Browsing Category

অসম

লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ : অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ স্বপ্নীল পালে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত ২৬ মাৰ্চৰ দিনা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা গৃহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ সৈতে নিয়োজিত লোকসকলৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে ৷ প্ৰাৰ্থীসকলে পৰীক্ষাগৃহত মোবাইল ফোন (আনকি চুইচ অফ মোডত) বা আন যিকোনো ইলেক্ট্ৰনিক সঁজুলি, ষ্টৰেজ…

কেঁচাসোণা বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ :  তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ নখৰাই চাহ বাগিচাৰ কেঁচাসোণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বিৰুদ্ধে আজি অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৰ নেতৃত্বত বহুসংখ্যক শ্ৰমিক ৰাইজে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এক বিবৃতিত চাহুৱে কয় যে এই বিদ্যালয়খন হৈছে নখৰাই চাহ বাগিছাৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো চাহ বাগিছা ক্রমে মাজবাৰী, দীঘলীজান, নলনি, ৰঙাগড়া, দিনজান, ডিপুট লাইন, পৰশুৰাম নৰ্থ আৰু ছাউথ বাগিছাৰ এক বৃহৎ…

পৌৰকৰ বৃদ্ধিৰ বিৰোধিতা কংগ্ৰেছৰঃতেজপুৰত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬মাৰ্চঃ ৰাজ্যচৰকাৰে পৌৰকৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে৷ ইয়াৰ বিৰুদ্ধে অহা ২০মাৰ্চত জিলা কংগ্ৰেছে প্ৰতিবাদ জনাই স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি নৱগঠিত শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত একাধিক প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ইয়াৰ ভিতৰত ৰাজ্যচৰকাৰৰ পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্তৰো তীব্ৰ বিৰোধিতা প্ৰকাশ কৰা হয়৷ উল্লেখযোগ্য যে,আজি দিনৰ ১১বজাত তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱভৱনত এই বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন…

তেজপুৰত চক্ৰ পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন উদ্বোধন উপায়ুক্তৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ মাৰ্চঃ আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত তেজপুৰ ৰাজহ চক্ৰৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন উদ্বোধন কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।অনুষ্ঠানত ভাষণ প্ৰসঙ্গত উপায়ুক্তগৰাকীয়ে তিনিদিনীয়া জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন আৰু অহা ১৮ মাৰ্চত বান দুৰ্যোগ পৰিস্থিতৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া ম’ক ড্ৰিলৰ ক্ষেত্ৰত উপস্থিত অংশীদাৰসকলক সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াবলৈ আৰু বান দুৰ্যোগৰ সম্ভাৱ্য পৰিস্থিতিত গ্ৰহণ কৰিবলগীয়া সঁহাৰি আৰু প্ৰশমনৰ ক্ষেত্ৰত সকলো…

তেজপুৰ বিশ্ববিদ্যালয়ত দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোঁৱৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত অজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোৱঁৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা ৷আজি প্ৰথমখন খেলত কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ অনুপস্হিতিত কটন বিশ্ববিদ্যালয়ে ৱাকঅভাৰ লাভকৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে ৷আনহাতে, আজিৰ দ্বিতীয় খন খেলত মাধৱদেৱ বিশ্ববিদ্যালয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক ৫১ ৰাণত পৰাস্ত কৰে ৷ টছত জিকি বড়োলেণ্ড বিশ্ববিদ্যালয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ক প্ৰথমে বেটিং কৰিবলৈ…

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত দুই শিক্ষকক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৬ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা সন্দৰ্ভত সমগ্ৰ ৰাজ্যত আৰক্ষী আৰু চি আই ডিয়ে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে আজি লখিমপুৰ আৰু মাজুলী আৰক্ষীয়ে দুজনকৈ শিক্ষাগুৰুক গ্ৰেপ্তাৰ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ ধৃত শিক্ষক দুজন হৈছে লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত লোহিত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক তথা লোহিত খাবলু হাইস্কুলৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক প্ৰণৱ দত্ত আৰু ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা৷ প্ৰণৱ দত্তৰ ঘৰ হৈছে পথালি পাহাৰত আৰু…

লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৬ মাৰ্চঃ অহা ১ আৰু ২ এপ্ৰিল ২০২৩ তাৰিখে লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ মিলন সমাৰোহ আয়োজন কৰা হৈছে ৷ ১ এপ্ৰিল তাৰিখে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানেৰে আয়োজন কৰিব লগা এই অনুষ্ঠানত দেশৰ বিভিন্ন অংশত কৰ্মৰত প্ৰায় দুশৰো অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ৷ ন-পুৰণি ছাত্ৰছাত্ৰীৰ মহামিলনেৰে জীপাল হবলৈ আগবঢ়া জহিংস্থিত লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে বুলি…

তিনিচুকীয়াত ১৮ বিঘা চৰকাৰী মাটিত উচ্ছেদ : সংস্থাপিত হ’ব ৯০ ভূমিহীন পৰিয়াল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ মাৰ্চ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান অভিমুখী পথৰ পদুমনি ৰিজ'ৰ্টৰ সমীপত চৰকাৰী ভূমি বেদখল কৰি ইটাভাতা চলাই থকা প্ৰায় ১৮ বিঘা চৰকাৰী ভূমি আজি জিলা প্ৰশাসনে মুকলি কৰে । জানিব পৰা মতে জনৈক দাস উপাধিৰ এজন ব্যক্তিয়ে গুইজান গাঁও পঞ্চায়তৰ এই ভূখণ্ডত সুদীৰ্ঘ দিনৰ পৰা ইটাভাটা খুলি ব্যৱসায় কৰি আছিল ৷ আজি প্ৰশাসনে মুকলি কৰা উক্ত চৰকাৰী ভূমিত প্ৰায় ৯০ টা গৃহহীন তথা ভূমিহীন পৰিয়ালক সংস্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে । তিনিচুকীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিন্ময় পাঠকৰ নেতৃত্বত আজি শান্তিপূৰ্ণভাৱে…