Browsing Category
অসম
তেজপুৰ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁৱত অনুষ্ঠিত সাতদিনীয়া শিবিৰৰ সামৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ মাৰ্চ : মহামানৱ মহাত্মা গান্ধীৰ 'গাৱঁলৈ ঘূৰি যোৱা নীতি' অনুসৰণ কৰি তেজপুৰ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত প্ৰতি বৰ্ষতে একোখনকৈ গাঁৱত বিদ্যাৰ্থীসকলক গ্ৰাম্য জীৱনৰ সৈতে সম্পৃক্ত কৰা আৰু পৰিগৃহীত গাঁৱত বিভিন্ন সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে কেইবাদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ মহাবিদ্যালয়খনে নকৈ পৰিগ্ৰহণ কৰা তেজপুৰ বেছেৰীয়া পঞ্চায়তৰ অন্তৰ্গত সোপোৰা চুবুৰী কলিতা গাঁৱত সাদিনীয়া কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী…
তিনিচুকীয়াত আদালতৰ কৰ্মচাৰী জড়িত ড্ৰাগছৰ বেহাত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আজিও অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ অভিযান ৷ আজি ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰবী সোনোৱাল নামৰ কৰ্মচাৰীজনক আদালতৰ চৌহদৰ পৰা আটক কৰে ৷ আৰক্ষীয়ে ধৃত সোনোৱালৰ ঘৰত চলোৱা তালাচীৰ সময়ত ১.৫ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে ড্ৰাগছখিনি প্ৰতিবেশীৰ চৌহদলৈ দলিয়াই লুকুৱাৰ অপচেষ্টাত লিপ্ত হোৱাৰ বাবে সোনোৱালৰ পত্নীকো আৰক্ষীয়ে আটক কৰে ৷ আনহাতে চহৰখনৰ হিজুগুৰীৰ ভি আই পি পথৰ এটা ভাড়াঘৰত গোপন সূত্ৰে…
তিনিচুকীয়াৰ শুকানপুখুৰী বাগিচাৰ শ শ চাহগছ কাটি ধ্বংস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাৰ ৩ নং ছেকচনত প্ৰায় ৩০০ জোপা চাহগছ দুষ্কৃতিকাৰীয়ে কাটি ধ্বংস কৰাৰ সন্দৰ্ভত তদন্তৰ দাবীত আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ আৰু সম্পাদক ৰবিন কুৰ্মিৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ যে তিনিচুকীয়া সদৰৰ গাতে লাগি থকা শুকানপখুৰী চাহ বাগিচাৰ শ্ৰমিকসকলে বৰ্তমান বৰ বেয়া অৱস্থাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে ৷ শ্ৰমিকসকল মৌলিক…
সুখবৰঃ বিহুত মুকলি হ’ব এইমছ গুৱাহাটী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মাৰ্চঃ অসমবাসীলৈ আগন্তুক ৰঙালি বিহুৱে এক সুখবৰ কঢ়িয়াই আনিব। চাংচাৰিত নৱনিৰ্মিত এইমছ গুৱাহাটী অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব। ৰাজ্যৰ স্বাস্থ্য আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আজি এইমছ গুৱাহাটী চৌহদ পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিক লৈ এইমছ কৰ্তৃপক্ষ, কামৰূপ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়।
অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২ নম্বৰ মণ্ডলৰ সাংগঠনিক সভা
শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত মাজগাওঁ জ্যেষ্ঠ নাগৰিক মঞ্চৰ আতিথ্যত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মণ্ডল-২ৰ সাংগঠনিক সভাখন আজি তেজপুৰ শাখাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক দেৱ কান্ত দাসে আঁতধৰা সভাখনত সভাপতিত্ব কৰে ২ নম্বৰ মণ্ডলৰ সভাপতি তথা অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপ- সভাপতি থানুৰাম শৰ্মাই।শাখাৰ সদস্য যাদৱ চন্দ্ৰ নাথৰ পৰিচালনাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষ গীত “এই খন অসমীৰ চেনেহী কোলাত আজি আমাৰ জীৱনৰ বিয়লি হ'ল” পৰিবেশন…
চাকৰি নিয়মীয়াকৰণৰ দাবীত পুনৰ সৰৱ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ
শতাব্দ প্রতিনিধি, তেজপুৰ ১মাৰ্চঃ আজি সদৌ অসম প্রাথমিক টেট্ উত্তীর্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ আহবানত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ দৰেই শোণিতপুৰ জিলা সমিতিয়ে আজি এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে পেৰণ কৰে। উল্লেখযোগ্য যে, স্মাৰক-পত্র উল্লেখ কৰা অনুসৰি ২০ জানুৱাৰীত অসমৰ ৰাজ্যিক কেবিনেটে গুণোৎসৱ ২০২২ আৰু ২০২৩ বৰ্ষত একাধাৰে দুবাৰ এ স্নায় গ্রেড প্রাপ্ত বিদ্যালয়সমূহত কৰ্মৰত নিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকলৰ চাকৰি নিয়মিয়া কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। উক্ত সিদ্ধান্ত ৰাজ্যপাল…
হাইস্কুল শিক্ষান্ত পৰীক্ষা-উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাচা পৰীক্ষা
শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ অহা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাচা পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জাৰি কৰা এক নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত বৈধ প্ৰৱেশ পত্ৰ সহ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল, পৰীক্ষাৰ সৈতে…
শোণিতপুৰত বাল্য বিবাহ প্ৰতিৰোধৰ বিষয়ে সজগতা সভা
শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ ৰাজ্যখনত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ লগত সংগতি ৰাখি যোৱা ২৮ ফেব্ৰুৱাৰী মঙ্গলবাৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা সমিতিৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়।
সভা সভাপতিত্ব কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বৈঠকত উপস্থিত অংশীদাৰসকলক বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে চলোৱা যুঁজখনত সহায় কৰি যাবলৈ আহবান জনোৱাৰ লগতে এনে বিবাহৰ খবৰ পালেই বাল্য বিবাহ প্ৰতিৰোধ বিষয়াৰ দায়িত্বত থকা পঞ্চায়ত সচিব নাইবা…
স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ শিল্পী সম্বৰ্দ্ধনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮ফেব্ৰুৱাৰীঃ তেজপুৰৰ দ-পৰ্বতীয়া স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা ঐতিহ্য মণ্ডিত দ-পৰ্বতীয়া অঞ্চলৰ দুগৰাকী শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। ২০২২ - ২৩ ৰ ৰাজ্য চৰকাৰৰ এককালীন বাৰ্ষিক শিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দুগৰাকী কৈ শিল্পী ক্ৰমে সত্ৰীয়া শিল্পী, ৰাজহুৱা স্বীকৃতি প্ৰাপ্ত গায়ন তথা নাট্যকাৰ -পৰিচালক আৰু ৰূপসজ্জাকাৰ ইন্দ্ৰেশ্বৰ পাঠকৰ লগতে অসমৰ এগৰাকী প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী তথা সমাজকৰ্মী মোহিনী হাজৰিকাক স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা সভানেত্ৰী লীলাৱতী বৰাৰ নেতৃত্বত…
নাট্য যোদ্ধা কৰুণা শইকীয়াক “ভোলা কলিতা সোঁৱৰণী বঁটা” প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰৰ নিষ্ঠাবান নাট্যকাৰ-পৰিচালক তথা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম কৰ্মী কৰুণা শইকীয়াক আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পঞ্চম বাৰ্ষিক ভোলা কলিতা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত অনুষ্ঠিত ভোলা কলিতা স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত নাট্য যোদ্ধা শইকীয়াক তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ…
