Browsing Category

অসম

অসমৰ ভূমি হিমন্ত চৰকাৰে অৰুণাচল আৰু  একাংশ পুজিপতিক গটাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চি পি আই (এম এল ) প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ ফেব্ৰুৱাৰীঃ অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে মন্ত্ৰী গোট গঠন কৰি আলোচনা বিলোচনা চলাই থকাৰ সময়তে অসম চৰকাৰক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি অসমৰ সীমান্তৰ ৰাধাচুত পুনৰ অসমৰ ভূমি অৰুণাচল চৰকাৰৰ সহযোগত একাংশ অৰুণাচলী লোকে বেদখল আৰম্ভ কৰিছে। উল্লেখযোগ্য যে আজি কেইদিনমানৰ আগতে একাংশ অৰুণাচলী লোকে ৰাধাচু সীমান্ত সুৰক্ষা শিবিৰৰ নিচেই ওচৰত অসমৰ মাটি দখল কৰি ঘৰ নিৰ্মাণ কৰিছিল। এইঘৰ অসমৰ বন বিভাগৰ দ্বাৰা উচ্ছেদ কৰাৰ পিছত…

বিহালী সংৰক্ষিত বনাঞ্চলত  অৰুণাচলী লোকৰ পুনৰ আগ্ৰাসন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ ফেব্ৰুৱাৰীঃ হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ বন বিভাগৰ ফৰেষ্ট প্ৰটেকচন কেম্পত এদল অৰুণাচলী প্ৰৱেশ কৰি বনৰক্ষী জোৱানক ভাবুকি একাংশ অৰুণাচলী লোকৰ। উল্লেখযোগ্য যে  কিছু দিন পূৰ্বে অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ উদ্দেশ্যে দুয়ো ৰাজ্যৰ দুয়ো গৰাকী  মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন বৈঠকত আয়োজন কৰি সীমা সমস্যা ওপৰত আলোচনা কৰি আঞ্চলিক সমিতি গঠন কৰি সীমা পৰিদৰ্শন কৰিবলৈ দুয়ো খন ৰাজ্য চৰকাৰৰ চৰকাৰী প্ৰতিনিধি আৰু মন্ত্ৰী বিধায়কক প্ৰেৰণ কৰিছিল । কিন্তু সেই আলোচনা সময়ত প্ৰচাৰ হোৱা অনুসৰি সীমা সমস্যা সমাধানৰ প্ৰাথমিক…

তেজপুৰৰ মহাভৈৰৱ মন্দিৰত কেক কাটি দেৱাদিদেৱ শিৱৰ জন্মদিন পালন ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ফেব্ৰুৱাৰীঃ দেশৰ লগতে ৰাজ্যৰ লাখ লাখ শিৱভক্তই শিৱৰাত্ৰি উপলক্ষে সভক্তিৰে মহেশ্বৰৰ পূজা অৰ্চনা কৰাৰ সময়ত তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত স্হানীয় কেতেকীবাৰীস্হিত ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ব বিদ্যালয়ৰ শাখাৰ একাংশ কৰ্মকৰ্তাই কেক কাটি ভগৱান ৰুদ্ৰৰ জন্মদিন পালন কৰাৰ অদ্ভুত কাণ্ডকলৈ তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,ৰাজ্যখনৰ অন্যতম শৈৱপীঠ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে যথেষ্ট দৰ্শনাৰ্থীৰ আগমন ঘটে৷এইবাৰ মন্দিৰ চৌহদত কোনোধৰণৰ ব্যৱসায়িক স্তল মুকলিৰ অনুমতি দিয়া হোৱা…

নাৰী মুক্তি আৰু নাৰী সৱলীকৰণৰ তেজপুৰৰ অন্যতম গান্ধীবাদী নেত্ৰী হেমলতা বৰুৱাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ ফেব্ৰুৱাৰীঃ তেজপুৰৰ নাৰী .সৱলীকৰণৰ অন্যতম গান্ধীবাদী নেত্ৰী, তেজপুৰ মহিলা সমিতি আৰু তেজপুৰ জিলা মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা, সভানেত্ৰী, উপদেষ্টা, এসময়ৰ কৃতী শিক্ষয়িত্ৰী তেজপুৰ চহৰৰ ডালিম বৰা পথৰ নিউ আমোলাপট্টি নিবাসী হেমলতা বৰুৱাৰ কালি নিশা প্ৰায় ১২-৩০ বজাত প্ৰায় ৯৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, নাৰীৰ সকলো দিশৰ সৱলীকৰণৰ সপোন দেখি চৰকাৰী বিদ্যালয়ৰ শিক্ষকতাৰ চাকৰি ইস্তাফা দি নাৰী শক্তিক একত্ৰিত কৰি বয়ন শিল্পৰে স্বাৱলম্বীতাৰ পথ দেখুৱা…

