Browsing Category
অসম
অসমত ৭১.১৬ লাখ শিশুক পেলু দৰৱ খুওৱাৰ লক্ষ্য
ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ দ্বিতীয় পৰ্যায় : ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
এন এছ এছ প্ৰতিপালিত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ অভিযানৰ শুভাৰম্ভণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১০ মাৰ্চ: অসমৰ বিভিন্ন ঠাইৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এন এছ এছৰ আৰু উন্নত ভাৰত অভিযান কোষৰ সহযোগত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয় লগতে জিলাখনত পেলু নিৰ্মূলকৰণ অভিযানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাক্তৰ তৰুণ কুমাৰ দেউৰীয়ে। ১০ মাৰ্চৰ পৰা চলিব লগা এই…
গিনিজ ৰেকৰ্ডৰ বাবে লখিমপুৰ জিলাত বিহুৰ তৎপৰতা
উত্তৰ লখিমপুৰ ১০মাৰ্চঃ অহা ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধান মন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ বিহুৱতী-বিহুৱাৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনৰ বাবে বিশালভাৱে আয়োজন কৰা বৃহৎ অনুষ্ঠানত লখিমপুৰ জিলাৰো কেইবাশ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। জাতীয় সংস্কৃতি বিহুক বিশ্ব দৰবাৰত তুলি ধৰা আৰু বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পোৱাকৈ দহ হেজাৰ ঢুলীয়া-নাচনীৰে একেটা স্থানতে বিহুনাচ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক কেন্দ্ৰ কৰি লখিমপুৰ জিলাতো বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে। লখিমপুৰ জিলাৰ চাৰিটা সমষ্টিৰ বিভিন্ন স্থান ক্ৰমে লখিমপুৰ ত্যাগ…
লখিমপুৰত ধৃত চুলাই বেপাৰীয়ে পুনৰ বেহা চলোৱাত আবকাৰীৰ পৰা অনুমতিহে লাভ কৰে নেকি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও চুলাই মদৰ ৰমৰমীয়া বেহা চলি আছে৷ আবকাৰী বিভাগৰ আৰ্শীবাদতে অবৈধ চুলাই বেপাৰীয়ে এনেদৰে বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ উত্তৰ লখিমপুৰ সদৰ চক্ৰৰ অন্তৰ্গত পানীগাঁও, আজাদ, সোণৰঢেকী, ৰংপুৰীয়া, ডিজু চাপৰি, কাকৈ, তেলাহী বান্তৌ আদিত এতিয়াও ৰমৰমীয়াকৈ চুলাই মদৰ বেহা অব্যাহত আছে৷ লখিমপুৰত কেবাবছৰ পূৰ্বে বিষাক্ত চুলাই সেৱন কৰি একেদিনাই ২০ জনৰো অধিক লোকৰ অকাল মৃত্যু ঘটাৰ পিছতো আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই…
দুবছৰলৈ ৰাজ্যত অনুষ্ঠিত নহয় টেটঃ শিক্ষামন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হোৱা টেট পৰীক্ষা আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয়৷তেজপুৰত এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।তেওঁ প্ৰকাশ কৰে যে, চৰকাৰী বিদ্যালয়ত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে আৰু শিক্ষা বিভাগৰ ১২ হেজাৰ খালী পদৰ ভিতৰত আঠ হেজাৰ পদ পুৰণ কৰা হ'ব।উল্লেখযোগ্য যে,মুখ্যমন্ত্ৰীৰ লগতে তেজপুৰত উপস্থিত হোৱা শিক্ষামন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত কয় যে, অহা দুবছৰলৈ ৰাজ্যত টেট অনুষ্ঠিত নহয়। শিক্ষাবিভাগৰ…
আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰত চাইকেল সজাগতা ৰেলিঃ কৰ্মশালা অনুষ্ঠিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৯ মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসন,মহিলা আৰু শিশু কল্যাণ বিভাগ, লখিমপুৰৰ উদ্যোগত আৰু জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, লখিমপুৰৰ সৌজন্যত "বেটি বচাও, বেটি পঢ়াও" আচঁনিখনৰ সম্পর্কত সজাগতাৰ উদ্দেশ্যে আজি পুৱা ৬.৩০ বজাত এক সজাগতা মূলক চাইকেল ৰেলী উলিওৱা হয় । লখিমপুৰ আবৰ্ত ভৱনৰ পৰা উলিওৱা উক্ত সজাগতা ৰেলি আনুষ্ঠানিকভাবে উদ্বোধন কৰে জিলা উপায়ুক্ত সুমিত সত্তৱানে। উদ্বোধনী অনুষ্ঠানত জিলা ক্ৰীড়া বিভাগৰ বিষয়াসকল, জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়াসকল, জিলা মহিলা সৱলীকৰণ…
