ডলুৰ উচ্ছেদৰ বিৰুদ্ধে তিনিচুকীয়াত ৪ সংগঠনৰ তীব্ৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

0 6
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : কাছাৰৰ ডলু চাহ বাগিছাত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ নামত ২৫০০ বিঘা ভূমিৰ লাখ লাখ উৎপাদনশীল চাহগছ উচ্ছেদ কৰি প্ৰায় তিনিহাজাৰ চাহ শ্ৰমিকৰ জীৱন, জীৱিকাৰ লগতে বাগিছাখন ধ্বংস কৰাৰ প্ৰতিবাদত আজি তিনিচুকীয়া জিলাৰ পানীতোলাত চিপিআই(এম-এল), এ আই চি চি টি ইউ, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ বহু সংখ্যক সদস্যই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকাও দাহ কৰে। প্ৰতিবাদকাৰীসকলে আগত সংস্থাপন পাছত উচ্ছেদ, বিজেপিক উচ্ছেদ কৰক, মোদী হিমন্তৰ বুলডজাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হওক, গ্ৰীণফিল্ড নিৰ্মাণৰ নামত ডলু চাহ বাগিছাৰ ভূমি অধিগ্ৰহণ বন্ধ কৰক, গণ শুনানীৰ মতামতক অগ্ৰাহ্য কৰি বলপূৰ্বক উচ্ছেদ চলোৱা কাৰ্যক হয়ভৰ দিয়া শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে শীঘ্ৰে পদত্যাগ কৰক, নিৰীহ চাহ শ্ৰমিকৰ ভৱিষ্যৎ ধ্বংস কৰা শ্ৰম মন্ত্ৰীক ধিক্কাৰ দিয়ক আদি শ্ল’গান দি চৌদিশ কঁপাই তোলে। ডলু চাহ বাগিছাৰ প্ৰতিবাদী শ্ৰমিকৰ ওপৰত আজি চৰকাৰী বাহিনীৰ নিৰ্মম লাঠীচাৰ্জক গৰিহণা দি এনে দমন কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰি বিজেপিক ক্ষমতাৰ পৰা উচ্ছেদৰ আহ্বান জনোৱা হয়। আজিৰ কাৰ্যসূচীত চিপিআইৰ (এম-এল) জিলা সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ সদস্য সুভাষ সেন, পাৰ্টিৰ জিলা সমিতিৰ সদস্য তথা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ দেৱনাথ মাঝি, গ্ৰামীণ শ্ৰমিকৰ লেংৰাই শাখাৰ সম্পাদক সুনীল চাওৰা, জিলাৰ সম্পাদক তিলেশ্বৰ চবৰ, আহ্বায়ক সুনীৰ তাঁতী, অল আসাম কণ্ট্ৰেক্টৰ ৱৰ্কাৰ্চ ইউনিয়নৰ সম্পাদক সুভাষ সিং আদি উপস্থিত থাকে ।
মন্তব্য দিয়ক

Your email address will not be published.