Browsing Category

অসম

শ্বহীদ সাংবাদিক টংকেশ্বৰ দত্তৰ স্মৃতিচাৰণ অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ শনিবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত উদযাপিত হয় শ্বহীদ সাংবাদিক টংকেশ্বৰ দত্তৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠান। ২০১০ চনৰ ১৮ ফেব্ৰুৱাৰীত বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বাৰ্তাজীৱী সংঘৰ এক সন্মিলনত ভাগ লবলৈ গৈ টাঙ্গা দুৰ্ঘটনাত নিহত হৈছিল দত্ত আৰু বাৰ্তাজীৱী সংঘই তেখেতক শ্বহীদ ঘোষণা কৰিছিল।ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে ক্লাবৰ কাৰ্য্যকৰী সভাপতি দীপেন বৰা আৰু জ্যেষ্ঠ সদস্য জীৱন গোস্বামীয়ে। ইয়াৰ পিছতেই প্ৰয়াত দত্তদেৱৰ গুণৰাশিৰ ওপৰত…

শিক্ষাৰ সাৰথিৰ দ্বাৰা গৰম চোলা বিতৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ ৩ জানুৱাৰীৰ পৰা আৰম্ভ কৰা আৰ্থিক ভাৱে অতি দুৰ্বল তথা পিতৃ-মাতৃহীন ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ গৰম কাপোৰ বিতৰণ কৰা কাৰ্য্যসূচী সফল ভাবে সমাপ্ত কৰা হয়। সামাজিক মাধ্যমক একমাত্ৰ আহিলা হিচাপে লৈ সৃষ্টি কৰা শিশু আৰু শিক্ষাৰ লগত জৰিত charity foundation শিক্ষাৰ সাৰথিৰ প্ৰতিস্থাপক দিপেশ কুমাৰ দাসে জনোৱা মতে এমাহ জোৰা এই কাৰ্য্যসূচীৰ জৰিয়তে লখিমপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগতে মাজুলী জিলাৰ ছাত্ৰ-ছাত্ৰীসহ মুঠ ২৩খন বিদ্যালয়ৰ ১৩১ জন শিশুক একোটাকৈ গৰম চোলা যোগান ধৰা হয়। বিদ্যালয়সমূহ ক্ৰমে লীলা…

উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত প্ৰতিৱেশী যুৱ সংসদ কাৰ্যসূচী

উত্তৰ লখিমপুৰ,১৮ফেব্ৰুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ. গোট আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জি-২০ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা পৰ্যায়ৰ প্ৰতিৱেশী যুৱ সংসদ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানৰ আঁত ধৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক বিতু গগৈয়ে।কাৰ্যসূচী বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ…

লখিমপুৰৰ কৃষি বি‍জ্ঞান কেন্দ্ৰত কৃষক সমাৰোহ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ,  ১৭ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বি‍জ্ঞান কেন্দ্ৰৰ উদ্যোগত মাণ্ডলিক গৱেষণা কেন্দ্ৰ লখিমপুৰৰ সহযোগত ১৭ ফেব্ৰুৱাৰীত শতাধিক কৃষকৰ অংশগ্ৰহণেৰে প্ৰাকৃতিক কৃষি বিষয়ক এখনি কৃষক সমাৰোহ অনুষ্ঠিত হয়৷ গৰুমুৰীয়াত থকা কৃষি বি‍জ্ঞান কেন্দ্ৰ লখিমপুৰৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই কৃষক সমাৰোহখনি আজি শুভ উদ্বোধন কৰে ধেমাজি কৃষি বি‍জ্ঞান কেন্দ্ৰৰ মুৰব্বী বি‍জ্ঞানী ড॰ গুঞ্জন গগৈয়ে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ (উত্তৰ লখিমপুৰ]ৰ মুখ্য বি‍জ্ঞানী ড॰ প্ৰবাল শইকীয়াই…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৮ ফেব্ৰুৱাৰীঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে নৱ নিযুক্ত অধীক্ষক, উপ-অধীক্ষক আদিৰ লগতে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষ৷ এই কথা সদৰি কৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ হিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অধীক্ষক ডাঃ ৰক্তিম বৰগোহাঁই আদিয়ে৷ চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ চলিত মাহত নিযুক্তি লাভ কৰা অধ্যক্ষ, অধীক্ষক আৰু পি আৰ অ’ তথা লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ অধীক্ষক ডাঃ নিখিল কাকতিয়ে আজি সাংবাদিকসকলৰ লগত চিকিৎসা মহাবিদ্যালয়খনত মিলিত হৈ এক মত…

