Browsing Category
অসম
নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগত নেচাৰ্চ বেকনৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৮ ফেব্ৰুৱাৰীঃ বিজ্ঞান সকলোৰে বাবে’– শীৰ্ষক নীতিবাক্যৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে ২০১৬ বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস অনুষ্ঠিত কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপন কৰা তথা সমাজত বিজ্ঞান চিন্তাৰ প্ৰসাৰ ঘটোৱাই হৈছে অনুষ্ঠানটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷ আজি বিজ্ঞান দিৱস উপলক্ষ্যে অসমীয়া বিভাগ আৰু উত্তৰ-পূৱ ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ সহযোগত মহাবিদ্যালয়ৰ কনফাৰেন্স হলত ‘প্ৰকৃতি সুৰক্ষাত বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তা’ শীৰ্ষকেৰে এখন আলোচনা চক্ৰৰ আয়োজন…
বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানৰ নিৰৱ সাধক ড° অখিল কুমাৰ ডেকালৈ বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনজোৰা সাধনা সন্মান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৮ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ‘২০২৩’উপলক্ষে বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক, লেখক, উদ্ভাৱক আৰু শিক্ষাবিদ, দৰং মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° অখিল কুমাৰ ডেকাক বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনযোৰা সাধনা সন্মান’ আগবঢ়াইছে৷ এই সন্মান অহা ৫ মাৰ্চ দেওবাৰে তেজপুৰৰ তৰুণ অসম সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ…
কেতিয়া সম্পূৰ্ণ হ’ব তেজপুৰৰ নপাম আদৰ্শগাঁও নিৰ্মাণ প্ৰকল্প
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ফেব্ৰুৱাৰীঃ তেজপুৰৰ নপাম অঞ্চলক সামৰি এবছৰ পূৰ্বে ধুমধামৰে আৰম্ভ হৈছিল আদৰ্শগাঁও ৰূপে বিভিন্ন আঁচনি ৰূপায়ণৰ কাম৷ চৰকাৰে আৱণ্টন দিয়া মুঠ ৫০লাখ টকাৰ ভিতৰত নপাম গাঁও পঞ্চায়তৰ অধীনত এই অঞ্চলত ২২লাখ টকাৰে তিনিটা পথ, ১০লাখ টকাৰে মুঠ ২২টা সৌৰশক্তি সম্পন্ন পোহৰৰ ব্যৱস্থা, আঠ লাখ টকাৰে পকী দেৱালৰে স’তে ৰাজহুৱা প্ৰস্ৰাৱাগাৰ আৰু ১০লাখ টকাৰে এখন প্ৰৱেশদ্বাৰ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল৷ সেই অনুসৰি স্হানীয় ৰাইজৰ সহযোগত এখন সমিতি গঠন কৰা হয় আৰু এই কাম সমূহৰ ঠিকা আৱণ্টন দিয়া হয়৷ কিন্তু নপাম আদৰ্শ গাঁৱৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বহনক্ষম উন্নয়নৰ দিশত সেউজ পদ্ধতিৰ সন্দৰ্ভত আলোচনা সত্ৰ
উত্তৰ লখিমপুৰঃ ২৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি, বেংকিং আৰু বাণিজ্য যৌথ উদ্যোগত আৰু ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত অহা ২০ আৰু ২১ মাৰ্চত এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে আয়োজক সমিতিয়ে। আলোচনা চক্ৰত উপস্থাপন কৰিবলৈ শিক্ষাবিদ, কলেজ আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু বিভিন্ন শাখাৰ ছাত্ৰ-ছাত্ৰীৰ পৰা গৱেষণা পত্ৰ আহ্বান জনোৱা হৈছে। গৱেষণা পত্ৰৰ উপ-বিষয়সমূহ হ'ল সেউজ অৰ্থনীতিৰ বাবে শেহতীয়া পদ্ধতি, সেউজ বেংকিং, সেউজ…
“আয়ুস্মান ভাৰত” কাৰ্ড লাভৰ বাবে হিতাধিকাৰীলৈ আহ্বান
