Browsing Category

অসম

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাহিত্যিক লীলাকান্ত মহন্তৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰীঃ শ্ৰীশ্ৰীবৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক, ধৰ্মপ্ৰাণ ব্যক্তি লীলাকান্ত মহন্ত (৯২) ৰ আজি পুৱতি নিশা ২.১৫ বজাত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনৰ লগতে ৰাজ্যখনত শোকৰ ছাঁ পৰে। বৰ্ষীয়ান সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পুৱতি নিশাৰ পৰা তেওঁৰ সত্ৰৰ কোঁৱৰপুৰস্থিত বাসগৃহত অগণন শুভাকাংশী উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, আদৰ্শ মাতৃ, বিশিষ্ট সাহিত্যিক তথা…

শিশুক শাৰীৰিক উৎপীড়নৰ অভিযোগত বৃদ্ধ গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঠেলামৰা আৰক্ষী থানা অন্তৰ্গত জহামাৰি নপামৰ এজন লোকে এটি কন্যা শিশুক শাৰীৰিক উৎপীড়ন চলোৱাৰ এক জঘন্য ঘটনাৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,বিপিন নাথ নামৰ প্ৰায় ৭০বছৰীয়া লোকজনে পূৰ্বপৰিচিত শিশুটিক ফুচুলাই নি এনে দুস্কাৰ্য কৰে প্ৰায় এসপ্তাহ পূৰ্বে৷ পাছত শিশুটিয়ে এইবিষয়ে প্ৰকাশ কৰাত অভিভাৱকে ২৪ফেব্ৰুৱাৰীত ঘটনা সন্দৰ্ভত ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ইয়াৰ পিছতে আৰক্ষীয়ে কালি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন উপ পৌৰপতি হৰদত্ত হাজৰিকাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৬ ফেব্ৰুৱাৰী: বিশিষ্ট সমাজকৰ্মী, কেন্দ্ৰীয় শ্ৰমিক শিক্ষা উন্নয়ন পৰিষদৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক সঞ্চালক, প্ৰবীণ অধিবক্তা, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি, বিজেপি দলৰ দীঘলীয়া সময়ৰ নিষ্ঠাবান সদস্য তথা তেজপুৰ ঊষানগৰ নিবাসী হৰদত্ত হাজৰিকাৰ কালি নিশা প্ৰায় ১০ - ৩০ বজাত সৰু জীয়াৰীৰ তেজপুৰৰ মাজগাঁৱৰ বাসগৃহত ৮৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৩৪ চনৰ ১ মাৰ্চত নলবাৰী জিলাৰ বৰভাগৰ কালাগ হাটখোলাত জন্মগ্ৰহণ কৰা হাজৰিকাৰ শৈশৱ কালৰ কাহিনী অতি বিচিত্ৰ আৰু সংগ্ৰামপূৰ্ণ। ১২ বছৰ বয়সতে…

আক্ৰান্তক বুজাবুজিৰ বাবে হেঁচা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ চৰকাৰীভাবে ৰাজ্যৰ আৰক্ষীক নতুনৰূপ আৰু কাৰ্মতৎপৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত ল’লেও আৰক্ষীৰ অৱস্থা একেদৰেই আছে৷পূৰ্বৰ দৰেই মূল অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল হ’লেও কোনো অনুসন্ধান নকৰি ওলোতাই পীড়িতৰ বিৰুদ্ধেহে অভিযুক্তই পাছত ষড়যন্ত্ৰমূলক ভাবে দাখিল কৰা এজাহাৰৰ ভিত্তিত হাৰাশাস্তি কৰাৰ উপৰি অভিযুক্তৰ স’তে পীড়িতক বুজাবুজি কৰি ল’বলৈ হেঁচা দিয়া ৰহস্যজনক ঘটনা ঘটি আহিছে আৰু আৰক্ষীৰ এনে কাৰ্যৰ বাবেই অভিযুক্তৰ  নতুন একোটা ঘটনা সংঘটিত কৰিবলৈ সাহস বৃদ্ধি পাইছে৷শোণিতপুৰৰ ৰঙাপৰা আৰক্ষী থানা…

তেজপুৰত ভূৱা আৰক্ষী উপপৰিদৰ্শক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ তেজপুৰৰ মিছন চাৰিআলিত আজি দিনৰ প্ৰায় ১১-৩০বজাত এজন ভুৱা আৰক্ষী উপপৰিদৰ্শক কৰায়ত্ত কৰে স্হানীয় কছাৰীগাঁও আৰক্ষীয়ে৷আৰক্ষীৰ পোছাক পৰিধান কৰা তথা তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি কলিতাগাঁৱৰ  যুৱক  হিমাংশু কলিতা(২২)ই আজি মিছন চাৰিআলিলৈ চৰাইদেউ জিলাৰ নাহৰপুখুৰী চাংমাই গাঁৱৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনক চাকৰি দিয়াৰ প্ৰলোভনৰে মাতি আনিছিল৷এই বিষয়ে স্হানীয় আৰক্ষী অৱগত হোৱাৰ লগে লগে হিমাংশুক কৰায়ত্ত কৰে৷ইপিনে,ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা হিমাংশুৱে প্ৰকাশ কৰে যে তেওঁ তিনিহেজাৰ টকা ব্যয় কৰি অনলাইনত এই আৰক্ষীৰ…

কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

শতাব্দ প্রতিনিধি, তেজপুৰ, ২৪ ফেব্ৰুৱাৰীঃ শ্ৰমিক আৰু শ্ৰমিকসকলৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে সুদীৰ্ঘ ৭১ বছৰ সেৱা আগবঢ়োৱাৰ লগত সংগতি ৰাখি"কৰ্মচাৰী ৰাজ্যিক বীমা নিগম" এ অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চ তাৰিখলৈ সমগ্ৰ ভাৰততে "উন্নত স্বাস্থ্য সেৱা আৰু সামাজিক সুৰক্ষা" শীৰ্ষক বিষয়ত বিশেষ সেৱা পষেকৰ আয়োজন কৰিছে। এই বিশেষ সেৱা পষেকৰ সময়ছোৱাত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ শাখা কাৰ্যালয়, তেজপুৰে আকৌ অহা ১ মাৰ্চ আৰু ৯ মাৰ্চ তাৰিখে পুৱা ১১ বজাৰ পৰা "অভিযোগ নিৰাময় দিৱস" (সুবিধা সমাগম) ৰ আয়োজন কৰিছে। এক বিবৃতিৰ জৰিয়তে কৰ্মচাৰী ৰাজ্য বীমা…

বালিপৰাৰ মিটচাপ্লাইত লোমহৰ্ষক দুৰ্ঘটনাত পাঁচজন যুৱক নিহত

শতাব্দ প্রতিনিধি,তেজপুৰ,২৪ ফেব্ৰুৱাৰীঃ যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী মিট চাপ্লাই নামৰ অঞ্চলটোত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত তেজপুৰৰ পাঁচজনকৈ যুৱক নিহত হোৱা ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে৷দুৰ্ঘটনাটোত কাৱৈমাৰীৰ আকাশদ্বীপ বৰা (২৩), বেছেৰীয়া পুখুৰীয়াৰ বিদ্যুৎ নাথ (২৩), বালিপুখুৰী তিনিআলিৰ কেশৱ ওৰফে ভাইকণ পটংগীয়া (৪০), গাড়ী খনৰ গৰাকী গটঙাৰ দ্বীপেন বৰা (৩৭) আৰু ৰঙাপুখুৰী পাৰৰ বিশ্বজিৎ শইকীয়া (২৬) বুলি চিনাক্ত কৰা হয়৷উল্লেখযোগ্য যে,বিভিন্ন বয়সৰ হ’লেও বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা পাঁচোজনেই যোৱা নিশা প্ৰায় আঠ বজাত একেলগে বালিপৰা দিশে…

অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত উৎখাত নগা বিদ্ৰোহীৰ শিবিৰ

শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ২৪ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাত আৰক্ষী আৰু আছাম ৰাইফলছে এক অভিযানত ইষ্টাৰ্ণ নাগা নেচনেল গৱৰ্ণমেণ্ট (ইএনএনজি) নামৰ বিদ্ৰোহী সংগঠনটোৰ ২ সক্ৰিয় কেডাৰক মাৰণাস্ত্ৰসহ মঙ্গলবাৰে আটক কৰাৰ দুদিন পাছত বৃহস্পতিবাৰে আন এক অভিযানত অৰুণাচল আৰক্ষীয়ে ভাৰত-ম্যনমাৰ সীমান্তৱৰ্তী এলেকাত স্থাপন কৰা ইএনএনজিৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে চুবুৰীয়া ৰাজ্যখনৰ চাংলাং জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী ৰিমা পুটক চক্ৰৰ লুংপাং অঞ্চলত বিদ্ৰোহী সংগঠনটোৰ…

ঘুনাসূতিত কৃষকক পাম্পছেট বিতৰণ আই জি এছ এছ  এছৰ 

শতাব্দ প্রতিনিধি, লখিমপুৰ  ২৪ ফেব্ৰুৱাৰীঃ ভাৰত চৰকাৰৰ অধীনস্থ বেচৰকাৰী সংস্থা ইণ্ডো গ্ল'ৱেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটিয়ে এইচ ডি এফ চি বেংকৰ অৰ্থ সাহায্যত আজি লখিমপুৰ জিলাৰ ঘূণাসুঁতি, ন-কদম আৰু লখিমপুৰ পঞ্চায়তৰ ১৫ গৰাকী কৃষকৰ মাজত বিভিন্ন প্ৰকাৰৰ ৰবি শস্যৰ বীজ জিকা, তিঁয়হ, দাংবডীৰ বীজ বিনামূলীয়াকৈ বিতৰণ কৰে। আনহাতে বধাকৰা হাইস্কুল, বধাকৰা এম. ই. স্কুল, পূব ঘাগৰ এম. ই স্কুল, দেবিৰাম পাংগিং হাইস্কুল, বাদুলীপাৰা হিজলুগুৰী এল. পি. স্কুলতো বিনামূলীয়া শস্যৰ বীজ বিতৰণ কৰে। ইফালে মহাইজান, জামুগুৰি, বামুণীজান আৰু উৰিয়ামতলা গাঁৱৰ…