Browsing Category

অসম

আক্ৰান্তক বুজাবুজিৰ বাবে হেঁচা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ চৰকাৰীভাবে ৰাজ্যৰ আৰক্ষীক নতুনৰূপ আৰু কাৰ্মতৎপৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত ল’লেও আৰক্ষীৰ অৱস্থা একেদৰেই আছে৷পূৰ্বৰ দৰেই মূল অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল হ’লেও কোনো অনুসন্ধান নকৰি ওলোতাই পীড়িতৰ বিৰুদ্ধেহে অভিযুক্তই পাছত ষড়যন্ত্ৰমূলক ভাবে দাখিল কৰা এজাহাৰৰ ভিত্তিত হাৰাশাস্তি কৰাৰ উপৰি অভিযুক্তৰ স’তে পীড়িতক বুজাবুজি কৰি ল’বলৈ হেঁচা দিয়া ৰহস্যজনক ঘটনা ঘটি আহিছে আৰু আৰক্ষীৰ এনে কাৰ্যৰ বাবেই অভিযুক্তৰ  নতুন একোটা ঘটনা সংঘটিত কৰিবলৈ সাহস বৃদ্ধি পাইছে৷শোণিতপুৰৰ ৰঙাপৰা আৰক্ষী থানা…

তেজপুৰত ভূৱা আৰক্ষী উপপৰিদৰ্শক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ তেজপুৰৰ মিছন চাৰিআলিত আজি দিনৰ প্ৰায় ১১-৩০বজাত এজন ভুৱা আৰক্ষী উপপৰিদৰ্শক কৰায়ত্ত কৰে স্হানীয় কছাৰীগাঁও আৰক্ষীয়ে৷আৰক্ষীৰ পোছাক পৰিধান কৰা তথা তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি কলিতাগাঁৱৰ  যুৱক  হিমাংশু কলিতা(২২)ই আজি মিছন চাৰিআলিলৈ চৰাইদেউ জিলাৰ নাহৰপুখুৰী চাংমাই গাঁৱৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনক চাকৰি দিয়াৰ প্ৰলোভনৰে মাতি আনিছিল৷এই বিষয়ে স্হানীয় আৰক্ষী অৱগত হোৱাৰ লগে লগে হিমাংশুক কৰায়ত্ত কৰে৷ইপিনে,ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা হিমাংশুৱে প্ৰকাশ কৰে যে তেওঁ তিনিহেজাৰ টকা ব্যয় কৰি অনলাইনত এই আৰক্ষীৰ…

কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

শতাব্দ প্রতিনিধি, তেজপুৰ, ২৪ ফেব্ৰুৱাৰীঃ শ্ৰমিক আৰু শ্ৰমিকসকলৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে সুদীৰ্ঘ ৭১ বছৰ সেৱা আগবঢ়োৱাৰ লগত সংগতি ৰাখি"কৰ্মচাৰী ৰাজ্যিক বীমা নিগম" এ অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চ তাৰিখলৈ সমগ্ৰ ভাৰততে "উন্নত স্বাস্থ্য সেৱা আৰু সামাজিক সুৰক্ষা" শীৰ্ষক বিষয়ত বিশেষ সেৱা পষেকৰ আয়োজন কৰিছে। এই বিশেষ সেৱা পষেকৰ সময়ছোৱাত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ শাখা কাৰ্যালয়, তেজপুৰে আকৌ অহা ১ মাৰ্চ আৰু ৯ মাৰ্চ তাৰিখে পুৱা ১১ বজাৰ পৰা "অভিযোগ নিৰাময় দিৱস" (সুবিধা সমাগম) ৰ আয়োজন কৰিছে। এক বিবৃতিৰ জৰিয়তে কৰ্মচাৰী ৰাজ্য বীমা…

বালিপৰাৰ মিটচাপ্লাইত লোমহৰ্ষক দুৰ্ঘটনাত পাঁচজন যুৱক নিহত

শতাব্দ প্রতিনিধি,তেজপুৰ,২৪ ফেব্ৰুৱাৰীঃ যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী মিট চাপ্লাই নামৰ অঞ্চলটোত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত তেজপুৰৰ পাঁচজনকৈ যুৱক নিহত হোৱা ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে৷দুৰ্ঘটনাটোত কাৱৈমাৰীৰ আকাশদ্বীপ বৰা (২৩), বেছেৰীয়া পুখুৰীয়াৰ বিদ্যুৎ নাথ (২৩), বালিপুখুৰী তিনিআলিৰ কেশৱ ওৰফে ভাইকণ পটংগীয়া (৪০), গাড়ী খনৰ গৰাকী গটঙাৰ দ্বীপেন বৰা (৩৭) আৰু ৰঙাপুখুৰী পাৰৰ বিশ্বজিৎ শইকীয়া (২৬) বুলি চিনাক্ত কৰা হয়৷উল্লেখযোগ্য যে,বিভিন্ন বয়সৰ হ’লেও বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা পাঁচোজনেই যোৱা নিশা প্ৰায় আঠ বজাত একেলগে বালিপৰা দিশে…

অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত উৎখাত নগা বিদ্ৰোহীৰ শিবিৰ

শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ২৪ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাত আৰক্ষী আৰু আছাম ৰাইফলছে এক অভিযানত ইষ্টাৰ্ণ নাগা নেচনেল গৱৰ্ণমেণ্ট (ইএনএনজি) নামৰ বিদ্ৰোহী সংগঠনটোৰ ২ সক্ৰিয় কেডাৰক মাৰণাস্ত্ৰসহ মঙ্গলবাৰে আটক কৰাৰ দুদিন পাছত বৃহস্পতিবাৰে আন এক অভিযানত অৰুণাচল আৰক্ষীয়ে ভাৰত-ম্যনমাৰ সীমান্তৱৰ্তী এলেকাত স্থাপন কৰা ইএনএনজিৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে চুবুৰীয়া ৰাজ্যখনৰ চাংলাং জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী ৰিমা পুটক চক্ৰৰ লুংপাং অঞ্চলত বিদ্ৰোহী সংগঠনটোৰ…

ঘুনাসূতিত কৃষকক পাম্পছেট বিতৰণ আই জি এছ এছ  এছৰ 

শতাব্দ প্রতিনিধি, লখিমপুৰ  ২৪ ফেব্ৰুৱাৰীঃ ভাৰত চৰকাৰৰ অধীনস্থ বেচৰকাৰী সংস্থা ইণ্ডো গ্ল'ৱেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটিয়ে এইচ ডি এফ চি বেংকৰ অৰ্থ সাহায্যত আজি লখিমপুৰ জিলাৰ ঘূণাসুঁতি, ন-কদম আৰু লখিমপুৰ পঞ্চায়তৰ ১৫ গৰাকী কৃষকৰ মাজত বিভিন্ন প্ৰকাৰৰ ৰবি শস্যৰ বীজ জিকা, তিঁয়হ, দাংবডীৰ বীজ বিনামূলীয়াকৈ বিতৰণ কৰে। আনহাতে বধাকৰা হাইস্কুল, বধাকৰা এম. ই. স্কুল, পূব ঘাগৰ এম. ই স্কুল, দেবিৰাম পাংগিং হাইস্কুল, বাদুলীপাৰা হিজলুগুৰী এল. পি. স্কুলতো বিনামূলীয়া শস্যৰ বীজ বিতৰণ কৰে। ইফালে মহাইজান, জামুগুৰি, বামুণীজান আৰু উৰিয়ামতলা গাঁৱৰ…

