Browsing Category

অসম

নামঘৰীয়ালৈ সাহায্য মুকলিৰ আহ্বানৰে সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯মাৰ্চঃ ৰাজ্যৰ ধৰ্মীয় পৰম্পৰা, ৰীতি নীতিৰ লগতে সাংস্কৃতিক তথা সমাজিক ক্ষেত্ৰখনলৈ বিভিন্ন প্ৰত্যাহ্বান নেওচি সেৱা আগবঢ়াই অহা সকলৰ এক সংস্হা ঢেকিয়াজুলি আৰু বৰছলা বিধানসভা সমষ্টিৰ ভকত, বায়ন, গায়ন, শিল্পী, নামঘৰীয়াসকলৰ এখন সভা আজি দিনৰ ১২বজাৰ পৰা দুইনম্বৰ বৰপুখুৰী ৰাজহুৱা নামঘৰত অনুষ্ঠিত হৈ যায়৷ সভাত ৰাজ্য চৰকাৰে ঘোষণা কৰা সাহায্য লাভ নকৰা বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনোৱা হয়৷ উল্লেখযোগ্য যে.ঢেকিয়াজুলি আৰু বৰছলাৰ প্ৰায় তিনিশ নামঘৰীয়াই…

ককা-আইতাই খুন্দনাত তামোল খুন্দি মুঢ়াত বহি ক’লে সাধু

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৯ মাৰ্চঃ প্ৰতিকূল বতৰৰ মাজতো শতাধিক শিশুৰ মুখৰ সাধুৰ লগতে ককা - আইতা কোৱা সজ কথা আৰু সাধুৰে আজি পুৱাৰ পৰা জীপাল হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন। ২০ মাৰ্চ অৰ্থাৎ কাইলৈ বিশ্ব সাধুকথা দিৱসৰ লগত সংগতি ৰাখি আজি তেজপুৰ সাহিত্য সভাই কুঁহি উপ সমিতিৰ সহযোগত আয়োজন কৰা "সাধুকথা সজ কথা লক্ষ্য আমাৰ জগত সভা" শীৰ্ষক অকণিৰ মুখৰ সাধু শুনা অনুষ্ঠানত বহুকেইগৰাকী আইতা আৰু ককায়েও সাধু কৈ অনন্য পৰিৱেশৰ সূচনা কৰি তুলিলে তেজপুৰ সাহিত্য সভা ভৱন । তেজপুৰৰ বিভিন্ন প্ৰান্তৰ শতাধিক শিশু, অভিভাৱক আৰু বিশিষ্ট ব্যক্তিৰ…

তেজপুৰত প্ৰাক্তন সৈনিকৰ সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯মাৰ্চঃ শোণিতপুৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্যোগত আজি এক প্ৰাক্তন সৈনিক সভাৰ আয়োজন কৰা হয় তেজপুৰত ৷ এই সভা ডেকাৰগাঁও আঞ্চলিকৰ অন্তৰ্ভুক্ত প্ৰাক্তন সৈনিক সকলকলৈ অনুষ্ঠিত কৰা হয় ৷ ইয়াত অনুষ্ঠিত সভাখন জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ মুৰব্বী তথা প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল এ কে নন্দীয়ে প্ৰাক্তন সৈনিক সকলক সম্বোধন কৰি কয় যে আমাৰ প্ৰাক্তন সৈনিক সকলৰ দৰমহা দিয়াৰ উৎসটো সম্প্ৰতি বদলি হৈছে ৷সকলোৰে দৰমহা স্পৰ্শৰ দ্বাৰা বিতৰণ হ’ব বুলি তেওঁ অবগত কৰে৷এই সভাতে তেওঁ স্পৰ্শৰ বিষয়ে সকলোকে বিতং ভাবে…

লখিমপুৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ১৮ মাৰ্চ: আজি লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভাখনি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰি বিগত সভাৰ কার্যবিবৰণী পাঠ কৰে। সভাত বিগত সময়চোৱাত চৰকাৰী বিভাগ সমূহে জিলাখনত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰা হয়। সভাপতিৰ আসনৰ পৰা সাংসদগৰাকীয়ে জিলাখনৰ অন্তৰ্গত চাৰিটা পৌৰসভা এলেকাত ৰূপায়ণ কৰি থকা প্ৰধান মন্ত্ৰী আবাস যোজনাৰ…

