শতাব্দ প্ৰতিনিধি তেজপুৰ,২১মে’: শোণিতপুৰ তথা তেজপুৰ আৰক্ষীয়ে যোৱা সময়চোৱাত জিলাখনত চলোৱা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানত যথেষ্ট পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ ভালেসংখ্যক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বৰ্তমানেও তেজপুৰ আৰু পাৰ্শ্ববৰ্তী অঞ্চলত এনে নিষিদ্ধ বেহা একাংশই চলাই গৈছে।এনে অৱস্থাত আজি তেজপুৰ আৰক্ষীয়ে তেজপুৰৰ দিকৰাইজান অঞ্চলৰ কাছেম আলীৰ বাসগৃহত চলোৱা এক অভিযানত ছয়টা প্লাষ্টিক পাত্ৰত ভৰাই থোৱা অৱস্থাত সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিটা নকল সোণৰ বিস্কুট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কাছেম পূৰ্বৰে পৰাই নিষিদ্ধ ড্ৰাগছ আৰু নকল সোণৰ বেহাৰে জড়িত আৰু এনে দুস্কাৰ্যৰ বাবে আৰক্ষীয়ে পূৰ্বে গ্ৰেপ্তাৰো কৰিছিল।কিন্তু কাৰামুক্ত হৈয়েই পুনৰ একেই অসামাজিক কাৰ্যকলাপত জড়িত হৈ পৰে কাছেম।উল্লেখযোগ্য যে তেজপুৰৰ পূৰ্বাঞ্চলৰ একাধিক অঞ্চলত শেহতীয়াকৈ মাৰাত্মক ড্ৰাগছৰ বেহাৰ
কেবাটাও ঘটনা পোহৰলৈ আহিছে।ইপিনে দুনিশা পূৰ্বে শোণিতপুৰৰ ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ৰঙাপৰা খেৰাই বস্তিৰ দিপালী বসুমতাৰী নামৰ মহিলাগৰাকীৰ বাসগৃহত চলোৱা তালাচীৰ সময়তো চাৰিকিলো ৮১৫ গ্ৰাম গাঞ্জা জব্দ কৰা হয়।ঘটনা সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন হোৱা বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।একেদৰেই জিলাখনৰ মিছামাৰীৰ বাহবেৰা অঞ্চলতো স্থানীয় আৰক্ষীয়ে চলোৱা আন এক অভিযানত ৰমজান আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা দুই কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়।ঘটনা সন্দৰ্ভত অভিযুক্ত ৰমজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
