Browsing Category

অসম

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২ নম্বৰ মণ্ডলৰ  সাংগঠনিক সভা

শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত মাজগাওঁ জ্যেষ্ঠ নাগৰিক মঞ্চৰ আতিথ্যত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মণ্ডল-২ৰ সাংগঠনিক সভাখন আজি তেজপুৰ শাখাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক দেৱ কান্ত দাসে আঁতধৰা সভাখনত সভাপতিত্ব কৰে ২ নম্বৰ মণ্ডলৰ সভাপতি তথা অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপ- সভাপতি  থানুৰাম শৰ্মাই।শাখাৰ সদস্য যাদৱ চন্দ্ৰ নাথৰ পৰিচালনাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষ গীত “এই খন অসমীৰ চেনেহী কোলাত আজি আমাৰ জীৱনৰ বিয়লি হ'ল” পৰিবেশন…

চাকৰি নিয়মীয়াকৰণৰ দাবীত  পুনৰ সৰৱ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ

শতাব্দ প্রতিনিধি, তেজপুৰ ১মাৰ্চঃ আজি সদৌ অসম প্রাথমিক টেট্‌ উত্তীর্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ আহবানত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ দৰেই শোণিতপুৰ জিলা সমিতিয়ে আজি এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে পেৰণ কৰে। উল্লেখযোগ্য যে, স্মাৰক-পত্র উল্লেখ কৰা অনুসৰি ২০ জানুৱাৰীত  অসমৰ ৰাজ্যিক কেবিনেটে গুণোৎসৱ ২০২২ আৰু ২০২৩ বৰ্ষত একাধাৰে দুবাৰ এ স্নায় গ্রেড প্রাপ্ত বিদ্যালয়সমূহত কৰ্মৰত নিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকলৰ চাকৰি নিয়মিয়া কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। উক্ত সিদ্ধান্ত ৰাজ্যপাল…

হাইস্কুল শিক্ষান্ত পৰীক্ষা-উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাচা পৰীক্ষা

শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ অহা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাচা পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জাৰি কৰা এক নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত বৈধ প্ৰৱেশ পত্ৰ সহ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল, পৰীক্ষাৰ সৈতে…

শোণিতপুৰত বাল্য বিবাহ প্ৰতিৰোধৰ বিষয়ে সজগতা সভা

শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ ৰাজ্যখনত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ লগত সংগতি ৰাখি যোৱা ২৮ ফেব্ৰুৱাৰী মঙ্গলবাৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা সমিতিৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভা সভাপতিত্ব কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বৈঠকত উপস্থিত অংশীদাৰসকলক বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে চলোৱা যুঁজখনত সহায় কৰি যাবলৈ আহবান জনোৱাৰ লগতে এনে বিবাহৰ খবৰ পালেই  বাল্য বিবাহ প্ৰতিৰোধ বিষয়াৰ দায়িত্বত থকা পঞ্চায়ত সচিব নাইবা…

স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ শিল্পী সম্বৰ্দ্ধনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮ফেব্ৰুৱাৰীঃ তেজপুৰৰ দ-পৰ্বতীয়া স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা ঐতিহ্য মণ্ডিত দ-পৰ্বতীয়া অঞ্চলৰ দুগৰাকী শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। ২০২২ - ২৩  ৰ ৰাজ্য চৰকাৰৰ এককালীন  বাৰ্ষিক শিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দুগৰাকী কৈ শিল্পী ক্ৰমে সত্ৰীয়া শিল্পী, ৰাজহুৱা স্বীকৃতি প্ৰাপ্ত গায়ন তথা নাট্যকাৰ -পৰিচালক আৰু ৰূপসজ্জাকাৰ ইন্দ্ৰেশ্বৰ পাঠকৰ লগতে অসমৰ এগৰাকী প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী তথা  সমাজকৰ্মী মোহিনী হাজৰিকাক স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা সভানেত্ৰী লীলাৱতী বৰাৰ নেতৃত্বত…

