Browsing Category
অসম
প্ৰাক্তন ছাত্ৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ পাঠ্যপুথি দান
উত্তৰ লখিমপুৰঃ ১৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ২০০৩ বৰ্ষৰ এগৰাকী প্ৰাক্তন ছাত্ৰ সুদীপ্ত বৰুৱাই আজি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ পুথিভঁৰালৰ বাবে কেইবাখনো পাঠ্যপুথি দান কৰে। বৰ্তমান শ্বেয়াৰ বিষেশজ্ঞ সুদীপ্ত বৰুৱাই দান কৰা গ্ৰন্থসমূহ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকা আৰু মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় পুথিভঁৰালৰ গ্ৰান্থগাৰিক ৰুণজুন বৰুৱাই আনুষ্ঠানিক ভাবে গ্ৰহণ কৰে। সেই উপলক্ষে আজি মহাবিদ্যালয়খনত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষক-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জ্যেষ্ঠ শিক্ষক অধ্যাপক ছাজ্জাদ হুছেইন, ৰাজেন্দ্ৰ প্ৰসাদ…
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলঃ মুঠ ২২ জনক আটক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ যোৱা নিশাৰে পৰা গুৱাহাটী, উত্তৰ লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, শদিয়া, ডিব্ৰুগড়ৰ একাধিক স্থানত আৰক্ষীয়ে অভিযান চলাই মুঠ ২২ ব্যক্তিক সোধপোছৰ বাবে আটক কৰে বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰী কৰিছে।
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়াত আৰক্ষীৰ অভিযান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ একাধিক স্থানত আৰক্ষীয়ে অভিযান চলাই কেইবাজনো ব্যক্তিক সোধপোছৰ বাবে আটক কৰে ৷ জিলাখনৰ ধলা অঞ্চলৰ পৰা সোমবাৰে আটক কৰা ৪ জন লোকক সোধপোছৰ অন্তত এৰি দিয়া বুলি সূত্ৰত প্ৰকাশ ৷ আনহাতে জাগুন অঞ্চলৰ পৰা ৪ জন ব্যক্তিক আটক কৰা বুলি…
তেজপুৰ মহিলা সমিতিৰ উদ্যোগত ইতিহাস সম্বলিত এক প্ৰদৰ্শনীৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৩ মাৰ্চঃ তেজপুৰ মহিলা সমিতিৰ চৌহদত সমিতিৰ উদ্যোগত নৰ্থ-ইষ্ট লাইটবক্স, ইণ্ডিয়ান এছ’চিয়েশ্যন ফৰ উইমেন’ছ ষ্টাডিজ, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত তেজপুৰ মহিলা সমিতিৰ ইতিহাস প্ৰতিফলিত হোৱাকৈ তেজপুৰৰ মহিলা সকলৰ এক ঐতিহাসিক আৰু পুৰালেখ প্ৰদৰ্শনী ১৬পৰা১৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব বুলি তেজপুৰ মহিলা সমিতিয়ে জানিবলৈ দিছে । প্ৰদৰ্শনীখনত তেজপুৰ মহিলা সমিতিৰ কেইবাটাও দশকৰ ইতিহাসৰ স্বাক্ষৰ সম্বলিত আলোকচিত্ৰকে ধৰি সমিতিৰ নিজা পুৰালেখ, ফ্লাইয়াৰ, তথ্যচিত্ৰ প্ৰদৰ্শন আৰু অডিঅ’-স্কেপ আদিৰ ব্যৱস্থাও থাকিব।১৯২০ ৰ…
তেজপুৰৰ বিশিষ্ট চিকিৎসক, “কেকটাছ”, “কানীন” আৰু “অনুৰ” চিনেমাৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয়…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় তথা মানৱ দৰদী চিকিৎসক, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে ২০২৩ বৰ্ষৰ "কালচাৰেল এক্সিলেঞ্চ" বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰাত উৎফুল্ল হৈছে তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি সকল। উল্লেখ্য যে এগৰাকী শল্য বিশেষজ্ঞ হিচাপে দীৰ্ঘদিন ধৰি তেজপুৰত চিকিৎসা সেৱা আগবঢ়াই অহা আৰু জিলাখনৰ মহকুমা চিকিৎসা বিষয়া হিচাপে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ডাঃ গোপেন্দ্ৰ মোহন দাসে…
