Browsing Category
অসম
নাৰী কেতিয়াও অৰ্ধাকাশ নহয়, নাৰী সদায় পূৰ্ণাকাশ – জুৰী বৰা বৰগোহাঁই
মুখপত্ৰ "ভৈৰৱী" উন্মোচন - বিভিন্ন প্ৰতিযোগিতাৰ বঁটা প্ৰদানঃ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন
তেজপুৰত অগপৰ বিশেষ কৰ্মী সন্মিলন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬মাৰ্চঃ আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ৰাজ্যৰ সহযোগী শাসকীয় অগপৰ গণ ভিত্তি বৃদ্ধিৰ লগতে দলৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তুলি সৰ্বস্তৰৰ নেতা-কৰ্মীক অধিক সজাগ আৰু সক্ৰিয় কৰি তুলিবলৈ দলৰ কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ কৰা ইতিবাচক পদক্ষেপ সমূহৰ অন্যতম “বিশেষ কৰ্মী সন্মিলন” আজি অনুষ্ঠিত হয় তেজপুৰত৷তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা আৰু সমূহ বিধান পৰিষদ, আঞ্চলিক পৰিষদ, সমূহ ভাতৃ আৰু ভগ্নী সংগঠনৰ সভাপতি-সম্পাদক আৰু দলীয় প্ৰতিনিধিৰ অংশগ্ৰহণেৰে তেজপুৰ মাজগাঁওস্হিত হিলবিলি ভৱনত…
ভূৱা তথ্যৰে বিটিআৰত চাৰিদুৱাৰৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ অভিযোগঃবিশাল ৰাজহুৱা সভাত তীব্ৰ বিৰোধিতা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬মাৰ্চঃ বিটিআৰত নতুনকৈ শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ ৮৪খন গাঁও অন্তৰ্ভুক্তিৰ বাবে চেষ্টা চলাৰ অভিযোগ তুলি এনে কাৰ্য আৰু ইয়াৰ বাবে জনগাঁথনিৰ ভূৱা তথ্যৰ তীব্ৰ বিৰোধিতাৰে আজি চাৰিদুৱাৰত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়৷উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৬জানুৱাৰীত ৰাজ্যৰ একাংশ গাঁও নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে ঘোষণা কৰিছিল আৰু সেই অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ দুখন গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছিল৷ শেহতীয়াকৈ পৰৱৰ্তী পৰ্যায়ত চাৰিদুৱাৰৰ আৰু ৮৪খন ৰাজহ তথা বনগাঁও ভূৱা…
শোণিতপুৰ জিলা সাহিত্য সভাই পালন কৰিলে সাহিত্য দিৱস
অসমীয়া সাহিত্যৰ লেখক সাহিত্যিক হ’বলৈ হ’লে বেজবৰুৱাৰ সাহিত্যৰাজি পঢ়িবই লাগিব - অধ্যাপক ড°হৰি প্ৰসাদ বৰুৱা
স্নাতক পাঠ্যক্ৰমত ড° ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু শৈল্পীক জীৱনৰ ভিত্তিক পাঠ সংযোজন কৰিবলৈ উপাচাৰ্য আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৪মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনিত সৰ্বজন সমাদৃত ব্যক্তি সকলৰ ভিতৰত ড° ভূপেন হাজৰিকা এক উজ্বল নক্ষত্ৰ । ড° হাজৰিকাৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমিত নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লভিছিল। অসমৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীৰ্ষ গীতটো অতি অৰ্থবহ ৰচনা আৰু সুৰৰে সজাই বিশ্ববিদ্যালয়খনক এক সুকীয়া মাত্ৰা প্ৰদান কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্নৰে বিভূষিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। অসমৰ সংগীত জগতৰ পিতৃপুৰুষ গৰাকীৰ গীতি…
সোৱণশিৰিৰ বুকুত চেনেল কাটিং সহ ১৫ কোটি টকীয়া আঁচনি ৰূপায়ণত বাধা
ন-আলি তেলিয়া পথাৰত ১০ কোটি টকীয়া বান্ধৰ কাষত ভয়ংকৰ খহনীয়া
নিৰ্মীয়মান কালভাৰ্ট ভাঙি পৰিল শ্ৰমিকৰ ওপৰতে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মাৰ্চঃ ৰাজ্য চৰকাৰৰ লোক নিৰ্মান বিভাগে পথ নিৰ্মানৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷উল্লেখযোগ্য যে,অতি নিম্ন মানদণ্ডৰ কামৰে চৰকাৰী ধনৰ অপচয় কৰা এনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সৰ্বসাধাৰণে৷ সম্প্ৰতি তেজপুৰৰ নিকটৱৰ্তী অঞ্চলত অতি নিম্ন মানদণ্ডৰে নিৰ্মীয়মান এটা দুই কোটি টকীয়া পথৰ কালৰ্ভাটৰ পকী বেৰ খহি এজন শ্ৰমিক গুৰুতৰ ভাৱে আহত হোৱা ঘটনা সংঘটিত হৈছে৷দীৰ্ঘ সময় শ্ৰমিকজনে কালভাৰ্টৰ ভঙা অংশৰ তলত ককবকাই থকাৰ পাছত…
অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ বিয়োগত শোক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ লখিমপুৰ জিলাৰ শ’লাল গাঁও নিবাসী তথা অসম আন্দোলনৰ নিৰ্যাতিত, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মাৰ যোৱা বৃহস্পতিবাৰে নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ তেওঁৰ বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে অঞ্চলটোৰ এসময়ৰ অতি জনপ্ৰিয় শৰ্মাৰ বিয়োগত বিভিন্ন লোকে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ বোৱাৰীকে ধৰি এগৰাকী কন্যা সহ বহু আত্মীয় স্বজনক এৰি থে যায় ৷ যোৱা দুমাহ পূৰ্বে তেওঁৰ সহধৰ্মিনী ভানু দেৱীৰ অকাল বিয়োগ ঘটিছিল৷ অসম আন্দোলনৰ সময়ত এইজন লোকে চৰকাৰী বাহিনীৰ হাতত নিৰ্যাতিত…
স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলনখন উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা এই বিহু সন্মিলন উপলক্ষে এখন স্মৰণিকা প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে বুলি স্মৃতিগ্ৰন্থৰ সম্পাদক প্ৰশান্ত দত্তই জানিবলৈ দিছে৷ সদৌ লখিমপুৰ জিলা ছাত্ৰসন্থাৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হ’ব লগা বিহু সন্মিলন উপলক্ষে প্ৰকাশ পাব লগা স্মৰণিকাৰ বাবে বিহু সম্পৰ্কীয় প্ৰবন্ধ, নিবন্ধ, কবিতা আদিৰ লেখা…
বধাকৰাত খহনীয়া প্ৰতিৰোধ আচনিৰ নামত ১০ কোটি টকা লুণ্ঠনৰ কৌশল ঠিকাদাৰৰ
জলসম্পদ বিভাগৰ ভূমিকাত ক্ষুব্ধ স্থানীয়লোক
