Browsing Category
অসম
বাঘজানৰ তেল কুপত আজি পুনৰ গেছ নিৰ্গমন ৷ চৌদিশে আতংক- উত্তেজনা
বাঘজানৰ তেল কুপত আজি পুনৰ গেছ নিৰ্গমন ৷ চৌদিশে আতংক- উত্তেজনা ( চমু সংবাদ)
ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহৰ প্ৰস্ততিৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই
ধেমাজি, ৮ মাৰ্চ : ধেমাজিত অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত অনুষ্ঠিতব্য সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ প্ৰস্ততিৰ সবিশেষ আজি বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মইনা পাৰিজাতৰ ৰাজ্যিক সভাপতি কেশৱ মহন্তই। স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মহন্তই আজি বিয়লি ধেমাজি আৱৰ্ত ভৱনত জিলাখনৰ উপায়ুক্ত পল্লৱী ফুকন, জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক আৰু ৰাজ্যিক শিশু সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ নেতৃবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হৈ সমাৰোহৰ প্ৰস্ততিৰে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰে।…
তেজপুৰত ধৰ্মপ্ৰাণ মহিলা বিদ্যাৱতী দাসৰ বিয়োগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৮ মাৰ্চঃ তেজপুৰৰ মাজগাঁও বৰ নামঘৰ গোপিনী সমাজৰ জ্যেষ্ঠ গোপিনী তথা নামতি বিদ্যাৱতী দাস (৮৬)ৰ আজি বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷ আজি বিয়লি প্ৰায় চাৰি বজাত মাজগাঁও হাটভগা চুবুৰীৰ নিজা গৃহতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বিগত কিছুদিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাবে অসুস্থ হৈ থকা মহিলাগৰাকীয়ে সুদীৰ্ঘ সময় বৰনামঘৰৰ স’তে জড়িত থকাৰ লগতে থলুৱা পৰম্পৰাৰ বিষয়ে সকলোকে অৱগত কৰোৱাৰ লগতে মহিলা সকলক সঞ্চয় কৰাৰ বাবে উৎসাহিত কৰিছিল । গোপিনী সমাজক নেতৃত্ব দি…
জনসমুদ্ৰত পৰিণত বাহঁবাৰী শ্ৰী শ্ৰী কলিয়া গোঁসাই থান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮মাৰ্চঃ আনন্দ আৰু ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱ তেজপুৰৰ বিভিন্ন স্থানত ধৰ্মীয় পৰম্পৰা তথা উলহমালহৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ মধ্যস্থল থিয়আটিত অৱস্থিত শ্ৰীশ্ৰীকলিয়া গোঁসাই থানত কালিৰে পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ফাকুৱা আৰু দৌল উৎসৱ আৰম্ভ হৈছে। উল্লেখ্যযে ২৯ বছৰীয়া দৌল উৎসৱৰে সমৃদ্ধ শ্ৰীশ্ৰীকলিয়া গোঁসাই থানত এইবাৰ এই উৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ উদযাপন কৰা হৈছে।কালি পুৱা উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ বৰুৱাই মূল পতাকা উত্তোলন…
ফাকু খেলি সোৱণশিৰিত গা ধুবলৈ যোৱা যুৱক সন্ধানহীন
শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ ৮ মাৰ্চঃ লখিমপুৰৰ সোৱণশিৰি নদীত গা ধুবলৈ গৈ আজি এজন যুৱকৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। জিলাখনৰ পানী গাঁও আৰক্ষী থানাৰ অন্তৰ্গত অন্তৰ্গত পানী গাঁও চাৰি আলি নিবাসী মিণ্টু শইকীয়াৰ পুত্ৰ মানস প্ৰতীম শইকীয়াই (২৭) আজি দিনৰ ২বজাত সোৱণশিৰি নদীৰ ১নং সোমদিৰি মুখত গা ধুই থাকোতে পানীত ডুব যায়। যুৱকজনে লগৰীয়াৰ লগত সোৱণশিৰি নদীত গাই ধুই থাকোতেই হঠাৎ সন্ধানহীন হৈ পৰে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলায় যদিও যুৱকজনৰ কোনো শুংসূত্ৰ পোৱা নাই। উল্লেখ্য ফাকুৱা খেলি আনন্দত যুৱক কেইজনে সোৱণশিৰিত গা ধুবলৈ যাওতেই এনে…