তেজপুৰত ঘাতক অচিন্ত্য দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ অধিক অস্ত্ৰ-শস্ত্ৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯মাৰ্চঃ তেজপুৰত কালি কনিষ্ঠ ভ্ৰাতৃ বিষ্ণু দাসক গুলীয়াই হত্যা কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত আজি ঘাতক ভ্ৰাতৃ অচিন্ত্য দাসে কয় যে সেই সময়ত তেওঁ সুৰাপান কৰি আছিল৷ আনহাতে পূৰ্বৰে পৰাই বিভিন্ন অভিযোগ উত্থাপন হৈ থকা ঘাতক অচিন্ত্যই হত্যাকাণ্ডত ব্যৱহাৰ কৰা ৰিভলভাৰটোৰ উপৰিও ভালেসংখ্যক মাৰণাস্ত্ৰ অবৈধ ভাবে মজুত ৰাখিছিল গাৰোৱানপট্টীৰ বাসভৱনত৷ তদুপৰি এসময়ত ত্ৰাসৰ সৃষ্টি কৰা প্ৰয়াত ছালফা কৃষ্ণ হাজৰিকাৰো সহযোগী আছিল হত্যাকাৰী অচিন্ত্য৷ উল্লেখযোগ্য যে,কালি চাঞ্চল্য সৃষ্টি কৰা হত্যাকাণ্ডটোৰে জড়িত অচিন্ত্য দাসৰ…
তিনিচুকীয়াত মেট্ৰিক পৰীক্ষাৰ্থী আত্মহনন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ মাৰ্চ : আজি পুৱাই এক হৃদয়বিদাৰক ঘটনাই জোকাৰি যায় তিনিচুকীয়াৰ লেজাইহোলা গাঁও ৷ গাঁওখনৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে ঘৰতে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ গাওঁখনত শোকৰ ছাঁ পেলায় ৷ উল্লেখ্য যে আজি পুৱাহে পৰিয়ালৰ লোকে গাধোৱা ঘৰৰ পৰা মৃত অৱস্থাত কিশোৰী গৰাকীক উদ্ধাৰ কৰে ৷ তিনিচুকীয়া লেজাইহোলাৰ বাসিন্দা দত্ত উপাধিৰ কিশোৰী গৰাকী স্থানীয় সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জনৈক পাপু বৰা নামৰ যুৱক এজনৰ লগত কালি বিয়লি কিশোৰী গৰাকী…
আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৱৰ শেহতীয়া নিৰ্বাচনী ফলাফলে যথেষ্ট প্ৰভাৱ পেলাবঃ মুখ্যমন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৯মাৰ্চঃ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচীত অংশলৈ কালি নিশা প্ৰায় ১১বজাত তেজপুৰ আৱৰ্ত ভৱনত দেশৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানসহ উপস্থিত হয়হি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ৷যোৱা নিশা তেওঁলোক ইয়াতে থাকে৷ শৰ্মাই দেশৰ আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ ২৬ খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে ২১-২২ খন আসন লাভ কৰিব বুলি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্তব্য কৰে।তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কথা দেশবাসীয়ে নুশুনে বুলি কটাক্ষ কৰি কয় যে দেশবাসীৰ ওপৰত কংগ্ৰেছৰ বিশ্বাস নইা। বিদেশৰ ৰাইজৰ…
লখিমপুৰত দুবৃৰ্ত্তই কাটিলে সাত বিঘা মাটিৰ চাহ গছ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বধাকৰাৰ হেচামৰাত আজি এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ৭ বিঘা ভূমিৰ চাহ গছ দুবৃৰ্ত্তই কাটি তহিলং কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুবৃৰ্ত্তক আটক কৰিব পৰা হোৱা নাই৷ বগীনদীৰ ক্ষুদ্ৰ চাহ খেতিয়ক তথা উদ্যোগী যুৱক ফটিক চুতীয়াই আজি অভিযোগ কৰে যে আজি কিছুদিন পূৰ্বে তেওঁ বধাকৰাৰ হেচামৰাত এজন স্থানীয় লোকৰ পৰা ক্ৰয় কৰি লোৱা প্ৰায় সাত বিঘা ভূমিত চাহ পুলি ৰোপণ কৰিছিল৷…
