰিষা বতৰত এখন নাৱৰ প্ৰয়োজনীয়া কিমান সেয়া সকলোৱে জানে। কিন্তু নাজানে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তাৰ ফলস্বৰূপে বিভাগৰ এখন কাৰ্যক্ষম নাও বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই পানীত বুৰ…
লখিমপুৰত শিঙৰা নদীয়ে মথাউৰি ভাঙি উটুৱাই নিলে তিনিটাকৈ পকী গৃহ
বহু গাঁও জলমগ্ন
উদ্ধাৰ অভিযান অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত শলমৰীয়াত আজি দুপৰীয়া শিঙৰা নদীয়ে মথাউৰি ভাঙি জলপ্ৰলয়ৰ সৃষ্টি কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে সোঁপাৰৰ মথাউৰিটোৰ প্ৰায়…
স্মাৰ্ট মিটাৰ নিৰাপদ- APDCL
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ উৎকট গৰমে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰাল ভাবে বিদ্যুৎ নাটনি, লুকাভাকু আৰু পৰ্যাপ্ত ভল্টেজ নথকা ঘটনাই ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আজি লখিমপুৰত APDCLএ এক সংবাদমেল অনুষ্ঠিত কৰে। মূলতঃ স্মাৰ্ট মিটাৰ সংযোগ…
ধেমাজিত অৰুণাচলীয়ে অসমীয়াক হত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত ৫ অৰুণাচলীক গ্ৰেপ্তাৰ
ঘটনাস্থলীত দল-সংগঠনৰ প্ৰতিবাদ
লখিমপুৰতো ১৩ টা দল- সংগঠনৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ ধেমাজি জিলাৰ বৰদলনি জয়ৰামপুৰৰ সমীপৱৰ্তী পাণবাৰীৰ কেচাই খাটনিত সোমবাৰে অসমৰ ভূমিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰুই থকা…
দুবছৰে মোবাইল হাতেৰে স্পৰ্শ নকৰা সত্যজিৎ বিজ্ঞানৰ চতুৰ্থ স্থানত
যোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে।
শতাব্দ…
ঐক্যমতত কংগ্ৰেছ,ৰাইজৰ দল আৰু অজাপ
এ আই ইউ ডি এফক স্বীকাৰ নকৰে বিৰোধী ১১টা দলে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুনঃ ৰাজ্যত অহা ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ সহযোগী দলৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী দলেই ঐক্যবদ্ধ ভাবে যুঁজ দিব৷…
অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰীত ৰক্তাক্ত পৰিস্থিতি
অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই নিহত কৰিলে দুজনক, আহত দুজন
তিনিজনক অপহৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ৫ জুনঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিত আজি সীমাক লৈ…
