Browsing Category

অসম

বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলাৰ সহযোগত স্কুল গণিতৰ ওপৰত এখন এদিনীয়া কৰ্মশালা কালি তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গণিতৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা এই কৰ্মশালা শুভাৰম্ভ হয় অনামিকা গগৈ পৰিচালিত আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰা অসম গণিত শিক্ষায়তনৰ প্ৰতীকী গীতেৰে। আনহাতে অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ…

মেট্ৰিকৰ প্ৰশ্নাকাকত ফাদিলঃ গ্ৰেপ্তাৰ তেজপুৰৰ যুৱক

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত  তেজপুৰৰ পুংপানী গাঁও নিবাসী আব্দুল চোভানৰ পুত্ৰ চাৰিফুল ইছলামক কৰায়ত্ত কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে যুৱকজনক মংগলবাৰে নিশা অকাবস্তিত আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ত কৰে৷প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰা চিআইডিক ধৃত যুৱক জনক গতাই দিয়া আৰক্ষীয়ে ঘটনাৰ আঁৰৰ সবিশেষ প্ৰকাশ কৰা নাই যদিও চাৰিদুৱাৰ আৰক্ষী থানাত ৰুজু হোৱা ৩/২৩নম্বৰ গোচৰৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়৷ উল্লেখযোগ্য…

ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২লৈ বৃদ্ধি

শতাব্দ প্ৰতিনিথি, গুৱাহাটী, ১৫ মাৰ্চঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ আধাৰত ৰাজ্যৰ চৰকাৰে ৰাজ্যত চিকিৎসা শিক্ষা ক্ষেত্ৰখনৰ দ্ৰুত সম্প্ৰসাৰণেৰে ৰাইজৰ বাবে আধুনিক চিকিৎসা সেৱা অধিক সুলভ কৰিবলৈ অব্যাহত ৰখা প্ৰয়াসে আজি পুনৰ লাভ কৰিলে আন এক সফলতা। কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাছত নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়কো চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ পাঠদানৰ বাবে আনুষ্ঠানিক অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ 'মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড'…

চাৰিদুৱাৰত পুত্ৰৰ আক্ৰমণত নিহত পিতৃ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত এক দূৰ্গম অঞ্চল থাইগিৰিবাৰীত যোৱানিশা পিতা পুত্ৰৰ মাজত সূত্ৰপাত ঘটা বিবাদৰ পৰিণতিত পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে পিতৃক৷ এই ঘটনাত ঘাটক পুত্ৰও আহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ন বজাত সুৰামত্ত অৱস্থাত থকা সাম্বাৰু বসুমতাৰী(৩০) আৰু তেওঁৰ পিতৃ নানু বসুমতাৰীৰ(৫৫) মাজত কোনো বিষয়কলৈ বিবাদৰ সুত্ৰপাত হয়৷ পূৰ্বৰে পৰা ঘৰুৱা মনোমালিন্য অব্যাহত থকা দুই পিতা-পুত্ৰ সেই সময়ত সুৰামত্ত অৱস্থাত আছিল আৰু বিবাদে পাছলৈ হতাহতিৰ ৰূপ লয়৷…

তেজপুৰত ৩২টা চোৰাং গৰু জব্দ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ তেজপুৰৰ শালনীবাৰী আৰক্ষী চকী অন্তৰ্গত অঞ্চলত চোৰাংভাবে কঢ়িয়াই অনা ৩২টা গৰু ট্ৰাকসহ জব্দ কৰাৰ লগতে ট্ৰাকৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ১১-৩০ বজাত বালিপৰাৰ দিশৰ পৰা ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰে তেজপুৰৰ দিশে আহি থকা এন এল ০১ এচি ৪৯৯২ নম্বৰ ট্ৰাকখনত আগতীয়া তথ্যৰ ভিত্তিত তালাচী চলোৱাৰ সময়ত ইয়াত নথিপত্ৰ অবিহনে কঢ়িয়াই অনা গৰু সমূহ উদ্ধাৰ কৰা হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক উইলবাৰ্টচন চাংমাক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে হেণ্ডিমেন জনে পলায়ন কৰে৷ ট্ৰাক চালকজনৰ ঘৰ…

