Browsing Category
অসম
তেজপুৰৰ মহিলাৰ অন্যতম সামাজিক-সংস্কৃতিক-শৈক্ষিক আৰু ক্ৰীড়া অনুষ্ঠান “মৈত্ৰী সংঘ” ৰ সোণালী জয়ন্তী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰৰ একাংশ মহিলাৰ তৎপৰতাত ১৯৭৩ চনতে গঢ় লৈ উঠা মহিলা সমাজৰ অন্যতম সামাজিক-সংস্কৃতিক-শৈক্ষিক-ক্ৰীড়া অনুষ্ঠান "তেজপুৰ মৈত্ৰী সংঘ" ই ইতিমধ্যে সোণালী বৰ্ষত উপনিত হোৱাত অহা ১৭ আৰু ১৮ মাৰ্চ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি ১৭ মাৰ্চৰ বিয়লি ৪ বজাত প্ৰতিনিধি শিবিৰ উদ্বোধন কৰিব সংঘৰ উপসভানেত্ৰী তথা প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱাই। বিয়লি ৫ বজাত স্মৃতি তৰ্পণ মুকলি কৰিব সংঘৰ উপদেষ্টা নিজৰা ভূঞাই আৰু বন্তি প্ৰজ্বলন কৰিব আন এগৰাকী উপদেষ্টা মাখনী…
তেজপুৰত ৰখাই থোৱা বাহনৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে আঢ়ৈ লাখ টকা আৰু লেপটপ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰত ব্যাপক জনসমাগম থকাৰ লগতে সমীপতে আৰক্ষীৰ পহৰা থকা সত্বেও ৰখাই থোৱা বাহনৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধনৰ মোনা আৰু লেপটপ৷উল্লেখ্য যে, শোণিতপুৰৰ ঘাঁহিগাঁও নিবাসী সুৰজিত সেনাপতি নামৰ এজন যুৱকে নিজৰ এ এছ ০১ এফ ডি ৯৮১০ নম্বৰৰ ফৰচুনাৰ বাহনখনৰে আজি দিনত তেজপুৰত উপস্থিত হোৱাৰ পাছত তেওঁ বাহনখন তেজপুৰৰ চাৰ্চ ফিল্ডৰ কাষত থৈ সমীপৰ হোটেলত চাহ খাবলৈ সোমাই৷ এই সুযোগতে মাত্ৰ ১০ মিনিটৰ ভিতৰতে দুৰ্বৃত্তই গাড়ীখনৰ এখন আইনা ভাঙি বাহনখনৰ ভিটৰত থকা এটা লেপটপ, এটা কাপোৰৰ মোনা আৰু বেংকত জমা কৰিবৰ বাবে…
বিহগুৰিত অজাযুছাপৰ তেজপুৰ জিলা সমিতিৰ ন-পুৰণি সতীৰ্থ সন্মিলন সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ জিলা সমিতিয়ে ন-পুৰণি সতীৰ্থ সন্মিলন দিনজোৰা কাৰ্যসূচীৰে বিহগুৰি চন্দ্ৰ নাথ শৰ্মা স্মৃতি ভৱনত অনুষ্ঠিত কৰে। পুৱা পতাকা উত্তোলন কৰে তেজপুৰ জিলা সমিতিৰ সভাপতি নৃপেন নাথে আৰু সতীৰ্থ স্মৰণৰ বন্তি প্ৰজ্বলন কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতু তালুকদাৰে। ইয়াৰ পাছতে জিলা সভাপতি নৃপেন নাথৰ সভাপতিত্বত অনুষ্ঠিত ন-পুৰণি সতীৰ্থ সন্মিলনৰ মুকলি সভাত সংগঠনটিৰ মূখ্য উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱাই মুকলি কৰা…
তেজপুৰত অবৈধভাবে সৰবৰাহ কৰা ৩৪টা গৰু জব্দঃ দুজনক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৬মাৰ্চঃ যোৱা নিশা প্ৰায় ১০-৩০বজাত তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত মুঠ ৩৪টা চুৰি গৰু সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘটনা সংক্ৰান্তত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা নিশা এ এছ ০১ জি চি ৫৯৪২নম্বৰ ট্ৰাকখনত এই গৰুসমূহ কঢ়িয়াই অনা অৱস্থাত শালনািবাৰী আৰক্ষীয়ে কদমতলী অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত আগচি ধৰি ট্ৰাকখনত তালাচী চলাই৷উল্লেখযোগ্য যে,গহপুৰৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই অনা এই গৰুৰ ভিতৰত এটা গৰুৰ ইতিমধ্যে ট্ৰাকতে মৃত্যু ঘটিছিল৷ আনহাতে,কঢ়িয়াই অনা গৰুৰ…
