Browsing Category

অসম

পদ্মশ্ৰী উদ্ধব ভঁৰালী ক’ত?

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মাৰ্চঃ শতাধিক যন্ত্ৰ-সঁজুলি উদ্ভাৱনেৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসম সন্তান উদ্ধব ভঁৰালী এতিয়া ক'ত আছে? বিগত সময়চোৱাত এই প্ৰশ্ন বহুতৰ মনলৈ আহিছে যদিও সদুত্তৰ পোৱা হোৱা নাছিল। শত সহস্ৰ গুণমুগ্ধক আহ্লাদিত কৰিব পৰা ভাল খবৰটো অৱশেষত আহিল-সম্প্ৰতি উদ্ধব ভৰালীৰ বন্দিত্বৰ কাল উকলি মুক্ত আকাশৰ তলত। এক চৰম দুৰ্ভাগ্যজনক পৰিস্থিতিত শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৈ Special(POCSO) 117/21নম্বৰ গোচৰত ১৪ মাহ কাৰাবন্দী হৈ থকা ভঁৰালীয়ে অৱশেষত জামিন লাভ কৰে। ২০২২ চনৰ ২১ জানুৱাৰীৰ পৰা লখিমপুৰ জিলা…

দৰিদ্ৰৰ বাবে আবন্টিত চৰকাৰী বগা চাউলৰ ক’লা বেপাৰ: ছীল কৰিলে সমবায়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩মাৰ্চঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত দৰিদ্ৰৰ বাবে আৱন্টন দিয়া চাউল ক’লা বজাৰত বিক্ৰী কৰিলে চাউল সৰবৰাহ কৰা ঠিকাদাৰে৷ এক দুই কিলোগ্ৰাম নহয় এখন সমবায়তে ৮০০ কুইন্টল চাউলৰ হৰলুকি কৰিছে ঠিকাদাৰে৷ পৰিণতিত শোণিতপুৰ জিলাৰ ঘোৰামাৰী সমবায় সমিতি ছীল কৰিলে শোণিতপুৰ যোগান বিভাগে৷ শোণিতপুৰ প্ৰশাসনে দিছে তদন্তৰ নিৰ্দেশ। উল্লেখযোগ্য যে,ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ঘোৰাঁমাৰী সমবায়লৈ আবন্টিত চাউলৰ পৰা প্ৰায় ৮০০শ কুইন্টল চাউল হৰলুকি ঘটাৰ অভিযোগ উত্থাপিত হৈছে৷সমবায়খনে লাভ কৰিবলগীয়া চাউলৰ ভিতৰত এই…

ঠেলামৰাত উৎকোচলৈ গ্ৰেপ্তাৰ হোৱা মণ্ডলৰ তেজপুৰস্হিত বাসগৃহত তালাচী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ শোণিতপুৰৰ ঠেলামৰাত উৎকোচ লোৱা অৱস্থাত আজি হাতেলোটে কৰায়ত্ত হ’ল এজন মণ্ডল৷ উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাবে আজি তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পৰাগ বৰাক ১৫হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত লাট মণ্ডল জনে এগৰাকী লোকৰ মাটি বাটোৱাৰা কৰাৰ বাবে দাবী কৰা ধন ঠেলামৰা ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদতে থকা কেন্টিনত লোৱাৰ সময়তে দুৰ্নীতি আৰু তদাৰকী শাখাৰ দলটোৱে হাতে…

আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেটত ডিব্ৰুগড় বিশ্ববিদ্যালয় চেম্পিয়ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত আয়োজিত নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ে৷ আজি প্ৰতিকূল বতৰৰ বাবে ১০অভাৰলৈ হ্ৰাস কৰা চূড়ান্ত খেলখনৰ টছত জয়ী হৈ কটন বিশ্ব বিদ্যালয়ে প্ৰথমে বেট কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আমন্ত্ৰণ জনায়৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিষেক কুমাৰৰ ২২ৰাণৰ সহায়ত নিৰ্দ্ধাৰিত অভাৰত চাৰি উইকেটৰ বিনিময়ত ৮৫ৰাণ সংগ্ৰহ কৰে৷প্ৰত্যুত্তৰত কটন বিশ্ববিদ্যালয়ে…