তেজপুৰত একাধিক সংগঠনৰ প্ৰতিবাদঃ শিক্ষামন্ত্ৰী,অধ্যক্ষৰ পুত্তলিকাক ফাঁচিঃ দাহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত আজিও তেজপুৰত একাধিক ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে৷ আজি চহৰখনৰ মাজমজিয়াত আছুৱে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা ফাঁচিকাঠত ওলমাই দুয়োৰে পদত্যাগ দাবী কৰে৷শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ বিষয়ববীয়াৰ উপস্থিতিত আছুৰ প্ৰতিবাদী সদস্য সকলে এনে কাণ্ডৰ বাবে বিভাগীয় মন্ত্ৰী আৰু অধ্যক্ষৰ দায়িত্বহীনতা মূল কাৰণ বুলি অভিহিত কৰি এনে পুতলা…

৯ মাৰ্চৰ পৰা সন্ধানহীন তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী :দৰিদ্ৰ লোকৰ এজাহাৰক গুৰুত্ব নিদিয়ে নেকি তেজপুৰ আৰক্ষীয়ে? আৰক্ষী চকীত দিয়া এখন এজাহাৰৰ ভিত্তিত পাঁচদিনৰ পিছতহে এজাহাৰৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰে নেকি? সততে তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হোৱা এনে এক অভিযোগে তেজপুৰৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত উত্থাপিত অভিযোগ অনুসৰি যোৱা ৯ মাৰ্চৰ দুপৰীয়া তেজপুৰ চহৰৰ মহাভৈৰৱ হোলাৰ নিজৰ ঘৰৰ সন্মুখত খেলি থকা অৱস্হাৰ পৰাই হঠাৎ নিৰুদ্দিষ্ট হৈ পৰা তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ ৮ বছৰীয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আৰিয়ন কুমাৰ।…

লখিমপুৰত দুবৃৰ্ত্তই চাহ গছ কটাৰ ঘটনাঃ বগীনদীত আৰক্ষীয়ে নহয় ৰাইজে খেদি খেদি ধৰিলে মূল অভিযুক্তক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰিৰ হেঁচামৰাত যোৱা ৯ মাৰ্চত চাহ গছ কটা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত এজনক আজি ৰাইজে ধৰি আৰক্ষীক চমজাই দিয়ে৷ বগীনদী বজাৰত বিদ্যাসিং চুংক্ৰাং নামৰ অভিযুক্তজনক একাংশ লোকে খেদি খেদি আটক কৰাৰ পিছত তেওঁক বগীনদী আৰক্ষীক চমজাই দিয়ে৷ দুৰ্ভাগ্যজনক কথা যে সেইদিনা প্ৰায় ৭ বিঘা মাটিৰ চাহ গছ কটা আৰু ট্ৰেক্টৰৰ ক্ষতিসাধন কৰা ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ত কৰাৰ বাবে বগীনদী আৰক্ষীয়ে হেমাহী কৰি অহাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে আজি বজাৰত ৰাইজে মূল অভিযুক্ত…

প্ৰশ্নকাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত ৬ পৰীক্ষাৰ্থীক আটকঃ আছুৰ প্ৰতিবাদ অব্যাহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চ ঃ মেট্ৰিকৰ পৰীক্ষাত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ আঁৰত কোন জড়িত তাক লৈ অসম আৰক্ষীয়ে তৎপৰতা অব্যাহত ৰখাৰ সময়তে চি আই ডিৰ নিৰ্দেশত আজি লখিমপুৰ আৰক্ষীয়ে ৬জন পৰীক্ষাৰ্থীক আটক কৰিছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা পৰীক্ষাৰ্থীসকলক ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ থানাত আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে অধিক তথ্য সদৰি কৰাৰ পৰা বিৰত আছে৷ ইফালে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত আছুৱে আজিও প্ৰতিবাদ অব্যাহত ৰাখে৷ দোষীক কৰায়ত্ত কৰাৰ দাবী জনোৱাৰ লগতে নগৰখনৰ শ্বহীদ ভৱনৰ…