তেজপুৰৰ বাতৰি কাকত বিতৰক, নাগাৰা নামৰ শিল্পী চন্দ্র কান্ত মজুমদাৰৰ আকস্মিক মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মাৰ্চ : দীৰ্ঘদিন ধৰি তেজপুৰৰ ঊষানগৰত ভাড়াতীয়া হিচাপে থাকি এখন গেলামালৰ দোকানৰ লগতে বাতৰি কাকতৰ বিতৰক হিচাপে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা নলবাৰী নিবাসী চন্দ্র কান্ত মজুমদাৰৰ কালি নিশা আকস্মিক ভাৱে ৭০ বছৰ বয়সত মৃত্যু হোৱাত তেজপুৰত শোকৰ ছাঁ পৰিছে। এগৰাকী নাগাৰা নামৰ শিল্পী হিচাপে পৰিচিত মজুমদাৰে কালি নিশাও আন দিনাৰ দৰে কোনো ঠাইৰ পৰা নাগাৰা নামত অংশ লৈ তেজপুৰ চহৰৰ ঊষানগৰৰ বাসগৃহলৈ আহে যদিও হঠাৎ অসুস্থ হৈ পৰি নিশা ১ মান বজাত আকস্মিক ভাৱে মৃত্যুক আঁকোৱালি লয়। বিগত ১৫ বছৰে বাতৰি কাকতৰ বিতৰক হিচাপে…

তেজপুৰৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সম্পন্ন

শতাব্দ  ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত আজি সম্পন্ন হয় দুই দিনীয়া কাৰ্যসূচীৰে সপ্তম ৰাষ্ট্ৰীয় আলোচনা সত্ৰ৷ ৱৰ্ল্ড এচ’চিয়েচন ফৰ চাইক’চচিয়েল ৰিহেবিলিটেচন ৰ এই সত্ৰত আন্ত: ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় স্তৰৰ প্ৰায় ২৫৭ গৰাকী গৱেষক তথা মানসিক স্বাস্থ্য কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷ প্ৰথম দিনৰ কাৰ্যসূচী অতিথি সকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়। আদৰণি ভাষণ আগবঢ়ায় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ এছ কে দেউৰীয়ে । স্মৃতিগ্ৰন্থ উন্মোচন…

বগীনদীত এন এইচ পি চিৰ ২৩ লাখ টকীয়া স্বাস্থ্য বিভাগক চিকিৎসা সঁজুলি বিতৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ চিকিৎসালয়ত আজি এন এইচ পি চিয়ে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত লখিমপুৰ জিলা স্বাস্থ্য বিভাগক ২৩ লাখ টকাৰ স্বাস্থ্য সামগ্ৰী আনুষ্ঠানিক বিতৰণ কৰে৷ বগীনদী আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত সভাখনত এন এইচ পি চিৰ পি আৰ অ’ এছ পি মজুমদাৰে আঁতধৰা অনুষ্ঠানত লখিমপুৰৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গুণীন গগৈক এই চিকিৎসা সঁজুুলিসমূহ প্ৰদান কৰে এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই৷ উল্লেখ্য যে আজিৰ এই সভাখনতে জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰলৈ অত্যাধুনিক বিছনাকে ধৰি…

শিক্ষাবিদ ড° প্ৰণীল গোস্বামীৰ আকস্মিক বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ প্ৰচুৰ মেধাসম্পন্ন তথা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, তেজপুৰ কমাৰচুবুৰী নিবাসী ড° প্ৰণীল গোস্বামীৰ আজি আকস্মিক ভাবে বিয়োগ ঘটিছে৷ উল্লেখযোগ্য যে,৭২বছৰীয়া শিক্ষাবিদ গৰাকী সপৰিয়ালে মুম্বাইত থকা কন্যাৰ ঘৰলৈ গৈছিল আৰু আজি দিনত লুনাৱলাৰ এটা ৰিজ’ৰ্টত থকাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ দুপৰীয়া প্ৰায় ২-১০বজাত তেওঁৰ বিয়োগ ঘটে৷ তেওঁক ততাতৈয়াকৈ সমীপৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল য’দিও চিকিৎসকে ড° গোস্বামীৰ ইতিমধ্যে বিয়োগ ঘটা বুলি নিশ্চিত কৰে৷শৈশৱৰ পৰাই মেধাৰ পৰিচয় দিয়া ড° গোস্বামীয়ে…

 প্ৰশ্নকাকত ফাদিলঃ ধলপুৰত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক ৰাজপথতে আৰক্ষীৰ মাৰধৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীত আজি এক অভাৱনীয় কাণ্ডৰ সূচনা হয়৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ প্ৰতিবাদ জনাই আজি পুৱাৰ ভাগত ধলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিকৰ একাংশ পৰীক্ষাৰ্থীয়ে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ পৰা দুপৰীয়া প্ৰতিবাদী সমদল উলিয়াই নিচেই কাষতে থকা ধলপুৰ চেণ্টাৰত তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ জনায়৷ এই প্ৰতিবাদী কাৰ্যসূচী বাধা দিবৰ বাবে উক্ত স্থানত ধলপুৰ আৰক্ষী চকীৰ…