Browsing Category
অসম
লখিমপুৰত বাল্য বিবাহ আৰু মহিলা সৱলীকৰণ সজাগতা সভা
শতাব্দ প্রতিনিধি,লখিমপুৰ,৫মাৰ্চঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ জিলা মহিলা আৰু শিশু বিকাশ কেন্দ্ৰ আৰু কনকলতা গ্ৰাম্য সংগঠনৰ সহযোগত লখিমপুৰ জিলাৰ চিয়াজুলি কনকলতা গ্ৰাম্য সংগঠনৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাৰ আঁত ধৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক বিতু গগৈয়ে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া প্ৰৱীণ কুমাৰে।সভাত উপস্থিত থাকি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰূপমজ্যোতি চেতিয়াই "মহিলা সৱলীকৰণ" সম্পৰ্কে ভাষণ…
বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই প্ৰদৰ্শন কৰিলে “আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ” ৰ কৰ্মসূচী
শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ তেজপুৰৰ তৰুণ অসম সংঘত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান দিবসৰ লগত সংগতি ৰাখি ‘ বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক, লেখক, উদ্ভাৱক আৰু শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ অখিল কুমাৰ ডেকাক বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনযোৰা সাধনা সন্মান "বিজ্ঞান সৌষ্ঠৱ বঁটা" আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। "আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ" ৰ সভাপতি তথা বিশিষ্ট বিজ্ঞান লেখক…
তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন
শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ দীৰ্ঘ বিৰতিৰ পিছত অৰ্থাৎ ১৯৬২ আৰু ১৯৯২ চনৰ পিছত আগন্তুক ২০২৪ বৰ্ষত পুনৰ তেজপুৰত অনুষ্ঠিত হ'ব অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গঢ় দি থৈ যোৱা এই জাতীয় অনুষ্ঠানটিৰ তেজপুৰৰ ৬২ সংখ্যক অধিৱেশন সকলো প্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰে পৰা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ ৰয়ৰ উপস্থিতিত অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট…
শিলসাঁকোৰ উচ্ছেদ : বিজেপি চৰকাৰৰ চূড়ান্ত অগণতান্ত্রিক কাৰ্য- চিপিআই (এম এল)
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ মাৰ্চ: চিপিআই (এম এল) ৰ অসম ৰাজ্যিক সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে শিলসাঁকোত চলোৱা উচ্ছেদ কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিছে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে কয় যে হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু বছৰেকীয়া পৰীক্ষা চলি থকাৰ সময়তে কোনো ধৰণৰ বিভাগীয় জাননী অবিহনে উচ্ছেদ কাৰ্য চলোৱা হৈছে। মুখ্যমন্ত্রীয়ে শিলসাঁকোত বসবাস কৰা সকলক অবৈধ ভাবে চৰকাৰী মাটি দখল কৰা লোক বুলি কৈছে আৰু এতিয়া তেওঁ কৈছে যে ২০০৮ ৰ পিছত যি সকলে মাটি দখল কৰিছে…
দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা ভ্ৰমণ মন্ত্ৰী অশোক সিংহলৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ মাৰ্চঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা ভ্ৰমণ কৰে। পুৱা তেওঁ গহপুৰত উপস্থিত হৈ বিগত বানত ক্ষতিগ্ৰস্ত মহকুমাটোৰ সোলেঙী নদীৰ বাওঁপাৰৰ মথাউৰিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ২৫ কোটি টকা পুঁজি ব্যয়ৰে নিৰ্মাণকাৰ্য চলি থকা এই মথাউৰিয়ে বৃহত্তৰ অঞ্চলটোক বানপানীৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আগন্তুক বাৰিষাৰ পূৰ্বেই যাতে সঠিক ৰূপত মথাউৰিটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠে তাৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আত্মনিৰ্ভৰ ভাৰত সম্পৰ্কীয় আই চি এছ এছ আৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি
