Browsing Category
অসম
বিশ্ব ঘৰচিৰিকা দিৱস আৰু সাধুকথা দিৱস পালন
বিশ্ব ঘৰচিৰিকা দিৱসৰ চিত্ৰাংকন আৰু শিক্ষাৰ্থীৰ সন্মুখত ককা - আইতাৰ সাধু, নাটকৰ সংলাপেৰে মুখৰিত বিদ্যালয় প্ৰাংগন
নাওবৈচাত ভাগিনীয়েকৰ দাৰ ঘাপত মোমায়েকৰ নিহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ , ২০ মাৰ্চঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ সমীপৰ তথা লালুক থানাৰ অন্তৰ্গত হৰিপুৰত যোৱা নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ এই ঘটনাই সমগ্ৰ নাওবৈচা আঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি এটা মছজিদত ইমাম হিচাপে কাম কৰা ছফিকুল ইছলাম নামৰ লোকজনে নিজৰ মোমায়েক মকবুল হুছেইনক দাৰে ঘপিয়াই হত্যা কৰে৷ বাৰীৰ এজোপা গছ কটাক লৈ দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হয় আৰু উক্ত ঘটনাৰ আলমত যোৱা নিশা ৯ মান বজাত ছফিকুল ইছলামে মোমায়েক মকবুল হুছেইনক দাৰে উপৰ্যুপৰি ঘপিয়াই আহত কৰাৰ পিছত ঘটনাস্থলীতে মোমায়েকৰ মৃত্যু হয়৷…
দুস্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ ভূপেন ডেকাক স্মৰণ তেজপুৰত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ : জুয়ে পোৰা ৮৩ ৰ আজিৰ দিনটোতে দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামিডাঠ যোদ্ধা, দক্ষ অভিনেতা জাতীয় শ্বহীদ ভূপেন ডেকাক আজি তেজপুৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে একাংশ সতীৰ্থৰ লগতে বৰ্তমানৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু তেজপুৰীয়া ৰাইজে। তেজপুৰ চহৰৰ সমীপৰ বাম পৰ্বতীয়াৰ শ্বহীদ ভূপেন ডেকা পথৰ কাষতে থকা শ্বহীদ ভূপেন ডেকা সোঁৱৰণী মঞ্চ প্ৰাংগনত থকা জাতীয় শ্বহীদ গৰাকীৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিকূল বতৰকো নেওচি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি…
টিৰাপ ভূখণ্ডত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে
মুক্ত কয়লা খনন বন্ধ, বিদেশী বহিষ্কাৰৰ দাবী
ঢলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগুৰ শাস্তি হবনে
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ লৈ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে বিভিন্ন সংগঠন৷ ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আজি লখিমপুৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই ঢলপুৰ আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে উত্তাল কৰি তোলে লখিমপুৰৰ বিভিন্ন প্ৰান্ত৷ লখিমপুৰ সদৰত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা জোকাৰি আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ আৰু বৰ্খাস্তৰ দাবী তোলে লখিমপুৰ জিলা…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আই চি এছ এছ আৰৰ পৃষ্ঠপোষকতাত সেউজ পদ্ধতিৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২০ মাৰ্চঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত বহনক্ষম উন্নয়নৰ দিশত সেউজ পদ্ধতি: একবিংশ শতিকাত ইয়াৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অৰ্থনীতি, বেংকিং আৰু বাণিজ্য বিভাগৰ উদ্যোগত দুদিনীয়া আলোচনা চক্ৰখন উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। বন্তুি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ বৰাই। অনুষ্ঠানৰ উদ্বোধনী আৰু আদৰণি ভাষণত অধ্যক্ষ ড০ লোহিত হাজৰিকাই কয় যে সেউজ পদ্ধতি…
তিনিচুকীয়াত ’আদৰ্শ’ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ মাৰ্চ : ৰাজ্যখনৰ ভিতৰতে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক নামজ্বলা শিক্ষানুষ্ঠান তিনিচুকীয়াৰ তুলসীৰাম পথস্থিত ঐতিহ্যমণ্ডিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয়খনৰ ৪ জন প্ৰাক্তন ছাত্ৰৰ উপস্থিতিত বিশেষ কাৰ্যসূচীৰে পালন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট ব্যৱসায়ী দেবব্ৰত দহোতীয়াই ৷ বৃক্ষ ৰোপণ কৰে ইক’টুৰিজিমৰ ওপৰত কাম কৰি অহা আদৰ্শ প্ৰাথমিকৰ…
পৌৰ কৰ বৃদ্ধি বাতিলৰ দাবীত লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ অসম চৰকাৰে বিভিন্ন শিতানত পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰিষদৰ অভিযোগ শেহতীয়াকৈ অসম চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তৰ্গত গৃহ কৰকে ধৰি অন্যান্য কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ কিন্তু অতি পৰিতাপৰ বিষয় যে পৌৰকৰ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কতৃৰ্পক্ষই লখিমপুৰ পৌৰ নিগম আৰু পৌৰসভাক স্থানীয়ভাৱে জন শুনানি আৰু ৰাজহুৱা উজৰ-আপত্তি গ্ৰহণ…
চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সদৌ অসম নতুনকৈ প্ৰাদেশিকীত মধ্য ইংৰাজী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ,১৯ মাৰ্চঃ লখিমপুৰত আজি সদৌ অসম নতুকৈ প্ৰাদেশিকীত মধ্য ইংৰাজী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ অধিবেশনৰ মুকলি ৰাজহুৱা সভাত কৰ্মচাৰী সকলে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে।জিলাখনৰ সোৱণশিৰিৰ কঠালগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত অধিবেশনত লখিমপুৰ জিলাৰ উপৰি ধেমাজি,মাজুলী আৰু শোণিতপুৰ জিলাৰ প্ৰতিনিধি সকলো উপস্থিত থাকে। তাৰাবীৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত কৰ্মচাৰী সকলে ক্ষোভ প্ৰকাশ কৰি কয় যে-২০২২চনৰ চেপ্তেম্বৰ মাহত ৰাজ্যৰ শিক্ষা বিভাগে নতুকৈ সমগ্ৰ…
নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বগীনদীত বৰষুণৰ পানী সংৰক্ষণৰ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
লখিমপুৰ,১৯মাৰ্চঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত ভাৰত চৰকাৰৰ "কেটচ্ দ্য ৰেইন" শীৰ্ষক কাৰ্যসূচীৰ অংশ স্বৰূপে বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত এক সজাগতামূলক অভিযান আৰম্ভ কৰিছে । উক্ত অভিযানৰ অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নেহৰু কেন্দ্ৰৰ উদ্যোগত বগীনদী উত্তৰাঞ্চল চাৰু কলা কেন্দ্ৰৰ সহযোগত বগীনদী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে এক সজাগতা সভা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।উক্ত কাৰ্যসূচীত…
