Browsing Category
অসম
চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ১০মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী টিউটৰৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৩ মাৰ্চঃ ১০মাৰ্চত দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ককালত টঙালি বান্ধিছে ৰাজ্যৰ শ শ টিউটৰে।উক্ত দিনা দিছপুৰ চলো কাৰ্যসূচীৰে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম টিউটৰ সন্থাই।সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি চৰকাৰক বহুবাৰ অনুনয় বিনয় কৰাৰ পাছতো টিউটৰ সকলৰ প্ৰতি তিলমানো মানৱীয়তা প্ৰদৰ্শন নকৰিলে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে।যাৰ ফলত বাধ্য হৈ ধাৰাবাহিক প্ৰতিবাদৰ বাবে সাজু হৈছে বঞ্চিত টিউটৰ সকলে।প্ৰাথমিক আৰু মধ্য ইংৰাজী টিউটৰ সন্থাৰ উদ্যোগত দিছপুৰ চলো কাৰ্যসূচীত ৰাজ্যৰ…
এপাৰ্টৰ উদ্যোগত শোণিতপুৰত ক্ৰেতা বিক্ৰেতা সন্মিলন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৩ ফেব্ৰুৱাৰীঃ কৃষিখণ্ডত সামগ্ৰিক বিকাশ আৰু ক্ৰেতা বিক্ৰেতা সকলৰ মিলনৰ অৰ্থে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প চমুকৈ APART, শোণিতপুৰৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত তেজপুৰ মাজগাওঁস্থিত যুটীয়া কৃষি সঞ্চালকৰ কাৰ্য্যালয় চৌহদত শুকুৰবাৰে অনুষ্ঠিত হয় এখনি ক্ৰেতা বিক্ৰেতা সন্মিলন । শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰা ক্ৰেতা বিক্ৰেতা সন্মিলনখনত অবিভক্ত শোণিতপুৰ জিলাৰ ২০টা কৃষক উৎপাদক কোম্পানীৰ (FPC) ৰ প্ৰতিনিধি বিক্ৰেতা হিচাপে অংশগ্ৰহণ কৰি তেখেত সকলৰ…
ৰোগীৰ হাহাকাৰঃ ঘাৰমৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰত এমাহে নাই চিকিৎসক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩ মার্চ : ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অহা বুলি দন্তালি মৰা বি জে পি চৰকাৰৰ দিনত লখিমপুৰৰ এখন ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ সেৱা লাভ কৰিব নোৱাৰি ৰোগীয়ে নিতৌ ঘৰমুৱা হোৱা কাৰ্যই চৰকাৰখনৰ স্বৰূপ উদঙাই তুলিছে। প্রাপ্ত অভিযোগ অনুসৰি লখিমপুৰ সদৰৰ পৰা মাত্র ৪-৫ কিঃ মিঃ নিলগত থকা ঘাৰমৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রটি এতিয়া এক প্ৰকাৰে এজন ফাৰ্মাচিষ্টেহে চলাই আহিব লগা হৈছে। বৃহত্তৰ ঘাৰমৰা অঞ্চলৰ এই মিনি পি. এইছ চি খনত এতিয়া ৰোগীয়ে চিকিৎসকক বিচাৰি হাহাকাৰ কৰিবলগা হয়। আজি…
ডি এন এ পৰীক্ষা কৰিলে অধিকাংশ মুছলমানৰে মূল সত্বা হিন্দুৱেই ওলাব – – মুক্তাৰ হুছেইন, প্ৰাক্তন সভাপতি, ৰাজ্যিক সংখ্যালঘু মৰ্চা
মূল্যবৃদ্ধি সাধাৰণ দৃষ্টিত হ্ৰাস কৰাতো সম্ভৱপৰ নহয় - - ভৱেশ কলিতা
সকলো সংৰক্ষিত বনাঞ্চলত হোৱা বেদখলীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান - অচিৰেই চলিব গোৱালপাৰা আৰু কৰিমগঞ্জ জিলাত - - চন্দ্ৰমোহন পাটোৱাৰী
শোণিতপুৰ ১৪ হেজাৰ ১৫৭ জন শিক্ষাৰ্থী বহিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ মাৰ্চঃ তিনি মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰৰ পৰা মুঠ ১৪ হেজাৰ ১৫৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হব।মাণ্ডলিক সচিব কে কে ডেকাই আজি জানিবলৈ দিয়া অনুসৰি জিলাখনৰ মুঠ ৩০ টা কেন্দ্ৰৰ লগতে অতিৰিক্ত চাৰিটা কেন্দ্ৰত শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হব। তেজপুৰ চাৰিআলি কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ত এটা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ লগতে ডেকাৰগাঁও হাইস্কুল, নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাক্ষসমাৰী হাইস্কুল, চিৰাজুলী হাইস্কুল, চিৰাজুলী কলনি প্ৰাথমিক বিদ্যালয় আৰু…