৮৩’ত নিধন কৰা হৈছিল বুঢ়া চাপৰিৰ ৩৩টা গঁড়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ মুঠ ১৮৯২হেক্টৰ বনভূমি আৰু মুঠ ২৫১৩টা বেদখলকাৰী হিচাপে অভিযুক্ত পৰিয়ালৰ প্ৰায় ১১হেজাৰ ছয়শ ১০জন বেদখলকাৰীক উচ্ছেদ কৰাৰ লক্ষ্যৰে দুদিন পূৰ্বে আৰম্ভ হোৱা বৃহৎ উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্ছেদিত লোকে ন্যায়ালয়ৰ কাষ চাপিলেও ইয়াত অতীজৰে পৰা গৰু-ম’হৰ খুটি দীৰ্ঘসময় থকাৰ পাছত ১৯৮৩ৰ পূৰ্বে উদ্ভৱ হোৱা পৰিস্থিতিত খুটি এৰি আহিব লগীয়া হোৱা বহুলোকেই এই উচ্ছেদ অভিযানক সমৰ্থন জনাইছে৷ গ্ৰেজিয়াৰ নটিফিকেচন অনুসৰি ইয়াত ১৯৭৪ৰ পূৰ্বৰে পৰাই বিশ্বনাথ, শিঙৰি, পুঠিমাৰি, বিহগুৰি,…

বুঢ়া চাপৰিত উচ্ছেদৰ প্ৰতিবাদঃ গুলিয়াই মৰাৰ আহ্বান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ তেজপুৰ ৰাজহচক্ৰ অধীনস্থ তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্ভুক্ত বুঢ়াচাপৰি বনাঞ্চলত আজি তৃতীয় দিনলৈ উচ্ছেদ অভিযান চলে । যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ অভিযানত অবৈধ বসতি স্থাপন কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয়।ইপিনে তৃতীয় দিনৰ উচ্ছেদ অভিযানস্হলীত কংগ্ৰেছ দলৰ তথা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই উপস্থিত হৈ এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ চেষ্টা কৰে৷ তেওঁ আজি চিতল মাৰিত উচ্ছেদ চলি থকা সময়ত উপস্থিত হৈ এই উচ্ছেদ নিয়ম বহিৰ্ভূত বুলি দাবী কৰে…

তেজপুৰত টিউটৰ, শিক্ষকৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা টিউটৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু জিলা প্ৰদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী সকলে আজি তেজপুৰত দুঘণ্টা অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।উল্লেখযোগ্য যে,সদৌ অসম প্রাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্রাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ আহ্বানত আৰু শোণিতপুৰ জিলা প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা দুপৰীয়া এক বজালৈ শোণিতপুৰ জিলা প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কাৰ্যসূচী পালন…

তেজপুৰত ব্ৰহ্মপুত্ৰত জাঁপ দিয়া নাৰায়ণপুৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ ফেব্ৰুৱাৰী : তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত ভোমোৰাগুৰিত নিৰ্মিত দ্বিতীয়খন দলঙৰ পৰা যোৱা ১১ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত নিহাল কাকতি নামৰ যুৱকজনে ব্ৰহ্মপুত্ৰত ৰহস্যজনক ভাবে জাঁপ দিয়াৰ পাছত যোৱানিশা তেওঁৰ মৃতদেহ তেজপুৰৰ ৰুদ্ৰপদৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয়৷ উল্লেখযোগ্য যে,দীপু বৰুৱা নামৰ এজন বন্ধুৰ স’তে তেজপুৰলৈ অহা প্ৰায় ২৬ বছৰীয়া যুৱক নিহালে এই ঘটনাটো সংঘটিত কৰা বুলি প্ৰকাশ কৰিছিল তেওঁৰ বন্ধু দীপুৱে৷ লখিমপুৰ নাৰায়ণপুৰৰ জৰাবাৰী গাঁৱৰ বাসিন্দা নিহালে বন্ধুজনৰ স’তে তেজপুৰলৈ…