তেজপুৰত জ্যেষ্ঠ ভ্ৰাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভ্ৰাতৃক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৮ মাৰ্চ : হোলীৰ আনন্দ উল্লাহৰ দিনটোতে তেজপুৰ চহৰৰ গাৰোৱান পট্টিত আজি বিয়লি সংঘটিত হয় এক হত্যাকাণ্ড৷ নিজ ভাতৃক জ্যেষ্ঠ ভাতৃয়ে গুলীয়াই হত্যা কৰা এই নৃশংস ঘটনাই সমগ্ৰ তেজপুৰ চহৰতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে, আজি বিয়লি প্ৰায় চাৰি বজাত নিজ গৃহৰ সন্মুখতে জ্যেষ্ঠ ভাতৃ অচিন্ত্য দাসে(৫২) নিজৰ ব্যক্তিগত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰে কনিষ্ঠ ভাতৃ বিষ্ণু দাস(৪২)ক ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰে।ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৱে প্ৰকাশ কৰে যে, বিষ্ণু দাসে বিয়লি কোনো…
‘পি এম কিষান’ আঁচনিত আৱেদন কৰিবলৈ যোগ্য কৃষকক আহ্বান লখিমপুৰ জিলা কৃষি বিভাগৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' দেশৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো কৃষি বিভাগৰ অধীনত ৰূপায়ণ কৰা হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভৰ পৰা এতিয়াও যিসকল যোগ্য কৃষক সম্পূৰ্ণ ৰূপে বঞ্চিত হৈ আছে, তেওঁলোকে নিজৰ আধাৰ কাৰ্ড, খেতি মাটিৰ তথ্য (জমাবন্দী কপি), ৰেচন কাৰ্ডসহ যিকোনো গ্ৰাহক সেৱা কেন্দ্ৰ (অৰুণোদয় কেন্দ্ৰ)ত আঁচনিৰ অধীনত অনলাইন যোগে আৱেদন কৰিব পাৰিব। আনহাতে এন চি…
তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মাৰ্চঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত পানীগাওঁ অ' পি ডি মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত আজি তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্রী হিৰামাই চুতীয়াই সভাপতিত্ব কৰে। মহিলা কোষৰ সম্পাদিকা গুণদা নাথে আঁত ধৰা সভাখন উদ্বোধন কৰে সমাজ সেৱিকা মনোৰমা গোস্বামীয়ে। উপস্থিত থকা অভিভাৱিকাসকলক উদ্দেশ্যি নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই প্ৰাক্তন…
মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱৰ তাৎপৰ্য
গুঞ্জ শইকীয়া
মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱ পৰম্পৰাগতভাবে পালন কৰি অহা এক উৎসৱ। মাছৰহাট বৰনামঘৰৰ জন্মৰ লগত জড়িত এটি উৎসৱ হৈছে দৌল উৎসৱ। আমি জন্মৰে পৰা এই উৎসৱৰ লগত একাত্ম হৈ আছোঁ। বৰপেটা সত্ৰৰ দৌল উৎসৱৰ লগত আমাৰ নামঘৰৰ দৌল উৎসৱৰ বহু সাদৃশ্য দেখা যায়। মাধৱদেৱে বৰপেটা সত্ৰৰ দায়িত্ব মথুৰা দাস বুঢ়া আতাৰ হাতত অৰ্পণ কৰে। মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে বৈকুণ্ঠৰ আৰ্হিত দৌল উৎসৱ পালন কৰে। তেতিয়াৰে পৰা আজিৰ তাৰিখলৈ বৰপেটা সত্ৰত বৃহৎভাৱে দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে। বিশেষকৈ পূৰ্ণিমাৰ আগদিনা আমাৰ গাঁৱৰ নামঘৰত ঘুনুচা…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ, ৮ মাৰ্চঃ উত্তৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। তদুপলক্ষে মহাবিদ্যালয়খনৰ মহিলা কোষ আৰু এন এছ এছ ইউনিটৰ উদ্যোগত আয়োজিত এখন সভা উদ্বোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰেমানন্দ হাওঁবৰাই আৰু ইয়াৰ অধ্যক্ষতা কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ মহিলা কোষৰ আহ্বায়ক ড° মঞ্জু মণি শইকীয়াই। সভাৰ আৰম্ভণিতে অৰ্থনীতি বিভাগৰ অধ্যাপিকা ড° শিখা মনি বৰগোহাঁইৰ একক ভায়লিন পৰিবেশনৰ পিছত মহাবিদ্যালয়ৰ…
