অবসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ সম্বৰ্ধনা সভা

0 17
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ,২১মে’: “নিজৰ কৰ্মৰ প্ৰতি ভালপোৱাৰ মাজেৰেই জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা পোৱা যায়“ – এই মন্তব্য বিশিষ্ট কণ্ঠশিল্পী দুৰ্গাময়ী বৰাৰ। বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চই কালি  তেজপুৰস্থিত  অসমীয়া ক্লাবত  আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত কণ্ঠ শিল্পী বৰাই ভাষণ প্ৰসংগত শিল্পী জীৱনৰ ঘাতপ্ৰতিঘাত নেওচি কৰা নিৰলস সাধনাৰ  বিষয়ে উল্লেখ কৰে। এই সভাত সভাপতিত্ব কৰে ঐক্যমঞ্চৰ সভাপতি লাৱণ্য দেৱীয়ে।সভাৰ আৰম্ভণিতে সম্পাদক ৰাজু বৰুৱাই উপস্থিতসকলক আদৰণি জনাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানত ঐক্যমঞ্চৰ জ্যেষ্ঠ সদস্য ,বৰ্তমানৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি গিৰিবালা ভূঞাৰ ৮৪ সংখ্যক জন্মবাৰ্ষিকীও পালন কৰা হয় ।সভাত সম্বৰ্দ্ধিত  কণ্ঠশিল্পী বৰা আৰু ঐক্যমঞ্চৰ প্ৰাক্তন সভাপতি  ভূঞাক ফুলাম গামোচা আৰু গ্ৰন্থ উপহাৰেৰে উষ্ণ সম্ভাষণ জ্ঞাপন কৰা হয়। শিল্পী বৰাই অনুষ্ঠানত দুটা গীতো পৰিবেশন কৰে।আনহাতে জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি  ভূঞাই নিজ জীৱনৰ মধুৰ স্মৃতি আবেগেৰে বৰ্ণনা কৰে।সভাত কৰুণা ভূঞা বৰা আৰু শশীপ্ৰভা দেৱীয়ে বৰগীত আৰু আধুনিক গীত পৰিবেশন কৰে।উল্লেখযোগ্য যে,এই  সম্বৰ্ধনা আৰু জন্মদিন পালনৰ কাৰ্যসূচীৰ স’তে সংগতি ৰাখি আয়োজন কৰা প্ৰীতি মেলত  প্ৰভা বৰা, নয়া দেৱী, কৃষ্ণা দাস নাথ, মণিমালা শইকীয়া, প্ৰেমলতা দাস, মৃণালিনী দাস, কমলা দেৱী, সাবিত্ৰী নাথ, কৃষ্ণা পাইন ভট্টাচাৰ্য,অনু দেৱী মহন্ত,ৰীণা বৰদলৈ,মণি দেৱী আৰু বিশিষ্ট সমাজকৰ্মী ৰুবুল শৰ্মাই অংশ গ্ৰহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.