লখিমপুৰত আছুৰ কেন্দ্ৰীয় নেতাক আনুষ্ঠানিক বিদায় 

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ প্ৰায় আঢ়ৈ দশক কাল অসমৰ অন্যতম জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাত সেৱা আগবঢ়োৱা লখিমপুৰৰ ধনমনি দত্তই আজি আনুষ্ঠানিক ভাৱে ব্যক্তিগত কাৰণত সংগঠনটোৰ পৰা বিদায় লয়৷ তদুপলক্ষে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন আনুষ্ঠানিক সভাত লখিমপুৰ জিলা ছাত্ৰ সন্থাই আছুৰ কেন্দ্ৰীয় নেতাজনক বিদায় সম্বৰ্ধনা জনায়৷ উল্লেখ্য ১৯৯৮ চনৰ পৰা জাতীয় সংগঠনটোত নিষ্ঠাৰে সেৱা আগবঢ়াই অহা ধনমণি দত্তই ২০০৪ চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাত সক্ৰিয় ভাৱে জড়িত হৈ পৰে৷ এই সুদীৰ্ঘ সময়চোৱাত তেওঁ নৰ্থ…

পাভ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা অৰ্ধ শতাধিক খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদানৰ সিদ্ধান্ত লখিমপুৰ জিলা প্ৰশাসনৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ফেব্ৰুৱাৰীঃ এসময়ত বনৰীয়া ম’হৰ বিচৰণ স্থলী হিচাপে পৰিচিত লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে বসবাস কৰি থকা শতাধিক পৰিয়ালক যোৱা ১১ জানুৱাৰীত লখিমপুৰ জিলা প্ৰশাসনে পাভ সংৰক্ষিত বনাঞ্চলৰ ৫০১ হেক্টৰ ভূমিত উচ্ছেদ চলোৱাৰ পিছত ইয়াৰে একাংশ খিলঞ্জীয়া লোক উচ্ছেদৰ পৰা ৰেহাই লাভ কৰিছিল৷ এই কথাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তে শেহতীয়াকৈ এনে খিলঞ্জীয়া লোকসকলক প্ৰশাসনে ভূমি আৱণ্টনৰ ব্যৱস্থা কৰিছে৷ ২০০৬ চনৰ এফ আৰ চি তথা ফৰেষ্ট ৰাইট এক্টৰ অধীনত জনজাতীয় লোকক এনেদৰে বনভূমিত বসবাস কৰাৰ বাবে…

তেজপুৰত বিশ্বৰ দীৰ্ঘতম ৰিভাৰক্ৰুজ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩ফেব্ৰুৱাৰীঃ ভাৰতৰ লগতে বাংলাদেশৰ জলপথৰে পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ পাছত বিশ্বৰ সবাটোকৈ দীঘল বিলাসী নদী ক্ৰুজখনে অসমত ইতিমধ্যে ৪২০ কিলোমিটাৰ যাত্ৰা কৰিছে। যোৱা ১৩ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাহাজখনৰ ফ্লেগ্ অফ্ কৰাৰ পাছত বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰি আজি তেজপুৰ পোৱালৈকে এম ভি গংগা বিলাসে মুঠ ২৮৮০ কিলোমিটাৰ জলপথৰ দূৰত্ব অতিক্ৰম কৰিছে। কালি সন্ধিয়া তেজপুৰৰ জাহাজঘাটত উপস্থিত হোৱা পৰ্যটকসকল আজি তেজপুৰ চহৰত উপস্থিত হয়৷বতৰৰ প্ৰতিকূলতাৰ বাবে আঠজনে ক্ৰুজতে থাকিল বাবে আজি দিনৰ প্ৰায় ১১বজাত এখন …

ৰীতু শইকীয়াক মেকাপ এউৱাড প্ৰদান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ফেব্ৰুৱাৰীঃ গোলাঘাটত অলপতে অনুষ্ঠিত হোৱা সদৌ  অসম ভিত্তিত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা তেজপুৰৰ ডায়না ৰীতু শইকীয়াক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। উক্ত  অনুষ্ঠানতে ডায়না বিউটি  এন্ড মেকআপ অকাডেমীৰ স্বত্তধিকাৰি ৰীতু শইকীয়াক Best makeup artist Award সন্মান প্ৰদান কৰে।উক্ত অনুষ্ঠানটিৰ আয়োজক আছিল সেউতী দেৱী।