কৰ্মসংস্থাপনৰ প্ৰলোভন দি মহিলাক বহিঃৰাজ্যলৈ সৰবৰাহ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৬মাৰ্চঃ কৰ্মসংস্থাপনৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ মহিলাক সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে৷ উল্লেখযোগ্য যে, দৰং জিলাৰ ধুলাত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ প্ৰজাপথাৰ গাঁৱৰ বনকৰা কিশোৰী আৰতি তুৰীৰ মাতৃ দেৱন্তী তুৰীক কৰ্মৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ অভিযোগত অনিল এক্কা নামৰ এগৰাকী যুৱকক কালি গ্ৰেপ্তাৰ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে৷ এই ঘটনাৰ আন এগৰাকী অভিযুক্ত অনিতা এক্কা নামৰ আন এগৰাকী মহিলা বৰ্তমান পলাতক অৱস্থাত আছে। অনিল এক্কা আৰু অনিতা এক্কা…
তিনিচুকীয়াৰ মাকুমত চোৰাং কনডেন্স তেলসহ বাহন জব্দ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মাৰ্চঃ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীয়ে আজি পুৱা দ্বিতীয় অসম আৰক্ষী বাহিনী চাউনিৰ সমীপত চোৰাং কনডেন্স তেলসহ এ এচ ২৩ এ বি ০৭৯৩ নম্বৰৰ মাৰুতি ইক’ বাহন এখন জব্দ কৰে৷ অৱশ্যে বাহনখনৰ চালক আৰক্ষীৰ বেহু ফালি পলাই যাবলৈ সক্ষম হয়৷ জব্দকৃত চোৰাং কনডেন্স তেলখিনিৰ পৰিমাণ ৮০০ লিটাৰ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। জানিব পৰা মতে ১৬ টা ড্ৰামত ভৰাই এই চোৰাং তেল সৰবৰাহ কৰা হৈছিল। ইতিমধ্যে বাহনখন মাকুম থানালৈ আনি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য,…
বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সংবাদমেল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ মাৰ্চঃ অসম প্ৰদেশ কংগ্ৰেছৰ নৱ গঠিত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ প্ৰথমখন বৈঠকত লোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তসমূহ আজি ৰাজহুৱা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ভোগপুৰ চাৰিআলিত থকা ভূপেন কুমাৰ বৰাৰ নিজা বাসগৃহত পুৱা ১১ বজাত সম্বোধন কৰা এখন সংবাদমেলত আজি এই সিদ্ধান্ত সমূহৰ কথা তেওঁ ঘোষণা কৰে৷ ভূপেন কুমাৰ বৰাই কয়– এলায়েন্সৰ ক্ষেত্ৰত আমাৰ সভাই কালি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে এ আই ইউ ডি এফ দলৰ লগত মিত্ৰতা সন্দৰ্ভত বিভিন্ন জনে বিভিন্ন…
লখিমপুৰত বিদুৎ কর্মীৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মাৰ্চঃ আজি অসমৰ ১৫৬ টা বিদ্যুৎ উপ সংমণ্ডলত অস্থায়ী বিদ্যুৎ কৰ্মীয়ে ১২ ঘন্টীয়া কৰ্মবিৰতি পালন কৰে। শক্তি খণ্ডত খাঁটি খোৱা অস্থায়ী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা নকৰা, ব্ৰিটিছৰ নিয়মত চলি থকা শক্তি খণ্ডৰ ৮০% কৰ্মচাৰীয়ে অস্থায়ী। এই অস্থায়ী কৰ্মচাৰী সকলক চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন দি বিভাগীয় আমোলা বিষয়াই বছৰ বছৰ ধৰি কামত ব্যৱহাৰ কৰি আহিছিল। ৮০% অস্থায়ী কৰ্মীৰে চলি থকা বিভাগটোৱে বৰ্তমান সময়ত ন ন আধুনিকীকৰণৰ দোহাই দি বহু বছৰৰ পৰা কাম কৰি অ্হা অস্থায়ী কৰ্মচাৰীসকলক কৌশলগত ভাৱে পেটে ভাতে…
লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ সজাগতামূলক চাইকেল ৰেলী
শতাব্দ প্রতিনিধি, লখিমপুৰ, ৫ মাৰ্চঃ সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাটো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন অংশত সজাগতামূলক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষ, লখিমপুৰৰ উদ্যোগত উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লখিমপুৰ চাইকেল ক্লাৱৰ সহযোগত জিলা পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয় উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । উক্ত অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই উপস্থিত থাকি চাইকেল চলোৱাৰ যোগাত্মক দিশসমূহৰ বিষয়ে ছাত্র-ছাত্ৰী সকলৰ আগত…