বাঁহবাৰীৰ শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত দৌলউৎসৱৰ ব্যাপক প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২মাৰ্চঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ আৰু বিহগুৰি মৌজাৰ মধ্যস্হলত অৱস্থিত থিয়আটি তথা শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত অহা সাত মাৰ্চৰ পৰা ১১মাৰ্চলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে দৌলউৎসৱ আৰু মেলাৰ আয়োজন কৰা হৈছে৷ শতিকা প্ৰাচীন থানখনত এই দৌলউৎসৱ আৰু মেলাই ২৯বছৰত ভৰি দিছে৷ আনহাতে এইবাৰ এই উৎসৱ ৰূপালী জয়ন্তী হিচাপেও অনুষ্ঠিত হ’ব৷ ইতিমধ্যে মহেন্দ্ৰ বৰুৱাক সভাপতি,কেশৱ চন্দ্ৰ বৰুৱাক কাৰ্যকৰী সভাপতি আৰু ৰমণী মোহন শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰাৰ লগতে এই দৌল উৎসৱ তথা মেলাৰ প্ৰস্তুতি…
তেজপুৰ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁৱত অনুষ্ঠিত সাতদিনীয়া শিবিৰৰ সামৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ মাৰ্চ : মহামানৱ মহাত্মা গান্ধীৰ 'গাৱঁলৈ ঘূৰি যোৱা নীতি' অনুসৰণ কৰি তেজপুৰ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত প্ৰতি বৰ্ষতে একোখনকৈ গাঁৱত বিদ্যাৰ্থীসকলক গ্ৰাম্য জীৱনৰ সৈতে সম্পৃক্ত কৰা আৰু পৰিগৃহীত গাঁৱত বিভিন্ন সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে কেইবাদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ মহাবিদ্যালয়খনে নকৈ পৰিগ্ৰহণ কৰা তেজপুৰ বেছেৰীয়া পঞ্চায়তৰ অন্তৰ্গত সোপোৰা চুবুৰী কলিতা গাঁৱত সাদিনীয়া কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী…
তিনিচুকীয়াত আদালতৰ কৰ্মচাৰী জড়িত ড্ৰাগছৰ বেহাত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আজিও অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ অভিযান ৷ আজি ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰবী সোনোৱাল নামৰ কৰ্মচাৰীজনক আদালতৰ চৌহদৰ পৰা আটক কৰে ৷ আৰক্ষীয়ে ধৃত সোনোৱালৰ ঘৰত চলোৱা তালাচীৰ সময়ত ১.৫ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে ড্ৰাগছখিনি প্ৰতিবেশীৰ চৌহদলৈ দলিয়াই লুকুৱাৰ অপচেষ্টাত লিপ্ত হোৱাৰ বাবে সোনোৱালৰ পত্নীকো আৰক্ষীয়ে আটক কৰে ৷ আনহাতে চহৰখনৰ হিজুগুৰীৰ ভি আই পি পথৰ এটা ভাড়াঘৰত গোপন সূত্ৰে…
তিনিচুকীয়াৰ শুকানপুখুৰী বাগিচাৰ শ শ চাহগছ কাটি ধ্বংস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাৰ ৩ নং ছেকচনত প্ৰায় ৩০০ জোপা চাহগছ দুষ্কৃতিকাৰীয়ে কাটি ধ্বংস কৰাৰ সন্দৰ্ভত তদন্তৰ দাবীত আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ আৰু সম্পাদক ৰবিন কুৰ্মিৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ যে তিনিচুকীয়া সদৰৰ গাতে লাগি থকা শুকানপখুৰী চাহ বাগিচাৰ শ্ৰমিকসকলে বৰ্তমান বৰ বেয়া অৱস্থাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে ৷ শ্ৰমিকসকল মৌলিক…
সুখবৰঃ বিহুত মুকলি হ’ব এইমছ গুৱাহাটী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মাৰ্চঃ অসমবাসীলৈ আগন্তুক ৰঙালি বিহুৱে এক সুখবৰ কঢ়িয়াই আনিব। চাংচাৰিত নৱনিৰ্মিত এইমছ গুৱাহাটী অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব। ৰাজ্যৰ স্বাস্থ্য আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আজি এইমছ গুৱাহাটী চৌহদ পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিক লৈ এইমছ কৰ্তৃপক্ষ, কামৰূপ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়।