উত্তৰ লখিমপুৰ, ২৭ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ যোগ্য হিতাধিকাৰী সকলৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চলি আছে ই- কে ৱাই চি অভিযান। উল্লেখ্য যে জিলাখনত মুঠ ৭,০০,২৩৭ জন হিতাধিকাৰী আছে আৰু বৰ্তমানলৈকে ১,৪৯,৪১৬ গৰাকী হিতাধিকাৰীয়েহে “আয়ুস্মান ভাৰত” কাৰ্ড লাভ কৰিছে। বাকী থকা হিতাধিকাৰীয়ে যাতে অহা ২৫ মাৰ্চৰ ভিতৰত এই কাৰ্ড লাভ কৰে তাৰে বাবে জিলা প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গীতালী দুৱৰাই জানিবলৈ দিয়া অনুসৰি অসম…
‘গণিত বিষয়ৰ অসমীয়া মাধ্যমৰ পুৰণি পাঠ্যপুথি’ৰ সন্ধান
সম্পাদক মহোদয়, স্কুলীয়া পাঠ্যপুথিৰ জৰিয়তেই কিতাপৰ বৃহৎ জগতখনৰ সৈতে আমাৰ সম্পৰ্কৰ আৰম্ভণি হয়। সময়ৰ লগে লগে বিভিন্ন শিক্ষা বিষয়ক নীতিসমূহৰ প্ৰৱৰ্তন/ বলবৎ অনুযায়ী সলনি হৈ আহিছে পাঠ্যপুথিসমূহ। আপাত দৃষ্টিত অপ্ৰয়োজনীয় বা অলাগতিয়াল যেন লাগিলেও পুৰণি হৈ অহা পাঠ্যপুথিসমূহৰ ঐতিহাসিক মূল্য কিন্তু সদায়ে আছে।
এক বিদ্যায়তনিক প্ৰয়োজনত 'গণিত বিষয়ৰ অসমীয়া মাধ্যমৰ পুৰণি পাঠ্যপুথি'ৰ সন্ধান কৰোঁতে দুই এখন বাদ দি বেছিভাগেই এই পৰ্যন্ত বিচাৰি পোৱা নাই। বিশেষকৈ স্বাধীনতাৰ পিছৰে পৰা বৰ্তমানলৈকে গণিত বিষয়ৰ অসমীয়া মাধ্যমৰ এই পাঠ্যপুথিসমূহ…
অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাহিত্যিক লীলাকান্ত মহন্তৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰীঃ শ্ৰীশ্ৰীবৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক, ধৰ্মপ্ৰাণ ব্যক্তি লীলাকান্ত মহন্ত (৯২) ৰ আজি পুৱতি নিশা ২.১৫ বজাত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনৰ লগতে ৰাজ্যখনত শোকৰ ছাঁ পৰে। বৰ্ষীয়ান সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পুৱতি নিশাৰ পৰা তেওঁৰ সত্ৰৰ কোঁৱৰপুৰস্থিত বাসগৃহত অগণন শুভাকাংশী উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, আদৰ্শ মাতৃ, বিশিষ্ট সাহিত্যিক তথা…
শিশুক শাৰীৰিক উৎপীড়নৰ অভিযোগত বৃদ্ধ গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঠেলামৰা আৰক্ষী থানা অন্তৰ্গত জহামাৰি নপামৰ এজন লোকে এটি কন্যা শিশুক শাৰীৰিক উৎপীড়ন চলোৱাৰ এক জঘন্য ঘটনাৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,বিপিন নাথ নামৰ প্ৰায় ৭০বছৰীয়া লোকজনে পূৰ্বপৰিচিত শিশুটিক ফুচুলাই নি এনে দুস্কাৰ্য কৰে প্ৰায় এসপ্তাহ পূৰ্বে৷ পাছত শিশুটিয়ে এইবিষয়ে প্ৰকাশ কৰাত অভিভাৱকে ২৪ফেব্ৰুৱাৰীত ঘটনা সন্দৰ্ভত ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ইয়াৰ পিছতে আৰক্ষীয়ে কালি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে…
অসম কলেজ শিক্ষক সংস্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ
অসম কলেজ শিক্ষক সংস্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানৰ সাংস্কৃতিক শোভাযাত্ৰা, নগাওঁ মহাবিদ্যালয়ত
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন উপ পৌৰপতি হৰদত্ত হাজৰিকাৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৬ ফেব্ৰুৱাৰী: বিশিষ্ট সমাজকৰ্মী, কেন্দ্ৰীয় শ্ৰমিক শিক্ষা উন্নয়ন পৰিষদৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক সঞ্চালক, প্ৰবীণ অধিবক্তা, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি, বিজেপি দলৰ দীঘলীয়া সময়ৰ নিষ্ঠাবান সদস্য তথা তেজপুৰ ঊষানগৰ নিবাসী হৰদত্ত হাজৰিকাৰ কালি নিশা প্ৰায় ১০ - ৩০ বজাত সৰু জীয়াৰীৰ তেজপুৰৰ মাজগাঁৱৰ বাসগৃহত ৮৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৩৪ চনৰ ১ মাৰ্চত নলবাৰী জিলাৰ বৰভাগৰ কালাগ হাটখোলাত জন্মগ্ৰহণ কৰা হাজৰিকাৰ শৈশৱ কালৰ কাহিনী অতি বিচিত্ৰ আৰু সংগ্ৰামপূৰ্ণ। ১২ বছৰ বয়সতে…
