Browsing Category
অসম
দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ত জিলাভিত্তিত বুনিয়াদী সাক্ষাৰতা আৰু সাংখ্যিকতা দিৱস উদযাপন
ধেমাজি, ২৭ মাৰ্চঃ "শিশুৰ শিক্ষাগ্ৰহণত বুনিয়াদী স্তৰটোৰ যথেষ্ট গুৰুত্ব আছে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা হ'ল- ভাষা শিকনৰ প্ৰধান কৌশলসমূহৰ লগতে দৈনন্দিন জীৱনত গাণিতিক প্ৰয়োগৰ কৌশলসমূহ ছাত্র-ছাত্ৰীয়ে আয়ত্ত কৰা আৰু ব্যৱহাৰিক প্ৰয়োগৰ সামৰ্থ্য লাভ কৰা।এই নিপুণ অসম(FLN) মিছন অনুসৰি ২০২৬-২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীলৈকে সকলো ছাত্র-ছাত্ৰীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিকনৰ লক্ষ্যসমূহ আয়ত্ত কৰিব লাগিব আৰু ইয়াৰ বাবে শিক্ষকসকলৰ লগতে আপোনালোক সকলো অভিভাৱকে পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব।"-এই মন্তব্য ধেমাজি জিলাৰ জিলা প্ৰাথমিক শিক্ষা…
নাৰায়ণপুৰত বুটমাহে প্ৰাণ ললে শিশুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বুট মাহে এটি শিশুৰ প্ৰাণ লোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি নাৰায়ণপুৰ নগৰৰ সমীপৱৰ্তী বেলগুৰি নিবাসী হেম বিকাশ বৰুৱাৰ দুবছৰীয়া পুত্ৰই যোৱা ২৪ মাৰ্চত ঘৰত চোতালত বুটমাহ খাই উমলি আছিল৷ তেনে সময়তে বুটমাহ শিশুটিৰ ডিঙিত লাগি ধৰাত শিশুটিৰ পিতৃ-মাতৃয়ে কণমানিটোক তাৎক্ষণিক ভাৱে নিকটৱৰ্তী নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে৷ শিশুটিৰ এনে আকস্মিক মৃত্যুত তেওঁ পিতৃ-মাতৃ সহ পৰিয়ালটো শোকত ভাগি পৰিছে৷
চিপছ তৈয়াৰ কৰা FC ১১ আলুৰ খেতি কৰি ১৯ ৰ পৰা ২২ লাখ টকাৰ লাভ অর্জন জয়মতী এফ পি চি
কৃষি মন্ত্ৰী অতুল বৰাৰ পৰিদৰ্শন
৭১ৰ পিছৰ বিদেশীৰ স্থান নাই অসমত : খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত নহ’লে অসম ৰসাতলে যাব–বিৰিঞ্চি শৰ্মা
নাৰায়ণপুৰ, ২৬ মাৰ্চঃ জননী জন্মভূমি স্বৰ্গীদপী গৰিয়সী।অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সংবিধানৰ ৬ নং দফাৰ সফল ৰূপায়ণ হ'ব লাগিব।১৯৭১চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰে অসমত থকাৰ অধিকাৰ নাই। এই বক্তব্য সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মাৰ। লখিমপুৰ আৰু ধেমাজি জিলাৰ উদ্যোগত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সাতবাৰ বাকৰিত আয়োজিত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় পূৰ্ণাঙ্গ অধিৱেশনখনৰ দ্বিতীয় দিনাৰ মুকলি অধিৱেশনত এই বক্তব্য ৰাখে উপদেষ্টা গৰাকীয়ে।…
নাৰী কেতিয়াও অৰ্ধাকাশ নহয়, নাৰী সদায় পূৰ্ণাকাশ – জুৰী বৰা বৰগোহাঁই
মুখপত্ৰ "ভৈৰৱী" উন্মোচন - বিভিন্ন প্ৰতিযোগিতাৰ বঁটা প্ৰদানঃ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন
তেজপুৰত অগপৰ বিশেষ কৰ্মী সন্মিলন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬মাৰ্চঃ আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ৰাজ্যৰ সহযোগী শাসকীয় অগপৰ গণ ভিত্তি বৃদ্ধিৰ লগতে দলৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তুলি সৰ্বস্তৰৰ নেতা-কৰ্মীক অধিক সজাগ আৰু সক্ৰিয় কৰি তুলিবলৈ দলৰ কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ কৰা ইতিবাচক পদক্ষেপ সমূহৰ অন্যতম “বিশেষ কৰ্মী সন্মিলন” আজি অনুষ্ঠিত হয় তেজপুৰত৷তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা আৰু সমূহ বিধান পৰিষদ, আঞ্চলিক পৰিষদ, সমূহ ভাতৃ আৰু ভগ্নী সংগঠনৰ সভাপতি-সম্পাদক আৰু দলীয় প্ৰতিনিধিৰ অংশগ্ৰহণেৰে তেজপুৰ মাজগাঁওস্হিত হিলবিলি ভৱনত…
ভূৱা তথ্যৰে বিটিআৰত চাৰিদুৱাৰৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ অভিযোগঃবিশাল ৰাজহুৱা সভাত তীব্ৰ বিৰোধিতা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬মাৰ্চঃ বিটিআৰত নতুনকৈ শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ বাবে চেষ্টা চলাৰ অভিযোগ তুলি এনে কাৰ্য আৰু ইয়াৰ বাবে জনগাঁথনিৰ ভূৱা তথ্যৰ তীব্ৰ বিৰোধিতাৰে আজি চাৰিদুৱাৰত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়৷উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৬জানুৱাৰীত ৰাজ্যৰ একাংশ গাঁও নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে ঘোষণা কৰিছিল আৰু সেই অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ দুখন গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছিল৷ শেহতীয়াকৈ পৰৱৰ্তী পৰ্যায়ত চাৰিদুৱাৰৰ আৰু ৮৪খন ৰাজহ তথা বনগাঁও ভূৱা…
শোণিতপুৰ জিলা সাহিত্য সভাই পালন কৰিলে সাহিত্য দিৱস
অসমীয়া সাহিত্যৰ লেখক সাহিত্যিক হ’বলৈ হ’লে বেজবৰুৱাৰ সাহিত্যৰাজি পঢ়িবই লাগিব - অধ্যাপক ড°হৰি প্ৰসাদ বৰুৱা
স্নাতক পাঠ্যক্ৰমত ড° ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু শৈল্পীক জীৱনৰ ভিত্তিক পাঠ সংযোজন কৰিবলৈ উপাচাৰ্য আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৪মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনিত সৰ্বজন সমাদৃত ব্যক্তি সকলৰ ভিতৰত ড° ভূপেন হাজৰিকা এক উজ্বল নক্ষত্ৰ । ড° হাজৰিকাৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমিত নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লভিছিল। অসমৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীৰ্ষ গীতটো অতি অৰ্থবহ ৰচনা আৰু সুৰৰে সজাই বিশ্ববিদ্যালয়খনক এক সুকীয়া মাত্ৰা প্ৰদান কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্নৰে বিভূষিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। অসমৰ সংগীত জগতৰ পিতৃপুৰুষ গৰাকীৰ গীতি…
সোৱণশিৰিৰ বুকুত চেনেল কাটিং সহ ১৫ কোটি টকীয়া আঁচনি ৰূপায়ণত বাধা
ন-আলি তেলিয়া পথাৰত ১০ কোটি টকীয়া বান্ধৰ কাষত ভয়ংকৰ খহনীয়া