গীত-কবিতাৰে উমাল হৈ পৰিল তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ দ-পৰ্ব্বতীয়া শিলৰ তোৰণ উদ্যান প্ৰাংগণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ মাৰ্চ : সাংস্কৃতিক চহৰ তেজপুৰৰ প্ৰাচীন ঐতিহ্য ভূমি দ-পৰ্ব্বতীয়া শিলৰ তোৰণৰ উদ্যান প্ৰাংগণ আজি গীত-কবিতা-চিত্ৰৰে উমাল হৈ পৰিল । এখনি চুটি ছবিৰ পূৰ্ণ পৰিকল্পনাৰ শুভ মুহূৰ্তক আগত ৰাখি তেজপুৰৰ অন্যতম অগ্ৰণী সাংস্কৃতিক সংস্থা মালবিকা বৰা সাংস্কৃতিক সংস্থা (এম.বি.এম.চি)য়ে তেজপুৰকে আদি কৰি বহু বিদ্যালয়ৰ পাৰদৰ্শী চিত্ৰ প্ৰতিযোগী সকলৰ মাজত অনুষ্ঠিত কৰে চিত্ৰাংকন প্ৰতিযোগিতাখনি। পুৱা দহ বজাৰ পৰা অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত অৰ্ধ-শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে ঐতিহ্যভূমিখনক দৃষ্টিনন্দন কৰি তোলে।…
ড° ভূপেন হাজৰিকাৰ বিশেষ ভিডিঅ, দুৰ্লভ ফটো, কথা আৰু কালজয়ী গীতৰ আধাৰত নৃত্যৰে তেজপুৰীয়া সচেতন শিল্পীৰ ব্যতিক্ৰমী প্ৰয়াস- “সুধাকণ্ঠ…
এই প্ৰয়াস অতি আদৰণীয় - সঁহাৰি জনাওঁক বিহু সমিতিয়ে - - পৃথ্বিৰাজ ৰাভা
ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ক ঐতিহ্যস্থলী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ফেব্ৰুৱাৰী : উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪০ চনৰ ১ নবেম্বৰত গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান "জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়"ৰ আজি অনুষ্ঠিত ৮৩ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ সভাই ঐতিহ্য বহনকাৰী এই সংগীত শিক্ষানুষ্ঠানখনক বিশেষ কাৰ্যসূচীৰে বিশেষ ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে সংগীতৰ শিক্ষক সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, ৰণজিৎ শৰ্মা, জয়ন্তজিৎ…
দলং নিৰ্মাণৰ দাবীত নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১ মাৰ্চঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজাবাৰী চকৰ পৰা নাহৰবাৰী হৈ উলুবাৰীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত তথা নাহৰবাৰীত দলং নিৰ্মাণৰ দাবীত সংগঠনটোৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তা সকলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰক, ৰাজাবাৰীৰ পৰা উলুবাৰীলৈ যোৱা সংযোগী পথৰ নাহৰবাৰী গাঁৱৰ…
তেজপুৰত হেৰ’ইন সহ দুজনক কৰায়ত্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ তেজপুৰ ১১ মাৰ্চঃ অতি উদ্বেগজনক ভাবে তেজপুৰলৈ ড্ৰাগছৰ দৰে বিষাক্ত দ্ৰব্যৰ সৰবৰাহ বৃদ্ধি পাইছে৷ আৰক্ষীৰ অভিযানত সঘনাই এনে সৰবৰাহকাৰী কৰায়ত্ত হোৱা সত্বেও ড্ৰাগছৰ এই সৰবৰাহ বন্ধ হোৱা নাই৷ আজি পুনৰ তেজপুৰৰ বৰঘাট আৰক্ষীয়ে লাভ কৰা আগতীয়া তথ্যৰ ভিত্তিত ভোমোৰাগুৰিৰ কলিয়াভোমোৰা সেতুৰ সমীপত হেৰ’ইন সহ দুজন যুৱকক হাতেলোটে কৰায়ত্ত কৰে। উল্লেখ্য যে, আৰক্ষীয়ে কলিয়াভোমোৰা সেতুৰ সমীপত চলোৱা নিয়মীয়া তালাচীৰ সময়ত এটা চাবোন কেচত ভৰাই অনা ১২.৭৯ গ্ৰাম হেৰ’ইন আৰু ১৩.২৬ গ্ৰাম ওজনৰ সন্দেহজনক হেৰ’ইনভৰ্তি আন ১০ টা প্লাষ্টিক…