লখিমপুৰৰ চৰ চাপৰিত সন্দেহযুক্ত নাগৰিকৰ ভূমি বে-দখলঃ উচ্ছেদৰ দাবীত বিশাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ মাৰ্চঃ লখিমপুৰৰ একাংশ চৰ-চাপৰিত এতিয়া সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ তুলি আজি সোৱণশিৰিৰ ভীমপৰা চাপৰিত তিনি মিচিং জাতীয় সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে৷ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ শতাধিক সদস্যই সোৱণশিৰি নদীৰ ভীমপৰা চাপৰিৰ হেচামৰাৰ লগতে বৈকুণ্ঠপুৰ চাপৰিত সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি একাংশ দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ আনি আৰু তেনে বে-দখল উচ্ছেদৰ দাবী জনাই আজি মিচিং জাতীয় সংগঠন কেইটাই প্ৰতিবাদী কাৰ্যসূচী…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব জল দিৱস পালন

উত্তৰ লখিমপুৰঃ ২২ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি শেষ টোপাললৈকে পানী ৰাহি কৰাৰ আহ্বানৰে বিশ্ব জল দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ইকো ক্লাবৰ উদ্যোগত অনুষ্ঠিত এখন সভা উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। উদ্বোধনী ভাষণত অধ্যক্ষ ড০ হাজৰিকাই দিৱসটোৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি কয় যে এই বৰ্ষৰ জল দিৱসৰ বিষয় পানী আৰু অনাময় সংকট সমাধানৰ বাবে পৰিৱৰ্তন ত্বৰান্বিত কৰা বিষয়বস্তুৰ সৈতে বিশদভাৱে কয়। তেওঁ কয় যে পৃথিৱীত পানীৰ মজুত দ্ৰুতগতিত কমি আহিছে আৰু এই সংকটে ইতিমধ্যে ভাৰতৰ নগৰ অঞ্চলকে ধৰি বিশ্বৰ বহু ঠাইত…

কটন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ফাইনেলত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰিকেট সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত চলি থকা নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি ২০ ক্ৰিকেট টুৰ্ণামেন্টৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন ছেমি ফাইনেলত কটন বিশ্ববিদ্যালয় একাদশে মাধৱদেৱ বিশ্ববিদ্যালয় একাদশক আঠ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে৷ টছত জিকি কটন বিশ্ববিদ্যালয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ক প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ কৰে ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ে নিৰ্ধাৰিত ২০ অভাৰত ন উইকেটৰ বনিময়ত ১০৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ দলৰ হৈ…

তেজপুৰৰ তিনি মৌজাৰ কৃষকৰ ম্যাদীভূমিকলৈ দুই কোম্পানীৰ কাৰছাজি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ কৃষকৰ ভূমি বিনামূল্যে আৰু বলপূৰ্বক দখল কৰিবলৈ লোৱাৰ অভিযোগত আজি তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিহুগুৰি ময়লা গাঁৱত এন আৰ এল আৰু ইন্দ্ৰধনুছ গেছ গ্ৰিডৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখযোগ্য যে, এন আৰ এল নামৰ কোম্পানীটোৰ বিৰুদ্ধে বলপূৰ্বক স্হানীয় কৃষক ৰাইজৰ ভুমিত পাইপ স্হাপনৰ অপচেষ্টা কৰাৰ অভিযোগ কৰিছে স্হানীয় কৃষক ৰাইজে৷ ইয়াকে লৈ আজি ক্ষুব্ধ ৰাইজে দুই প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰশাসন তথা চৰকাৰৰ হস্তক্ষেপ দাবী কৰে৷ আজি এনে কাৰ্যৰ বিৰুদ্ধে হলেশ্বৰ, বাঁহবাৰী…

ইলোৰা বিজ্ঞান মঞ্চৰ স্মৃতি দিৱসত ‘স্বপ্নদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী ন্যাস’ গঠনৰ ঘোষণা

প্ৰতি বছৰেই স্মৃতি দিৱসত আৰ্থিকভাৱে পিছপৰা মেধাবী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব ন্যাসৰ বঁটা