Browsing Category
অসম
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ ফেব্ৰুৱাৰীঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে নৱ নিযুক্ত অধীক্ষক, উপ-অধীক্ষক আদিৰ লগতে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষ৷ এই কথা সদৰি কৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ হিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অধীক্ষক ডাঃ ৰক্তিম বৰগোহাঁই আদিয়ে৷ চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ চলিত মাহত নিযুক্তি লাভ কৰা অধ্যক্ষ, অধীক্ষক আৰু পি আৰ অ’ তথা লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ অধীক্ষক ডাঃ নিখিল কাকতিয়ে আজি সাংবাদিকসকলৰ লগত চিকিৎসা মহাবিদ্যালয়খনত মিলিত হৈ এক মত…
৮৩’ত নিধন কৰা হৈছিল বুঢ়া চাপৰিৰ ৩৩টা গঁড়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ মুঠ ১৮৯২হেক্টৰ বনভূমি আৰু মুঠ ২৫১৩টা বেদখলকাৰী হিচাপে অভিযুক্ত পৰিয়ালৰ প্ৰায় ১১হেজাৰ ছয়শ ১০জন বেদখলকাৰীক উচ্ছেদ কৰাৰ লক্ষ্যৰে দুদিন পূৰ্বে আৰম্ভ হোৱা বৃহৎ উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্ছেদিত লোকে ন্যায়ালয়ৰ কাষ চাপিলেও ইয়াত অতীজৰে পৰা গৰু-ম’হৰ খুটি দীৰ্ঘসময় থকাৰ পাছত ১৯৮৩ৰ পূৰ্বে উদ্ভৱ হোৱা পৰিস্থিতিত খুটি এৰি আহিব লগীয়া হোৱা বহুলোকেই এই উচ্ছেদ অভিযানক সমৰ্থন জনাইছে৷ গ্ৰেজিয়াৰ নটিফিকেচন অনুসৰি ইয়াত ১৯৭৪ৰ পূৰ্বৰে পৰাই বিশ্বনাথ, শিঙৰি, পুঠিমাৰি, বিহগুৰি,…
বুঢ়া চাপৰিত উচ্ছেদৰ প্ৰতিবাদঃ গুলিয়াই মৰাৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ তেজপুৰ ৰাজহচক্ৰ অধীনস্থ তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্ভুক্ত বুঢ়াচাপৰি বনাঞ্চলত আজি তৃতীয় দিনলৈ উচ্ছেদ অভিযান চলে । যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ অভিযানত অবৈধ বসতি স্থাপন কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয়।ইপিনে তৃতীয় দিনৰ উচ্ছেদ অভিযানস্হলীত কংগ্ৰেছ দলৰ তথা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই উপস্থিত হৈ এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ চেষ্টা কৰে৷ তেওঁ আজি চিতল মাৰিত উচ্ছেদ চলি থকা সময়ত উপস্থিত হৈ এই উচ্ছেদ নিয়ম বহিৰ্ভূত বুলি দাবী কৰে…
তেজপুৰত টিউটৰ, শিক্ষকৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা টিউটৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু জিলা প্ৰদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী সকলে আজি তেজপুৰত দুঘণ্টা অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।উল্লেখযোগ্য যে,সদৌ অসম প্রাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্রাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ আহ্বানত আৰু শোণিতপুৰ জিলা প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা দুপৰীয়া এক বজালৈ শোণিতপুৰ জিলা প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কাৰ্যসূচী পালন…
