Browsing Category

অসম

লখিমপুৰৰ মহাইজানত আই জি এচ এচ এচৰ সামগ্ৰী বিতৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২২ মাৰ্চঃ লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মহাইজান পতিয়া গাঁৱৰ ৰাজহুৱা মঞ্চত ইন্দু গ্ল'বেল ছচিয়েল চাৰ্ভিছ চচাইটিৰ উদ্যোগত আৰু এইচ ডি এফ চি বেংকৰ অৰ্থ সাহাৰ্যত মংগল বাৰে "এখন সমল হস্তান্তৰ আৰু বিতৰণ সভা অনুষ্ঠিত কৰা হয়। আই জি এছ এছ এছৰ কৰ্মী মন্টু শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাবে ডাঃ উমাৰাম তামুলী বিজ্ঞান গুৰু লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়, ডাঃ ছত্ৰপতি গয়াৰী, জিলা পশু পালন আৰু চিকিৎসা বিভাগ, লখিমপুৰ, প্ৰফুল দত্ত ন-কদম গাওঁ সভাপতি লগতে বিভিন্ন গাঁৱৰ পৰা ২০০ৰো অধিক…

তেজপুৰৰ বিভিন্ন স্থানত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ তেজপুৰৰ বিভিন্ন স্হানত সম্প্ৰতি আৰম্ভ হৈছে বিহু নাছ আৰু ঢোল বাদনৰ কৰ্মশালা। তিনিআলি মহিলা সকলৰ উদ্যোগত বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত বিহু নাচ আৰু ঢোলৰ কৰ্মশালা কালি এগছি বন্তি আৰু ধুপ জ্বলাই বালিপুখুৰী সত্ৰৰ সত্ৰাধিকাৰ ৰামেশ্বৰ মহন্ত আৰু তিলক কেওঁটে শুভাৰম্ভ কৰে৷এই অনুষ্ঠানত নাৰিকল ভাঙে পিলি পটংগীয়াই, অনুষ্ঠানটোত উপস্থিত থাকে বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পুৰ্ণানন্দ মহন্ত, চিত্ৰ ৰঞ্জন পটংগীয়া ,উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস আৰু প্ৰশিক্ষন…

তেজপুৰত এছ এছ বিৰ দীক্ষান্ত সমাৰোহ সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ আজি প্ৰশিক্ষণ সমাপ্ত কৰি দেশৰ সেৱাত প্ৰথম খোজ আগবঢ়ালে এছ এছ বিৰ ১৮৮ গৰাকী জোৱানে। আজি এছ এছ বিৰ শোণিতপুৰ জিলাৰ তেজপুৰ শালনীবাৰীস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ ছত্ৰপতি শিৱাজী ষ্টেডিয়ামত অনুষ্ঠিত ২৫৯ নম্বৰ গোটৰ প্ৰশিক্ষণ সমাপ্ত কৰা জোৱান সকলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি সশস্ত্ৰ সীমা বলৰ দিল্লীস্থ মুখ্যালয়ৰ মহাপৰিদৰ্শক সুধীৰ কুমাৰে ৪৫গৰাকী মহিলাসহ ১৮৮গৰাকী জোৱানে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহন কৰে। জোৱান সকলৰ আনুষ্ঠানিক অভিবাদন গ্ৰহন কৰি মহাপৰিদৰ্শক কুমাৰে…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনলৈ ক্ৰমান্বয়ে গতিশীলতা আহিবলৈ ধৰিছে৷ দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ যোৱা দুটা দিনত সম্পন্ন কৰি তুলিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে৷ সোমবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শল্য চিকিৎসক ডাঃ গৌতম কুটুমৰ নেতৃত্বত চিকিৎসকৰ এটা দলে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাৰ স্তন কেন্সাৰৰ সফল অস্ত্ৰোপচাৰ কৰাৰ পিছত আজি চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে এজন ৰোগীৰ আঁঠু সংস্থাপন কৰা হয়৷ অস্থি বিশেষজ্ঞ ডাঃ বিপিন বৰঠাকুৰৰ নেতৃত্বত চিকিৎসকৰ এটা দলে আজি এজন ৰোগীৰ…

 লখিমপুৰত সদৌ চুতীয়া জাতি সন্মিলনৰ দুদিনীয়া কেন্দ্ৰীয় সভাৰ আয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা টাউন মডেল স্কুলৰ সমীপৰ সাহিত্য সভা ভৱনত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ এখন বিশেষ প্ৰতিনিধি সভা কাইলৈ ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ লখিমপুৰ জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হ’বলগা এই প্ৰতিনিধি সভাখনত ৰাজ্যখনৰ ভালেকেইখন জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সন্মিলনৰ প্ৰশাসনিক সাধাৰণ সম্পাদক দেৱজ্যোতি শইকীয়াই জানিবলৈ দিছে৷ সদৌ চুতীয়া জাতি সন্মিলনৰ অসমৰ ভৱিষ্যৎ কাৰ্যপন্থা, জনজাতিকৰণৰ পদমৰ্যাদা, প্ৰাপ্য অধিকাৰ, চুতীয়াসকলৰ…

লখিমপুৰ জিলাত “পোষণ পখোৱাৰা ২০২৩” ৰ শুভ উদ্বোধন

উত্তৰ লখিমপুৰ, ২১ মাৰ্চঃ  সোমবাৰে, লখিমপুৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পোষণ অভিযান, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ লখিমপুৰৰ উদ্যোগত অনুষ্ঠিত কৰা "পোষণ পখোৱাৰা ২০২৩" অভিযানৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙে। পোষণ পখোৱাৰা ২০২৩" অভিযানৰ উদ্দেশ্য হৈছে পৰিপুষ্টিগত সুস্থতাৰ বাবে শ্ৰীঅন্ন (মিলেট)ৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণ ,ৰাজ্যজুৰি সুস্থ শিশু প্ৰতিযোগিতাৰ আয়োজন আৰু সক্ষম অঙ্গনবাদী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ। জিলাৰ ভাৰপ্ৰাপ্ত সমাজ কল্যান বিষয়া মুস্তাফা চেলিম আহমেদে সভাত পোষণ পখোৱাৰা অভিযান সম্পৰ্কে বহুলভাৱে…

ৰাজ্যপাল আৰু উপায়ুক্তলৈ পৃথকে স্মাৰকপত্ৰ শোণিতপুৰ কংগ্ৰেছৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মাৰ্চঃ ৰাজ্য চৰকাৰে পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰি শোণিতপুৰ তথা তেজপুৰৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি শোণিতপুৰ জিলা কংগ্ৰেছে শোণিতপুৰৰ উপায়ুক্তক আন এখন স্মাৰকপত্ৰ দাখিল কৰিছে৷ পৌৰ কৰৰ পৰিমাণ চৰকাৰে ৭.৫শতাংশলৈ বৃদ্ধি কৰাত ক্ষোভ প্ৰকাশ কৰি ৰাজ্যপাললৈ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰত জিলা কংগ্ৰেছে ,মূল্যবৃদ্ধি, ভয়ংকৰ নিবনুৱা সমস্যা, অপ্ৰতিৰোধ্য অৰ্থনৈতিক অৱনতি আৰু নাগৰিকৰ ওপৰত অভূতপূৰ্ব ঋণৰ বোজা জনসাধাৰণক প্ৰভাৱিত…