Browsing Category

অসম

তেজপুৰৰ ৰূপাজুলি চাহবাগিচাত দুই শ্ৰমিক নিহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩১মাৰ্চঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত আজি  দুজন শ্ৰমিক শোকাবহ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আজি দিনৰ প্ৰায় আঢ়ৈ বজাত বাগিচাখনৰ দুই স্হায়ী শ্ৰমিক ৰোহিত তাঁতি(২৯)আৰু ছৱি তাঁতি(৫০) কলঘৰৰ এজবেষ্টাৰ টিনৰ ফাটি থকা অংশ মেৰামতিৰ বাবে উঠাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়৷বহু পুৰণা আৰু ইতিমধ্যেই ফাটি থকা টিনপাটৰ মেৰামতি কৰি নামিবলৈ লোৱাৰ সময়তে সেই টিন ভাঙি পৰে আৰু দুয়োজন শ্ৰমিক প্ৰায় ৪২ফুট উচ্চতাৰ পৰা কলঘৰৰ ভিতৰত পৰি…

আদানিৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি টকা কাৰ – কংগ্ৰেছৰ প্ৰশ্ন

জেলৰ ভয়, সাংসদ পদ খাৰিজে স্তব্ধ কৰিব নোৱাৰে ৰাহুল গান্ধীৰ  কণ্ঠ #  ভূপেন বৰাৰ নেতৃত্বত অসমত হব কংগ্ৰেছৰ চৰকাৰ 

হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্নঃ গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৩০ মাৰ্চঃ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অন্যতম সক্ৰিয় শাখা হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে হাতীলোং উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱাই। হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি দণ্ডী তামুলী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ দিয়ে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক নৱকমল বৰাই। লক্ষীমপুৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত…

ছাত্ৰীক অসৎ ব্যৱহাৰ : তিনিচুকীয়াত শিক্ষক নিলম্বিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ মাৰ্চ : ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত তিনিচুকীয়া জিলা শিক্ষা বিভাগে এগৰাকী শিক্ষকক নিলম্বিত কৰিছে ৷ জানিব পৰা মতে জিলাখনৰ মাকুমৰ এগৰাকী ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰাজেন কুমাৰ গোহাঁই ৷ সূত্ৰমতে শিক্ষক গৰাকীক পকছ’ আইনৰ অধীনত যোৱা ২৪ মাৰ্চত মাকুম থানাই গ্ৰেপ্তাৰ কৰি গোচৰ পঞ্জীয়ন কৰে ৷ এই ঘটনাৰ পাছত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বুধবাৰে জাৰী কৰা এক জাননী যোগে যোৱা…

শোণিতপুৰৰ ১২ স্হানত ১৩ শ বিহুৱা – বিহুৱতীৰ চূড়ান্ত আখৰা

শতাব্দ ষ্টাফ ৰিপ টাৰ,তেজপুৰ ২৯ মাৰ্চ : বিহুৰ বিশ্বমুখী যাত্ৰা।লক্ষ্য ১৪ এপ্ৰিলৰ মহা আয়োজন। একেলগে ১১ হাজাৰ বিহুৱা - বিহুৱতীৰ বিহু প্ৰদৰ্শন। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰৰ লগতে একাংশ বিশিষ্ট বিহুৱা, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি পুৱাই তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দান বিহুনাম, বিহু নৃত্যৰে মুখৰিত হৈ পৰে । ঢোলৰ গুমগুমনি আৰু তালৰ মাতেৰে ৰজনজনাই উঠিল নেহৰু ময়দান। উল্লেখ্য যে, অসম চৰকাৰৰ উদ্যোগত অসম আৰু অসমীয়াৰ স্বাভিমান বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যজুৰি যি ব্যাপক তৎপৰতা সৃষ্টি হৈছে তাৰেই…

সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতি গঠন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ মাৰ্চ : সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতিখন 'সদৌ তিনিচুকীয়া জিলা সত্ৰ মহাসভা' নামেৰে আজি গঠন কৰা হয় । এই উপলক্ষে তিনিচুকীয়াৰ আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন গোস্বামীৰ সভাপতিত্বত তিনিচুকীয়াৰ আৱৰ্ত্ত ভৱনৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত জিলাখনৰ বিভিন্ন সত্ৰ, নামঘৰ, আধ্যাত্মিক ক্ষেত্ৰৰ পৰা অহা ৰাইজৰ উপস্থিতিত এক সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাবে অংশগ্রহণ কৰি সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে সত্ৰীয়া কলা-সংস্কৃতিৰ…

প্ৰসংগ ৰাহুল গান্ধীঃ লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপটাৰ লখিপুৰ ২৯ মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰতো লখিমপুৰ জিলা কংগ্ৰেছ কমিটিয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ফেচিবাদী, অগণতান্ত্ৰিক নীতি আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই শতাধিক কৰ্মী লৈ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। জিলা কংগ্ৰেছৰ সভাপতি গগণ চন্দ্ৰ বৰাই কয়- ভ্ৰষ্টাচাৰী, হিটলাৰী এই অপশাসন নিপাত যাবলৈ বেছি দিন নাই। জিলা কংগ্ৰেছৰ উপ সভাপতি বাহাৰুল ইছলামে কয়- গণতন্ত্ৰৰ নীতিক বিজেপিয়ে মষিমূৰ কৰিব বিচৰা কায্য গৰিহণাযোগ্য ।…

বহুজন সাহিত্য অকাডেমিৰ দ্বাৰা সন্মানিত হ’ল দিপ্তী নাথ বৰা

শতাব্দ প্ৰতিনিধি নাৰায়ণপুৰ, ২৮ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ চেঙেলিজানৰ দিপ্তী নাথ বৰাই চলিত বৰ্ষৰ কলাৰত্ন বঁটাৰে সন্মানিত হ'ল।ষষ্ঠ সংখ্যক দক্ষিণ ভাৰতীয় লেখক সন্মিলনত যোৱা ২১ মাৰ্চত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল এই বিশেষ বঁটাটো।বহুজন সাহিত্য অকাডেমি (B.S.A)এ আনুষ্ঠানিকভাৱে দিপ্তী নাথ বৰাক সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে অন্ধ্ৰপ্ৰদেশৰ তিৰুপট্টীত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰিলে বৰ্ষশ্ৰেষ্ঠ 'কলাৰত্ন' ৰাষ্ট্ৰীয় বঁটাটো। সংগীতত বি মিউজ দিপ্তী নাথ বৰাই নিৰবচ্ছিন্নভাৱে দীৰ্ঘদিনৰেপৰা সংগীত চৰ্চা অব্যাহত…

তেজপুৰত কবিতা পুথি উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৭ মাৰ্চঃ আজি দিনৰ ১১বজাত অনুষ্ঠিত হোৱা এখন সভাত উন্মোচন কৰা হয় যুগে যুগে অৱতাৰ শীৰ্ষক এখন ব্যতিক্ৰমী কবিতা পুথি৷ তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত উন্মোচন কৰা হয়। কবিতাপুথিখন সত্ৰীয়া সংস্কৃতিৰ লগতে লোক সংস্কৃতিৰ সাধক দুৰ্লভ বৰাই ৰচনা কৰিছে৷ মুঠ ৩৫ টা ব্যতিক্ৰমী কবিতা সম্বলিত পুথিখন ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি তথা তেজপুৰ নিবাসী ড° যতীন বৰুৱাই প্ৰকাশ কৰিছে৷ আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবিতাপুথিখন উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ…