Browsing Category
অসম
তিনিচুকীয়াৰ ধৰ্মপ্ৰাণ মহিলা সুৰভি চেতিয়াৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ ফেব্ৰুৱাৰীঃ তিনিচুকীয়াৰ বৰগুৰি অঞ্চলৰ অনিৰুদ্ধদেৱ নগৰ নিবাসী যতীন চেতিয়াৰ সহধৰ্মিনী তথা ধৰ্মপ্ৰাণ মহিলা সুৰভি চেতিয়াৰ প্ৰায় ৭২ বছৰ বয়সত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী, তিনিচুকীয়া পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ কমিছনাৰ, প্ৰাক্তন আছুনেতা তথা বিজেপিৰ জিলা সমিতিৰ সম্পাদক পুলক চেতিয়াসহ দুই পুত্ৰ, বোৱাৰী, দুই কন্যা আৰু কেইবাটিও নাতি-নাতিনীক ইহসংসাৰত এৰি গৈছে। সুৰভি চেতিয়াৰ মৃত্যুত তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি কণ গগৈ, মৰাণ ছাত্ৰ…
নাৰায়ণপুৰৰ বিশিষ্ট কৃষক পূৰ্ণেশ্বৰ গগৈলৈ চলিত বৰ্ষৰ ‘অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা’
শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২৩ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ অগ্ৰগণ্য চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সামাজিক অনুষ্ঠান অসম জ্ঞান ৰত্ন সমন্বয় গোষ্ঠীৰ চলিত বৰ্ষৰ 'অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা'ৰ বাবে মনোনীত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অনুবৈছা গাৱৰ বিশিষ্ট কৃষক পূৰ্ণেশ্বৰ গগৈ।বিগত বিশ বছৰৰো অধিক কাল কৃষি ক্ষেত্ৰত আত্মনিয়োগ কৰি জৈৱিক খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা পুৰ্ণেশ্বৰ গগৈ এই সন্মানৰ বাবে বাচনি হোৱাত সমগ্ৰ অঞ্চলটোতে আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। আগন্তুক ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বেলতলাস্থিত অমলপ্ৰভা ভৱনত বিশিষ্ট কৃষকগৰাকীক প্ৰদান কৰা…
তিনিচুকীয়াৰ পৰিত্যক্ত বাছত উদ্ধাৰ অচিনাক্ত মৃতদেহ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰীঃ তিনিচুকীয়াৰ নপুখুৰীস্থিত বাছ আস্থানত আজি এক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে এখন পৰিত্যক্ত অৱস্থাত থকা বাছৰ পৰা অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ হয় ৷ অৱশ্যে মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই ৷ কিন্তু ইতিমধ্যে বেয়া হ’বলৈ ধৰা মৃতদেহটোলৈ লক্ষ্য কৰি ব্যক্তিজনৰ কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ যিখন বাছৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছে উক্ত বাছখন জনৈক যতিন দুৱৰাৰ বুলি প্ৰকাশ ৷ সূত্ৰমতে বাছখন প্ৰায় ৬/৭ মাহৰ পৰা তাত…
অৰুণাচলত মাৰণাস্ত্ৰসহ ধৃত ২ ইএনএনজি বিদ্ৰোহী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাত স্থানীয় আৰক্ষী আৰু আছাম ৰাইফলছৰ দলে চলোৱা এক যৌথ অভিযানত ইষ্টাৰ্ণ নাগা নেচনেল গৱৰ্ণমেণ্ট (ইএনএনজি) নামৰ বিদ্ৰোহী সংগঠনটোৰ ২ সক্ৰিয় কেডাৰক মাৰণাস্ত্ৰসহ মঙ্গলবাৰে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ইএনএনজি কেডাৰদ্বয় ক্ৰমে বিদ্ৰোহী সংগঠনটোৰ স্বয়ম্ভু মেজৰ নানু টামাং আৰু লেফটেনেণ্ট টাংচিং লংচিং বুলি প্ৰকাশ ৷ অভিযানকাৰী দলে উগ্ৰপন্থীদ্বয়ৰ জিম্মাৰ পৰা ২ টা পিষ্টল আৰু ১ টা মেগজিন জব্দ কৰে ৷ দুয়োকে বৰ্তমান বৰডুমছা থানাত সোধপোছ কৰি থকা হৈছে ৷
গুৱাহাটীৰ ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত গাড়ী তিনিচুকীয়া আৰক্ষীৰ জিম্মাত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত অভিশপ্ত গাড়ীখন সম্প্ৰতি তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে ৷ উল্লেখ্য, প্ৰায় সাত মাহ পূৰ্বে গুৱাহাটীৰ বন্দনা কলিতা নামৰ এগৰাকী যুৱতীয়ে ধনজিৎ ডেকা আৰু অৰূপ দাস নামৰ দুই যুৱকৰ সহযোগত নিজৰ স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যা কৰি তেওঁলোকৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱাৰ পাছত এই সংগীদ্বয়ৰ সহযোগতে মৃতদেহৰ টুকুৰাসমূহ মেঘালয়ৰ পাহাৰৰ পৰা তলত পেলাই দিয়াত ব্যৱহৃত হৈছিল এ এছ ০১ জে চি ৫৭৯৫ নম্বৰৰ বিলাসী হুণ্ডাই…
