Browsing Category
অসম
তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মালৈ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ “বিদ্যাৰত্ন” উপাধি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৭ মাৰ্চ : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত তথা দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাক কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই "বিদ্যাৰত্ন উপাধি" ৰে বিভূষিত কৰাত তেজপুৰবাসী উৎফুল্ল হৈ পৰিছে। বৰ্তমানে দৰং মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে ধৰি তেজপুৰৰ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী, তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ আদি অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা অতি যোগাত্মক চিন্তাধাৰাৰে সকলোকে অনুপ্ৰাণিত কৰা তথা সু বক্তা…
তেজপুৰত হাম্ৰো প্ৰজাশক্তিৰ উদ্যোগত সন্দৰ্ভত আলোচনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ:২৭ মাৰ্চ: ৰাজ্যত বসবাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন সমস্যাৰ আলোকপাত তথা বিশ্লেষণৰ কাৰণে আজি নেপালী দৈনিক কাকত হাম্ৰো প্ৰজাশক্তিৰ উদ্যোগত তেজপুৰত এখন সভা অনুষ্ঠিত কৰা হয়৷ তেজপুৰৰ বিশিষ্ট নেপালী সাহিত্যিক চন্দ্ৰমণি উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হাম্ৰো প্ৰজাশক্তিৰ মুখ্য সম্পাদক অঞ্জন উপাধ্যায়ে৷ সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক কমল চন্দ্ৰ উপাধ্যায়, ক্ষেমানন্দ মিশ্ৰ, সাহিত্যিক ছত্ৰমান চুব্বা, খৰ্গ বাহাদুৰ কৌশিক, অৱসৰপ্ৰাপ্ত বেংক বিষয়া দেৱী প্ৰসাদ অধিকাৰী, গণেশ পৌড়েল,…
উত্তৰ – পূৰ্বাঞ্চলত ক্ৰমশঃ বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা
মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ শতকৰা ৬০ ভাগেই শোণিতপুৰ জিলাৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৭ মাৰ্চ : অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তেজপুৰ নিবাসী ড° ৰঞ্জন কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাত তেজপুৰৰ বিভিন্ন ব্যক্তি - অনুষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে। তেজপুৰৰ বিভিন্ন সামাজিক - সংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ সৈতে জড়িত ড° ৰঞ্জন কলিতা বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদৰ তিনিবছৰীয়া কাৰ্যকালৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা বুলি ২৫ মাৰ্চ তাৰিখে ঘোষিত হোৱাৰ পিছতেই উৎফুল্ল হৈ পৰিছে তেজপুৰবাসী। উল্লেখ্য যে তেজপুৰ…
“সমদল”ৰ পশ্চিম তেজপুৰ সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ সামৰণি
আপোন ভাষাটোৰ প্ৰতি সকলো দায়ৱদ্ধ হ'ব লাগিব- জ্ঞান পূজাৰীমৃদুল কুমাৰ চহৰীয়াৰ কাব্যগ্ৰন্থকে ধৰি পাঁচখন গ্ৰন্থ উন্মোচন
পদূলিত হেঁপাহৰ ৰঙালী বিহু… ( ফটো সংবাদ)
শিৱসাগৰত পৰম্পৰাগত ঢোল প্ৰস্তুত কৰাত ব্যস্ত কেইজনমান শিল্পী...আলোকচিত্ৰঃ আব্দুল মতিন, শিৱসাগৰ
দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ত জিলাভিত্তিত বুনিয়াদী সাক্ষাৰতা আৰু সাংখ্যিকতা দিৱস উদযাপন
ধেমাজি, ২৭ মাৰ্চঃ "শিশুৰ শিক্ষাগ্ৰহণত বুনিয়াদী স্তৰটোৰ যথেষ্ট গুৰুত্ব আছে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা হ'ল- ভাষা শিকনৰ প্ৰধান কৌশলসমূহৰ লগতে দৈনন্দিন জীৱনত গাণিতিক প্ৰয়োগৰ কৌশলসমূহ ছাত্র-ছাত্ৰীয়ে আয়ত্ত কৰা আৰু ব্যৱহাৰিক প্ৰয়োগৰ সামৰ্থ্য লাভ কৰা।এই নিপুণ অসম(FLN) মিছন অনুসৰি ২০২৬-২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীলৈকে সকলো ছাত্র-ছাত্ৰীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিকনৰ লক্ষ্যসমূহ আয়ত্ত কৰিব লাগিব আৰু ইয়াৰ বাবে শিক্ষকসকলৰ লগতে আপোনালোক সকলো অভিভাৱকে পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব।"-এই মন্তব্য ধেমাজি জিলাৰ জিলা প্ৰাথমিক শিক্ষা…
নাৰায়ণপুৰত বুটমাহে প্ৰাণ ললে শিশুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বুট মাহে এটি শিশুৰ প্ৰাণ লোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি নাৰায়ণপুৰ নগৰৰ সমীপৱৰ্তী বেলগুৰি নিবাসী হেম বিকাশ বৰুৱাৰ দুবছৰীয়া পুত্ৰই যোৱা ২৪ মাৰ্চত ঘৰত চোতালত বুটমাহ খাই উমলি আছিল৷ তেনে সময়তে বুটমাহ শিশুটিৰ ডিঙিত লাগি ধৰাত শিশুটিৰ পিতৃ-মাতৃয়ে কণমানিটোক তাৎক্ষণিক ভাৱে নিকটৱৰ্তী নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে৷ শিশুটিৰ এনে আকস্মিক মৃত্যুত তেওঁ পিতৃ-মাতৃ সহ পৰিয়ালটো শোকত ভাগি পৰিছে৷
চিপছ তৈয়াৰ কৰা FC ১১ আলুৰ খেতি কৰি ১৯ ৰ পৰা ২২ লাখ টকাৰ লাভ অর্জন জয়মতী এফ পি চি
কৃষি মন্ত্ৰী অতুল বৰাৰ পৰিদৰ্শন
৭১ৰ পিছৰ বিদেশীৰ স্থান নাই অসমত : খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত নহ’লে অসম ৰসাতলে যাব–বিৰিঞ্চি শৰ্মা
নাৰায়ণপুৰ, ২৬ মাৰ্চঃ জননী জন্মভূমি স্বৰ্গীদপী গৰিয়সী।অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সংবিধানৰ ৬ নং দফাৰ সফল ৰূপায়ণ হ'ব লাগিব।১৯৭১চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰে অসমত থকাৰ অধিকাৰ নাই। এই বক্তব্য সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মাৰ। লখিমপুৰ আৰু ধেমাজি জিলাৰ উদ্যোগত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সাতবাৰ বাকৰিত আয়োজিত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় পূৰ্ণাঙ্গ অধিৱেশনখনৰ দ্বিতীয় দিনাৰ মুকলি অধিৱেশনত এই বক্তব্য ৰাখে উপদেষ্টা গৰাকীয়ে।…