উত্তৰ লখিমপুৰ, ৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত আত্মনিৰ্ভৰ ভাৰত আৰু উত্তৰ-পূব শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনি সফলতাৰে সামৰণি পৰে। মহাবিদ্যালয়খনৰ বাণিজ্যিক আইন বিভাগ আৰু আই.কিউ.এ. কোষৰ উদ্যোগত এই আলোচনা চক্ৰৰ দ্বাৰা আয়োজিত আলোচনা চক্ৰখনিৰ আজি দ্বিতীয় তথা অন্তিম দিনৰ দুখনকৈ সমান্তৰাল কাৰিকৰি সত্ৰ অনুষ্ঠিত হয়। উক্ত কাৰিকৰি সত্ৰ কেইখন পৰিচালনা কৰে অধ্যাপক ছাজ্জাদ হুছেইন আৰু ড° দিগন্ত কুমাৰ দাসে। ইয়াৰ পিছতে অধ্যক্ষ ড° লোহিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত…
তিনিচুকীয়াত চৰকাৰৰ সমালোচনাত মুখৰ প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মাৰ্চ : অসম চৰকাৰে উচ্ছেদৰ নামত খিলঞ্জীয়াৰ আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে দুটা পৃথক নীতি গ্ৰহণ কৰাৰ অভিযোগ তুলিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷ আজি তিনিচুকীয়াত অনুষ্ঠিত এক সংবাদমেলত তেওঁ কয় শিলসাঁকোৰ উচ্ছেদে স্পষ্ট কৰিলে যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উচ্ছেদতো খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা নীতি আছে ৷ দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া ৰাইজক ক্ষতিপূৰণ বা বিকল্প ভূমি আবণ্টনৰ ক'তো কোনোধৰণৰ উল্লেখ নাই…
ৰন্ধন গেছৰ মূল্য বৃদ্ধি : লখিমপুৰত এচ ইউ চি আইৰ বিক্ষোভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৪ মার্চঃ ৰাজ্যত ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি লখিমপুৰত এচ ইউ চি আইৰ এটা দলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে দেশৰ পেট্রলিয়াম মন্ত্রী হৰদীপ সিং পুৰিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হঠাতে ৰন্ধন গেছৰ মূল্য ৫০ টকা বৃদ্ধি কৰি বি জে পি চৰকাৰে দুখীয়া মহিলাক কেনেদৰে সকাহ দিয়া হ'ল বুলিও বি জে পি চৰকাৰক এচ ইউ চি আই (কমিউনিষ্ট) লখিমপুৰ জিলা সম্পাদক অনুপম চুতীয়াই প্রশ্ন উত্থাপন কৰে। ৰন্ধন গেছৰ এনে অভাবনীয় মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধভাবে শক্তিশালী গণ আন্দোলন গঢ়ি তোলাৰো আহ্বান…
আজিও সন্ধানহীন লিডুৰ অবৈধ কয়লা খনিত হেৰাই যোৱা প্ৰাঞ্জল মৰাণৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ মাৰ্চ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লা খনিত কাম কৰিবলৈ গৈ এমাহৰো অধিককাল সন্ধানহীন হৈ থকা জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ প্ৰায় ২৪ বছৰীয়া যুৱকজনৰ সন্ধান দিয়াৰ দাবীত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰাঞ্জলৰ পৰিয়ালৰ লোকো উপস্থিত থাকে ৷ উল্লেখ্য, যোৱা ১২ জানুৱাৰীৰ পাছৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে প্ৰাঞ্জল ৷…
গৃহ সমষ্টিতে মন্ত্ৰী অশোক সিংহাল অপদস্থ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩মাৰ্চঃ কালি বিয়লি প্ৰায় চাৰি বজাত বিটিআৰত চৰকাৰী ভাবে অস্বীকৃত তিনিখন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগত আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীয়ে গৃহ সমষ্টি ঢেকিয়াজুলিতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালক কৰিলে অপদস্থ ৷যোৱা সময়চোৱাত শোণিতপুৰৰ একাংশ গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখা আছাই কালিৰ ঘটনাৰ পাছতে এয়া আৰম্ভণিহে বুলি হুংকাৰ দিছে৷উল্লেখযোগ্য যে,কালি গৃহ সমষ্টিৰ ঢেকিয়াজুলিৰ প্ৰজা পথাৰত এক কাৰ্যসূচীত উপস্থিত হবলৈ যোৱা মন্ত্ৰী অশোক সিংহালে পহু খেদা খালে…