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য জিতেন্দ্ৰ কুমাৰ বৈশ্যক স্মৰণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ ফেব্ৰুৱাৰীঃ সমাজৰ উত্তৰণ আৰু বিকাশৰ বাবে নিজৰ বৃত্তিৰ মাজতো কিছুমান ব্যক্তিয়ে কোনোধৰণৰ প্ৰচাৰ বা জনপ্ৰিয়তাৰ কথা নেভাবি নিৰৱেই গোটেই জীৱন কাম কৰি যায়। বৈষয়িক জীৱন-যাপনৰ নিজৰ কৰণীয়খিনিৰ মাজতো উত্তৰ পুৰুষৰ কল্যাণ আৰু মংগলৰ বাবে অহৰ্নিশে কাম কৰি যোৱা এনে ব্যক্তি সকলৰ অৱদান আন দহজন লোকৰ দৰে হয়তো জনচক্ষুৰ মাজত সততে দেখা নিদিয়ে। কোনোবাই দেখা পাওঁক বা নেপাওঁক সেইশ্ৰেণী মানুহৰ কিন্তু ভ্ৰুক্ষেপ নেথাকে। মাথো কাম ভাল পোৱা, সমাজৰ মংগল চিন্তা কৰা আৰু উত্তৰ পুৰুষৰ বিকাশ আৰু উন্নয়নৰ লগতে যিকোনো সামাজিক…

শাস্ত্ৰীয়-সত্ৰীয়া নৃত্যত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল সাৰণ্যা মহন্ত 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ফেব্ৰুৱাৰীঃ সুদূৰ মালয়েছিয়াত যোৱা ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু লোক নৃত্যৰ এক আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান "নৃত্যশালা" ৰ শিক্ষাৰ্থী তথা তেজপুৰৰ অল ছেইন্ট ডায়চিছেন স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সাৰণ্যা মহন্তই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত আহ্লাদিত হৈছে তেজপুৰ তথা কলিয়াবৰ বাসী। উল্লেখ্য যে, কলিয়াবৰ শ্ৰী শ্ৰী বালি সত্ৰৰ সন্তান কৰুণা মহন্ত আৰু প্ৰীতি মহন্তৰ কন্যা সাৰণ্যাই মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হোৱা "ভাৰত সাংস্কৃতিক…

শ্বহীদ সাংবাদিক টংকেশ্বৰ দত্তৰ স্মৃতিচাৰণ অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ শনিবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত উদযাপিত হয় শ্বহীদ সাংবাদিক টংকেশ্বৰ দত্তৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠান। ২০১০ চনৰ ১৮ ফেব্ৰুৱাৰীত বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বাৰ্তাজীৱী সংঘৰ এক সন্মিলনত ভাগ লবলৈ গৈ টাঙ্গা দুৰ্ঘটনাত নিহত হৈছিল দত্ত আৰু বাৰ্তাজীৱী সংঘই তেখেতক শ্বহীদ ঘোষণা কৰিছিল।ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে ক্লাবৰ কাৰ্য্যকৰী সভাপতি দীপেন বৰা আৰু জ্যেষ্ঠ সদস্য জীৱন গোস্বামীয়ে। ইয়াৰ পিছতেই প্ৰয়াত দত্তদেৱৰ গুণৰাশিৰ ওপৰত…

শিক্ষাৰ সাৰথিৰ দ্বাৰা গৰম চোলা বিতৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ ৩ জানুৱাৰীৰ পৰা আৰম্ভ কৰা আৰ্থিক ভাৱে অতি দুৰ্বল তথা পিতৃ-মাতৃহীন ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ গৰম কাপোৰ বিতৰণ কৰা কাৰ্য্যসূচী সফল ভাবে সমাপ্ত কৰা হয়। সামাজিক মাধ্যমক একমাত্ৰ আহিলা হিচাপে লৈ সৃষ্টি কৰা শিশু আৰু শিক্ষাৰ লগত জৰিত charity foundation শিক্ষাৰ সাৰথিৰ প্ৰতিস্থাপক দিপেশ কুমাৰ দাসে জনোৱা মতে এমাহ জোৰা এই কাৰ্য্যসূচীৰ জৰিয়তে লখিমপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগতে মাজুলী জিলাৰ ছাত্ৰ-ছাত্ৰীসহ মুঠ ২৩খন বিদ্যালয়ৰ ১৩১ জন শিশুক একোটাকৈ গৰম চোলা যোগান ধৰা হয়। বিদ্যালয়সমূহ ক্ৰমে লীলা…

উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত প্ৰতিৱেশী যুৱ সংসদ কাৰ্যসূচী

উত্তৰ লখিমপুৰ,১৮ফেব্ৰুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ. গোট আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জি-২০ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা পৰ্যায়ৰ প্ৰতিৱেশী যুৱ সংসদ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানৰ আঁত ধৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক বিতু গগৈয়ে।কাৰ্যসূচী বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ…

লখিমপুৰৰ কৃষি বি‍জ্ঞান কেন্দ্ৰত কৃষক সমাৰোহ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ,  ১৭ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বি‍জ্ঞান কেন্দ্ৰৰ উদ্যোগত মাণ্ডলিক গৱেষণা কেন্দ্ৰ লখিমপুৰৰ সহযোগত ১৭ ফেব্ৰুৱাৰীত শতাধিক কৃষকৰ অংশগ্ৰহণেৰে প্ৰাকৃতিক কৃষি বিষয়ক এখনি কৃষক সমাৰোহ অনুষ্ঠিত হয়৷ গৰুমুৰীয়াত থকা কৃষি বি‍জ্ঞান কেন্দ্ৰ লখিমপুৰৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই কৃষক সমাৰোহখনি আজি শুভ উদ্বোধন কৰে ধেমাজি কৃষি বি‍জ্ঞান কেন্দ্ৰৰ মুৰব্বী বি‍জ্ঞানী ড॰ গুঞ্জন গগৈয়ে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ (উত্তৰ লখিমপুৰ]ৰ মুখ্য বি‍জ্ঞানী ড॰ প্ৰবাল শইকীয়াই…