জ্যোতি ভাৰতীত কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী সম্পন্ন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১ফেব্ৰুৱাৰীঃ তেজপুৰৰ ঐতিহ্য মণ্ডিত 'জ্যোতি ভাৰতী' অৰ্থাৎ পকীত শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত কালি অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানৰ লগতে কবিতা পাঠৰ অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।কেবা গৰিকী কবিক সম্বৰ্ধনা জনোৱাৰ পাছতেই আৰম্ভ হোৱা মূল সভাত সভাপতিত্ব কৰে জিলা সভাপতি স্বপন মৈত্ৰই।আনহাতে এই কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি বংশী বৰাৰ লগতে সম্পাদক পলিমা চেতিয়া বসুমতাৰী, কেন্দ্ৰৰ পত্ৰিকা সম্পাদক মৃদুল চহৰীয়া, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক দ্বীপ হেষ্টিংচ…
লখিমপুৰৰ শ্ৰমিকৰ অৰুণাচলত মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত কালি পুৱাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লখিমপুৰৰ এজন শ্ৰমিকৰ অৰুণাচলত মৃত্যুক কেন্দ্র কৰি একাংশ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰৰ হাতীলুং ৰাওনাপুৰৰ আবুল হুছেইন নামৰ শ্ৰমিক জনে অৰুণাচলৰ আনিনি নামৰ ঠাইত গৃহ নিৰ্মাণৰ কাম কৰি থাকোতে দেওবাৰে ওপৰৰ পৰা পৰি মৃত্যু হয়। ইয়াকে লৈ কালি পূৱাবেলা মৃতদেহ আনি খেল মাটি চকীত পোৱাৰ পাছতে ৰাইজ উত্তেজিত হৈ পৰে। শ্ৰমিক জনৰ পূৱা বেলাতে মৃত্যু হোৱাৰ পাছতো বিয়লিহে পৰিয়ালক খবৰ দিয়া, ঠিকাদাৰৰ…
এল টি কে কলেজলৈ নাকৰ ‘B++’ গ্ৰেড প্ৰদান
শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ লখিমপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান এল.টি.কে. কলেজে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (NAAC) ৰ ‘B++’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত অন্ধপ্ৰদেশৰ ড॰ আব্দুল হক উৰ্দু বিশ্ববিদ্যালয়, কুনূৰ্লৰ উপাচাৰ্য প্ৰাধ্যাপক ড॰ পি. ফজল ৰহমান (চেয়াৰ পাৰ্চন) ৰাজস্থান জয়পুৰৰ আই.আই.এছ.ৰ গাৰ্হস্থ্য বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড॰ ইলা যোশী, (মেম্বাৰ ক’অৰঅডিনেটৰ) ৱেষ্ট বেংগল কলেজৰ অধ্যক্ষ ড॰ পংকজ কুমাৰ দেৱনাথ সহ তিনিজনীয়া নাকৰ পৰিদৰ্শনকাৰী দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে৷ মহাবিদ্যালয়খনৰ বিদ্যায়তনিক,…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন
উত্তৰ লখিমপুৰ, ২১ ফেব্ৰুৱাৰীঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় আৰু ইয়াৰ অধ্যক্ষতা কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। বিশিষ্ট স্তম্ভ লেখক তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ছাজ্জাদ হুছেইনে সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। বিষয়টোৰ ওপৰত নিজৰ পৰ্য্যবেক্ষণৰে হুছেইনে কয় যে ভাষা সদায় ধৰ্ম আৰু অন্যান্য পৰিচয়ৰ উৰ্দ্ধত। ১৯৫২ চনত…
লখিমপুৰত উন্মোচন হল “জীৱনৰ সোণোৱালী পথৰ সন্ধানত”
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ নাতি, অৱসৰী শিক্ষক, অধিবক্তা মোহিনী মোহন গোহাঁই বৰুৱাৰ এখন মননশীল গ্ৰন্থ "জীৱনৰ সোণোৱালী পথৰ সন্ধানত" আজি শুভ উন্মোচন কৰা হয়। গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত। সাংবাদিক জীৱন গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত সমাজৰ বিভিন্ন ক্ষেত্রৰ ভালেখিনি গণ্য মান্য ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে লখিমপুৰ কৃষি গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী, প্ৰকৃতিপ্ৰেমী তথা পৰিবেশবিদ ড০ প্ৰৱাল শইকীয়াই। নৰ্থ লখিমপুৰ…