তেজপুৰত ব্ৰহ্মপুত্ৰত জাঁপ দিয়া নাৰায়ণপুৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ ফেব্ৰুৱাৰী : তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত ভোমোৰাগুৰিত নিৰ্মিত দ্বিতীয়খন দলঙৰ পৰা যোৱা ১১ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত নিহাল কাকতি নামৰ যুৱকজনে ব্ৰহ্মপুত্ৰত ৰহস্যজনক ভাবে জাঁপ দিয়াৰ পাছত যোৱানিশা তেওঁৰ মৃতদেহ তেজপুৰৰ ৰুদ্ৰপদৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয়৷ উল্লেখযোগ্য যে,দীপু বৰুৱা নামৰ এজন বন্ধুৰ স’তে তেজপুৰলৈ অহা প্ৰায় ২৬ বছৰীয়া যুৱক নিহালে এই ঘটনাটো সংঘটিত কৰা বুলি প্ৰকাশ কৰিছিল তেওঁৰ বন্ধু দীপুৱে৷ লখিমপুৰ নাৰায়ণপুৰৰ জৰাবাৰী গাঁৱৰ বাসিন্দা নিহালে বন্ধুজনৰ স’তে তেজপুৰলৈ…
আশা কৰ্মীৰ প্ৰতিবাদত লখিমপুৰৰ ৰাজপথ উত্তাল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ, ১৬ ফেব্ৰুৱাৰী: বিগত ১৫ টা বছৰে কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য মিছনটোৰ বুনিয়াদ হিচাপে আশাকৰ্মীসকলে ত্যাগ-নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত অসমত আজি গর্ভৱর্তী মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমাৰ লগতে জনসংখ্যা বৃদ্ধিৰ হাৰো কমিছে। এই ক্ষেত্ৰত তৃর্ণমূল কর্মীসকলক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিবেচনাৰ ভাৰসামা হেৰুৱাই ন্যূনতম পাৰিতোষিকৰ ওপৰত আজি ৭৫টা কাম জাপি দিয়া হৈছে। এই ক্ষেত্ৰত আমি ভাবো, অভিভাৱক হিচাপে সন্তানৰ প্ৰতি থকা দায়িত্ব, মৰম-স্নেহ অটুট ৰাখি তৃণমূলকর্মীসকলক মিছনটোৰ মেৰুদণ্ড…
বুঢ়া চাপৰিত দ্বিতীয় দিনা ৯০২হেক্টৰ বনভূমি বেদখলমুক্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজি পুৱাৰে পৰা চলা দ্বিতীয় দিনৰ উচ্ছেদ অভিযানো শান্তিপূৰ্ণ ভাবে সমাপ্তি ঘটিছে৷ কালিৰ তিনিটা স্হান লংকে টাপু, কমলাগড় আৰু বেটনিৰ পাছত আজি অভয়াৰণ্যখনৰ পাঁচটা স্হানত এই উচ্ছেদ অভিযান চলে৷ উল্লেখযোগ্য যে,আজি উচ্ছেদত আৰক্ষী আৰু বনকৰ্মীৰ আঠটা দলে শিয়ালি বন, লাঠিমাৰী, গণেশ টাপু, গুলিৰপাৰ আৰু বাঘেটাপুত উচ্ছেদ অভিযান চলাই মুঠ ৯০২হেক্টৰ বনভূমি বেদখল মুক্ত কৰে৷ এই অভিযানত মুঠ এহেজাৰ এশ ৯৫টা বাসগৃহ আৰু চাৰিহেজাৰ সাতশ ১১জন বেদখলকাৰীক উচ্ছেদ কৰা হয়৷…
তেজপুৰ খনামুখত আলি আয়ে লৃগাং
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৫ ফেব্ৰুৱাৰীঃ তেজপুৰৰ খনামুখৰ কেঁকুকলি মিচিং গাওঁত সামুহিক ভাবে মিচিং জনগোষ্ঠীৰ আলি আ:য়ে লৃগাং উদযাপন। আলি আয়ে লৃগাং হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ ।প্ৰত্যেক বছৰেই ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অসমত এই জনগোষ্ঠীৰ লোক সকলে এই উৎসৱ পালন কৰে । এই উৎসৱৰ জৰিয়তে শস্য অৰ্থাৎ বীজ সিঁচাৰ আৰম্ভণি কৰা হয় । পূৰ্বতে এই উৎসৱ ফাগুন, চ'ত নাইবা ব'হাগ মাহৰ কোনো এটা দিনত পালন কৰা হৈছিল যদিও ১৯৫৬ চনত মিচিং সকলৰ বৃহত্তৰ সামাজিক অনুষ্ঠান বানে কেবাঙে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰাৰ…
ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়াত পদক লাভ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ ভূৱনেশ্বৰৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰৰ মামু বায়নে হেমাৰ থ্ৰ’ত ৰূপৰ আৰু ত্ৰিপোল জাঁপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷এই সাফল্যৰে প্ৰবীন খেলুৱৈগৰাকী দক্ষিণ আফ্ৰিকাত অনুষ্ঠিতব্য আন্তৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়া প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে৷