নাট্য যোদ্ধা কৰুণা শইকীয়াক “ভোলা কলিতা সোঁৱৰণী বঁটা” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰৰ নিষ্ঠাবান নাট্যকাৰ-পৰিচালক তথা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম কৰ্মী কৰুণা শইকীয়াক আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পঞ্চম বাৰ্ষিক ভোলা কলিতা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত অনুষ্ঠিত ভোলা কলিতা স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত নাট্য যোদ্ধা শইকীয়াক তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ…

শিক্ষকতা জীৱনৰ অন্তিম দিনটোতে পেন্সনৰ নথি পত্ৰ প্ৰদান তেজপুৰৰ জনপ্ৰিয় শিক্ষক, দক্ষ অভিনেতা ভূপেন শৰ্মাক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় ব্যক্তি, দক্ষ অভিনেতা, নাট্যকাৰ - পৰিচালক, চলচ্চিত্ৰ অভিনেতা, তেজপুৰৰ বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তেজপুৰ সাহিত্য সভাকে ধৰি বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওত:প্ৰোতভাৱে জড়িত তথা তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভূপেন শৰ্মাই আজি শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ দিনটোতে শোণিতপুৰ জিলা শিক্ষা বিভাগে পেন্সনৰ যাৱতীয় সকলো নথি পত্ৰ প্ৰদান কৰাৰ পিছত বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এক বিশেষ বিদায় সম্ভাষণ অনুষ্ঠানৰ ।উল্লেখ্য…

লখিমপুৰত নিশা ডকাইতৰ সন্দেহত এজনক আটক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ফেব্ৰুৱাৰীঃ উত্তৰ লখিমপুৰ নগৰৰ খেলমাটি তথা টাউন বান্তৌত যোৱা নিশা ইমদাদ আলি নামৰ লোকজনৰ ঘৰত জাগুনৰ এজন সন্দেহযুক্ত লোকক আটক কৰি খেলমাটি আৰক্ষীক চমজাই দিয়া হয়৷ ধৃত লোকজনক আৰক্ষীয়ে অসম অৰুণাচল সীমান্তৱৰ্তী তথা তিনিচুকীয়া জিলাৰ টিৰাপৰ গংগা ছেত্ৰী বুলি চিনাক্ত কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা প্ৰায় ডেৰ বজাত উক্ত লোকজনে ইমদাদ আলিৰ ঘৰৰ পিছফালেৰে সোমাই বাৰান্দাৰ গ্ৰীল জোকাৰি আঁতৰি যাবলৈ ধৰাৰ সময়তে ইমদাদ আলিৰ পৰিয়ালৰ লোকে সন্দেহযুক্ত লোকজনক আটক কৰিবলৈ সক্ষম হয়৷ নিশাই ধৃত লোকজনক খেলমাটি আৰক্ষীক…

বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত ৰাজহুৱা শুনানী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ফেব্ৰুৱাৰীঃ বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা আবেদন সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা শুনানীত অন্যান্য সংগঠনৰ লগতে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনেও অংশগ্ৰহণ কৰে। এছচিয়েছনৰ উপদেষ্টা বিমল দাস,আহ্বায়ক অজয় আচাৰ্য আৰু সদস্য অজিত আচাৰ্যই শুনানীত উপস্থিত থাকি বক্তব্য দাঙি ধৰে। এছচিয়েছৰ পক্ষৰ পৰা কোৱা হয় যে বিদ্যুৎ আইন,২০০৩ ৰ ৬১ নম্বৰ ধাৰা, য'ত বিদ্যুৎ গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ কথা পৰিস্কাৰকৈ কোৱা হৈছে সেয়া লংঘন কৰি এপিডিচিএলে প্ৰতি বছৰে মাচুল বৃদ্ধি…

তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান উৎসৱ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞান ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰি আহিছে বাৰ্ষিক বিজ্ঞান উৎসৱৰ৷ এই বাৰ্ষিক বিজ্ঞান উৎসৱে এইবাৰ দশম বৰ্ষত ভৰি দিছে আৰু তেজপুৰ বিশ্ববিদ্যালয় চৌহদৰ মুকলি বাকৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূৱ আঞ্চলিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনীৰ৷ ইয়াত বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ তিনিটা ভাগত ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিছে আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ উদ্ভাৱনী ধাৰণা সমূহ প্ৰদৰ্শন কৰিছে৷ এই…